বেশ্যা | ধাৰাবাহিক উপন্যাস | ষষ্ঠ খণ্ড | Besya | Assamese Novel by Papori Phukan - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বেশ্যা | ধাৰাবাহিক উপন্যাস | ষষ্ঠ খণ্ড | Besya | Assamese Novel by Papori Phukan

বেশ্যা
অঞ্জনাৰ দুখৰ কাহিনী

     এদিন দুদিনকৈ আশ্ৰমত প্ৰায় সাতমাহেই পাৰ হ'ল। প্ৰিভিয়াচ পৰীক্ষাটো ভালেই হ'ল, কিন্তু অঞ্জনাৰ সন্তোষ্টিৰ জোখাৰে নহয়। বাকীবোৰে এই সফলতাতে তাইক বাহঃ বাহঃ দিছে, শুভেচ্ছা দিছে। উপহাৰো দিছে কোনো কোনোৱে কিন্তু অঞ্জনাৰ তথাপি মনটো ভাল নহয়। কাৰণ আৰু অলপ ভাল ৰিজাল্ট লাগিছিল তাইক।


     পৰীক্ষানো কেনেকৈ ভাল হ'ব!

যিবোৰহে ঘটনা ঘটিল; এইয়াই যে এইখিনি হ'ল তাকে লৈ সুখী হ'বলৈ যত্ন কৰিলে তাই। আহিব লগাটো ভালকৈ দিব বুলি থিৰাং কৰিলে তাই। 


     জীৱনটোৰ কথা ভাবিলে বৰ কষ্ট হয় তাইৰ, ক'ৰপৰা যে কলৈ আহিল! আৰু বা কলৈ নিব তেওঁক; ওপৰলৈ চালে তাই।


     দেউতাকে কৈছিল এদিন-

"ওচৰত যদি উৎসাহ দিবলৈ তোৰ আপোন কোনো নাথাকে তেন্তে আকাশলৈ চাই ভগৱানক ক'বি, উৎসাহ নিদিলেও সাহস পাবি, শান্তি পাবি"


     হয়…!! আজি সঁচাকৈয়ে তাইৰ আপোন মানুহৰ অভাৱ অনুভৱ কৰিলে, সেয়ে দেউতাকৰ উপায়টো কামত লগালে।


"অঞ্জনা! ইমান চিঞৰিছো ৰুমৰ পৰা শুনা নাই নেকি?"


     ৱাৰডেনৰ ছোৱালী নীলা। একে বয়সৰ অঞ্জনাৰ সতে। সেইয়ে ত‌ই-ম‌ই চলে দুয়োৰে মাজত।


"নাই অ আজি দেতালৈ বৰকৈ মনত পৰিছে। মা নোহোৱা হোৱাৰ পৰা দেতাই মদ-পানী খাবলৈও এৰিছিল কিন্তু কি হ'ব লিভাৰ বেয়াই হৈছিল তেতিয়ালৈ!" -তলমূৰ কৰিলে অঞ্জনাই।


"কিন্তু মা এ ভন্টি হঁতক আনিলে, আৰু ত‌ইনো লগত নাথাকিলি কিয়?"


"মই স্কুল গৈছিলো। দিনতে কাজিয়া হৈ মা ওলাই গৈছিল মামাহঁতৰ ঘৰলৈ!"


"দেউতাই আকৌ মাক আনিবলৈ নগল নেকি?"


"ওহো। আগতেও যায় এনেকৈ মা কিন্তু পাছদিনা ঘূৰি আহে। সেইবাৰো মই আৰু দেতাই আহিব বুলিয়ে ভাবিছিলো। কিন্তু নাহিল!"


"এতিয়া মা আৰু ভন্টিহঁত মামাহঁতৰ লগত আছে যদি ত‌ই দেখোন যাবগৈ পাৰ?"


"থকাহ'লে নিশ্চয় গলোহেতেন; কিন্তু নাই।"


"নাই মানে কলৈ গ'ল নাজান' নেকি?"


"নাজানো। এসপ্তাহ মানৰ পাছত মই আৰু দেউতা চাইকেলত গৈ মামাৰ ঘৰ ওলালোগৈ। কিন্তু তাত গম পালো মা হঁত যোৱাই নাছিল বোলে তালৈ! আগবাৰ যাওঁতে হেনো মামাই গালি পাৰিছিল মৰিলেও-জীলেও উভতি আহিলে ঘৰত থাকিব দিয়া নহ'ব বুলি সেয়ে হয়তো মা নগ'ল সেইবাৰ।"


"আৰু ক'তো খবৰ নকৰিলি?"


