মন যায় | তৃষ্ণা বৈশ্য | অসমীয়া কবিতা | Mon Jai By Trishna Baisya | Assamese Poem - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

মন যায় | তৃষ্ণা বৈশ্য | অসমীয়া কবিতা | Mon Jai By Trishna Baisya | Assamese Poem

মন যায়

কবিতাৰে উপচাই পেলাব মন যায় 
বুকুৰ যন্ত্ৰণাবোৰ যেন 
কবিতাৰ ভাষাত সজাম 

মন যায় কেতিয়াবা 
সপোনবোৰো আলফুলে 
যতনাই ৰাখি 
আশাৰ ফুলবোৰ 
কবিতাৰ শব্দৰে সজতনে 
গাঠি থম 
হৃদয়ৰ মাজত 

উকা হৈ থকা খালী ঠাই খিনি 
অনুভৱৰে পূৰ্ণ কৰিম 
কবিতাৰ মাজত 

মনৰ মাজত জ্বলি থকা 
প্ৰহেলিকা বোৰক নুমুৱাই ৰাখিব 
মন যায় 
কবিতাবোৰত বিষাদ ধালি 

মনতো বহুত যায় 
কিন্তু নোৱাৰো 
অভিমান বোৰ সামৰি যে 
আকৌ বুকুত বিষাদ লৈ 
ঘূৰি ফুৰোঁ !! 

তৃষ্ণা বৈশ্য

No comments:

Post a Comment