বোৱতী নদীৰ সিপাৰে
: হাৱ ডেৰ ইউ?
ৰাতিপুৱা চকু মেলিয়েই হিতাহিত জ্ঞান হেৰুৱাই অথৰ্বক দুটা পছণ্ড চৰ সুধাই দিয়ে ৰীতৃষ্ণাই।
নিজৰ অসংযত কাপোৰ কানিবোৰ ঠিক কৰি আহত বাঘিনীৰ দৰে জ্বলি পকি উঠে ৰীতৃষ্ণা।
অথৰ্বই কিবা এটা কবলৈ মুখ মেলোতেই, তাৰ বগা টিচাৰ্টটোত ধৰি জোকাৰি পেলায় তাই,
: ইমান সাহস তোৰ, তই মোৰ লগত এনেকুৱা কৰিলি? দুদিন কি তোৰ লগত ভালকৈ কথা পাতিলোঁ, নিজৰ ৰুমত লৈ আহিলি? ড্ৰাইভাৰ যেতিয়া ড্ৰাইভাৰৰ অ'কাডত থাক, তাতকৈ বেছি নাভাবিবি নিজক। - কথাখিনি কৈ ফোঁপাই উঠে ৰীতৃষ্ণা।
: এনাফ ইজ এনাফ অ'কে? মই আপোনাৰ লগত আপুনি ভবাৰ দৰে একো বেয়া কৰা নাই, ঠিক আছে? কালি আপুনি ঘৰলৈ যাব পৰা অৱস্থাত নাছিল, সেইবাবেহে মোৰ ৰুমলৈ আনিব লগা হ'ল। মানৱীয়তাৰ খাতিৰত হে মই আপোনাক, এনি ৱে ইউ মে লিভ নাৱ। - নিজৰ চুটি চুলি খিনিত জোৰকৈ খামুচি ধৰে অথৰ্বই।
নিজৰ কাপোৰ বোৰ যিমান পাৰি ঠিক থাক কৰি ৰুমটোৰ পৰা লৰালৰিকৈ ওলাই যায় ৰীতৃষ্ণা। ওলাই যোৱাৰ সময়ত এবাৰো অথৰ্বৰ চকুলৈ চোৱাৰ সাহস নহ'ল তাইৰ।
কেবখনত বহি কালিৰ কথাবোৰ যিমান পাৰি মনত পেলাবলৈ চেষ্টা কৰিছে ৰীতৃষ্ণাই। কিবা এটা যেন গধুৰ গধুৰ লাগিছে বুকুখন,
: অথৰ্ব জানো তেনেকুৱা হয়!
সদায় যোৱাৰ দৰে কালিও ৱিকেণ্ড পাৰ্টিত ওলাই গৈছিল ৰীতৃষ্ণা। প্ৰতিটো পাৰ্টিতে নতুন নতুন বন্ধু নতুন নতুন সুৰাৰ স্বাদ এয়াইটো জীৱন, এয়াইটো সুখ ৰীতৃষ্ণাৰ!!
