বেশ্যা | এগৰাকী নাৰীৰ হৃদয় চুই যোৱা জীয়া কাহিনী | ধাৰাবাহিক উপন্যাস | Besya Part 19 | Assamese Sad Novel | Emotional Assamese Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বেশ্যা | এগৰাকী নাৰীৰ হৃদয় চুই যোৱা জীয়া কাহিনী | ধাৰাবাহিক উপন্যাস | Besya Part 19 | Assamese Sad Novel | Emotional Assamese Story

বেশ্যা


"অঞ্জনা, কি হৈছে তোমাৰ মোক খুলি কোৱা!"


     অজয়ে অঞ্জনাৰ দুবাহুত ধৰি জোঁকাৰি দিলে। অঞ্জনা নিমাত হৈয়ে ৰল।


     অজয়ে ভিতৰি ভিতৰি অঞ্জনাক হেৰুৱাৰ ভয়ত কঁপি উঠে মাজে মাজে। অঞ্জনাৰ মনৰ ভিতৰত কি চলিছে তাক উলিয়াবলৈ এঘন্টামানৰ পৰা যুঁজি আছে কিন্তু অঞ্জনা নিঠৰ হৈয়ে আছে। একো নকয়ো, তাৰ ফালে নাচায়ো।


      অজয়ৰ ভয় লাগিল। অঞ্জনাক চকী এখনতে বহুৱাই দিলে। অজয়ে তলত আঁঠু কাঢ়ি বহি লৈ অঞ্জনাৰ কোলাত মূৰটো থলে।


     অঞ্জনাৰ বুকুখনে এক মুহূৰ্তৰ বাবে আৱেগিক হৈ পৰিছিল। কিন্তু নিজকে বহু কষ্টেৰে সংযত কৰি ল'লে। তাই অজয়ৰ লগত বেয়া কৰিব ওলাইছে তাই জানে। কিন্তু তাই অজয়ৰ লগত ভাল কৰাৰ পাছত যদি অজয়ে তাইৰ লগত কিবা বেয়া কৰে তেতিয়া? কাৰ অপকাৰ হ'ব?


     অজয়ৰতো একো নহয় সি মতা মানুহ। কিন্তু অপকাৰ হ'লে তাইৰ হ'ব, কাৰণ তাই মাইকী মানুহ। সমাজে তাইক বেয়াকৈ চাব, বেয়াকৈ ক'ব।‌ 


      হাজাৰটা মিছা অভিযোগ তাই মূৰ পাতি ল'ব পাৰিব কিন্তু তাই বিশ্বাসঘাটকতা আৰু সহ্য কৰিব নোৱাৰে। নোৱাৰে আৰু তাই সময়ৰ সৈতে যুঁজ দিব, সময়ক সুবিধা দিবলৈ। এতিয়া তাইৰ সময়; সময়ক নিজৰ সুবিধা কৰি ল'বলৈ।


     গতানুগতিক জীৱনৰ প্ৰতিটো ক্ষণেই মূল্যবান কিন্তু তাইৰ ক্ষেত্ৰত কিয় বাৰু সঘনাই প্ৰতিটো ক্ষণেই এটা এটা নতুন সমস্যা কঢ়িয়াই আনে? ক'ৰপৰা আনে তাই নাজানে। ভাল দিন আহিছে বুলি তাইৰ এতিয়া ভাবিবলৈও ভয় লাগে। তাইৰ বাবে ভাল দিন কেতিয়াও নাহে।


"মই কাৰোৱেই ওপৰত বিশ্বাস কৰিব নোৱাৰা হৈছো অজয় দা, মোক ক্ষমা কৰিবা। এতিয়া আৰু মোক মোৰ কাষত কাকোৱেই নালাগে, অকলেই জীৱনটো সজোৱাৰ কথা ভাবিছোঁ।" - বহু সময়ৰ পাছত অঞ্জনাই মাত মাতিলে।


"এবাৰটো বিশ্বাস কৰি চোৱা!"


"নাই অজয় দা, মই সচাই অনাথ সেই কথা নীলাই প্ৰমাণ কৰি দিলে।"


"মইও অনাথ তুমি বিশ্বাস কৰিবা নে?"


