মাজুলীত কংস মামাৰ প্ৰৱেশ | ৰাস উৎসৱ আৰু অসম | পাবলিক জিন্দাবাদ | Public Jindabad By Shikha Sarma | Axomiya Rakh Fastival And Chief Minister | Daily Assmaese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

মাজুলীত কংস মামাৰ প্ৰৱেশ | ৰাস উৎসৱ আৰু অসম | পাবলিক জিন্দাবাদ | Public Jindabad By Shikha Sarma | Axomiya Rakh Fastival And Chief Minister | Daily Assmaese Status


মাজুলীত কংস মামাৰ প্ৰৱেশ


     ৰাসৰ অন্যতম প্ৰধান চৰিত্ৰ কংস ৷ কংস বিনে ৰাস আধৰুৱা ৷ কংস নোহোৱাকৈ ৰাস অৰ্থহীন ৷ ষোড়শ গোপীৰ লগত কৃষ্ণৰ কেলি চাবলৈ সেইবাবেই ৰাইজৰ টকাৰে তেল ভৰাই, আকাশী ৰথেৰে বিজেপিৰ কংস মাজুলী পালেগৈ ৷ ৰাসৰ বতৰত মাজুলীৰ চেমনীয়া ল’ৰা পাঁচটামানে চিঞৰিলে


“মামা তুমি জুই”


      মাস্ক নিপিন্ধিলে ৰাইজক 500 টকা জৰিমনা বিহিবলৈ অৰ্ডাৰ দিয়া মাস্কবিহীন মোমাইদেউৱে, কভিদৰ কথা পাহৰি মাজুলীৰ ল’ৰাকেইটাক চুই দিলে ৷


     সিহঁতক গুৱাহাটী ফুৰাবলৈ আনিব বুলি মোমায়েকে কৈছিল আগৰবাৰ যাওঁতে ৷ এইবাৰ চেঙেলীয়া কেইটাই ধৰিলে। মোমায়েকক পুলিচে ঘেৰি আছে। বেচেৰা কেইটাক চুই চুই মোমায়েক আগবাঢ়িল।


     চেঙেলীয়া ল’ৰা কেইটাই “মামা, মামা” বুলি ৰাউচি জুৰিলে ৷ নিউজৰ কেমেৰাই ল’ৰাহঁতৰ মামা ধেমালি আনি, আমাৰ বেডৰুমবোৰত মেলি দিলেহি ৷ এনেদৰেই আৰম্ভ হ’ল, অসমৰ ৰাজনীতিৰ শকুনি তথা সৰ্বানন্দ সোণোৱালৰ সমষ্টিৰ কংস, হিমন্ত বিশ্বৰ শৰত কালৰ বিতোপন যাত্ৰা ৷ 


“মামা, মামা, মামা” 


     সৰু সৰু ডেকা চানেকীয়া ল’ৰা দুটামানৰ চিঞৰ ৷ ল’ৰা ৫/৬ টা মান হ’ব ৷ কিবা এটা ভাল নালাগিল ৷ কথাবোৰ কিবা বহুৱালি টাইপৰ লাগিল ৷


     এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক, এনেদৰে টুলুঙাকৈ চিঞৰা কথাতো বৰ ভাল লগা নাই। মামা আদৰৰ মাত নহৈ, বান্দৰামি লৈ পৰিণত হৈছে ৷ কিবা যেন চাৰ্কাছ এখনহে চাই আছো আমি ! 


     এজন মুখ্যমন্ত্ৰীৰ থাকিব লগীয়া স্বাভাৱিক গাম্ভীৰ্য্যতা, হিমন্ত বিশ্বৰ ব্যক্তিত্বত একেবাৰেই নাই ৷ হিমন্ত বিশ্বই মনত ৰখা ভাল যে, তেওঁ ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনতাৰ অভিভাৱক ৷ তেওঁৰ টুলুঙা কাম-কাজে ৰাজ্যখনক বৰ পাতল কৰি পেলাব ৷ সকলো কথাৰ সীমা থকা দৰকাৰ ৷ সকলোৰে লগত মিলামিছাৰে থকাতো ভাল ৷ 