"সম্পৰ্কীয় যিমান মানুহ আছে সকলোতে খবৰ ললে দেতাই কিন্তু নাপালে। এসপ্তাহতে যে মাহঁত ক'লৈনো গ'ল জানো আজিও নাজানিলো। জী আছে নে নাই একোৱেই নাজানো।"


"উসঃ, আৰু…"


দেতাই তেতিয়াৰ পৰাই মদ নাখাওঁ বুলি শপত খাইছিল আৰু খোৱাও নাছিল। মোকেই লৈ সপোন দেখিছিল। মনে মনে কন্দাও দেখিছিলোঁ দেতাক পাকঘৰতে হ‌ওঁক বা মোৰ বেমাৰ হ'লেই হ‌ওঁক। একো বুজা নাছিলো তেতিয়া কিন্তু কিছুমান পৰিৱেশৰ কথা ভাবিলে আজিও কান্দো মই নীলা!"


     অঞ্জনাই চকুপানীখিনি মুচি লৈ পুনৰ আকাশৰ ফালে চালে। ওঁঠযোৰ কামুৰি কান্দোন ধৰি ৰাখিবলৈ কষ্টৰে চেষ্টা কৰিলে।


"তোমাৰ বয়স কিমান আছিল তেতিয়া?"


"সাতবছৰ। দেতাই আনৰ আগত কোৱা শুনিছিলোঁ। মাজু ভন্টিৰ চাৰি বছৰ আৰু সৰুভন্টিৰ হেনো তিনিবছৰ পুৰাকৈ হোৱাই নাছিল।"


     অঞ্জনাই এইবাৰ আঁঠুতে হাত দুখন থৈ মূৰটো গুজি কান্দি উঠিল।


"ৰ'চোন অঞ্জনা। কিয় কান্দিছ' আমিবোৰ আছো নহয় নেকান্দিবি চোন।"


     নীলাৰো চকুপানী ওলাল।

কিমান কষ্টকৰ এই অনাথ জীৱন নীলাও ভালকৈয়ে বুজে। যিমানেই আপোন বুলি ভবা মানুহ নাথাকক কিয় কেতিয়াবা প্ৰয়োজন হয়, সৰু হলেও এটা সাহস দিব পৰা। হেঁপাহ পলোৱাই কান্দিব পৰা এটা কান্ধৰ, সেইয়া লাগিলে মা বা দেউতা যিকোনো এজনৰেই হ‌ওঁক।


"জান' নীলা,,, সেই নিশা যদি সেই অচিনাকি খুৰাজনে মোক বচাবলৈ আগবাঢ়ি নহাহ'লে মোৰ কি যে হ'লহেতেন!"


"হ'ব দে; ইমান চিন্তা আৰু এতিয়া কৰিব নালাগে।"


"হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টৰ দিনাই দেতাৰ ঢুকাইছিল জানা মোৰ। কেনেকুৱা লাগিছিল মোৰ সিদিনা বুজাব নোৱাৰো মই!"


"কিয়??"


"প্ৰথম বিভাগত পাছ কৰিলো বুলি দিনত স্ফূৰ্তিত সীমা নোহোৱা দেতাই গাওঁৰ সকলোকে ভাত খোৱাইছিল। মাছ, মাংস সকলো উভৈনদী কৰি খুৱাইছিল। ঘৰৰ ফিচাৰিৰ মাছ, ঘৰৰ হাঁহ, ঘৰৰ কুকুৰাই সকলোকে এসাজ হেঁপাহ পলুৱাই খোৱাইছিল। নিজেও ৰন্ধা মেলাত সহায় কৰি দিছিল। কিন্তু…!!


"কিন্তু কি অঞ্জনা!"


"দেতা মদপী আছিল ঠিকেই

কিন্তু টকা-প‌ইচাৰ অভাৱ নাছিল আমাৰ। বছৰৰ শেষত মাছ বিক্ৰী কৰে। দুপোৰা জোখৰ ফিচাৰি। শাক-পাচলিও কৰে। মুঠৰ ওপৰত এতিয়া যদি আমি সকলোবোৰ থাকিলো হয়, তেন্তে কিমান যে সুখ হ'লহেতেন আমাৰ!"


"অৱস্থা ভালেই আছিল তোমালোকৰ?"


"ওম ভাল আছিল। কিন্তু দেতাৰ মদ খোৱা স্বভাবেই সকলো শেষ কৰি দিলে। সেইদিনা কাজিয়া কৰাৰ পাছত হেনো দেতাই সৰু ভন্টিৰ মূৰত ধৰি শপতো খাইছিল আৰু মদ-পানী নাখাওঁ বুলি। কিন্তু আগতো এনেকৈ কয় বাবেই হয়তো মা এ ঘৰৰ পৰা গুচি গৈছিল। বিশ্বাস কৰা নাছিল সেইবাৰ দেউতাকক!"