"অনাথৰ লগতে মই দুৰ্ভগীয়াও। কিন্তু তুমি দুৰ্ভগীয়া নহয়। হাত মেলিলেই সকলো পোৱা।"


"মইনো কেনেকৈ ভাগ্যবান কোৱা? পুৰুষৰ আটাইতকৈ ডাঙৰ সম্পদ টোৱেই মোৰ নাই।"


"ভালপোৱাৰ তুলনাত সেই সম্পদৰ মৰ্যদা কম অজয় দা। সেই কথালৈ মন বেয়া কৰাৰ কোনো প্ৰয়োজন নাই।"


"তথাপি। এতিয়া তুমি আঁতৰি গ'লে মই কাৰণটো সেইটো বুলিহে ভাবিম। বেলেগ আৰু মোক অবিশ্বাস কৰিব লগা মইতো তোমাক একো কৰাই নাই। আনে কৰা দোষ খিনিৰ লগত মোক লেতিয়াই পেলাইছা কিয়?"


"নাই অজয় দা, আমি এৰা-এৰি হ'লেই ভাল হ'ব বুলি ভাবিছো।"


"সেই কথা মুখলৈ আৰু দ্বিতীয় বাৰ নানিবা। মই তোমাক এৰি থাকিব নোৱাৰোঁ।"


"শিকিব লাগিব!"


"নিশিকো আৰু নোৱাৰোঁ। বাকী তুমি কি ভাবা সেইয়া নিজৰ কথা!"


     অজয়ে একপ্ৰকাৰ খং উঠিয়ে ওলাই গ'ল। মনতে ভাবিলে সি যদি তাৰ পিতৃ হোৱাৰ ক্ষমতা থাকিলহেতেন তেন্তে সি আজি অঞ্জনাক হাতত ধৰি গাড়ীত বহোৱাই ঘৰলৈ লৈ যাব পাৰিলহেতেন। কিন্তু এতিয়া সি জোৰ কৰিব নোৱাৰে কাৰণ পাছত যদি অঞ্জনাই তাক নপুংসক বুলি ইতিকিং কৰে, জোৰ কৰি অনা বুলি অভিযোগ তোলে তেতিয়া? সি জানো পাৰিব ভালপোৱা জনৰ পৰা এনে এষাৰ কথা শুনিবলৈ।


     অঞ্জনাৰো তেনেকুৱাই হৈছে ভালপোৱা মানুহবোৰৰ পৰা পোৱা অৱহেলা, বিশ্বাসঘাটকতাই তাইক ভতীগ্ৰস্থ কৰিছে। সময় লাগিব তাইক স্বাভাৱিক অৱস্থালৈ আহিবলৈ।


      অজয় ওলাই যোৱাৰ ফালে চাই চাই অঞ্জনাৰ দুচকুৰে ধাৰাষাৰে চকুপানী ববলৈ ধৰিলে। কিহে পাইছিল তাইক অজয়ক ভাল পাবলৈ, তাই এতিয়া অজয়ক এৰিব‌ও নোৱাৰে, ধৰিবলৈও ভয় হৈছে।


      অজয়ৰ ভালপোৱাই কৰ্ষণ কৰি পেলাইছিল সময়ৰ ৰোষত পৰি টান হৈ পৰা আৱেগ নামৰ মাটিডৰা। লহপহকৈ বাঢ়িবলৈ আৰম্ভ কৰিছিল ভালপোৱাৰ বীজবোৰ। সময়ে জুৰুলা কৰা হৃদয় খনে ঠিকনা বিচাৰি লৈছিল, নতুনকৈ সপোনৰ বীজ সিঁচিবলৈ লৈছিল কিন্তু সেই বীজবোৰতো পোকে খালে।


     নাই, এনেকৈ আৰু পোকে খোৱা সপোনবোৰ সাৱটি জীয়াই থাকিলে নহ'ব। তাইৰো এটা হেঁপাহ আছে অজয় হতৰ দৰে বিলাসী জীৱন পাবলৈ। 


     বিয়া, সংসাৰ, ভালপোৱাতে নিজক আৰু আৱদ্ধ কৰি ৰাখিব নোৱাৰি। তাই কিবা এটা কৰিব, তাৰ পিছতো যদি অজয় ৰৈ থাকে তাই কোনো আপত্তি নকৰে।


