মই তোৰ আজন্ম প্ৰেয়সীনী | প্ৰিয়জন মই বেলেগৰ দৰে বিলাসী জীৱন নিবিচাৰো | পংখী বৰশইকীয়া | Pongkhi Borsaikia Assamese Love Quotes | Best Assamese Romantic Status | Heart Touching Assamese New Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

মই তোৰ আজন্ম প্ৰেয়সীনী | প্ৰিয়জন মই বেলেগৰ দৰে বিলাসী জীৱন নিবিচাৰো | পংখী বৰশইকীয়া | Pongkhi Borsaikia Assamese Love Quotes | Best Assamese Romantic Status | Heart Touching Assamese New Status


মই তোৰ আজন্ম প্ৰেয়সীনী

Dear প্ৰিয়জন,

মই বেলেগৰ দৰে বিলাসী জীৱন নিবিচাৰো

পংখী বৰশইকীয়া

দুখৰ ষ্টেটাছ | অসমীয়া প্ৰেমৰ ষ্টেটাছ


মৰম বুলি কোৱাৰ অধিকাৰখিনি হৈছেনে নাই

ক'ব নোৱাৰো,

তথাপি হদয়ৰ এচুকত থৈ দিয়া তোৰ মৰমবোৰ

অনুভৱ কৰিলো।


বিষাদক লৈ জীৱন ৰচি থাকোতে ভাছুৱেল ধৰাত

তোক দেখিলো,

তোৰ হৃদয়ৰ আলিংগনত সাচি ৰখা মৰমবোৰৰ

প্ৰেমত পৰিলোঁ।


মোৰ কবিতাৰ প্ৰতিটো শব্দ

যেন ত‌ই,

ৰহন সনা দুচকুত মোৰ জাগি উঠা অনুভৱবোৰ

কেৱল তোমাৰেই নামত

উৎসৰ্গিত কৰো মই।


মই তোৰ আজন্ম প্ৰেয়সীনী

নকবা মোক অভিমানী বুলি।



পংখী বৰশ‌ইকীয়া অসমীয়া প্ৰেমৰ ষ্টেটাছ

Best Assamese Romantic Love Status

By Pongkhi Borsaikia

Follow On Instagram:-

@Assamese_Culture_


Dear প্ৰিয়জন,

মই বেলেগৰ দৰে বিলাসী জীৱন নিবিচাৰো

মাথোঁ তোৰ হতে প্ৰতিটো খোজত সাহস হৈ

সদায় থাকিব বিচাৰো।



প্ৰকৃত ভালপোৱাই শৰীৰ নিবিচাৰে,

নিঃস্বাৰ্থ মৰম ভালপোৱাৰ লগতে

বুজাপৰা বিচাৰে।



তুমি যিমানেই আপোন হ'ব চেষ্টা নকৰা কিয়,

সৌন্দৰ্যতাৰ অবিহনে আজিকালিৰ

ভালপোৱাই ক্ষন্তেকীয়া।



বুজি পাবলৈ বয়স নহয়,

পৰিস্থিতিয়ে কিছুমান মানুহক চিনি পাবলৈ শিকাই।



প্ৰয়োজনৰ বাবে নহয়, প্ৰিয়জনৰ হ'ব বিচাৰো

দুদিনৰ বাবে নহয়, চিৰজীৱনৰ লগৰী হৈ

থাকিব বিচাৰো।



ভালপোৱাৰ বিনিময়ত তোৰ পৰা দামী

উপহাৰ নিবিচাৰো,

মাত্ৰ অলপ মৰম-ভালপোৱা পাব খোজো

যাতে হাতত হাত থৈ বিশ্বাসেৰে

আগুৱাই যাব পাৰো।



এদিন তোমাক অৱহেলা কৰা মানুহেও

মনত পেলাব

যিদিনা তেওঁলোকে তোমাৰ

সফলতাৰ উমান পাব।



"তই মৰিলে মইও মৰিম" বুলি আৰম্ভ হোৱা

প্ৰেমৰ সম্পৰ্কবোৰ এদিন

"তোৰ বাবে মই মৰিবলৈ কোন?" বুলি কৈ

শেষ হৈ যায়।



প্ৰতিশ্ৰুতি আৰু বিশ্বাস শুনিবলৈহে ভাল

প্ৰকৃত অৰ্থত আজিকালি এইবোৰৰ

কোনো মূল্য নাই

যি ভালপোৱাত ইজনে সিজনৰ প্ৰতি আন্তৰিকতা নাই

তাত জানো প্ৰতিশ্ৰুতিৰ মূল্য আছে,

যি ভালপোৱাত কেৱল অৱহেলা তাত জানো

বিশ্বাসৰ মূল্য আছে।



সফলতাৰ উমান পাই আপোন হোৱা জন নালাগে

নিস্বাৰ্থ ভাবে সফলতাৰ আঁৰত থাকি সাহস হৈ

সদায় কাষত ৰোৱা জন হে লাগে।



ৰহন সানি কথা কবলৈ নিশিকিলো বাবে

কিছুমান মানুহৰ চকুত আজিও

অপ্ৰিয় হৈ ৰলো।



কথা পাতিবলৈ মানুহ বহুত আছে,

মইতো মাথোঁ তেওঁকেই বিচাৰিছিলো

কিন্তু মোৰ দুৰ্ভাগ্য নে কি নাজানো

তেওঁৰ কেতিয়াও আপোন হ'ব নোৱাৰিলো।