"এৰা! মাইকী মানুহ বুলিয়েনো কিমান সহ্য কৰিব ক'চোন। আমিবোৰোতো মানুহেই!"


"দেতাই আমি দেখাকৈ মাক মৰা নাছিল। কিন্তু বৰ অকথ্য গালি পাৰিছিল। তাৰ অৰ্থ এতিয়া বুজো।"


"উম।" -নীলাই মূৰ দুপিয়ালে।


"আচলতে সন্দেহো কৰিছিল দেতাই অলপ।

চাইকেলৰ আঁচ, চেন্দেলৰ খোজ দেখিলেই মাক প্ৰায় কোৱা শুনিছিলোঁ "কোনটো মতা আহিছিল" বুলি। পাছলৈ দেতাই বুজিছিল যদিও মা নাছিলেই বুজিনো কি লাভ। দেতালৈ মনত পৰিলে খঙো উঠে; বেয়াও লাগে।"


"হয় দে। তেওঁতো বেলেগ বিয়া কৰাব‌ও পাৰিলেহেতেন; হয়তো তোৰ কথা ভাবিয়ে নকৰালে।"


"উম।"


"অ' আজি ছাৰ আকৌ আহিছিল ত‌ই ওলাই যাওঁতে। তোক হেনো একেবাৰে এম.এ শেষ হোৱাৰ পাছতহে লগ কৰিব। বিজি থাক' কাৰণে।"


"হয় নেকি! লগ কৰিব লাগিছিল সচাঁকৈ। তেওঁৰ আনুগত্যতে আছো অথচ আজি সাত মাহেও লগ কৰিব পৰা নাই। ভাবিছে ছাগে বৰ অকৃতজ্ঞ মানুহ বুলি।"


"নাই নাভাবে। বৰ ভাল মানুহ তেওঁ। মাক আছে, মাত্ৰ বিয়া কৰোৱা নাই। ত্ৰিশৰ ওপৰ হ'ল পিছে বয়স।"


"ইমান হিচাপ ৰাখ' নে তেওঁৰ?"


     ধেমালিৰ সুৰত ক'লে অঞ্জনাই। এইবাৰ দুইজনীয়ে হাঁহিলে।


"নহয় অ' মানুহ দেখিলেও গম পায় যে সেয়েহে কলো।"


"হ'ব। ব'ল ভিতৰলৈ চাহ খোৱাৰ সময় হ'ব এতিয়া। চবকে উঠাই হাত-মুখ ধুই আজৰি হ'ব ক‌ওঁগৈ।"


"অঞ্জনা কথা এটা ক‌ওঁ!"


"ক'! সুধিছ কেলে?"


"ত‌ই বৰ সাহসী আৰু ভাল ছোৱালী।

তথাপি ইয়াতো ত‌ই অলপ সাৱধানে থাকিবি দেই। বিপদ কেতিয়া, ক'ত হয়, ক'ব নোৱাৰি।"


"কিয় ক'লি সেইবুলি?"


     আচৰিত হ'ল অঞ্জনা। ইয়াতো বিপদ হ'ব পাৰে তাইৰ!!


"এনেয়ে ক'লো! ইয়াত আমি সৰু-ডাঙৰ মিলি ১৪৭ জনী আছো। তাৰ মাজতে কোন, কেতিয়া, ক'ত, কেনেকৈ শত্ৰু হ'ব পাৰে ক'বতো নোৱাৰি।"


"হ'ব। মোৰ কাষত তোৰ দৰে এজনী ভাল আৰু সুন্দৰ মনৰ লগৰী থাকোঁতেনো কি বিপদ আহিব ক'চোন। আহ ভিতৰলৈ।"


     কথাখিনি তাইক সহজে ক'লে যদিও অঞ্জনাৰ মনটো বেয়া লাগিল। এই পবিত্ৰ ধামটো হিংসা থাকিব পাৰে, আচৰিত!! ভাবি ভাবি ভিতৰৰ যাৱতীয় কামবোৰ এখন এখনকৈ ভগাই কৰি গ'ল নীলা আৰু অঞ্জনাই।



     আজি সাত মাহেই অঞ্জনাৰ একো খবৰ নাপাই মীৰা একপ্ৰকাৰ ভাগিয়ে পৰিছে। শৰীৰৰ প্ৰতি, খোৱা-বোৱাৰ প্ৰতি আগ্ৰহ নেদেখুওৱা হ'ল। চিন্তা লাগি থাকে প্ৰতি মূহুৰ্ততে, জানোছা তাইৰ ভুলৰ বাবেই অঞ্জনাই জীৱনটো হেৰুৱালে!


