তুমি মাথোঁ তুমি | এটা মন পছন্দৰ কবিতা | Tumi Mathu Tumi By Chandra Shekhar Assamese Love Poem | Romantic Axomiya Poem - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

তুমি মাথোঁ তুমি | এটা মন পছন্দৰ কবিতা | Tumi Mathu Tumi By Chandra Shekhar Assamese Love Poem | Romantic Axomiya Poem

তুমি মাথোঁ তুমি

এটা মন পছন্দৰ কবিতা

মোৰ কবিতাৰ ছন্দৰ ছন্দত তুমি 

মোৰ ব্যাকুল নয়নত ভাহি ফুৰা তুমি 

মোৰ বৰ্তমান আৰু ভবিষ্যতো তুমি 

মোৰ সপোন আৰু দিঠকত তুমি 


মোৰ কবিতাৰ ছন্দৰ ছন্দত তুমি 

মোৰ জীৱনৰ সুখে দুখে কেৱল তুমি 

মোৰ সৃষ্টিৰ গোপনে গোপনে তুমি 

মোৰ যাত্ৰা পথৰ সহযাত্ৰী তুমি 


মোৰ কবিতাৰ ছন্দৰ ছন্দত তুমি 

মোৰ অন্তৰৰ বেদনাবোৰৰ সহভাগি তুমি 

মোৰ আন্ধাৰ নিশাত পোহৰৰ জেউতি তুমি 

মোৰ প্ৰতিটো পোহৰৰ ৰেঙণি তুমি 


মোৰ কবিতাৰ ছন্দৰ ছন্দত তুমি 

মোৰ আশা আৰু ভৱিষ্যত তুমি 

মোৰ জীৱনৰ নানা ৰঙৰ যাত্ৰী তুমি 

মোৰ মৃত্যুৰ কাষতো থাকিবা তুমি 


মোৰ কবিতাৰ ছন্দৰ ছন্দত তুমি 

মোৰ বাবে মাথোঁ তুমি আৰু তুমি 


চন্দ্ৰ চেখৰ


Follow On INSTAGRAM

ফটো- ৰাজলক্ষ্মী বৰা, নগাঁও

No comments:

Post a Comment