বেশ্যা | অঞ্জনাৰ জীয়া কাহিনী | ধাৰাবাহিক উপন্যাস | নৱম খণ্ড| Besya by Papori - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বেশ্যা | অঞ্জনাৰ জীয়া কাহিনী | ধাৰাবাহিক উপন্যাস | নৱম খণ্ড| Besya by Papori

বেশ্যা

ধাৰাবাহিক উপন্যাস | নৱম খণ্ড |

     অজয়ৰ টোপনি অহা নাই। আনফালে অঞ্জনাৰো। দুটা দেহা কিন্তু প্ৰাণ যেন এটাই। দুয়ো নোপোৱাৰ বেদনাত চট্ ফটাই আছে। কিন্তু অজয়ৰ চিন্তাটো তাইতকৈ অলপ বেলেগ ধৰনৰ।


     অঞ্জনাও ভাবিছে অজয়ে ভবাৰ দৰেই এদিন লগ কৰি তাইক সঁচাকৈ অজয়ে বিচাৰে নে? নে এইয়া তাইৰ প্ৰতি পুতৌ! ভাল পাই নে নাপায় সুধিব লাগিব স্পষ্টকৈ।


     অজয়ে ভাল পাই তাইক সেইয়া সচা। সি অনুভৱৰ বুকুত ঠাই দিছে অঞ্জনাক, হেঁপাহৰ কোঠৰিত বাহৰ পাতিছে অঞ্জনা নামৰ এই চৰিত্ৰটোৱে। কিন্তু অজয়ৰ বিষয়ে কিছুমান কথা কোৱাৰ পাছত জানো আদৰি ল'ব অঞ্জনাই তাক? 


     চিন্তা লাগিল অজয়ৰ। আগতেও এবাৰ এনেকৈয়ে প্ৰেমত পৰিছিল সি কিন্তু তাৰ বিষয়ে কিছুমান অপ্ৰিয় সত্য জানি আঁতৰি গৈছিল ছোৱালী জনী।


     অজয়ৰ বুকুৰ চট্ ফটনি বাঢ়িল। তথাপিতো অঞ্জনাক ক'ব‌ই লাগিব কাৰণ এই সুখ সকলো নাৰীৰেই এক অতুলনীয় কাম্য। এই কথা শুনি অঞ্জনা যদি আঁতৰি যাব খোজে যাবগৈ সি বাধা নিদিয়ে। কথা ভাবি থাকোতে অজয়ৰ টোপনি আহিল লাহেকৈ।


     দূৰৰ ক'ৰবাত কুকুৰাই ডাক দিয়া শুনিবলৈ পালে সি।


    পুৱা ৮ বজাত সি সাৰ পালে। অফিচ যোৱাৰেই সময় হ'ল। হ'ব দেৰিকৈ এপাক মাৰিব আজি। মনতে ভাবি লৈ উঠি আহিল অজয়।


     গেটখন খোলা আছে। হয়তো বাই আৰু অঞ্জনাই প্ৰাতঃ ভ্ৰমনলৈ গৈছে। অজয়ো ওলাই গ'ল। অঞ্জনা আৰু অকণ বাই উভতিয়ে আহিলে। অজয় ৰৈ থাকিল গেটৰ মুখতেই।


"উঠিলে। আমি অলপ ওলাই যাওঁ যে সদায় সেয়ে একে সময়তে সাৰ পাওঁ প্ৰায়ে।"


"অ। টোপনি অহা নাছিল বহু ৰাতিলৈ সেয়ে পলম হ'ল উঠাত।"


     অজয়ে চমুকৈয়ে ক'লে। অঞ্জনালৈ ৰৈ নাথাকি অকণ পেহী ভিতৰলৈ গ'ল। ভিতৰলৈ গৈয়ে হিতাৰটোৰে পানী অলপ গৰম কৰি ল'লে। ৰাতিপুৱা সকলোৱে কুহুমিয়া গৰম পানীযৰেই মুখ ধোৱে। কুৱাঁ আৰু টেপৰ পানী হাত লগালেই থৰঙা হয় ঠাণ্ডাত।


