সপোনৰ মইজনী
সকলো মানুহেই সপোন দেখে,
সপোনৰ তৰংগই আশাৰ সাগৰ বুৰায়,
প্ৰেৰণা পায় মনটোৱে!
এই সপোন... এই আশা...
আৰু এই জীৱন উৎযাপনৰ বাবে
লাগে মানুহক কেৱল সততা।...
চিন্তা আৰু মনৰ সৌন্দৰ্যৰেহে সপোন সুন্দৰ হয়। স্বপ্ন ভংগৰ বেদনাত দিশহাৰা হোৱাৰ মূল কাৰন অসুখীয়া মনবোৰ।
আত্মসন্তুষ্টিৰ অভাৱবোৰ আৰু মোৰ জীৱনবোধ কি, সেয়া মোৰ আয়ত্ত্বৰ ভিতৰত। জীৱনটোক অন্বেষণ কৰো। নিজক ভালপাওঁ বেছি, ভাঙি ভাঙি নিজক গঢ়াৰ প্ৰয়াস অহনিশে কৰি যাওঁ।
জনা বুজা হোৱাৰ দিন ধৰি নিজক চেষ্ঠা কৰিছো কেৱল মানুহ হ'বলৈ। য'ত মনৰ শান্তি আৰু হৃদয়ৰ পবিত্ৰতাক অনুভৱ কৰিব পাৰি, সেই ঠাইখনেই মোৰ বাবে উপাসনাস্থলী।
কোনো অভিযোগ নাই জীৱনটোৰ প্ৰতি।
মা-দেউতাকৰ আগত পোৱাৰ কল্পনাবোৰ অনুভৱ হে কৰোঁ কিন্তু অভিযোগ নকৰো! মনত কষ্ট পাব। নিজকে কওঁ, জীৱনটো এনেকুৱাই.....
জীৱন! কি যে এক বৰ্ণিল যাত্ৰা! এটা এটা সপোন আৰু হেঁপাহ বুকুত বান্ধি জী থাকো। কেতিয়াবা যদি হাঁহিৰ ৰামধেনু আঁকো, আকৌ কেতিয়াবা হাঁহিৰ চকুলোৰে দুগাল তিয়াও। সামৰি ৰাখিবও জানো অপ্ৰকাশ্য, অনিয়মীয়া দুচকুত অজস্ৰ গাঁথা!!
সময়ে শিকায়, সময়ে বুজায়, সময়ে দৃঢ় হ'বলৈও অনুপ্ৰেৰনা যোগায়। পখিলা খেদি ফুৰা, সপোনৰ মৰিচিকা খেদি ফুৰা মইজনীও ব্যস্ত হওঁ সময়ৰ তাগিদাত… ঘাট-প্ৰতিঘাত আৰু কাঁইটীয়া জীৱনৰ বাট চিনাত।
এই যে প্ৰতিপুৱা নৈৰ গৰা বগুৱাবাই বেলিটো আকাশলৈ উঠে..... পোহৰাই তোলে পৃথিৱীৰ ৰং! আশাৰ বাটত ৰ'দৰ ফুল ফুলে, কেতিয়াবা আন্ধাৰৰো ফুলে..... ওঁঠত সুখৰ হাঁহিৰ মুকুতা উজলে..... কেতিয়াবা দুখৰ!!
অকল্পনীয় সৌন্দৰ্যৰ আলোড়নত সৰল জীৱন এটাৰ সন্ধানেৰে মই পুলকিত হওঁ। ঠিয় হৈ থকা দুপতা মাটিতে কাঁইটে বিন্ধিলেও মই ক'ব পাৰোঁ..... জীৱন সুন্দৰ! ব্যক্তিগত কাৰোৱাৰ বাবে।
"ময়েই মোৰ ভাগ্যৰ নিয়ন্তা,
ময়েই মোৰ আত্মাৰ অধিনায়ক।"
বিখ্যাত কবি হেনৰিয়ে এক বিশাল হৃদয়েৰে অনুভৱ কৰি এই কবিতা ফাঁকি ৰচনা কৰিছিল। অৰ্থাৎ মানুহ নিজেই নিজৰ জাগতিক ভৱিষ্যতৰ অধিনায়ক হৈ উঠিব পাৰে। নিজৰ মনক নিয়ন্ত্ৰন কৰি নিৰ্দিষ্ট কোনো গ্ৰহণযোগ্য পথেৰে আৰু আন্তৰিকতাৰে মানসিক ভংগীক নিয়ন্ত্ৰিত কৰিব পাৰে।
মই জীৱনটোক বেছি ভাল পাওঁ বাবেই বাৰে বাৰে ব্যৰ্থ হলেও প্ৰয়াস কৰোঁ জীৱন উদ্যাপন কৰাৰ। এবুকু আশাৰে জী উঠো হাওলি নপৰাকৈ।
প্ৰতিজন ব্যক্তিৰ জীৱন একোটা
ৰূপকথা।
চিকিমিকি পোহৰৰ ৰ'দেও চকুৰ পতাত নাচে। জীৱনে মানুহক বহু কথা সহজভাবে ল'বলৈ শিকায়। হাজাৰ দুখ থাকিলেও দুচকুত অনবৰতে ভাঁহি থাকে সপোনৰ একো একোটা অংশ।
টমাছ আলভা এডিচনেও বৈদ্যুতিক বাল্ব আৱিষ্কাৰ কৰাৰ আগতে দহ হাজাৰ বাৰ ব্যৰ্থ হৈছিল। …এই কথা জানি মই বাৰে বাৰে স্তম্ভিত হওঁ বিস্ময়ত।
: এজন মানুহে নিজৰ জয়ৰ বাবে ইমান উচ্চ মূল্য
দিব পাৰে কেনেকৈ??
সেই যে তেওঁ দহ হাজাৰ বাৰ ব্যৰ্থ হ'ল, তাৰ ফলত তেওঁৰ মনত যি শৃংখলাবোধৰ জন্ম হ'ল, সেয়াই তেওঁক কৰি তুলিলে পৃথিৱীৰ এগৰাকী শ্ৰেষ্ঠ আৱিষ্কাৰক।
নীতি:- যিজনে ব্যৰ্থতাক ব্যৰ্থতা বুলি মানি ল'ব নোখোজে, তেওঁৰ বাবে কোনো বাধাই বাধা হ'ব নোৱাৰে ।
No comments:
Post a Comment