সূৰ্যফুলৰ দেশলৈ | অসমীয়া ধাৰাবাহিক উপন্যাস | Assamese Novel Part 11 | Gayatri Sharma | Sad Assamese Story | Emotional Story In Assamese - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

সূৰ্যফুলৰ দেশলৈ | অসমীয়া ধাৰাবাহিক উপন্যাস | Assamese Novel Part 11 | Gayatri Sharma | Sad Assamese Story | Emotional Story In Assamese

 

সূৰ্যফুলৰ দেশলৈ

খণ্ড - 11
Assamese Novel
By Gayatri Sharma

: আৰে য়াৰ চুবহ... চুবহ... পতা নেহী কাহা ছে আ জাতে হে... নিকল'... অভি নিকল'...

     হঠাৎ চিঞৰ বাখৰ কিছুমান শুনি দোকান এখনৰ ফালে মন দি চালোঁ। দোকানখনৰ পৰা দোকানীজনে দেৱলীনাক খেদি পঠিয়াইছে। ৰাতিপুৱাৰ পৰা ঠিয় হৈ থাকি মোৰ ভৰিৰ বিষ হোৱা বুলি কোৱাৰ বাবে তাই মোক গছ এজোপাৰ ছাঁত বহুৱাই থৈ সেই দোকানখনত কিতাপ বিক্ৰী কৰিবলৈ গৈছিল। 


     চুচুক চামাক কৈ হাতত কিতাপৰ মোনাটো লৈ তলমূৰ কৰি ওলাই অহা দেৱলীনাৰ কাষলৈ ল'ৰি গ'লো মই। মোক দেখি তাই লৰালৰিকৈ কৃত্ৰিম ভাৱে হাঁহিবলৈ চেষ্টা কৰিলে।


      দেখুৱাবলৈ বিচাৰিছিল তাইৰ যেন গাত একো কথাই লগা নাই। এইমাত্ৰ যেন অতি সাধাৰণ ঘটনা এটাহে ঘটি গ'ল, যি ঘটনাত তাই অকণো দুখ পোৱা নাই; নিজৰ অভিব্যক্তিৰে এনেকৈয়ে দেখুৱাবলৈ বিচাৰিলে। তাইক গাত ধৰি লাহে লাহে গছজোপাৰ তললৈ লৈ আনিলোঁ মই।


     মই বুজি পাইছিলোঁ তাই যে থিৰেৰে থকা নাই। ঠিকে থকা নাই তাই। কাষতে থকা দোকানখনৰ পৰা পানী এবটল কিনি আনি তাইৰ হাতত গুজি দিলোঁ।


      বহুদেৰিৰ পৰা পিয়াহত থকা মানুহৰ দৰে  মুহূৰ্ততে কোটকোটকৈ পানীখিনি গিলি পেলালে তাই। বটলটোৰ শেষৰ অকণমান পানী মুখখনলৈ ছটিয়াই দি দোষী দোষীকৈ কৈ উঠিল,


: বেয়া নাপাবা কৃষ্ণাক্ষী। তোমালৈ পানীয়েই নথ'লোঁ।


    তাইৰ কথাৰ কোনো উত্তৰ নিদিয়াকৈ মই এইবাৰ দুকাপ চাহ কিনি আনিলোঁ। চাহৰ কাপটো তাইৰ হাতত দি তাইক লৈ আনিলোঁ অকণমান চুকৰ ফটকৈ মানুহৰ চকুত নপৰা ঠাই এডোখৰলৈ। 


    তাইৰ চকুহাললৈ চালোঁ। ইমান কৰুণ চকু যেন আগতে মই কেতিয়াও দেখা নাছিলোঁ। মানুহৰ চকুত ইমান কৰুণতা ক'ত কেনেকৈ লুকাই থাকে? কিমান দুখে সানি দিয়ে মানুহৰ চকুত এনেকুৱা বিষাদৰ প্ৰলেপ!


