আশ্ৰমত সকলোৱে নিতাল মাৰি আছে। নিতাল মাৰিবৰে কথা, পুলিচ আহিছিল। সোধা-পোছা কৰি গুচি গ'ল। আকৌ আহিব বোলে, কিন্তু কেতিয়া আহিব জনোৱা নাই। ভয় খাইছে সকলোৱে।
ছেকেণ্ড অফিচাৰ জনহে আহিছিল চিভিল ড্ৰেচট। আকৌ আহিলে সদল-বলে আহিব লগতে হেনো স্নিফাৰ ড'গ আনিব, তাতো যদি ধৰা নপৰে নাৰ্কো টেষ্ট কৰিব।
সকলোৱেই কামনা কৰিছে অঞ্জনাক হত্যা কৰিবলৈ দুঃসাহস কৰা মানুহ জন ধৰা পৰক। কিন্তু তথাপি ভয় খাইছে সকলোৱে, যদি আশ্ৰমৰ ভিতৰৰে হয় তেতিয়া?? আটাইতকৈ নিৰাপত্তাৰ ঠাইখনতো আজি সকলোৱে নিৰাপত্তা হীনতাত ভুগিছে, ভয় খাইছে।
"অঞ্জনা!" -পাছফালৰ পৰা কৰবীৰ মাত।
"হু!" -অঞ্জনাই বুজি পালে কৰবীৰ মাতটো।
"আজি যে অফিচাৰ জন আহিছিল তেওঁ হত্যাকাৰী আশ্ৰমৰ বাহিৰৰে হ'ব বুলি সন্দেহ কৰিছে। মইও তাকেই সন্দেহ কৰিছোঁ। কিন্তু যদি ভিতৰৰ হয়? কি কৰিবা?"
"নাই কৰবী। আশ্ৰমৰ ভিতৰৰ ন'হলেই হয় বুলি কামনা কৰিছোঁ।"
"তুমি কি সেইদিনা অলপো ধৰিব নোৱাৰিলা নেকি?"
"উহো! টোপনিটোৱে হেঁচা মাৰি ধৰিছিলহে। চিলমিলকৈ টোপনি অহাত সোঁফালে কাটি হৈ শুই আছিলোঁ। কেতিয়ানো আহি চুৰিখন মাৰি দিলেহি গমেই নাপালোঁ।"
"লাইট অফ আছিল নেকি?"
"ওম। লাইটচোন সদায় অফ কৰিয়েই শোওঁ।"
"এনেয়ে তুমি আশ্ৰমৰ কাৰোবাক সন্দেহ কৰা নেকি?"
"কি কথাবোৰ যে কৈছা কৰবী! নিজৰ পৰিয়ালটোক জানো কোনোবাই সন্দেহ কৰিব পাৰি। আনে কৰিলেও মই নকৰোঁ কৰবী।"
"হয় দিয়া। কি যে ঘটনাবোৰ হয় চোৱাচোন। আমি এনেও অনাথেই আমাক মাৰিনো কি পাব!"
"নাজানো কৰবী। মোৰ যে প্ৰতিটো ৰাতিয়েই বৰ ভয়ে ভয়ে পাৰ হয় আজিকালি।"
"এৰা! লাগিবই দিয়া। নাৰ্কো টেষ্ট মানে কি? কি বাৰু অঞ্জনা?"
"অ, সেইয়া। নাৰ্কো টেষ্ট মানে যেতিয়া ডাঙৰ ডাঙৰ অপৰাধীয়ে নিজৰ অপৰাধ স্বীকাৰ নকৰে তেতিয়া অপৰাধীয়ে সচাঁ কথা কৈছে নে মিছা কথা কৈছে তাৰ সমিধানৰ বাবে নাৰ্কো টেষ্টৰে অপৰাধীক কম্পিউটাৰৰ জৰিয়তে পৰীক্ষা কৰা হয়।
নাৰ্কো টেষ্টত পলিগ্ৰাফ মেচিন আৰু ব্ৰেইন মেপিই টেষ্ট বুলি যন্ত্ৰ দুটা ব্যৱহাৰ কৰা হয়। ইয়াৰে প্ৰথমটোৰে ব্যক্তিৰ ব্ৰেইন প্ৰেচাৰ, হাৰ্ট প্ৰেচাৰ, ব্লাড প্ৰেচাৰ জোখা হয়। আৰু দ্বিতীয়টো এটা হেলমেটৰ দৰে ইয়াৰ জৰিয়তে নাৰ্কো টেষ্টত ব্যক্তিজনৰ মানসিক অৱস্থাৰ কথাও গম পোৱা যায়। ব্যক্তিজনৰ মন-মগজুত কি চলিচে জানিব পাৰি আৰু অপৰাধীয়ে সচাঁ কথা কৈছে নে মিছা কথা কৈছে ধৰা পৰে। নাৰ্কো টেষ্টৰ এয়াই হল মূল কাৰণৰ বিষয়বস্তু।"
"অ অ।"
"কিয় সুধিলা?"