      সেইবুলি আকৌ ঘৰত গৈ ল’ৰাক কোলাত লৈ পানী খুৱাব, তাৰ ঘৰত গৈ শিশুৰ লগত মাটিতে বহি বল খেলিব, চেঙেলীয়া ল’ৰাৰ লগত “মামা মামা” খেলিব, এইবোৰ এজন মুখ্যমন্ত্ৰীক শোভা নাপায় ৷


     শিশু, চেমনীয়াক মৰম কৰা দৰকাৰ। কিন্তু সৰু সৰু ল’ৰাই এজন মুখ্যমন্ত্ৰীক, “মামা মামা” বুলি ফূৰ্ত্তিত চিঞৰি ফুৰি পৰিৱেশটো টুলুঙা কৰি পেলালে, আমাৰ নিজকে জ’কাৰৰ দেশৰ নাগৰিক যেন লাগে ৷


     এইবোৰ কৰোতে সাংবাদিকৰ কেমেৰাবোৰ আঁতৰাই ল’ব লাগে ৷ নহ’লে কিবা ফুচুৰি চিনেমা চাই থকাৰ দৰে লাগে ৷ গমেই নাপাওঁ তেওঁ মুখ্যমন্ত্ৰী, নে জনী লিভাৰ ৷ 


      সৰ্বানন্দৰ ৰাজনৈতিক ৰাসৰ কংসৰ ভূমিকাত হিমন্ত বিশ্ব শৰ্মাৰ সুদক্ষ আগ্ৰাসন ৷ মাজুলীত সৰ্বানন্দৰ ঠাই কংস মামা হিমন্তই ল’লে ৷ মোদী খহি পৰিলে সৰ্বা বিধানসভালৈ ঘূৰি আহিব খুজিলে, বহিবলৈ সমষ্টিয়েই নহ’ব ৷ মাজুলী হিমন্ত কংসৰ কৱলত ৷ 


     ২০২৪ চন ৷ মোদীৰ পতনৰ বছৰ ৷ বিজেপি হোৰোককৈ নামি পৰিব ৷ হিমন্ত বিজেপি এৰি মোদীক গালি পাৰিবলৈ লাগি যাব ৷ লগত দল বাগৰাবোৰ গোট খাব ৷ "কা আন্দোলন" বেচাবোৰো লগ লাগিব ৷ অসম চুক্তি ৰূপায়নৰ নামত, টিভিত ওলাই থকা নেতাবোৰো মিলি পৰিব ৷ সৰ্বা ঘাট আৰু ঘৰৰ মাজত অহাযোৱা কৰি ৰৈ যাব ৷ 


      ৰাইজ, অসমৰ ৰাজনীতিৰ কংসক ২০২৬ চনত নিৰ্বাসন দিব লাগিব ৷ কথাবোৰ মনত ৰাখি থওক ৷ আৰু নৃত্য-নাটিকা চাব নোৱাৰি ৷ আৰু বহুৱালি চাব নোৱাৰি ৷ ৫ বছৰেই নেযায় নুপুৱাই লাগিব ৷ 


     দালাল বন্ধৰ নামত গাৰ কাষতে দালালি লৈ ফুৰি, এচাম দুখীয়া মানুহৰ পেটৰ ভাত মাৰিলে ৷ ইফালে নিজৰ আগে পিছে দালালেই দালাল ৷ 


     সৰ্বানন্দৰ দিনত নিযুক্তি পোৱা মানুহবোৰক খেদিব এতিয়া। অযুহাত- নিযুক্তিত বেমেজালি ৷ কিয়, সৰ্বানন্দৰ দিনত হিমন্ত শুই আছিল নেকি ? সৰ্বানন্দ তো নামত হে মুখ্যমন্ত্ৰী আছিল ৷ গোটেই কামবোৰ দেখোন হিমন্তয়েই কৰিছিল। তেতিয়া বেমেজালি নেদেখিলে ?


     এতিয়া চাকৰি দিব নোৱাৰি । সৰ্বানন্দৰ দিনৰ নিযুক্তি বাতিল কৰি নতুনকৈ চাকৰি দি, নিজৰ দিনত চাকৰি দিয়া বুলি ফুটনি মাৰিবলৈ ওলাইছে ? ইমান ধোকাবাজি কৰিব লাগেনে ? 