     নিজেও বহি তাইৰ হাতখনত ধৰি তাইক বহুৱাই দিলোঁ মোৰ কাষতে। চাহকাপত চুমুক দিলোঁ আৰু সন্মুখলৈ দৃষ্টি নিবদ্ধ কৰি কৈ উঠিলোঁ,


: কিয় কৰিছা এইটো চাকৰি? 


     উদাস দৃষ্টিৰে আগফালে চাই থকাৰ পৰা ঘপকৈ মোৰ মুখলৈ চালে তাই।


     চায়েই থাকিল। যেন বৰ কঠিন প্ৰশ্ন এটা মুহূৰ্ততে মই সুধি পেলাইছিলোঁ আৰু তাই বুজা নাছিল কি দিব লাগে এই প্ৰশ্নৰ উত্তৰ!


     এইবাৰ মই তাইৰ ফালে চাই চকুত চকু ৰাখি সুধি পেলালো,


: কিমান দিন হ'ল তোমাৰ এনেকৈ কিতাপ বিক্ৰী কৰা? কিয় কৰি আছা এইটো চাকৰি? 


      চকুত তাইৰ তেতিয়া জলমল দুটোপাল ওলাই আহিব খুজিও ওলাই নহা ওলমি থকা চকুপানী। এইবাৰ অলপ সময় মোৰ দুচকুলৈ চাই থাকি সন্মুখলৈ দৃষ্টি ৰাখি লাহে লাহে ক'লে,


: এবছৰ হ'বৰ হ'ল।


     থতমত খালোঁ মই। 


: এবছৰ?


: উম এবছৰ। ঘৰত মা আৰু এটা বেঙা ভাই। তাৰ ভৰি দুটাও বেয়া। সি বিছনাৰ পৰা কোনোদিনে উঠিবই নোৱাৰিলে। মানুহৰ লগত কথা পতাৰ মাধ্যমো কেৱল অংগী ভঙ্গীৰ বাদে আন একোৱেই নাই তাৰ।


: দেউতা?


: দেউতা মিস্ত্ৰী আছিল। বিল্ডিং এটা সাজি থাকোতে ওপৰৰ পৰা পৰি ঢুকাল। ৰাতিপুৱালৈকে হাঁহি মাতি ওলাই যোৱা মানুহজন গধূলি ঘৰলৈ শৱ হৈ উভতি আহিছিল। সন্মুখত অন্ধকাৰ দেখিছিলোঁ। সেই অন্ধকাৰ সময়ত পোহৰ হৈ দেখা দিছিল মাত্ৰ এই চাকৰিটোৱে। 


     এইবাৰ মই বুজা নুবুজা ভাৱ এটাৰে তাইক সুধিলো,


: এবছৰে তুমি এনেকৈ যে ঘূৰি ফুৰিছা? মেনেজাৰ হোৱা নাই?


     তাইৰ ওঁঠত এটি শেঁতা পৰা হাঁহি,


: তুমিও তাৰমানে মেনেজাৰ হ'ম বুলিয়েই আহিছিলা?


     মই তাইৰ চকুলৈ চাই থাকিলোঁ। 


     অলপ পৰ ৰৈ তাই মোক আকৌ ক'লে,


: চাকৰিৰ নিয়ম অনুসৰি মই আচলতে তোমাক এই কথা ক'ব নালাগে। নিয়ম মতে মই চাকৰিটোত জইন কৰাৰ মাত্ৰ দুমাহ পাৰ হোৱা বুলি ক'ব লাগে। আজিলৈকে সকলোকে তেনেকৈয়ে কৈ আহিছোঁ। কিন্তু কিয় জানোঁ আজি তোমাক কৈ পেলালো সঁচা কথাবোৰ!


     ফুটা নুফুটা অস্পষ্ট মাত এটাৰে কৈ উঠিলোঁ মই,


: দেৱলীনা.....