     কিন্তু তাইটো অঞ্জনাৰ ভাল হ‌ওঁক বুলিহে এই খেল খেলিছিল।


     ক'ত ভুল হ'ল তাইৰ?

     কোনখিনিত ভুল হ'ল বাৰু তাইৰ?


     নাই নাই, একো ভুল হোৱা নাই।

তাইৰ আৰু ভাবিবৰ মন নাযায়, সকলো ফালৰ পৰা নিজকেই দোষী দোষী লাগে। অজয়লৈ বুলিয়ে ফোন এটা লগালে তাই


"হেল্লো, অজয়!"


"অ, মীৰা কোৱা!"


"কিনো কম সেই একেবোৰ কথাই??"


"উম, গম পাইছোঁ। খবৰ কৰি আছোঁ মইয়ো। বাহিৰৰ এনে ঘাটিবোৰৰ লগতো যোগাযোগ কৰিছো, কিন্তু তেনে কোনো ছোৱালী পোৱা নাই বুলি কৈছে। খবৰ পালে জনাব কৈছোঁ।"


"এতিয়া য'ত আছে কুশলে থাকিলেই হয় তাই। বৰ সপোন বিলাসী ছোৱালী। ডাঙৰ সপোন আছিল তাইৰ। সেইবোৰৰ যদি সমাধি ঘটে; তাইৰ সপোনবোৰে মোক বৰ ডাঙৰকৈ শাও দিব অ' অজয়।"


"হ'ব দিয়া। য'ত আছে, এতিয়া তাতেই তাই কুশলে থাকক বুলি ভগৱানক প্ৰাৰ্থনা কৰিবা মীৰা।"


"উম। হ'ব তেনেহ'লে ৰাখোঁ নেকি!"


"উম, ৰাখা। বেছি অঞ্জনাৰ কথাই চিন্তা কৰি নাথাকিবা।"


     অজযয়ে অভিচত আৰামী চকীখনতে আঁউজি দিলে। আজি সোনকালে এপাক যাব লাগিব ঘৰলৈ। নিজৰা বাইৰ ডাঙৰজনী ছোৱালী মুনুৰ ডিগ্ৰীৰ ফাইনেলৰ ৰিজাল্ট দিলে, ফাষ্ট ক্লাছ পাইছে ৮০% লৈ।


     নিজৰ ককায়েক বুলি ভবা তাইক সাহস দিবগৈ লাগিব, তাহাতৰ অবিহনে তাৰোতো কোনো নাই। অজয় ভবাৰ লগে লগেই নিজৰ কেবিনৰ পৰা ওলাই আহি পল্লৱৰ কেবিনলৈ গ'ল।


"পল্লৱ মই যাওঁ দেই, নিজৰা বাইৰ ঘৰলৈ যাব লাগিব। মুনুৰ ৰিজাল্ট দিলে। ফাষ্ট ক্লাছ পাইছে নগলে কথাটো বৰ বেয়া হ'ব।"


"অ যা মই আক' ভাবিছিলো?? যা যা।"


"আহ আহ গম পাইছোঁ তোৰ কথা। দুদিনমান যে কলেজলৈ তোৰ গাড়ীতে গ'ল, ত‌ই নগলে বেয়া পাব পাৰে নো। ব'ল ব'ল।"


     জোকালে পল্লৱক সি।

মনে মনে মুনুক হয়তো পল্লৱে ভাল পায়, কিন্তু ক'ব পৰা নাই। অজয়ে বুজে যদিও সুবিধা দিয়া নাই, মুনুৰ পঢ়া বেয়া হ'ব পাৰে বুলিয়ে।


"অজয় মই কথা এটা ভাবিছো!"


"মুনুৰ কথা!"


"ত‌ই কেনেকৈ জানিলি!" -আচৰিত হ'ল পল্লৱ।


"ক'চোন বাকীখিনি!"


"তাইৰ সতেই সংসাৰখন পাতিম বুলি ভাবিছো, ত‌ই বা কি কওঁ?"


