বেশ্যা | আপুনি আহিবনে | ধাৰাবাহিক উপন্যাস | পঞ্চম খণ্ড | Besya | Anjana Sad Assamese Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বেশ্যা | আপুনি আহিবনে | ধাৰাবাহিক উপন্যাস | পঞ্চম খণ্ড | Besya | Anjana Sad Assamese Story

বেশ্যা


     কান্দি কান্দি মীৰাৰ চকুৰ পানী নুগুছা হল। 


"কিহে পাইছিল বাৰু তাইৰ এনে খেল খেলিবলৈ! ক'লৈ বা গ'ল এতিয়া অঞ্জনা?"


      মীৰাই পুনৰ ভাবিব ললে,

আন্ধাৰৰ সুযোগ লৈ ৰাতি ৰাতি অঘৰী মানুহৰ ওচৰলৈ বেলেগ মানুহো যায়। গাড়ীত তুলি নি নিজৰ কামনা পূৰণ কৰেগৈ।


     তাই নিজ চকুৰেও দেখিছে,

তেওঁলোকক সেই সময়ত কিবা বাধা দিলে, তেওঁলোকে বেছি উত্তেজিত হৈ পৰে। আনকি পাছত মাৰিও কৰবাত পেলাই থৈ যায়। মাত্ৰ তেওঁলোকে এটাই বিচাৰে, শৰীৰৰ কামনা নিজৰ ইচ্ছা মতে পূৰণ কৰিব পৰাটোহে!!


     আন্ধাৰৰ সুযোগ ভাল পুৰুষে নলয়।

তাইয়ো পাইছে কেইবাবাৰো এনে কামনাৰ স্পৰ্শ। কিন্তু তাইক কিন্নৰ বুলি জানি অন্য ধৰনেৰে নিজৰ কামনা সিদ্ধি কৰে সিহঁতে।


"কিন্তু অঞ্জনাতো তেনে নহয়, তাই নৰমেল ছোৱালী। যদি তাইৰ লগতো তেনে হয়?


     যদি কোনোবাই মাজৰাতি অঞ্জনাক অকলে পাই তাৰ সুবিধা লয়! যদি তাই এই ৰাতিটোতেই কাৰোবাৰ ধৰ্ষণৰ বলি হয়?


     যদি অঞ্জনাই বাধা দিয়ে! আৰু তেওঁলোকে নিজৰ শাৰীৰিক ইচ্ছা পূৰণ কৰি যদি তাইক কৰবাত মাৰি পেলাই থয়?


     নাই নাই, এনে নহয় অঞ্জনাৰ লগত!! তেনেকুৱা একো নহয়।"


     মীৰাই উচপিচাই উঠিল বিচনাৰ পৰা। ঘড়ীয়ে চাৰি বজাৰ সংকেত দিলে। মীৰাৰ আৰু শোৱা নহ'ল। গা ধুই আকৌ ওলাই যাব লাগিব অঞ্জনাক বিচাৰি। ঠাণ্ডাও পৰিব ধৰিছে কমকৈ। ৰাতিপুৱাৰ শেৱালীবোৰৰ আগমন ঘটিব ধৰিছে লাহে লাহে। শেৱালীৰ এটা মিঠা সুভাষ তাইৰ আহি নাকত লাগিল।


    আনদিনাখন আঠ বজাত শুই উঠা মীৰাজনীয়ে আজি চাৰি বজাতে উঠি গাটো ধুইয়ে একো নাখাই অঞ্জনাক বিচাৰি ঘৰৰ পৰা ওলালে।


"নাই নাই, অঞ্জনাক আজি বিচাৰি উলিয়াই লাগিব।"


      মীৰাই মনতে সিদ্ধান্ত লৈ গাড়ীখন ষ্টাৰ্ট দিলে।


◆◆◆◆◆◆◆◆◆◆


     অঞ্জনা সাৰ পালে।


     ৰাতিটো টোপনি নাহিব বুলি ভাবিছিল যদিও পাছনিশালৈ টোপনি আহিল তাইৰ। এতিয়া উঠি মুখ-হাত ধুই গাঁৱলৈকে যাব লাগিব। খুৰাকহতঁৰ ওচৰলৈ নাযায় তাই এইবাৰ। আকৌ হয়তো বিক্ৰী কৰিব পাৰে তাইক। এবাৰ যেনে-তেনে বাছিল তাই কিন্তু সঘনাই তো ভাল মানুহ পোৱা নাযায়। গাঁওৰে কাৰোবাৰ ঘৰত ভালকৈ কাম-বন কৰি হলেও তাই নিজৰ জীৱনটোৰ কথা ভাবিব।


      তাই চকুহাল খুলি আগলৈ চালে ল'ৰা দুটা লৈ।


"উসঃ কত আছো মই!!"