     মোৰ হাত এখন খামুচি ধৰিলে তাই।


: তোমাক যিহেতু কৈয়েই পেলালো এবছৰ হ'ল বুলি, গতিকে এইটোও জনাই থওঁ যে ইয়াত কেতিয়াও কোনো মেনেজাৰ বা আন একো নহয়। ইয়াত যিমান দিন থাকা এনেদৰেই বস্তু বিক্ৰী কৰি ঘূৰি ফুৰিব লাগিব তুমি। আৰু শুনা, কেৱল কিতাপেই নহয়, ক্ষীণ হোৱাৰ বাবে পেটত মৰা বেল্ট, বিষৰ তেল আদিও তোমাক বিক্ৰী কৰিবলৈ দিয়া হ'ব। 


     হাতত থকা পলিথিনৰ বেগটো খুলি দেখুৱালে তাই। মোৰ সন্মুখত মেলি ধৰিছিল কিতাপকে আদি কৰি বিভিন্ন বস্তুবোৰ। দীঘলীয়া ৰঙা পেকেট এটাৰ পৰা পেটত মৰা বেল্ট এডাল উলিয়াই তাই মোৰ সন্মুখত দাঙি ধৰিলে।


     থৰ হৈ ৰৈছিলোঁ মই। তাৰমানে সিদিনা অফিচটোত কিতাপৰ সৈতে শাৰী শাৰীকৈ সজাই থোৱা মই চিনি নোপোৱা ৰঙা টোপোলাবোৰ পেটত মৰা বেল্টৰেই আছিল। যাৰ কথা মানুহ দুজনে মোক ঘুণাক্ষৰে এবাৰলৈও কোৱা নাছিল।


     এইবাৰ পলিথিনটোত বস্তুবোৰ সুমুৱাই দেৱলীনাই মোক সুধিলে,


: তুমি এইটো চাকৰি কিয় কৰিবলৈ আহিছা কৃষ্ণাক্ষী? এৰি দিয়া অ'। এবাৰ এই চাকৰিত সোমালে মানুহ ওলাব নোৱাৰে। তুমি বেলেগ চাকৰি কৰাগৈ।


     মূৰ দুপিয়াই লৰালৰিকৈ তাইক কৈ উঠিলোঁ,


: বেলেগ এটা চাকৰি পালেই এইটো চাকৰি মই এৰি দিম দেৱলীনা। 


    এইবাৰ তাইৰ ওঁঠত বিৰিঙিছিল এটি বিদ্ৰুপৰ হাঁহি।


: কেনেকৈ পাবা তুমি বেলেগ চাকৰি? পুৱা ছয় বজাত ঘৰৰ পৰা ওলাই ৰাতি চাৰে সাত বজাত ঘৰ সোমাই ক'ত বিচাৰি যাবা বেলেগ এটা চাকৰি? কেতিয়াবা ইণ্টাৰভিউ এটা দিলেও তোমাৰ হাতত ফোনটোওতো নাথাকে যে তোমালৈ অহা চাকৰিৰ খবৰবোৰ তুমি পাবা। নতুবা ক'ৰবালৈ ফোন কৰি এটা চাকৰিওনো বিচাৰিবা কেনেকৈ? তুমি ঘৰলৈ গৈ পোৱালৈ সকলো অফিচ বন্ধ হ'ব।


: তোমাৰ হাতত ফোন এতিয়াও নাই?


: নাই। ফোন আনিবলৈ নিদিয়ে তেওঁলোকে। যাতে আমি তেওঁলোকৰ অজ্ঞাতে বিচাৰি ল'ব নোৱাৰোঁ বেলেগ একো এটা চাকৰি।


     এইবাৰ সঁচাকৈয়ে মই চকুৰ আগত অন্ধকাৰ দেখিছিলোঁ। সকলো যেন শেষ হৈ গৈছিল। লাহে লাহে আঁতৰি গৈছিল মোৰ ভিতৰৰ পৰা টিভিত ওলাবলৈ বিচাৰি থকা কৃষ্ণাক্ষী বৰুৱাৰ মুখখন। লাহে লাহে যেন এসোপা আন্ধাৰৰ মাজলৈ সোমাই গৈছিল এখন জাৰ্নেলিজমৰ চাৰ্টিফিকেট আৰু এসোপামান সপোন।