"ৰ' আগতে তাইৰ আৰু পঢ়িবলৈ হেঁপাহ আছে নে নাই জানি ল'ব লাগিব। আৰু লোকৰ ঘৰত কাম কৰা মানুহৰ ছোৱালী এজনীক তোৰ মাৰে জানো বোৱাৰী কৰি ল'ব। মাৰে যিহেতু তোৰ আধুনিক।"


     অজয়ৰ কথাৰ সূৰ বেলেগ পাই পল্লৱে ক'লে,


"কথাটো হয়। কিন্তু ত‌ই ককায়েক বুলি চিনাকি দিলে, কন্যাদান ত‌ই কৰিলে, মা এ মানিব পাৰে।"


"ৰ' চাওঁ। বৰ স্বাভিমানী ছোৱালী। তাইৰো মতামত লাগিব। সেইবোৰ কিন্তু নুলিয়াবি এতিয়া। সময়ত মই উলিয়াম।"


     দুয়ো অফিচৰ পৰা ওলাই আহি মুনুৰ ঘৰলৈ গ'ল। মুনুৱে দুৱাৰ মুখৰ পৰাই দুয়োকে হাঁহিৰে সম্ভাষণ জনালে।



     নীলাৰ সেই সাৱধান বাণী শুনি অঞ্জনাৰ টোপনি যাবলৈও ভয় লাগে এতিয়া। জানোচা কোনোবা আহি তাইক মাৰি পেলাই!


     পাছনিশা টোপনিৰ পৰা সাৰ পালে তাই আৰু টোপনি যাব নোৱাৰা হয়। তাইক গোটেই জীৱনটো নালাগে, মাত্ৰ এটা সৰু সপোন পুৰাব পাৰিলেই হ'ল। তাই শান্তিৰে মৰিবলৈ আগবাঢ়ি আহিব।


     গাঁৱত থকা লুভীয়া দদায়েক কেইটাক তাই নিজৰ জীৱনটো যে তেওঁলোকৰ অবিহনেই এনেকৈ ধুনীয়াকৈ সজালে তাক দেখুৱাব পাৰিলেই হ'ব।


     মদপী দেউতাকৰ সপোন পূৰণ হ'ব, আত্মাই মুক্তি পাব তেওঁৰ!


      ঘড়ীটোলৈ চালে ১২ বাজো বাজো।

এতিয়ালৈকে টোপনি নাই তাইৰ চকুত। নীলাই নাক ঘৰ্ ঘৰাই শুই আছে। তাইহে টোপনি যাব পৰা নাই এইকেইদিন। দিনটো শোৱাৰ অভ্যাস কৰা নাই, নহ'লে ৰাতি শুৱাত দেৰি হয় বাবে।


     ইকাটি-সিটাটি কৰি থাকোঁতেই ঘড়ীয়ে ১ বজাৰো সংকেত দিলে। তাই যেনে-তেনে টোপনি যাবৰ যত্ন কৰিলে। দিনত নহ'লে গা-টো বৰ দুৰ্বল দুৰ্বল লাগে।


     তাইৰ টোপনি আহিছিল কোনোমতে।

এনেতে বাহিৰত কোনোবাই লাহে লাহে কথা পতা শুনি কি কথা পাতিছে তাই জানিবলৈ যত্ন কৰিলে। 


     নীলাক উঠাম বুলি ভাবিও নুঠালে অঞ্জনাই। ডাঙৰ ব্লেনকেটখন মূৰে-কাণে লৈ শুই আছে বেচেৰীয়ে। সেয়ে আমনি নিদিলে তাইক। অলপ অলপ ঠাণ্ডাটো আছে। দিনত অলপ অলপ গৰম যদিও ৰাতি হ'লে ফেন চলাই আৰামত টোপনি মাৰে নীলাই।


"মই অঞ্জনাক মাৰি পেলাব নোৱাৰোঁ,

মোৰ দ্বাৰা নহ'ব তোমাক আগতেও কৈছোঁ!"


     মনে মনে কোৱা কথাখিনি অঞ্জনাই কাণৰে স্পষ্টকৈ শুনা পালে।


"পাৰিব লাগিব। তোৰ ভবিষ্যতৰ কথা ভাবিয়েই কৈছোঁ তোক। নহ'লে আৰু ক'ত ভাল ল'ৰা পাবি ত‌ই। পৰিয়াল থাকিলে বেলেগ কথা। কিন্তু ত‌ই অনাথ আশ্ৰমত আছ' মনত ৰাখিবি!"


     তাইৰ দুৱাৰ মুখতে কথাখিনি দাঁত কামুৰি খঙত কৈছে বুলি বুজি পালে অঞ্জনাই।


"জানো বাবেই মই এই কাম নকৰোঁ। কাৰণ অঞ্জনাও অনাথেই। মোৰ অন্ততঃ তুমি আছা, তাইৰ নো কোন আছে কোৱাচোন!"