     তাই অজান ভয়ত বুকুখন কঁপিবলৈ ধৰিলে। এই ঠাইডোখৰত তো তাই নাছিল। কেনেকৈ আহিল তাই?


     বিচনাৰ পৰা জাপ মাৰি উৰি খিৰিকীৰে চালে অঞ্জনাই____


     ক'ৰবাৰ এৰা ঘৰ দেখোন এইয়া। ওচৰত ঘৰ-দুৱাৰ বুলিবলৈ একোৱেই নাই!!


     নে তাইৰে কিবা ভুল হৈছে বাৰু? আকৌ ভাবিল তাই! বেগটো তাইৰ??


     অঞ্জনাই পাছলৈ চালে___

বেগটো বিচনাত দেখি তাই স্বত্বিৰ নিশ্বাস এটা এৰিলে। এইয়াই তাইৰ শেষ সম্বল বেলেগ একো নাই।


     ৰাতি বাৰু তাইৰ লগত কিবা ঘটিছিল নেকি? মনত পৰা নাই দেখোন। একো হোৱা নাই চাগে!


     অঞ্জনাই নিজৰ শৰীৰটো এবাৰ ভালকৈ চালে। 


"নাই নাই, একোতো হোৱা নাই মোৰ লগত। কিন্তু মই আছো কত??"


     অঞ্জনাই দুৱাৰখন খুলি দিলে। এনেতে আগফালৰ পৰা কোনোবা অহা যেন পাই তাই ভালকৈ চালে।


"উঠিলা?" -হাঁহি মাৰি সুধিলে মানুহজনে।


"????" -অঞ্জনা নিমাত হ'ল।


"ভয় খাইছা নেকি! নাখাবা মই বেয়া মানুহ নহয়।"


     একাপ চাহ আগবঢ়াই দিলে মানুহজনে। অঞ্জনাই অবাক হৈ চাহ কাপ লবলৈ হাত মেলিলে।


"আপুনি কোন?"


"ধৰি লোৱা সমাজৰ পৰা আঁতৰি থকা এজন বেয়া মানুহ!"


"ভালকৈ ক‌ওঁক!"


"বিশেষ একো নকৰোঁ মই। দিনত হ'লে হাজিৰা কৰোঁ আৰু ৰাতি হ'লে মানুহ ধৰি আনো।"


"মানে!!" এইবাৰ অঞ্জনাৰ খং উঠিল।


"চিন্তা নকৰিবা। তোমাৰ লগত একো বেয়া হ'বলৈ মই দিয়া নাই। কাপোৰ-কাণিবোৰ লেতেৰা কিন্তু মোৰ মনতো লেতেৰা নহয়!" -মানুহ জনে হাঁহিলে।


"বুজা নাই মই। কোন আপুনি??"


"বুজিব নালাগে। অলপ পাছত ডাক্টৰ আহিব আৰু তোমাক চাব। তোমাৰ যদি ডাঙৰ বেমাৰ একো নাই তেওঁলোকে তোমাক লৈ যাব।"


"ক'লৈ নিব, কি কৈছে এইবোৰ?"


"য'ৰপৰা তুমি এটা ভাল জীৱনৰ পাতনি মেলিব পাৰা; ধৰিলোৱা তেনে এটা জীৱনলৈকে!"


"মানে, আপুনি কোন!!"


"আহিলে বুজিবা!"


"আ‌ইমানু?" ______পাছফালৰ পৰা গাওঁলীয়া ঠাঁচত কোনোবাই মাতিলে। "আইমানু" নামটো শুনি অঞ্জনাৰ মনতো এনেয়ে কিবা এটা ভাল লাগিল। তাই পুনৰ সুধিলে,


"আপুনি কোন?"


"মই! জানিব নালাগে দিয়া। ব'লা ভাত খাই লোৱাগৈ!"


"আপো,,, আপুনি!!"