জীৱনত মই মাৰ সততা, দেউতাৰ পৰা ত্যাগ

নামৰ শব্দ দুটা শিকিছো

গতিকে Attitude নামৰ শব্দটো মোৰ বাবে অৰ্থহীন।



ভালপোৱাৰ আঁৰত লুকাই থকা অভিমানবোৰ

যিয়ে নুবুজে তেওঁহে Relationship'ত

আউল লগাই এৰি থৈ গুচি যায়।



 দূৰত্বই ভালপোৱাত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে

মাথোঁ হৃদয়ত সাঁচি থোৱা মৰম ভালপোৱাৰ

অভিমানবোৰ বুজি উঠিব পাৰিলেই হ'ল।



তাহানিৰ দিনবোৰৰ মাদকতাই সুকীয়া আছিল,

হয়তো চবৰে হাতত Smart ফোন নাছিল

কিন্তু স্কুল চুটিৰ পিছত লগৰীয়াৰ সতে খেলা

খেলবোৰৰ আমেজেই সুকীয়া আছিল।



কাৰোবাক আপোন কৰিবলৈ গৈ

বাৰে বাৰে অপদস্ত হোৱাতকৈ অকলশৰে

থকাই ভাল।



তোমাৰ অতীতক নহয়, বৰ্তমানক বিচাৰো

অলপ ভালপোৱা আৰু বিশ্বাস লৈ চিৰজীৱন

লগৰী হৈ মাথোঁ তোমাৰ হ'ব বিচাৰো।



যিজন পুৰুষে নিজৰ মাতৃক সন্মান নকৰে

তেওঁ আন‌ এগৰাকী নাৰীক কি সন্মান কৰিব

প্ৰতিগৰাকী নাৰীয়ে মাতৃ গতিকে নাৰীক

সন্মান কৰিব শিকিব লাগে

যিয়ে নাৰীক সন্মান নকৰে তেওঁ এজন কাপুৰুষতকৈ

কোনো গুনে কম নহয়।



দুখ দেখি আঁতৰি যোৱা জন নহয়,

দুখ দেখি দুখৰ সমভাগি হোৱা জনহে লাগে।



জীৱনত ঘটা প্ৰতিটো ঘটনাই

একো একোটা শিক্ষা দিয়ে,

যি শিক্ষাই মানুহ চিনি পাবলৈ শিকাই।



প্ৰকৃত ভালপোৱা জনে শৰীৰ নিবিচাৰে

বিচাৰে নিস্বাৰ্থ মৰম ভালপোৱা।



দেউতাকৰ টকাৰে বিলাসিতা কৰা জন নিবিচাৰো

নিজৰ উপাৰ্জনেৰে ঘৰখন আৰু সপোনবোৰ

পূৰণ কৰা জনহে বিচাৰো।



আপোনজনৰ প্ৰতি থকা মৰম আৰু

বিশ্বাস থাকিলে

সম্পৰ্কত কেতিয়াও দূৰত্বৰ হেঙাৰ হ'ব নোৱাৰে।



Dear প্ৰিয়জন,

মই বেলেগৰ দৰে বিলাসী জীৱন নিবিচাৰো

মাত্ৰ গোটেই জীৱন বাটত তোৰ সান্নিধ্যতা পাব খোজো।



সপোন দেখাটো ভাল

কিন্তু অলীক সপোন দেখুৱাই আধাবাটতে

এৰি যোৱাটো ভুল।



কাপুৰুষ সেইজন যিয়ে নাৰীক সন্মান নকৰে

কাপুৰুষ সেইজন নহয় যিজনে আপোন গৰাকীৰ

খং অভিমান সহ্য কৰিব পাৰে।



কিছুমান আপোন মানুহৰ বাবেই

জীৱনৰ কিছুমান ৰং

নাইকিয়া হৈ যায়।



মই বেয়া নে মোৰ ভাগ্যখন বেয়া কব নোৱাৰিলো

যাকে নিজতকৈ বেছি ভাল পালো

তেওঁৱেই চোন মোক প্ৰতাৰণা কৰি এৰি থৈ

গুচি গ'ল।



নকবা মোক অভিমানী বুলি,

তুমিতো জানাই মইতো তোৰ বাবে আজিও

আজন্ম প্ৰেয়সীনী।



মোৰ কবিতাৰ প্ৰতিটো শব্দৰ অনুভূতি

যেন ত‌ই,

মোৰ হৃদয়ৰত জাগি উঠা অনুভৱবোৰ

কেৱল তোমাৰেই নামত উৎসৰ্গিত কৰো মই।



যন্ত্ৰণা মোৰেই হওঁক

বা আপোনাৰেই হওঁক

কষ্ট কিন্তু চকুজুৰিয়ে আগত পায়।



মই তোৰ আজন্ম প্ৰেয়সীনী

পংখী বৰশইকীয়া


Pongshi Borsaikia With Her Mother


পংখী বৰশইকীয়া অসমীয়া ষ্টেটাছ
প্ৰেমৰ ষ্টেটাছ
Assamese Love Status
Heart Touching Assamese Status
Assamese Quotes For Whatsapp
Assamese Quotes For Love
Emotional Axomiya New Sad Quotes
Daily Assamese Status

মই তোৰ আজন্ম প্ৰেয়সীনী

নকবা মোক অভিমানী বুলি।

Follow On Instagram:-

@Assamese_Culture_


No comments:

Post a Comment