     অজয়ে কেবিনট কিবা এটা চাই আছে, হয়তো কাৰোবাৰ ড'কোমেন্ট। অঞ্জনাই অজয়ক নোসোধাকৈয়ে ৰূমটোলৈ সোমাই গ'ল।


     অজয়ক ক'ব লাগিব কথাবোৰ। যদি তাৰ ভালপোৱা সঁচা তেন্তে নিশ্চিত যে সি ৰৈ থাকিব অন্ততঃ তিনিবছৰ মান। তাৰ আগতো যদি তাই নিজক প্ৰতিষ্ঠা কৰি ল'ব পাৰে তেন্তেও অজয়ৰ সৈতেই বিয়াত বহিব, যদি সি ৰয় তাইলৈ!!


"বহিব পাৰিমনে?"


     মৃদ্যু হাঁহিৰে সুধিলে অঞ্জনাই। অজয়ৰ ভাল লাগিল অঞ্জনাৰ মুখত হাঁহি দেখি।


"বহা। সেইয়া আকৌ সুধিব লাগে নেকি!" - অজয়ৰ মনত ফৰকাল নামিল।


"নাই এনেয়ে মানে অফিচাৰ মানুহ যে; ফৰমেলিটি নামানিলে হ'ব জানো!" - অঞ্জনাই হাঁহিলে, লগতে অজয়ো।


"সময়ে সময়ে বতৰটো গোমা হয় যে কোনো আগজাননী নিদিয়াকৈ সেয়ে ভয় লাগে।"


"হয় নেকি? কথা দুটামান পাতো বুলিহে আহিছিলো।"


"কোৱাচোন কি কথা?"


"মই আশ্ৰমৰ পৰা ওলাই দিব খোজিছোঁ।"


"কিয়? কিবা অসুবিধা পাইছা?"


"অসুবিধা বুলি বিশেষ নহয়, কিন্তু মানুহ বোৰকহে বিশ্বাস কৰিব নোৱাৰা হৈছো।"


"মই বুজিব পাৰিছোঁ। কিন্তু যাবা ক'লৈ?"


"ওচৰতে ৰুম এটা চালোগৈ পৰহি। পাঁচদিন মানৰ পাছত খবৰ লবলৈ কৈছিল।"


"তালৈ যোৱাতকৈ আমিচোন এক হ'ব পাৰোঁ অঞ্জু। মোৰ লগত থাকিও তুমি নিজক গঢ়িব পাৰিবা, স্বাভিমান ধৰি ৰাখিব পাৰিবা। তোমাক বাধা নিদিও মই, মাথো তোমাকহে কাষত লাগে।"


"তথাপি। নিজক নিজেই গঢ়ো বুলি ভাবিছো এইবাৰ!"


"মোক সাৰথি কৰি লোৱা?"


"নাই নালাগে। সাৰথি নোহোৱাকৈয়ে জীৱনৰ গতি দি চাওঁ বুলি ভাবিছোঁ।"


"কিমান দিন ৰম মই কোৱা?"


     অজয়ৰ কথাষাৰে বুকুত বিন্ধিলে তাইৰ। এইষাৰ কথা তাই কম বুলি ভাবিছিল কিন্তু অজয়ে কাঢ়ি ল'লে।


"পাৰিবানে ৰ'বলৈ?"


"কিয় নোৱাৰিম বাৰু! ভালপোৱা মানুহজনীৰ বাবে নমৰালৈকে অপেক্ষা কৰিব পাৰিম। কিন্তু মাজে মাজে লগ হম বুলি কথা দিব লাগিব।"


"কিয়?"


"আত্মাটো ওলাই যোৱাৰ পাছত শৰীৰৰ কোনো অস্তিত্ব নাই। গতিকে আত্মাটো যাবাগৈ যেতিয়া শৰীৰটোকো অলপ সঞ্জীৱনিৰ প্ৰয়োজন হ'ব। মাজে সময়ে সেই সঞ্জীৱনি পাই থাকিলে জীয়াই থাকিবলৈ সহজ হ'ব।"


"?????"