     দেৱলীনা থিয় হৈছিল। এনেকৈ চাহ খাই বাটৰ কাষত বহি কথা পাতি থকাৰ সময় তাইৰ হাতত নাছিল। মোনাখনত আজি কিতাপ আৰু বিষৰ তেলকে আদি কৰি প্ৰায় দহটামান বস্তু তাইৰ বিক্ৰী কৰিবলৈ আছিল। মই তেতিয়াও থুম মাৰি বহি ৰৈছিলোঁ সেই ঠাইখিনিত।


     মোৰ ভৰি দুটা যেন কোনোবাই এডাল অদৃশ্য শিকলিৰে লৰচৰ কৰিব নোৱাৰাকৈ বান্ধি পেলাইছিল। মই যেন শিল হৈ গৈছিলোঁ। 


     দেৱলীনালৈ চালোঁ। তাই দৌৰি গৈছিল ৰাস্তাৰে খোজকাঢ়ি আহি থকা আঢ্যৱন্ত যেন লগা মানুহ এজনৰ কাষলৈ আৰু মুখত এমোকোৰা হাঁহিৰে খুব স্পষ্টকৈ কৈ উঠিছিল,


: ছাৰ মই গণেশগুৰিৰ পৰা আহিছোঁ। মেনেজমেণ্টৰ ষ্টুডেন্ট। কেইটামান বস্তু সকলোকে দেখুৱাইছোঁ। এয়া আমাৰ প্ৰেক্টিকেলৰ ভিতৰত পৰে। আপোনাকো দেখুৱাব পাৰোঁ নেকি বাৰু?


     এইজনী দেৱলীনা অলপ আগতে মোৰ সন্মুখত নিজৰ দুখবোৰ বুকু ফালি দেখুওৱা দেৱলীনাজনী নহয়। দুচকুত জলমল চকুপানী ওলোমাই ৰোৱা ছোৱালীজনী এইজনী নাছিল। এইজনী সম্পূৰ্ন বেলেগ এজনী দেৱলীনা মানুহজনৰ সন্মুখত থিয় হৈ আছে। 


    প্ৰায় দহ মিনিট কথা পাতি ইটো সিটো সোধাৰ পিছত মানুহজনে তাইৰ পৰা এটা কিতাপৰ টোপোলা আৰু এটা বিষৰ তেল ল'লে। পইচাকেইটা দিয়া সময়ত প্ৰয়োজনতকৈ অধিক সময় দেৱলীনাৰ হাতখন চুই থাকিল তেওঁ। মই দেৱলীনাৰ চকুহাললৈ চালোঁ। 


     ইমান অসহায়! 

     ইমান অসহায় এই দুচকু।


     এইবাৰ খালী হোৱা চাহৰ কাপটো ডাষ্টবিনলৈ দলিয়াই বহি থকাৰ পৰা উঠি আহিলোঁ মই।


     হাতত লৈ থকা "মা কালী শাড়ী এম্পৰিয়াম, ক'লকাতা" বুলি লিখা পলিথিনটোৰ পৰা অফিচত মানুহজনে ভৰাই দিয়া কিতাপখিনি উলিয়াই ল'লো। একাষে হেণ্ডবেগটো আৰু বুকুত কিতাপজাপ সাবটি লৈ দুচকুৰে গ্ৰাহকৰ সন্ধান কৰিলোঁ।


     ক'লা ৰঙৰ টাটা চাফাৰী এখনৰ দুৱাৰ খুলি মানুহ এজন নামিছিল। পাতল গুলপীয়া চাৰ্ট আৰু ক'লা ফৰ্মেল পেন্ট পৰিহিত খুব স্মাৰ্ট যেন লগা এজন মানুহ।


     মানুহজনৰ ওচৰলৈ কিতাপখিনি লৈ মই আগবাঢ়ি গ'লো। ৰাস্তাটো পাৰ হ'বলৈ খুজিও মোক সন্মুখত দেখি ৰৈ দিলে মানুহজন। মানুহজন ৰোৱাৰ লগে লগে মই কৈ পেলালো দেৱলীনাই অলপ আগতে কোৱা সেই বাক্যবোৰ...