"সেইবোৰ নাজানো মই। মোক মুঠৰ ওপৰত এই আশ্ৰমৰ মালিকক জোঁৱাই হিচাপে লাগে।"


"তেওঁক মই ভগৱান বুলি ভাবো, যিয়ে আমাক আশ্ৰয় দিলে।"


"অঞ্জনাক যে ছাৰে ভালপায় এই কথা তুমি কেনেকৈ জানিলা? ছাৰেতো তাইক লগেই পোৱা নাই এবাৰো!!"


"কথা কিছুমানৰ পৰা গম পাইছো। সিহঁত আগৰ পৰাই চিনাকি। কিন্তু আশ্ৰমৰ নীতিৰ বাহিৰত গ'লে যে বদনাম হ'ব, সেয়ে সিহঁত লগ হোৱা নাই। কি ঠিক ইন্টাৰভিউ দিয়াৰ চলেৰে চাগে তাই ছাৰক লগ কৰেই। ত‌ইতো নাজান'। মূৰ্খহে ত‌ই?"


"হ'ব ম‌ইয়েই মূৰ্খ। তুমি জ্ঞানী জনীয়েই কৰা অঞ্জনাক হত্যা কৰাৰ দৰে এটা পবিত্ৰ কাম। মই নোৱাৰোঁ।"


     হয়তো খং উঠিছিল সেইগৰাকীৰ

সেয়ে তেনেকৈ ক'লে। অঞ্জনাৰ আৰু একো শুনিবলৈ ধৈৰ্য্য নহ'ল।


     তাইক হত্যা কৰিবলৈ বিচাৰিছে কোনোবাই?

     কোন হ'ব পাৰে বাৰু?


     মনে মনে ফুচফুচাই কথা পতাৰ বাবে মাতটোও ধৰিব নোৱাৰিলে তাই। তাইৰ বাবে কতোৱেই নিৰাপত্তা থকা ঠাই এডোখৰ নাই নেকি?


     বৰ দুৰ্ভগীয়া তাই। ধিক্কাৰ জন্মিল নিজৰ জন্মক লৈয়েই অঞ্জনাৰ। জীৱনটোৰ অৰ্থ বুজা হোৱাৰে পৰা কেৱল হেৰুৱাইছে; মাত্ৰ হেৰুৱাইছে তাই কিন্তু জীৱনে বাৰু কি দিলে তাইক!!


     এতিয়া তাইৰ বাবে এই আশ্ৰমো সুখৰ নহয়, নিৰাপত্তাৰ নহয়। কথাবোৰ ভাবি থাকোঁতেই টোপনি আহিল তাইৰ।



     অজয়ৰ খুউব মন গ'ল অঞ্জনাক এবাৰ লগ পাবলৈ কিন্তু নোৱাৰে। কপালত দিয়া চুমাটোৱে আমনি কৰে তাক প্ৰায়ে।


     সি গম পাইছে সি যে অঞ্জনাক ভাল পাই পেলাইছে। কিন্তু বেশ্যা এগৰাকীক?? যতি পৰে তাতেই। তাতেই বাৰে বাৰে বিফল হৈ উঠে অজয়।


     আকৌ নিজা যুক্তিৰে সেইয়া খণ্ডন কৰে। নিজৰ মতৰ বিৰুদ্ধে বা ইচ্ছাৰ বিৰুদ্ধে গঢ়া শৰীৰৰ সম্পৰ্কত ভালপোৱা নাথাকে।


     সিটো অঞ্জনাক হে ভাল পায়, তাইৰ শৰীৰটোকতো নহয়। তেন্তে কিয় ভাবিছে শৰীৰৰ কথা??


     এৰা! স্বামী-স্ত্ৰীৰ সম্পৰ্ক এটা সন্তোলিত অৱস্থাত থাকিবৰ বাবে শাৰীৰিক সম্পৰ্কৰ প্ৰয়োজন আছে এইয়া চিৰসত্য কথা। শৰীৰৰ অবিহনে কেৱল মাত্ৰ জীৱনৰ বা সংসাৰৰ দাবীতেই আজীৱন কটাব নোৱাৰি। অৱশ্যে বুজাবুজি থাকিলে সেইয়া বেলেগ কথা।


     আজিকালি শৰীৰবিহীন প্ৰেম বা শৰীৰবিহীন সংসাৰ মূল্যহীন। বিয়া হ‌ওঁক বা নহ‌ওঁক গভীৰ চুম্বন থাকিব‌ই, পাৰ্ক ৰেষ্টোৰাঁ এইবোৰ সাধাৰণ কথা। মেছেজতেই উলংগ হ'বই, শৰীৰৰ মিলন হ'বই!!


