সপোনৰ চানেকি | অসমীয়া কবিতা | হিমাশ্ৰী মজুমদাৰ | Sapunor Saneki - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

সপোনৰ চানেকি | অসমীয়া কবিতা | হিমাশ্ৰী মজুমদাৰ | Sapunor Saneki

সপোনৰ চানেকি


বহুত সপোন আছে,

বহুত প্ৰতিশ্ৰুতি আছে,

জীৱন বাটত আশা-অনুভূতি 

এইবোৰৰ অন্তও যে নাই । 


বহুদিন হ'ল তোমালৈ একো লিখা নাই 

তাতে আজি আকৌ বৰষুণ দিছে ;

তোমালৈ নিলিখি নোৱাৰিলোঁ ! 


বৃদ্ধি হৈছে মোৰ হৃদয়স্পন্দন, 

কঁপি উঠিছে অন্তৰ আত্মা জীয়া জুইৰ

উচপিচনিত জ্বলি মৰিছিলো মই । 

তুমি হেন বৰষুণজাকত পুনৰ প্ৰাণ 

পাই উঠিলো । 


সুগন্ধি পুষ্প সদৃশ তোমাৰ প্ৰতিটো কথাই 

মোক বৰকৈ আমনি কৰিছে । 

কেঁচা মাটিৰ কোমল আলাসেও 

জীৱনৰ মৰহা বাট সুন্দৰ কৰি তুলিছে । 


কিনো লিখো তোমালৈ ?? 

তুমি যেন হিম চেঁচা বতাহ, 

আৰু মোৰ শুকান মৰুভূমিৰ ধূলি উৰুৱাই 

যেন এজাক জীপাল বৰষুণ হৈ নামি আহিছা 

মোক সজীৱ কৰিবলৈ । 


ইমান মৰম !!

ইমান ভালপোৱা, ইমান সন্মান, 

ইমান অভিমান ;

মাথো তোমাতেই বিলীন প্ৰতিক্ষণ,

প্ৰতিপল মই...।।


✍️ হিমাশ্ৰী মজুমদাৰ


Photo- ৰুলি ৰাণী
Ruli Rani Fun Page
Daily Assamese
Assamese Love Poem

No comments:

Post a Comment