"এনেয়ে। আগতে শুনা মনত নপৰে দেখোন।"
"অসমত চাগে বৰকৈ ব্যৱহাৰ নহয়। হয় যদিও আমিনো কিমান অপৰাধৰ খৱৰ ৰাখোঁ। সেয়ে শুনা মনত নপৰে সম্ভৱ!"
"ওম।" - দুয়ো তলমূৰ কৰিলে।
দিনবোৰ যোৱাৰ লগে লগে অঞ্জনা স্বাভাৱিক হ'বলৈ আৰম্ভ কৰিছে। পুলিচৰ ইনভেছ্টিগেচন চলিয়ে আছে। কেতিয়াবা মাত্ৰ কেবিনত অজয়ৰ লগত কথা পাতিয়ে গুচি যায়।
আশ্ৰমত আজিকালি এক অভাৱনীয় মৌনতাই বিৰাজ কৰে। আজিকালি যেন কোনেও কাকো বিশ্বাস নকৰে। সকলো নিজক লৈয়ে ব্যস্ত হৈ থাকে। আগতে আনৰ কথা পাতি ভালপোৱা সৰলা খুৰীহতোঁ একগোট হৈ কথাৰ মহলা নামাৰে। একো কাম নাথাকিলে বিচনাতে পৰি থাকে নতুবা টি.ভি কে চাই।
সকলো যেন অচিনাকি এতিয়া। কাষেৰে পাৰ হৈ গ'লে শেঁতা হাঁহি এটা মৰাৰ বাহিৰে আন কথা কোনোৱেই নাপাতে। আচলতে সকলোৱে ভয় খাই আছে। কাক, কেতিয়া সন্দেহ কৰি পুলিচে এৰেষ্ট কৰিব পাৰে তাৰ ঠিকনা নাই।
অঞ্জনা বাৰু সচাই অমংগলীয়া নেকি? তাই ভাবে তেনেকৈ।
সৰুতে মাকক হেৰুৱালে, অলপ ডাঙৰ হৈ দেউতাকক। তাৰ পিছত জীৱনত ঘটা ঘটনাবোৰতো আছেই। শেষত লগ পাইছিল মীৰাক। মীৰা দিদীয়েবা আজিও তাইৰ বাবে কিমান চিন্তাত ভুগি থাকে! বেশ্যাৰ বৃত্তি কৰি নিজক ডাঙৰ মানুহ কৰাৰ যি সপোন আছিল, সেইয়াও নহ'ল।
এতিয়া আশ্ৰমত। তাই সচাই অমংগলীয়া। নহ'লে তাইৰ বাবেই সঘনাই কিয় ঘটে ঘটনাবোৰ??
অঞ্জনা ভাগি পৰিছে ভিতৰি ভিতৰি। তাইৰ বাবেই সকলো ৰং, সকলোবোৰ হাঁহি-ধেমালি আঁতৰি গৈছে আশ্ৰমৰ পৰা; আনকি ইজনে-সিজনক কৰা বিশ্বাসো।
কিয়? কিয়?