"কিয় টোপনি নাহিল?"  -অঞ্জনাই সুধিলে।


"তোমাক বুকুত সেপিয়াই থাকোতেই গ'ল।"


     অজয়ে মিচিকিয়া হাঁহি এটা মাৰি ক'লে। অঞ্জনাৰ লাজ লাগিল। তলমূৰ কৰিলে তাই।


"কিযে কথাবোৰ কয় আপুনি?"


"কিয় বেয়া পোৱা মোক?"


"নাপাওঁ !"


"তেন্তে ভাল পোৱা!"


     অজয়ে আকৌ হাঁহিলে অঞ্জনালৈ চাই।

 

"ধেৎ!"


     অঞ্জনাই নুবুজে। তাইৰ এই লাজুক চাৱনি আৰু তাৰ প্ৰতি থকা দায়িত্ববোধেই ভাল পাবলৈ বাধ্য কৰাইছে তাক। দুয়ো মৌন হৈ ৰ'ল। বুকুৰ ভিতৰত দুয়োৰে এখন ভালপোৱাৰ আখৰা চলিছে।


"বলক ভিতৰলৈ!"  -লাহেকৈ ক'লে অঞ্জনাই।


"মোৰ কাষত অকলে থাকি বেয়া পোৱা?"


     অজয়ে প্ৰশ্নবোধক চাৱনিৰে অঞ্জনালৈ চালে।


"নাপাওঁ।"


"তেন্তে ৰোৱা অলপ সময়।"


"???"  -অঞ্জনা মৌন হৈ পৰিল।


"মীৰা দিদিক এবাৰ লগ কৰিবলৈ সহায় কৰিব নে!"


     বহু সময় মনে মনে থকাৰ পাছত অঞ্জনাই ক'লে।


"ৰবা অলপ ধৈৰ্য ধৰাচোন। তোমাক আগতে বেশ্যালয়ত থকা বুলি জানিলে ইয়াত তোমাক সকলোৱে কেনে দৃষ্টিৰে চাব অনুমান কৰিছা জানো তুমি!"


    এৰা হয়তো কথাটো। তাই ভবাই নাছিল এই কথাষাৰ!!


"আপুনিয়ে কৈ দিব নহ'লে মই যে ইয়াত আছো!"


"নাই সেইয়াও ক'ব নোৱাৰোঁ।"


"কিয়?"


"মীৰাই তোমাক নিজৰ দৰেই ভাল পায়। মই যদি কেনেবাকৈ কৈ দিওঁ তাইক তুমি ইয়াত আছা বুলি তাই বিচাৰি বিচাৰি উলিয়াবহি। ৱাৰডেনে তোমাক লগ কৰিবৰ বাবে আই.ডি প্ৰুফ বিচাৰিব, কিন্তু তাই কি দিব? কাৰণ ইয়াত সকলোৱেই অনাথ। তেনে স্থলত কি প্ৰমাণ দেখুৱাই লগ কৰিব তোমাক?"


      অঞ্জনাই পুনৰ দকৈ ভাবিলে। হয়, অজয়ে তাক কথাটো ঠিকেই কৈছে। কিন্তু এদিন যদি কেনেবাকৈ লগ পালেহেঁতেন!!


"তথাপি যদি কেনেবাকৈ লগ পোৱাহ'লে ভাল আছিল!"


"ৰবাচোন, তুমি অধৈৰ্য্য নহ'বা!"


"লগ কৰি আপুনিয়েই নহ'লে মই ইয়াত থকাৰ কথা বুজাই দিব।"


"চাওঁচোন বাৰু!"


"কথা এটা সুধোনে?"


"ফৰমেলিটি কিয়? সোধা?"