গুৱাহাটীৰ এটা প্ৰাইভেট কোম্পানীত কাম কৰে ৰীতৃষ্ণাই। বেংগলৰত এম. বি. এ. কৰিয়েই এটা চৰকাৰী চাকৰি পাইছিল ৰীতৃষ্ণাই। কিন্তু চাকৰিটো এৰি আহি গুৱাহাটীৰ প্ৰাইভেট জবটো জইন কৰিছেহি তাই।
নিজৰ ঠাইখনৰ প্ৰতি থকা অগাধ মৰম আৰু মাক-দেউতাকৰ পৰা আঁতৰি নাথাকো বুলিয়েই বেংগলৰত জব নকৰি অসমলৈ ঘূৰি আহিছিল ৰীতৃষ্ণা। অয়ন… তাক চোন কথা দি গৈছে তাই এম. বি. এ. শেষ কৰিয়েই বিয়াত বহিব সিহঁত।
বুকুত হাজাৰটা সপোন বান্ধি অসমলৈ ঘূৰি আহিছিল ৰীতৃষ্ণা। মাক-দেউতাকৰ আশীৰ্বাদত এইবাৰ অয়নক নিজৰ কৰি লব তাই।
তাইৰ মন পছন্দৰ এটা চাকৰি। নিজৰ ভালপোৱা মানুহবোৰ সকলো চোন আছিল ৰীতৃষ্ণাৰ, কিন্তু জীৱনটো যে ভবাৰ দৰেই নহয়! আচলতে জীৱন টোয়ে বহুত শিকালে তাইক, এতিয়া আৰু জীৱনৰ পৰা একো নিবিচাৰে তাই। তাই মাত্ৰ মনে নিবিচৰা বোৰহে কৰি যায়।
বেংগলৰৰ পৰা ঘূৰি আহিয়েই অয়নক প্ৰথম লগ কৰোঁতে আগতকৈ অলপ সলনি দেখিছিল তাই তাক। কিন্তু দহ বছৰ ৰিলেশ্বনশ্বিপত থকাৰ পিছত তাক সন্দেহ কৰিব লাগিব বুলি ভবাই নাছিল তাই।
: তুমি ইমান কেইবছৰ ঘৰলৈ নহাকৈ বেংগলৰত থাকিলা, এতিয়া কি বিশ্বাসত নিজৰ কৰি লও তোমাক??
মনত ৰাখি থোৱা কথাবোৰ এদিন কৈয়ে পেলালে অয়নে।
ৰীতৃষ্ণাৰ আৰু তাক দুনাই বিশ্বাস দিয়াবলৈ মন নগ'ল যে অত বছৰ বাহিৰত থকাৰ পিছতো অয়নৰ বাদে যে কাৰো কথা ভাবিবই পৰা নাছিল তাই। বেংগলৰত ইমান ভাল জব অপৰচ'নেটি থকাৰ পিছতো এক মাত্ৰ অয়নৰ বাবেই ঘূৰি আহিছিল তাই!!
মনৰ দুখবোৰ পাতলবলৈ গুৱাহাটীলৈকে গুচি আহিল ৰীতৃষ্ণা। মনে নিবিচৰা কামবোৰ যেন কৰি ভাল লগা হ'ল এতিয়া তাইৰ। ঘৰৰ বাধ্য ছোৱালীজনী নিজৰ মনটোৰে অবাধ্য হৈ পৰিল।
বেংগলৰত থাকোতেই নিজকে অলপো সলনি হবলৈ নিদিয়া ছোৱালীজনী এতিয়া একেবাৰে সলনি হৈ গ'ল। সকলো সময়তে নিজকে অলপ ৰিজাৰ্ভ ৰখা ছোৱালীজনীৰ এতিয়া অসংখ্য বন্ধু বান্ধৱী আৰু সুৰা, সুৰা যেন তাইৰ একমাত্ৰ সংগী।
অফিচলৈ অহা যোৱা কৰোঁতেই এদিন অথৰ্বক লগ পাইছিল তাই। লগ পাইছিল মানে কেব বুক কৰোঁতে অথৰ্বৰ কেব খনেই লাগিছিল। আৰু কথাই কথাই তাই অথৰ্বক কৈছিল,
: মোৰ অফিচৰ পৰা ঘূৰি আহোঁতে কেব কৰিবলৈ সদায় অসুবিধা হয়, মানে ৰাতি অফিচত দেৰি হৈ যোৱা বাবে কেব বোৰ যাবলৈ ইচ্ছা নকৰে। তুমি নিজৰ নাম্বাৰটো দি যাবা নেকি, কেব নাপালে তোমাকে ফোন কৰি মাতিব পাৰিম।