: ছাৰ মই গণেশগুৰিৰ পৰা.....


     চানগ্লাছযোৰ খুলিলে মানুহজনে। কথাকেইটা বৰ মন দি শুনি গৈছিল তেওঁ। খোকোজা লাগিল মোৰ। কিবা লাজ লাজ ভাৱ এটাই আগুৰি ধৰিলে। কথাবোৰ যেন ক'ব নোৱাৰা হৈ আহিলোঁ মই।


      ইমানবোৰ মিছা কথা প্ৰচুৰ আত্ম বিশ্বাসেৰে ক'ব মই নাজানিছিলোঁ। সেই কথা মানুহজনে যেন মোৰ দুচকুত পঢ়িহে পেলালে। ওঁঠত মিচিকিয়া হাঁহি আৰু দুচকুত এটি অবিশ্বাসৰ চাৱনি লৈ মানুহজনে শুনি ৰৈছে কথাবোৰ। এতিয়াও মোৰ চকুলৈ একেথিৰেই চাই ৰৈছে তেওঁ।


     কিছুমান চাৱনিত কিবা এটা থাকে। যি চাৱনিৰ সন্মুখত মিছা কথা ক'ব পৰা নাযায়। কথাখিনি সম্পূৰ্ণ নকৰাকৈয়ে তলমূৰ কৰি মনে মনে ৰ'লো মই।


     হঠাৎ যেন এটা কাছ হ'বলৈ মন গ'ল মোৰ। চলংখনৰ ভিতৰত মুৰটো সুমুৱাই নিজকে যেন সকলোৰে পৰা লুকুৱাই পেলাম মুহূৰ্ততে।


     মোৰ অৱস্থাটো দেখি দেৱলীনা আগবাঢ়ি আহিল। মোৰ পৰা কিতাপৰ টোপোলাটো লৈ গোটেই কথাবোৰ ভালকৈ বুজাই দিলে মানুহজনক। কথাবোৰ শুনাৰ পিছত দেৱলীনাৰ হাতত থকা কিতাপৰ টোপোলাটো তেওঁ কিনি পেলালে। মই তেতিয়াও তলমূৰ কৰিয়েই কাষত থিয় দি ৰৈছিলোঁ।


     পইচাটো দেৱলীনাৰ হাতত দি  মানুহজনে কৈ উঠিল,


: ইমান ৰ'দত ঘূৰি ফুৰিছা। কিতাপখিনি লৈছোঁ বাৰু। ময়ো মেনেজমেণ্টৰ ছাত্ৰ আছিলোঁ। কিন্তু মেনেজমেণ্টৰ ষ্টুডেন্টক এইবোৰ কাম কৰিবলৈ দিয়ে জানো?


     দেৱলীনাই কিবা কিবি উত্তৰ দিছিল। খুব আত্ম বিশ্বাসেৰে। এনেকুৱা লাগিছিল দেৱলীনাৰ বাবে গ্ৰাহকৰ পৰা অহা এইবোৰ প্ৰশ্ন নতুন নাছিল। অভ্যস্ত আছিল তাই।


     মানুহজন আঁতৰি গৈছিল। দৌৰি গ'লো মই, অলপ আগতে বহি থকা একাষৰীয়া ঠাইখিনিলৈ। দুচকু জোৰেৰে জপাই ওঁঠ কামুৰি চেপি ধৰিলোঁ বৈ আহিব খোজা চকুপানী। দেৱলীনাই তেতিয়াও চাৰি আলিটোৰে অহা যোৱা কৰি থকা মানুহবোৰক বস্তু বিক্ৰী কৰি আছিল।