     হাহা...হা….. এইবোৰ 4g প্ৰেম।

অজয়ৰ কথাবোৰ ভাবি থাকোতে নিজৰেই আপোনা আপুনি হাঁহি উঠি গল।


     অহ, আৰু কিছুদিন পাছত 5g, 6g, 7g এইবোৰ আহি থাকিব। তেতিয়া কিজানিটো কাৰোবাক ভাল পালেই ল'ৰা-ছোৱালী জন্ম হ'ব!!


     এইবোৰ কথা হয়তো অজয়ে নাজানিল হেঁতেন, কিন্তু এদিন বিশেষ কাম এটাৰ বাবে থানাৰ অৰ্দাৰৰ কাগজ এখনৰ সতে অ.চি ৰ চাইন আনিব যাওঁতেই তাত থকা কেচটোৰ কথাবোৰ শুনি অজয়ে বিশ্বাসেই কৰিব পৰা নাছিল যে

     মেছেজতো ইমান জঘন্য প্ৰেম,

     জঘন্য শৰীৰ থাকিব পাৰে!!


     ছেকেণ্ড অফিচাৰ জনে ল'ৰাজনে দিয়া, ছোৱালী জনীয়ে ৰিপ্লাই কৰা মেচেজবোৰ মাক-দেউতাকৰ আগতেই ডাঙৰ ডাঙৰকৈ পঢ়ি শুনোৱাই দিছে।


     ছোৱালী জনীয়ে তলমূৰ কৰি কান্দিছে। মাকে তাতেই ছোৱালী জনীক দুটা পূৰ্ণহতিয়া চৰ সোধাইছে। ছেকেণ্ড অফিচাৰ জনে কৈছে


"তহঁতৰ যদি ইমান লগত শুবলৈ মন গৈছিল, চেক্স কৰিবৰ মন গৈছিল, ক'ৰবাৰ হাবিফালে নগলি কিয়? হুহ, ইমান যে লেতেৰা লেতেৰা মেছেজ খেল'? এতিয়া যে মাৰৰ-বাপেৰৰ আগত পঢ়ি দিছো লাজ পাইছ'? নাই নাই লাজ নাই তহঁত  নিলাজ কেইটাৰ!!"


     অফিচাৰ জন খঙত ৰঙা-চিঙা পৰিছিল। অ.চি ওলাই যোৱাৰ বাবে অজয়ে তাকেই চাই আছিল একাষৰীয়াকৈ বহি।


     ছোৱালী জনীলৈ দিয়া বেয়া মেচেজ মাকে পোৱাত আজি এই নাটকখন। অফিচাৰ জন উঠি আহি অজয়ৰ কাষতে বহি লৈ কৈছিল


"বুজিছা বৰুৱা, সেই কুকুৰৰ পুতেকৰ হেনো গাখীৰ খাবলৈ মন গৈছে। তাকে গাৰ্লফ্ৰেণ্ডৰ তাত গাখীৰ খাব খোজোতে মাকে থানাত আহি গাখীৰ খুৱাই দিছে।"


     অজয়ৰ লাজ লাগিছিল।

থানাত দুগৰাকী গাভৰু কণিষ্টবলো আছে, ভাল চিনাকী। তেওঁলোকৰ আগতেই তেনেকৈ কোৱাত অজয় অলপ অপ্ৰস্তত হ'ল। কণিষ্টবল দুগৰাকীও বেলেগ এফালে গুচি গ'ল। হয়তো লাজ লাগিছিল সিহঁতৰো।


"নাৰী এজনী পুৰুষৰ স্পৰ্শৰ অবিহনে চৰিত্ৰহীন নহয়"


    "তেন্তে এইয়া কেনেকুৱা স্পৰ্শ?

     য'ত কেৱল শব্দ‌ইহে মাধ্যম?

ইয়াত কোন অপবিত্ৰ? পুৰুষ নে মহিলা??"


      কথাবোৰ ভাবি থাকোতে অজয়ৰ চিন্তাৰ যতি পৰিল। পল্লৱে আহি আছে তাৰ ঘৰলৈ।


     ছেহঃ!! বন্ধৰ দিনটো অলপ অকলশৰে থাকিব নাপায় সি। আহিল আৰু মূৰটো নষ্ট কৰিবলৈ আন এটা আধা পগলা!!


     অজয়ে বিৰক্তিৰে উঠি গ'ল। পল্লৱে একেৰাহে কলিং বেলটো টিপি আছে।


     আগতে অৱশ্যে সিয়েই মাতিছিল তাক বন্ধৰ দিনত। কিন্তু অঞ্জনাক লগ পোৱাৰ পৰা অজয়ে অনুভৱ কৰে তাকো অলপ নিজাকৈ সময় লাগে কিছুমান কথা ভাবিবলৈ; ভাল লগা কথাবোৰ ভাবিবলৈ!