     _____এনেতে মানুহজনে অঞ্জনালৈ সৰু বেগ এটা আগবঢ়াই দি কলে,


"অঞ্জনা, বেগটো নিয়া। এইয়াই তোমাৰ শেষ সম্বল, যিয়ে তোমাৰ গতিপথ সলাব।"


     অঞ্জনাই বেগটো ললে আৰু মানুহ জনলৈ এপলক চাই তাই আদবয়সীয়া মানুহ গৰাকীৰ পাছে পাছে গ'ল।


"মই কেনেকৈ আহিলো ইয়ালৈ এপাদেউ?"


     সম্বন্ধ এটা উলিয়াই তাই কিছু সহজ হ'বলৈ যত্ন কৰি মানুহজনলৈ চাই সুধিলে।


"কম বাৰু। আগতে খাই-ব‌ই আজৰি হৈ লোৱাহি।" 


     আসাম টাইপৰ এটা ঘৰ।

ধুনীয়াকৈ সজোৱা। এজোৰ বাঁহেৰে তৈয়াৰী চোফা, এখন বিছনা সম্পূৰ্ণ বাঁহেৰেই সজা। কাষত এখন গ্লাছৰ দীঘলীয়া দুখলপীয়া টেবুলত কিতাপ, পুতলা, পুৰস্কাৰবোৰ সজোৱা আছে।


"বাঃ বাঃ ৱালত দামী দামী পেইন্টিং। ইমান ধুনীয়া ঘৰখন!!" -অঞ্জনাই নিজৰ মাজতে কৈ উঠিল। 


"আহা! একো ভয় খাব নালাগে।" -মানুহগৰাকীয়ে মাতিলে।


     অঞ্জনা খাবলৈ বহিল। কালিৰে পৰা তাই খোৱা নাই। ভোক লাগিও তাইৰ নানান চিন্তাত পেটৰ ভোগ নোহোৱা হ'ল।


"বাবু ত‌ইয়ো আহ।" -মানুহজনো আহিল। তিনিও একেলগে খাবলৈ বহিল।


     অঞ্জনাৰ চিন্তাৰ সীমা নোহোৱা হ'ল।

কিবাকৈ অজয়ক এবাৰ লগ পোৱা হলে!! মনটো বেয়া লাগিল তাইৰ।


     অঘৰী কেইটাই মোক বিকি নিদিলেতো! আৰু এই মানুহজন কোন? কিয় বাৰু নিজৰ পৰিচয় লুকুৱাইছে! ডাক্তৰ অহাৰ কথা কিয় কৈছে?? মোৰ নো গাত কি বেমাৰ আছে…!!!


     মনত হাজাৰ প্ৰশ্নৰ উত্তৰ নোহোৱা হল অঞ্জনাৰ।


◆◆◆◆◆◆◆◆◆◆


"ইয়ালৈ অহাৰ আগতে ক'ত আছিলা?" - ডাক্টৰজনে অঞ্জনাক চাই চাই সুধিলে।


"মই মানে ছাৰ মানুহ এগৰাকীৰ লগত আছিলো!"


"কি কৰিছিলা তাত? কাম নে তোমাৰ কোনোবা ৰিলেতিভ্!"


"অলপ ঘৰৰে!"


"সচাঁ কথা কবা কিন্তু!"


     ডাক্টৰজনৰ কথাত থতমত খালে তাই। অঞ্জনা মনে মনে ৰ'ল।


"তোমাৰ আৰু ফিজিকেল্ টেষ্ট কৰিব লাগিব। অলপ মিছা মাতিছা।"


     ডাক্টৰজনে বাহিৰলৈ গৈ লগত অহা নাৰ্চ গৰাকীৰ লগত কিবা কথা পাতিলে। নাৰ্চ গৰাকীয়ে মূৰ দুপিওয়া দেখিলে অঞ্জনাই।


"আহা!" -নাৰ্চ গৰাকীয়ে অঞ্জনাক মাতিলে। 


     অঞ্জনাই পাছে পাছে গ'ল। নাৰ্চ গৰাকীয়ে তাইৰ শৰীৰৰ সকলোবোৰ পৰীক্ষা কৰিলে।


"বহুত কেইজনৰ লগত শাৰীৰিক সম্পৰ্ক হৈছে তোমাৰ। সকলোবোৰ তোমাৰ ইচ্ছাৰ বিৰুদ্ধে হৈছে। কিন্তু কেনেকৈ ইমান?"