"আপোনাৰ মা নাই বুলিয়ে মই জানো আপুনি কোৱামতে। কিন্তু ইয়ালৈ কেতিয়াবা আপুনি মাৰ লগত আহে বুলি শুনিছোঁ মই!"


"অ। সেইয়া নিজৰা বাই। ইয়াত সকলোৱে মোৰ মা বুলিয়ে জানে। তেনেকৈয়ে চিনাকি দি থৈছোঁ।"


"অ' বলক ভিতৰলৈ, মই আঁক মোক সিদিনা মিছা কোৱা বুলি ভাবিছিলোঁ!"


"এই কথা নকবা কাকো!"


"নক‌ওঁ দিয়ক।"  -অঞ্জনাই মূৰ লৰালে।


"বলা ভিতৰলৈ।"


"অফিচ নাযায়?"


"দেৰিকৈ এপাক মাৰিম চাগে!"


"ভাত ইয়াতে খাই যাব।"


"নিশ্চয়!"


     দুয়ো মৌন হৈয়েই ভিতৰলৈ গ'ল। অজয়ে মুখ ধুলে। অঞ্জনাই বাহিৰে বাহিৰে বাথৰুমত সোমাল। গা ধুই ধূপ জ্বলালে থাপনাত। ধূপ-ধূনা নজ্বলোৱাকৈ তাই চাহ নাখায়, খাই পোৱা নাই তাই জনা হোৱাৰে পৰা। আগতে তাই সৰু থাকোতেই তাইক দেউতাকে লেটিনলৈ গৈ আহিলে কিতাপ চুব বা পঢ়িব নিদিয়ে। গা-পা ধুইহে ভিতৰলৈ আহিব দিয়ে। সেই অভ্যাস তাইৰ এতিয়াও আছে।


     গা ধুই অকণ বাইয়ে কুকাৰতে ভাত বহাই দিলে। অজয়ে অফিচলৈ যাব গতিকে দেৰি কৰিব নোৱাৰি। অজয়ৰ ভোক লাগিছিল। কালি খোৱাই নহ'ল তাৰ ভালকৈ।


     অঞ্জনাহতঁৰ আশ্ৰমত এটাই ভাল নিয়ম আছে। আৰু তাইৰ এইটো খুব ভাল লাগে। অন্ততঃ ৰাজস্বলা হ'লেও একেবাৰে মূল ভিতৰত নহ'লেও অলপ আঁতৰত ধূপ-চাকি জ্বলাব দিয়ে।


     আশ্ৰমৰ বিশ্বাস অনুসৰি নাৰী ৰাজঃস্বলা নহ'লে সমগ্ৰ সৃষ্টিয়ে স্তব্ধ হ'ব, পৃথিৱীত ঈশ্বৰৰ বন্দনাৰ বাবে কোনো মানুহ নাথাকিবগৈ। সেয়ে এই নিয়ম অতিকৈ ভাল লাগে তাইৰ কাৰণ এই দিনকেইটাত খং ঘপহকৈ উঠে, দুখো ঘপহকৈয়ে লাগে। অন্ততঃ এইয়া সন্তোলন কৰি ৰাখিব পাৰে তাই ধূপ-চাকি জ্বলাই।


     খ্ৰীষ্টিয়ান ধৰ্মটো ৰাজঃস্বলা নাৰীক অপবিত্ৰ বুলি ধৰা নহয়।


     এই নিয়ম সকলোতে হ'ব লাগে বুলি ভাবে তাই। কিন্তু তাইনো ভাবিলে কি হ'ব; যি নিয়ম জন্ম-জন্মান্তৰৰ পৰা চলি আহিছে, সেইয়া এৰো বুলিলেও এৰিব নোৱাৰি!!


      হা হা হা হা……

           হা হা হা হা……...