"কলিং বেলটোৰ বিল ত‌ই দিবি নেকি, ইমান টিপি আছ যে?"


     দুৱাৰখন খুলি কলিং বেলটো দেখুৱাই দি ক'লে অজয়ে।


"কিয় তোৰ প‌ইচাবোৰ ক'ত থবি। বৰলা, চল্লিশ বছৰ হ'বই আৰু তোৰ। আজিলৈকে বিয়াকে পাতিব নোৱাৰিলি; কথা ক'ব আহে!"


     পল্লৱে তাৰ কথাৰ উত্তৰ দি চিধাই ৰূমটোত সোমাই বহি ললেহি।


"ৰ' আৰু এবছৰৰ পাছত পাতি আছো চাই থাক ত‌ই।"


     অজয়ে হাঁহি মাৰি পাকঘৰলৈ গ'ল। পাছে পাছে পল্লৱ।


"ছোৱালী ক'ৰ?"


"বিচাৰি আছোঁ ৰ' আনিলে দেখিবি নহয়।"


"থানাখনৰ সেই বিউটি কুইন কেইজনী নেকি? যদি সেইকেইজনী হয়, মই হ'লে বিয়ালৈ নাহো খাটাং।"


"কিয়?"


"১৫০০ দিছোঁ কেলা, এদিন পকেট উদং কৰি। চিটবেল্টডাল লগাবলৈ পাহৰিলো বুলিয়েই লগালগ ফাইন ভৰাই দিছে।"


"ভুল কৰিলে শুধৰাব‌ই লাগিব!!"


"তথাপি। চিনাকী বুলিতো মোক এশ টকা হলেও ঘূৰাই দিব পাৰে, কিন্তু নিদিলে।"


"হাফপেন্টটো ভাল লাগিছে!"


     তাৰ মুখখন বন্ধ কৰিবলৈকে কলে অজয়ে।


"অ সচাঁকে নেকি!! মুনুৱে বাচি দিছে।"


"মুনুক লগ কৰিছিলি?"


"উম।"


"চা পল্লৱ, মুনুৱে পঢ়িবলৈ ইচ্ছা কৰিছে। তাইৰ মনটো ত‌ই অযথা প্ৰেম কৰি ডাইভাৰ্ট নক'ৰিবি। পঢ়ক তাই। সিহঁত দুজনী সচাঁয়ে মোৰ ভনী। নিজৰা বাই মোৰ মা, মোৰ অভিভাৱক।"


"বুজিছো। ভুল নকৰোঁ, ভয় নাখাবি। ইমান খিনি বিশ্বাস তো মোক কৰিব পাৰ'!"


     দুয়োটাই দুয়োটাৰ মুখলৈ চালে এইবাৰ।


"উম লোৱা, চাহ লোৱা।"


অজয়ে চাহকাপ পল্লৱৰ ফালে আগবঢ়াই দিলে। দুয়ো চাহত সোঁহা মাৰিলে। এনেতে অজয়ৰ পুনৰ মনত পৰিল অঞ্জনাৰ কথাবোৰ।


"ছেহঃ, অঞ্জনাক এবাৰ লগ কৰিব পোৱা হলে!!" -সি নিজৰ মুখৰ ভিতৰতে কথাখিনি ভৰ-ভৰালে।


আগলৈ……..


(বিঃদ্ৰঃ- মোবাইলত প্ৰেম কৰাক লৈ লিখা কথাখিনিত যেন কোনেও আমাক INSTAGRAM ত বিতৰ্ক নকৰে। এইয়া এখন জীয়া বাস্তৱ ছবি। লিখনিটোৰ কৰবাত ভুল হোৱাটো স্বাভাৱিক। দায়-দোষ মাৰ্জনীয় 🙏🙏। লগতে, বেশ্যা নামৰ অঞ্জনাৰ জীয়া কাহিনীৰ এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 9pm (ন বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com বা বেশ্যা ধাৰাবাহিক উপন্যাস লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]



Follow on- INSTAGRAM

পঞ্চম খণ্ডৰ লিংক -
             Read Now :

সপ্তম খণ্ডৰ লিংক -
             Read Now :

বেশ্যা - এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Story
"Whore -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী
Special Thanks-
মেঘ মল্লিকা, ৰাগিনী
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini
Assamese Novel by Papori Phukan

No comments:

Post a Comment