     কোনোবাই লৈছিল। কোনোবাই গুৰুত্ব নিদিয়াকৈ পাৰ হৈ গৈছিল, কোনোবাই এটা বস্তুও নোলোৱাকৈ তাইক অকণমান দেৰি ৰখাই লৈ মুখ চুপতি মাৰিছিল।


      প্ৰায় পাঁচ মান বজাত গোটেই বস্তুবোৰ বিক্ৰী কৰি শেষ হ'ল তাইৰ। অফিচলৈ ঘূৰি যাবলৈ চিটি বাছ এখনত দুয়োজনী বহি পৰিলোঁ। গোটেই দিনটো ঘূৰি ফুৰি ভৰিৰ বিষ আৰু প্ৰচণ্ড ভাগৰ এটাই হেঁচা মাৰি ধৰিছিল।


     ৰ'দত ইমানকৈ ওলোৱা আৰু দিনটো এনেকৈ খোজকাঢ়ি ফুৰাৰ অভ্যাস মোৰ কোনোদিনেই নাছিল। 


     সৰুৰে পৰা ৰ'দলৈ ওলালেই হোৱা মূৰৰ বিষটোৰ বাবে ঘৰত কোনেও দিনৰ ভাগত পৰাপক্ষত মোক বাহিৰলৈ ওলাবলৈকে নিদিছিল। গাড়ীৰ চিটটোত হেলান দিওঁতেই কাণলৈ ভাঁহি আহিল আপোন মাতবোৰ,


: ৰ'দলৈ নোলাবি আইজনী। মূৰ বিষাব।


: ডাঙৰ আই অ'... কৰিবলগীয়া কামবোৰ ৰাতিপুৱাৰ বেলাতে শেষ কৰিবিচোন। ৰ'দটো ইমান কাঢ়াকৈ ওলাইছে, মূৰৰ বিষত ছোৱালীজনীয়ে বৰ কষ্ট পাব এতিয়া।


     সকলোৱে সামৰি ৰখা ছোৱালীজনীয়ে কেনেকৈ যে আজি তিনি আলিয়ে দোকানে বজাৰে বস্তু বিক্ৰী কৰি ফুৰিছোঁ! সময়ে মানুহক কেনেকৈ যে ইমান সহিব পৰা কৰি পেলায়।


     আজি এতিয়ালৈকে কতবাৰ যে চাগৈ মাহঁতে ফোন কৰিছে! ফোন নাপাই মায়ে এতিয়ালৈকে গোসাঁইলৈ কতগছ চাকি আগবঢ়ালে ঠিক নাই।


     গুৱাহাটীলৈ পঢ়িবলৈ অহাৰ দিন ধৰি ঘৰত একো এটা খবৰ নিদিয়াকৈ এনেকৈ ইমান দেৰি মোবাইলৰ চুইটছ বন্ধ কৰি ৰাখি মই কেতিয়াও পোৱা নাই। চিন্তাত চাগৈ গোটেই ঘৰখন চটফটাই ফুৰিছে।


     হঠাৎ কন্দাক্টৰজনে 'গণেশগুৰি গণেশগুৰি' বুলি চিটি বাছখনত ঢকিয়াই জোৰেৰে মৰা চিঞৰটোত সম্বিৎ ঘূৰি আহিল। দেৱলীনাই চকুৰেই ইংগিত দিলে যে তাই আমাৰ দুয়োজনীৰে বাছৰ ভাড়া দিলে।