     নাৰ্চ গৰাকীৰ কথাত অঞ্জনাৰ মুখৰ মাত নোহোৱা হ'ল। হাতৰ গ্লবযোৰ খুলি নাৰ্চ গৰাকীয়ে এটা পলিথিনত ভৰাই থলে।


"ক'ত আছিলা? বেশ্যালয় নে আন বেলেগত হ'ল এইবোৰ!"


"বেশ্যালয়ত আছিলোঁ ইয়ালৈ অহাৰ আগতে!"


"নিজেই গৈছিলা নে বিক্ৰী কৰা হৈছিল তোমাক?"


"নিজেই??"


     আচৰিত হ'ল নাৰ্চ গৰাকী। অঞ্জনালৈ চালে। কিজানি ভাবিলে, এই ছোৱালীজনীৰ নিশ্চয় কিবা ভিতৰুৱা আঁৰৰ কাহিনী আছে। নহলেনো ইমানবোৰ…!!


"যি হ‌ওঁক, একো নাই এতিয়া। তোমাক এসপ্তাহ মানৰ পাছত আশ্ৰমলৈ লৈ যোৱা হ'ব। তাত তুমি পঢ়ো বুলিলেও পঢ়িব পাৰিবা, ড'কুমেন্টবোৰ চালো তোমাৰ।"


     নাৰ্চ গৰাকী ওলাই গ'ল বাহিৰলৈ। ডাক্টৰজনৰ লগত কিবা পাতিলে। অঞ্জনাই থকা ঘৰৰ মানুহ জনক মাতিলে; অঞ্জনাকো কাষলৈ মাতিলে ডাক্টৰজনে।


"এইৰ কথাবোৰ গম পালো বৰুৱা। যি হ‌ওঁক আপুনি যে এই কামবোৰ কৰি সমাজৰ বহু উপকাৰ কৰিছে। এইক আকৌ বিচাৰি আহিব‌ও পাৰে। আপুনি অলপ সাৱধান হ'ব। কতো ওলাই ফুৰিব নিদিব। আমি আশ্ৰমতো অলপ ফৰমেলিটি কৰিব লাগিব, সেইয়া কৰি জনাম। এতিয়া উঠো। আৰু তুমি বৰকৈ নোলাবা বাহিৰলৈ, নিজেও অলপ সাৱধান হ'বা।"


     কথাখিনি কৈয়েই ডাক্টৰজন গ'লগৈ।


◆◆◆◆◆◆◆◆◆◆


"খুৰা!" -পাছফালৰ পৰা মাত লগালে অঞ্জনাই।


"কিবা ক'বা অঞ্জনা! আহা ভিতৰলৈ অহা, ভিতৰতে পাতিম সকলোবোৰ কথা।"


      অঞ্জনাক এক প্ৰকাৰ টানি নিয়াৰ দৰেই নিলে মানুহজনে মৰমেৰে।


"মা!" -ভিতৰলৈ চাই মাত লগালে মানুহ জনে।


     মা??... মানে তাই স্বামী-স্ত্ৰী বুলি ভবা মানুহ দুজন আচলতে মাক-পুতেকহে। উসঃ মা!!


     অঞ্জনাই ভাবিলে। মানুহ গৰাকীও আহি অঞ্জনাৰ কাষতে বহিল।


"এতিয়া সুধা কি সুধিবা!"


"মোক কেনেকৈ পালে আপুনি? ম‌ইতো বজাৰৰ ঘৰ এটাতহে শুই আছিলোঁ। ইমান টোপনি গ'লোনে মই!! আপুনি উঠাই অনাও গম নাপাওঁ।"


"ৰাতি মই আহোঁতে বৰ হুলস্থুল শুনিবলৈ পালোঁ। মাক ক'লো; মাই চাই আহিবগৈ ক'লে। আহি দেখো তোমাক লৈ হুলস্থুল হৈছে। তোমাক অচেতন কৰা হৈছিল। তুমি হেনো কোনোবা বেশ্যালয়ৰ পৰা পলাই আহিছা। বেলেগ ভাল মানুহ দুজন মানো আছিল। সেইবোৰ একো চোৱাৰ সময় নহ'ল মোৰ, ভাল মানুহ কেইজনৰ সহযোগত তোমাক তেওঁলোকৰ গাড়ীতে তুলি লৈ আনিলো।"