     অঞ্জনাৰ হাঁহি উঠি যায়। বৰ অযুক্তিকৰ কথা ভাবে তাই। সেয়ে তাইয়ো বাধ্য হয় এইবোৰ নিয়ম মানি চলিবলৈ; কাৰণ নিয়ম বৰ্হিভূত কাম তাইও কৰিব নোৱাৰে অকলে।


"অঞ্জনা, ভাত হ'লেই। তুমি গা-পা ধুলাই যেতিয়া কণীৰ দমকে ৰান্ধি দিয়া নহ'লে। মই কাপোৰ দুটামান চাৰ্ফ দিওঁগৈ।"


     পেহী ওলাই গ'ল। খন্তেক পাছতে অজয় সোমাই আহিল।


"কি ৰান্ধিবা? চাহ খাই লোৱা আক' মই আৰু পেহীয়ে খালোৱেই তুমি গা ধুই থাকোঁতে।"


"ওম খাওঁ। আপুনি খাব নেকি আকৌ?"


"মৰমত দিলে খাব পাৰোঁ। কথা এটা ক‌ওঁনে?"


"ওম।"


"আপুনি বুলি নক'বা, তুমি বুলি ক'বা। সমান সমান হ'ব, তেতিয়া কথা পাতিও ভাল লাগিব।"


"কালি বৰকৈ ৰোমেন্টিক হৈ আছিল?"


     অঞ্জনাই হাঁহিলে অজয়লৈ চাই। অজয়ো বেকাঁ হাঁহি এটা মাৰিলে।


"কিয় বেয়া পালা?"


"নাই পোৱা। মই নোৱাৰা বাবেহে একো নহল, নহলেতো মোক আপুনি!! হ'লেও প্ৰথম দিনৰ আপোনাৰ অৱস্থাটো ভাবি ক'লো।"


"হয় নেকি?"


"ওম।"


"বাকী বিয়া হোৱাৰ কথা কি ভাবিছা?"


"কোনে নিব মোক?"


"তাকেহে!"  -অজয়ে অলপ গহীন হৈ ক'লে।


     অঞ্জনাই আচৰিত হ'ল! কি কয় এই মানুহ জনে? কালি ৰাতি কোৱা কথাবোৰ, মোক দিয়া মৰমবোৰ, তেন্তে মিছা আছিল নেকি? অঞ্জনাৰ অৱস্থাটো চাই আমোদ ল'লে অজয়ে।


"বিয়া নহলেও অৱশ্যে মই নিজে নিজৰ ভৰিত থিয় দিব পৰা ক্ৰেডিটটো আছে!"


"তথাপি বিয়াৰ অবিহনে ছোৱালী জীৱন অৰ্থহীন!"


     ওৱা! কি কৈছে এইবোৰ অজয়ে। তাইৰ খং উঠি গৈছে লাহে লাহে। ছোৱালীয়ে বিয়া নহলে অৰ্থপূৰ্ণ হয় নেকি? তাই ঘপকৈ কৈ পেলালে,


"ছোৱালী মানেই দ্ৰব্য বুলি ভবাটো ভুল। বিয়া নোহোৱাকৈও বহুত ছোৱালীয়ে স্বনিৰ্ভৰশীল হৈ আছে। মই অন্ততঃ এই বিধৰ ভিতৰত নপৰোঁ।"


"কোন প্ৰজাতিত পৰা?"


     আকৌ অজয়ে প্ৰজাতিত ধৰিলে যে! কি হ'ল বাৰু ৰাতিপুৱাই তাৰ। অঞ্জনা একপ্ৰকাৰ আচৰিত হ'ল। মই বেশ্যালয়ত আছিলো বাবেই মোক পুতৌ কৰি কথাখিনি নকলেতো!!


"বেলেগ কথা ক‌ওকচোন আপুনি। একো ক'বলৈ নাই যদি তেন্তে গা ধোৱকগৈ।"


"ইমান ঠাণ্ডাত??"