    এসোপা ভাগৰ আৰু অলসতাৰে দুয়োজনী নামি পৰিলোঁ ষ্টপেজটোত।


     এজনী অকণমানি ছোৱালীক হাতত ধৰি ৰাস্তা পাৰ কৰোৱাৰ দৰে মোৰ হাতখনত ধৰি আছিল দেৱলীনাই। ৰাস্তাটো পাৰ হৈ এটাও কথা নপতাকৈ দুয়োজনী খোজকাঢ়ি আহি থাকিলোঁ 'হেপী ইণ্ডিয়া ডট কম'ৰ অফিচটোলৈ। ভাগৰবোৰে ইমানেই হেঁচি ধৰিছিল যে মুখেৰে মাত এটা মাতিবলৈকো মন যোৱা নাছিল।


     হঠাৎ মোৰ হাতখন এৰি বাটৰ কাষতে ৰৈ দিলে দেৱলীনা। অফিচটো পাবলৈ তেতিয়াও দুশ মিটাৰ মান বাকী আছিল। 


     মই প্ৰশ্নবোধক চাৱনি এটাৰে চাই তাই কিয় ৰৈছে বুজিবলৈ চেষ্টা কৰোঁতেই নিজৰ বেগটো খুচৰি মোৰ হাতত গুজি দিলে এঘাৰশ পঞ্চাশ টকা। সেয়া আছিল এটা কিতাপৰ টোপোলাৰ মূল্য। মই দুচকুত প্ৰশ্ন এসোপাৰে চাই ৰ'লো তাইলৈ।


     মোৰ গালখনত হাত ফুৰাই তাই বৰ আকুল মাতেৰে কৈ উঠিল,


: এটা কিতাপৰ টোপোলা তুমি বিক্ৰী কৰা বুলি ক'বা। 


     সোঁৱে বাৱে মূৰ জোকাৰি পইচাখিনি তাইৰ হাতত তুলি দিবলৈ বিচাৰি খপজপাই মই কৈ উঠিলোঁ,


: নাই নাই দেৱলীনা! তুমি বিক্ৰী কৰিছা কিতাপখিনি। মই ল'ব নোৱাৰো। এয়া তোমাৰ পইচা।


    মোৰ কোনো কথা নুশুনাকৈয়ে এইবাৰ তাই বেগৰ চেইনডাল বন্ধ কৰিলে আৰু মোলৈ চাই ক'লে,


: প্ৰথম দিনাই খালি হাতেৰে ঘৰলৈ যাব নাপায় নহয়। নিজৰ বা এজনীয়ে দিছোঁ বুলি ভাবি লোৱা। ইয়াৰ পৰা তোমাক মানুহজনে ডেৰশ টকা ইনচেন্টিভ দিব। মাছ মাংস কিবা অকণ কিনি ল'বা। চাকৰিৰ প্ৰথম দিন। শুদা ভাত খাই নেকি?


     নাজানো তাই মোৰ "বা" হ'ব নে নহয়! মোতকৈ বয়সত তাই ডাঙৰ হ'ব নে নহয় মই তাকো নাজানোঁ। 

    কিন্তু সাবটি ধৰিলোঁ তাইক।

    হৃদয়ৰ সমস্ত আকুলতাৰে।

    বৰ আপোন ভাৱেৰে।


     কিছুমান মানুহ নিজৰ অজানিতেই ক্ষণিকতে কেনেকৈ যে আপোন হৈ পৰে!



(আগলৈ...)

[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন দুই/তিনিদিনৰ মূৰে মূৰে নিশা 8pm (আঠ বজাত) আপলোড কৰা হৈ থাকিব। পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]


10 খণ্ডৰ লিংক -

12 খণ্ডৰ লিংক -

             Read Now :

সূৰ্যফুলৰ দেশলৈ | অসমীয়া উপন্যাস
An Assamese Love & Sad Story
Heart Touching Assamese New Novel
Emotional Assamese Novel
Sad Assamese Story
Axomiya Love
Story
"To The Land Of The
Sunflowers"
Serial Novel
Written By
Gayatri Sharma
Surja Phoolar Dekholoi
Daily Assamese Status

No comments:

Post a Comment