নাই নাই। তাই আশ্ৰমৰ আগৰ প্ৰাণোঞ্চল হেঁপাহবোৰ, হাঁহিবোৰ ঘূৰাই আনিবই লাগিব। অজয়ৰ লগত আলোচনা কৰিব লাগিব। নহ'লে এনেকৈ থাকিলে নিজকে কিবা কবৰস্থানত থকা যেন লাগে; জয়াল হৈ থাকে একো সাৰ-সুৰ নাই। তাই অপৰাধী আশ্ৰমৰ। গতিকে সমাধানো তাইয়েই বিচাৰিব লাগিব।
অজয় আজিকালি অনবৰত চিন্তাতে থাকে। নিজৰাৰো চিন্তা হ'ব ধৰিলে। এনেকৈ নহ'ব, অজয়ক ক'ব লাগিব ঘৰখন সোনকালে পাতক।
আলোচনাৰ জৰিয়তে মনটোক সান্তনা দিবলৈ কাষত এজনী লাগে যাক সকলো খুলি ক'ব পাৰে, দুখবোৰ ভগাই ল'ব পাৰে। অজয়ক এনেকৈ দেখিলে বহুত কষ্ট হয় নিজৰাৰ। অজয় তাইৰ ল'ৰা নহয় কিন্তু ল'ৰাতকৈ বহুগুণে ওপৰত।
"অজয়!"
"বাই। ক'চোন?"
"এনেকৈ আৰু কিমান দিন থাকিবা, বিয়াখন বয়স থাকোঁতেই পাতি লোৱা। দুখবোৰ, সময়বোৰ ভাগ-বতৰা কৰি ল'বলৈ কাষত এজনী লাগে।"
"কথাটো মইও নভবা নহয় বাই। কিন্তু আশ্ৰমৰ ঘটনাটোৰ সমিধান নুলিয়াই যদি নিজৰ কথা ভাবোঁ মই জানো স্বাৰ্থপৰ ন'হম ক'চোন তই?"
"কেতিয়াবা স্বাৰ্থপৰো হৈ চাবাচোন, মনটো কিমান ভাল লাগে নিজেই বুজিব পাৰিবা।"
"আশ্ৰমক বাদ দিচোন নিজৰ কথা ভাবিব নোৱাৰোঁ বাই। কাৰণ মইয়ো অনাথেই। তথাপি কওঁ ব'হাগত বিয়াখন পাতিম এইবাৰ তই বোৱাৰী আদৰিবলৈ সাজু হৈ থাকিবি।"
অজয়ে হাঁহি মাৰি উঠি গ'ল। নিজৰাই স্বস্তিৰ নিশ্বাস এৰিলে। অজয়ে বিয়াখন পাতিলেই মুনুৰ বিয়াখনৰ কথা ভাবিব পাৰিব তাই। যিমান যি হওঁক মুনুহতেঁ অজয়ক ককাইয়েক বুলি বৰ শ্ৰদ্ধা কৰে, হেঁপাহ কৰে।
অজয়ে আশ্ৰমলৈ ফোন লগালে। ইমূৰত জেউতীৰ মাত,
"হে'ল্লো, ছাৰ।"
"অ। শুনকচোন কাইলৈ নাৰ্কো টেষ্টৰ কাৰণে অফিচাৰ আহিব। নীলাৰ কামত যোৱা বা আশ্ৰমৰ অইন কাকোৱেই বাহিৰলৈ যাবলৈ মানা কৰিব। ১০ বজাৰ পৰা কৰা হ'ব। মই বাৰু তাৰ আগতেই যাম।"
"হ'ব, ছাৰ। মই সকলোকে জনাই দিম।"
ফোনৰ সংযোগ বিচ্ছিন্ন কৰিলে। কাইলৈৰ পৰাহে অজয়ে ভালকৈ শুব পাৰিব। আশ্ৰমৰ যাতে কোনোৱেই হত্যাকাৰী বুলি প্ৰমাণিত নহয়, তাৰ বাবে অজয়ে নেদেখাজনক খাটিলে। নহ'লে বৰ লাজৰ কথা হ'ব।
যদি এইতো ভালদৰে হয় তেন্তে অজয়ে অহা মাহৰ পৰা নাইট চকিদাৰ ৰাখিব যাতে বাহিৰৰ মানুহে আকৌ আক্ৰমণ কৰিব নোৱাৰে আশ্ৰমখনৰ ওপৰত। কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব সি। কথাবোৰ ভাবি ভাবি সি চিগাৰেট এটা জ্বলাই ল'লে।
[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 9pm (ন বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]
No comments:
Post a Comment