"কিন্তু মই দেখোন একোৱেই গম নাপাওঁ।"


"হ'ব, এতিয়া চিন্তা নকৰিবা। তোমাৰ ভাল দিন আহি আছে। এইবোৰ কামৰ লগত ভাল ভাল মুখা পিন্ধা মানুহ কেইজমানো আছে। মুঠৰ ওপৰত তুমি এই এসপ্তাহটো লুকাই থকাৰ দৰেই থাকিবা। মানুহ কেইজন মই চিনিও পাওঁ। সমাজৰ বাহিৰত সিহঁতৰ বেলেগ নাম আছে। আশ্ৰমৰ পৰা খবৰ পালেই তোমাক থৈ আহিমগৈ।"


     মানুহজনৰ অলপ খং উঠা যেন পালে এইবাৰ অঞ্জনাই। তেওঁ উঠি গ'ল। এপাদেউ বহি থাকিল।


"ভয় নাখাবা, ই এনেকুৱাই অঞ্জনা!"


"নাখাওঁ এপাদেউ। খুৰা নোহোৱা হ'লে মোক যে কলৈ বা নিলেহেতেন?"


"হ'ব হ'ব যোৱা এতিয়া। সেই যে পাকঘৰটো আছে তালৈকে যা। গৈ কিবা ভালকৈ খাই লোৱা, পুৱাৰ আহাৰ খিনি ভালকৈ নাখালিয়ে। জানো, ভয় আছে তোমাৰ! চিন্তা নকৰিবা সকলো ভাল হ'ব দিয়া।"


"হ'ব এপাদেউ!"


     অঞ্জনাৰ তথাপি ভয় লাগিল। মানুহ দুয়োজন সচাই ভাল নে? নে ভাল হোৱাৰ অভিনয় কৰিছে বাৰু! মীৰা দিদি বা কি কৰিছে? অজয় হয়তো তাইক লগ কৰিবলৈ যাব অলপ সময়ৰ পাছতে! লগ নাপালে বাৰু তাইক বিচাৰি আহিব নে? যদি এইবাৰ অজয়ক কেনেবাকৈ দেখে তাই যাবগৈ তাৰ ঘৰতে। যিমান দিন ৰাখে তাৰ ঘৰৰে কাম কৰা মানুহ হৈ থাকিব।


      তাই পাকঘৰত সোমাল যদিও নানাত চিন্তাই আগুচি ধৰাত একো খাব নোৱাৰিলে। কথাবোৰ ভাবি ভাবি ঘূৰি আহি আকৌ তাই বিচনাত হালি পৰিল।


◆◆◆◆◆◆◆◆◆◆


     এসপ্তাহ বুলি কৈছিল যদিও দুদিনৰ পাছতেই অঞ্জনাক আশ্ৰমত থৈ আহিবলৈ ফোন কৰিল আশ্ৰমৰ মানুহে।


      অঞ্জনাক ভালকৈ খুৱাই-বুৱাই খুৰাক আৰু এপাদেউও লগত ওলাল তাইক থবলৈ আশ্ৰমৰ গাড়ীৰ লগতে। দুঘন্টামান যোৱাৰ পাছত এখন প্ৰাকৃতিক সৌন্দৰ্য্যৰে পূৰ্ণ মনোৰম ঠাইত গাড়ীখন ৰ'লগৈ। অঞ্জনাৰ বেগটো খুৰাকে লৈ ল'লে ভিতৰলৈ নিবলৈ বুলি।


     অঞ্জনাই এজোৰ কোমল ৰঙৰ মেখেলা-চাদৰ পিন্ধিছে। ধুনীয়া লাগিছে তাইক। শুৱাই পৰিছে মানুহজনীৰ দেহাটোৰ সৈতে। এপাদেউৱে নোচোৱাৰ চলেৰে চালে তাইলৈ।


     তিনিও গৈ ৱেইটিং ৰুমত বহিলগৈ। ৱাৰডেন আহি বাকী থকা ফৰমেলিটি খিনি কৰি ল'লে। কাম কৰা বাই এগৰাকী আহি অঞ্জনাক ৰুম এটালৈ লৈ গ'ল। পাছে পাছে খুৰাক আৰু এপাদেউ। নিজৰ নহয়, অথচ নিজতকৈও বহু ওপৰত তাইৰ বাবে।