     অঞ্জনাই তলমূৰ কৰিলে। চকুপানীবোৰে আমনি কৰিছে তাইক।


"মই নিজৰ এই অক্ষমতা চিকিৎসাৰ বাবে পুনৰ অতি সোনকালেই বাহিৰলৈ যাম অঞ্জু।"


"মইতো কেতিয়াও তোমাক এই বিষয়ে একো কোৱা নাই। তুমি যেনেকৈ আছা তেনেকৈয়ে মোৰ বাবে এখন স্বৰ্গ। সেই স্বৰ্গখনক আৰু বেলেগকৈ কিয় সজাব লাগে?"


"তথাপি। তোমাক মই সকলো সুখেই দিব খোজোঁ অঞ্জু।"


"নালাগে। এনেকুৱা হ'লেহে মই আঁতৰি দিম কিন্তু?" - অঞ্জনাই চকুপানী মচি অজয়লৈ চালে।


"তথাপি অঞ্জু। মোৰ পৰা জানো তুমি এই স্বৰ্গীয় সুখ খিনি ল'ব নোখোজা? মই দিব‌ও বিচাৰোঁ, লব‌ও বিচাৰোঁ। সেয়ে যোৱাৰ কথা ভাবিছোঁ।"


"শৰীৰেই সকলো নহয়?"


"কথাটো হয়। কিন্তু তোমাক মই একোৰে অভাৱ হব দিব নোখোজো। তুমিও নিজক গঢ়িবলৈ সময় লোৱা, আৰু মইও নিজকে নতুন জীৱন দিওঁ তোমাৰ বাবে!"


"বয়স চোন আধাটো গুচিয়ে যাব?" - অঞ্জনাই কৌতুক কৰি হাঁহিলে।


"চিন্তা নকৰিবা ৪০ বছৰৰ আগতেই হ'ব আমাৰ মিলন। বাকী থকা সময়খিনি সুখেৰেই কটাম।"


     অজয়ে আহি বহি থকা অঞ্জনাক পাছফালৰ পৰা ডিঙিত ধৰি সাৱটি ধৰিলে। 


"চাওঁ উঠাচোন।" - বাধ্য ছাত্ৰীৰ দৰে অঞ্জনা থিয় হ'ল।


"মনটো ডাৱৰীয়া কৰি নাৰাখিবা। সদায় এনেকৈ খোলাকৈ থকাবোৰ ক'বা, হাঁহি থাকিবা। তুমি হাঁহি থাকিলে মই নিজকে সুখী অনুভৱ কৰোঁ।"


     অজয়ে অঞ্জনাক কাষলৈ চপাই ল'লে। অঞ্জনাও সাৱটি ধৰিলে অজয়ক। দুয়ো দুয়োকে হয়,


     "দুখন সঁচা হৃদয়ৰ পুনৰ মিলন হ'ল।

      দুখন সঁচা হৃদয়ক হাজাৰ প্ৰত্যাহ্বানেও

      আঁতৰাই ৰাখিব নোৱাৰে।"


      অজয়ৰ চকুপানী ওলাই অঞ্জনাৰ গলধনত পৰিল। অঞ্জনাই তাৰ বুকুৰ পৰা আঁতৰি আহি অজয়লৈ চালে,


"কান্দিছা কিয়?"


"নাই এনেয়ে!"


"এনেয়ে কান্দে নেকি?"


"তোমাক হেৰুৱাম বুলি বৰ ভয় লাগে। বেলেগ সৰু বস্তু হোৱা হ'লে তলা লগাই থলোহেতেন।" - অজয়ে হাঁহিলে।


"এতিয়াও ইয়াত তলা লগাই সুমোৱাই থোৱা।"


     অজয়ৰ বুকুখন দেখুৱাই অঞ্জনাই অজয়ৰ বুকুলৈ আকৌ কুৰুকি কুৰুকি সোমাই গ'ল। প্ৰশান্তিৰ নিশাহ এৰিলে দুয়ো। পিছে পাছলৈ জানো সম্ভৱ এই মিলন!!!


আগলৈ…..…….


[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 9pm (ন বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]



Follow on- INSTAGRAM

১৮ খণ্ডৰ লিংক -
             Read Now :

২০ খণ্ডৰ লিংক -
             Read Now :

বেশ্যা - এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Story
"Whore -
The Life Story Of The
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী

Photo- সোণালী দেৱী

Special Thanks-
মেঘ মল্লিকা, ৰাগিনী, প্ৰিয়াক্ষী
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini

No comments:

Post a Comment