মই জানো লিখিব পাৰোঁ | তৃষ্ণা বৈশ্য | Sad Assamese Poem by Trishna Baishya - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

মই জানো লিখিব পাৰোঁ | তৃষ্ণা বৈশ্য | Sad Assamese Poem by Trishna Baishya


মই জানো লিখিব পাৰোঁ...

তুমিহীনতাত মই জানোঁ লিখিব পাৰোঁ 
প্ৰেমৰ কবিতা 
পাৰিম জানোঁ তুমিবিহীন শূন্যতাত 
ৰোমাণ্টিক কবিতা লিখিব ?
লিখিব নোৱাৰা নহয় মই 
এনে নহয় যে মই চেষ্টা কৰা 
নাই লিখিবলৈ !
তুমিবিহীন শূন্যতাৰ দোমোজাৰ মাজত 
হেৰাই যায় ভালপোৱাৰ কবিতাবোৰ 
এতিয়া সময়টোহে অকণমান সলনি হ'ল 
আগতে কবিতা লিখোঁতে 
কলমেৰে নিগৰি আহিছিল 
প্ৰেমৰ কবিতাৰ সজ্ঞাবোৰ 
আৰু এতিয়া 
কলমেৰে নিগৰি আহে
বিষাদৰ বন্যাবোৰ ।

No comments:

Post a Comment