     ৰুমত আৰু দুজনী ছোৱালী আছে তাইৰ সতে তিনিজনী হ'ব। সৰু হ'ব তাইতকৈ। মৃদ্যু হাঁহিৰে সম্ভাষণ জনালে অঞ্জনাক; প্ৰতি সম্ভাষণ জনালে অঞ্জনাইও।


     তাইক এৰিবৰ সময়ত চকুপানী ওলাল এপাদেউৰ। অঞ্জনাইও এপায়েকক ধৰি কান্দি পেলালে বহুসময়। মাজে মাজে আহি থাকিবলৈ ক'লে তাইৰ ওচৰলৈ। এপায়েকে মূৰটো লোৰেই তাইক হাতেৰে বিদায় সম্ভাষণ দি গাড়ীত উঠিলে। অঞ্জনাই খুৰাক-এপায়েকক ৰ' লাগি চাই থাকিল দেখালৈকে।


     এই দুজন মানুহৰ বাবেই আজি এটা ভাল জীৱন পাইছে তাই। অন্ততঃ এম.এ টো ভালকৈ দিব পাৰিব। দুখৰ মাজতো এটা সফলতাৰ হাঁহি বিৰিঙি উঠিল তাইৰ মুখত।


"অঞ্জনা!" -ৱাৰডেনৰ মাতত তাইৰ উচব খাই উঠিল।


"অ, বাইদেউ!" (অলপ হাঁহিৰে) -বহুদিনৰ মূৰত প্ৰাণখোলা হাঁহি মৰা যেন লাগিল তাইৰ।


"বলাচোন, তোমাৰ সতে অলপ কথাকে পাতো। তোমাৰ সপোন, হেঁপাহবোৰ নো আমি কিমান পূর্ণতা দিব পাৰোঁ; তাৰেই হিচাপ এটা কৰোগৈ।"


     দুয়ো হাঁহিলে। লাহে লাহে সেউজীয়া দলিচাত খোজ দিলে অঞ্জনা আৰু ৱাৰডেন।


     ফুলবোৰ ফুলি আছে। ৱালৰ কাষে কাষে থকা নাহৰৰ গছ কেইজোপালৈ চালে অঞ্জনাই।

ধুনীয়া পৰিৱেশ, গাড়ী-মটৰৰ বিকট শব্দ নাই, মানুহৰ কোলাহল নাই। এটা শান্তিময় পৰিৱেশ; অঞ্জনাৰ ভাল লাগিল। তাৰ মাজে মাজেই অঞ্জনাই তাইৰ সকলোবোৰ কথা বাইদেউ গৰাকীক খুলি ক'লে।


"ইয়াত একো ভয় নাই, এই ঠাই পবিত্ৰ, এইয়া তীৰ্থস্থান, সকলো অকপতে স্বীকাৰ কৰিব পাৰে।"


      অঞ্জনাৰ মনটো খুউব ভাল লাগিল। আজিৰ পৰা অন্য পৰিচয় হ'ব তাইৰ

"অনাথ"


     অনাথ, অনাথ তাই!! কিন্তু তাতো তাইৰ শান্তি আছে; সুখ আছে। এনেতে ঘন্টা বাজিল।


"বলা অঞ্জনা, প্ৰাৰ্থনা কৰোগৈ।"


"অ' তাৰ মানে প্ৰাৰ্থনাৰ সময় হ'ল।"


     সকলো প্ৰাৰ্থনা গৃহলৈ গ'ল। হাতযোৰ কৰি, চকু মুদি গাই গ'ল সকলোৱে-


"ব্ৰক্ষ্মাই আদি কৰি

জীৱ য'ত ৰাম ৰাম ৰাম ৰাম"


     আজি প্ৰাণ ঢালি প্ৰাৰ্থনা গাইছে অঞ্জনাই। কিমান দিন যে হ'ল ভগৱানৰ নাম লোৱা হোৱাই নাই!!!


আগলৈ…..…….


[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 9pm (ন বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]



Follow on- INSTAGRAM

চতুৰ্থ খণ্ডৰ লিংক -
             Read Now :

ষষ্ঠ খণ্ডৰ লিংক -
             Read Now :

বেশ্যা - এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Story
"Whore -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী

Special Thanks-
মেঘ মল্লিকা, ৰাগিনী
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini

No comments:

Post a Comment