"পানী গৰম কৰি দিম।"


"কৰা তেনেহলে মই কাপোৰ আনোগৈ।"


     অজয়ে অঞ্জনাৰ কাষলৈ গৈ অলপ খং ফুটি উঠা গাল দুখনত ধৰি জোকাৰি দি ওলাই গ'ল। অঞ্জনাই হাঁহি দিলে। কিন্তু অজয়ৰ এই তাৎক্ষণিক পৰিবৰ্তনৰ কাৰণ কি? তাই একো উমান নাপালে। এনেতে কুকাৰটো হুইচেল মৰাত নমাই দিলে তাই। 


     অজয়ৰ লগত দেখা সপোনবোৰ তাইৰ আধৰুৱা হ'ব নেকি? বুকুখন ধিপিং কৰি উঠিল তাইৰ। অজয়ক তাই পাব‌ই লাগিব যিকোনো প্ৰকাৰে। কিন্তু তাক পোৱা আগতেই যদি তাইৰ সেই গোপন শত্ৰুৱে শেষ কৰি পেলাই তাইক? দীঘল হুমনিয়াহ এটা এৰিলে তাই।


     খাই-ব‌ই অজয় ওলাই গ'ল। তাই গেটৰ মুখৰ পৰা অজয়ৰ গাড়ীখন নেদেখা হোৱালৈকে একেথিৰে চাই থাকিল।


     অকণ পেহী বাৰান্দাতে পৰা ৰ'দ চেৰেঙাত গা তপতাইছে। বয়স তেওঁৰ পঞ্চাছ হোৱাগৈ নাই কিন্তু পৰিস্থিতিৰ দাবীত ষাঠি বছৰীয়া যেন হ'বলৈ বাধ্য কৰাইছে তেওঁক। বিয়া হোৱা নাই তেওঁ।


     বোৱাৰীয়েকৰ ব্যৱহাৰত তেওঁ অতিষ্ঠ হৈ ওলাই আহি আশ্ৰমখনকে নিজৰ ঘৰৰ ঠিকনা কৰি ল'লে।


     তিনিবছৰ হ'ল এই আশ্ৰমত থকা। অহাৰ পৰা ৰান্ধনীয়ে কৰে। আগতে হেনো ঘৰতো সকলো কাম তেওঁৱেই কৰিছিল। তথাপি বোৱাৰীয়েকে বেয়া ব্যৱহাৰ কৰে, ভায়েকক তেওঁৰ কথা লগাই গালি খোৱাই, মাৰ খোৱাই। সেয়ে এদিন ৰাতি মনে মনে ঘৰৰ পৰা গুচি আহিছিল।


     দুদিন ফুটপাথতে থাকি এনেয়ে অনাই-বনাই ঘূৰি ফুৰোতে এদিন আশ্ৰমখন দেখি সোমাই দিলে আৰু পাছত তাৰেই সদস্য হ'ল। চুলিখিনি দীঘল কিন্তু অলপ কেকোৰা, দাঁত কেইটাও অলপ ওলোৱা।


     চেহেৰানো কি!! মানুহৰ ব্যৱহাৰহে মূল কথা। পেহী ভীষণ ভাল। সকলোৱে ভাল পায় পেহীক। আশ্ৰমখনত নীলা আৰু পেহীকে আটাইতকৈ বিশ্বাসত ল'ব পৰা যায়। কথাবোৰ ভাবি ভাবি অঞ্জনাই নিজৰ ৰুমলৈ গৈ বিচনাখনতে বাগৰ মাৰিলে।


আগলৈ…..…….


[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 9pm (ন বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]



Follow on- INSTAGRAM

অষ্টম খণ্ডৰ লিংক -
             Read Now :

দশম খণ্ডৰ লিংক -
             Read Now :

বেশ্যা - এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Story
"Whore -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী

Special Thanks-
মেঘ মল্লিকা, ৰাগিনী
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini
Anjana Love Story

No comments:

Post a Comment