     চাকৰি একে কেইটাই ৷ তাকে এবাৰ সৰ্বাই দিব ৷ সৰ্বাই দিয়াবোৰক হিমন্তই খেদি, আকৌ হিমন্তই আন এচামক দিব ৷ তেন্তে কাইলৈ কি হ’ব ? 


     কাইলৈ যদি হিমন্তৰ আপদে বিপদে, পাঁচবছৰ নহওঁতেই বিজেপি দলৰ আন কোনোবা মুখ্যমন্ত্ৰী হয়, তেন্তে দেখোন হিমন্তৰ দিনত নিযুক্তিত বেমেজালি হৈছিল বুলি, আজি পোৱা নিযুক্তিবোৰ বাতিল কৰি, আকৌ ইন্টাৰভিউ পাতি নিজৰ মানুহক চাকৰি দিব ?


     এনেদৰে মুখ্যমন্ত্ৰী সলনি হৈ থাকিলে, চাকৰি পোৱাবোৰো দেখোন সলনি হৈ থাকিব ৷ গণতন্ত্ৰত তো সদায় একেজন শাসনত নাথাকে ৷ এইবোৰ কি নিয়ম আৰম্ভ কৰিছে হিমন্তই ?


     চৰকাৰী চাকৰিবোৰ দেখোন প্ৰাইভেট চাকৰিতকৈয়ো নিৰাপত্তাহীন কৰি পেলালে। ৰাইজে ইমানতো মাত নেমাতিবনে ?


     মই এটা কথা আচৰিত পালো যে, ৰাইজে একলগ হৈ প্ৰতিবাদ নকৰে ৷ আনকি প্ৰতিবাদৰ কমেন্ট এটাও নিদিয়ে ৷ টেটৰ কথা লিখিলে টেটৰ সকলে মতামত দিয়ে ৷ হ’মগাৰ্ডৰ কথা লিখিলে তেওঁলোকে দিয়ে ৷ সমজুৱা সমস্যা লিখিলে সব চুপ চাপ থাকে।


     মোৰ লেখাতে মই মানুহৰ মানসিকতা খুব ভালদৰে বুজি পাইছো ৷ সমস্বৰে কোনেও নামাতে। এই ক্ষেত্ৰত মিঞাসকল ব্যতিক্ৰম ৷ মই লিখা সমাজৰ সকলো সমস্যাতে, মিঞাসকলে সক্ৰিয় হৈ মাত মাতে ৷ বাকীবোৰে নিজৰ সমস্যা হ’লে মাজৰাতিও কমেন্ট দিয়ে।


     উদাহৰণ- টেট উত্তীৰ্ণসকল ৷ ( সকলো নহয়, কিন্তু অধিক সংখ্যক) কিন্তু আন বিষয়ত তেওঁলোক নিমাত ৷ তেওঁলোকে আন বিষয়ত মাত নামাতিলে, তেওঁলোকৰ বিষয়ত কোনে মাতিব ? 


     ৰাইজ কথাবোৰ ভাবক ৷ অলপ হ’লেও প্ৰতিবাদ কৰক, আনৰ আগত যিমান পাৰে কথাবোৰ শ্বেয়াৰ কৰক ৷ কি ঠিক, কোনদিনা আপোনাৰ চাকৰিটো খাই পেলায় হিমন্তই ! সময় আহি পোৱাৰ আগতেই সজাগ হওক ৷ শেষত সকলোলৈকে


পাবলিক জিন্দাবাদ


[ বিঃদ্ৰঃ- এই লিখনিটো শ্বেয়াৰ আৰু নামসহ কপি কৰাত একো বাধা নাই ৷ কিন্তু কোনেও পোষ্টটো বিকৃত ৰূপত সজাই বা নিজৰ কথা সংযোগ কৰি ভুৱা প্ৰচাৰ নকৰিব । মন নিমিলিলে শ্বেয়াৰ নকৰিব কিন্তু অযথা গালি পাৰি যা তা মতামত দি অসমীয়াগিৰীৰ বাহুবল দেখুৱাই অপমানিত নহ’ব ৷ ]


শিখা শৰ্মা

No comments:

Post a Comment