তেনেকৈয়ে চিনাকি,,, অথৰ্বৰ গাড়ীখন নিজৰ গাড়ীৰ দৰেই ব্যৱহাৰ কৰে ৰীতৃষ্ণাই। অফিচৰ পৰা অনা, পাৰ্টীত লৈ যোৱা, শ্বপিংত যোৱা সকলোবোৰ যেন অথৰ্বই কৰে তাইক। ৰাতি সুৰামত্ত অৱস্থাত থকা ৰীতৃষ্ণাক প্ৰায়ে চাবি খুলি তাইৰ ৰুমত থৈ যায় সি।
অৰ্থব ইঞ্জিনীয়াৰিঙৰ ষ্টুডেন্ট। ৰীতৃষ্ণাই কিন্তু একোৱে নাজানে অথৰ্বৰ বিষয়ে, জানিবলৈ চেষ্টাও নকৰে কেতিয়াও। অথৰ্বই হে সকলো জানে ৰীতৃষ্ণাৰ বিষয়ে, মদৰ নিচাত যে সকলোবোৰ কৈ যায় তাই।
ৰীতৃষ্ণাৰ নাৰিকলৰ দৰে কঠোৰ মানুহজনীৰ ভিতৰত থকা কোমল মনটোক ভালকৈয়ে বুজি পায় অথৰ্বই, কিন্তু ইচ্ছা কৰিও একো নকয় সি তাইক। তাই যে তাক এটা ড্ৰাইভাৰতকৈ বেছি একো বুলিয়েই নাভাবে সেইটো তাৰ জ্ঞাত।
ৰীতৃষ্ণা তিনি চাৰি বছৰে ডাঙৰ অথৰ্বত কৈ… তথাপি কিবা এটা আকৰ্ষণ আছে ছোৱালী জনীৰ। মদ নাখালে কোনো দিন তাক ভাল ব্যৱহাৰ নকৰা ছোৱালী জনীকো কিবা এটা ভাল লাগে চোন অথৰ্বৰ।
প্ৰেম কৰিবলৈ অথৰ্বৰ সময় নাই। পাৰ্ট টাইম গাড়ীখন চলাই নিজৰ পঢ়াৰ খৰছ উলিয়াই আছে সি। পঢ়া শেষ কৰি যেনে তেনে জব এটা বিচাৰি মাকৰ চিকিৎসা কৰিব লাগে। নাভাবোঁ বুলি ভাবিও বাৰে বাৰে আজিকালি ৰীতৃষ্ণাৰ কথা ভাবি থাকে সি। ৰীতৃষ্ণাই মাতিলে ক্লাছ খটি কৰিও গাড়ীখন লৈ ওলাই যায় সি।
হৈ যোৱা কথাবোৰে ৰীতৃষ্ণা আৰু অথৰ্ব দুয়োটাকে আমনি কৰিছে। এসপ্তাহ অথৰ্বৰ গাড়ী খন নোহোৱাকৈয়ে অহা যোৱা কৰিছে ৰীতৃষ্ণা। কিন্তু কিবা এটা খালি খালি ভাবে বাৰে বাৰে আমনি কৰি থাকেহি তাইক। নাভাবোঁ বুলি ভাবিও কিয় অথৰ্বৰ কথা বাৰে বাৰে ভাবি থাকে বাৰু তাই।
: সিদিনা বাৰু অথৰ্বই সঁচাকৈয়ে একো কৰা নাছিল নেকি তাইৰ লগত? তাইটো সম্পূৰ্ণৰূপে নিচাত আছিল। আৰু তাই সাৰ পাওঁতে অথৰ্বটো তাইৰ লগত নাছিল, সিটো কাষৰ চোফা খনতহে শুই আছিল!!
কথাবোৰ ভাবি ভাবি অথৰ্বক ফোন কৰোঁ বুলি ভাবিও ৰৈ যায় ৰীতৃষ্ণা। কিবা এটা দোষী দোষী ভাবে আৱৰি ৰাখিছে তাইক। তথাপি সি নোহোৱা হোৱাৰ পিছত যেন এটা ডাঙৰ শূন্যতাই বিৰাজ কৰিছেহি তাইৰ বুকুখন।
বুকুত অযুত সাহস গোটাই অথৰ্বলৈ ফোনটো লগালে ৰীতৃষ্ণাই।
: পাঁচটা বজাত মোৰ ৰুমৰ ওচৰ পোৱাকৈ আহিবা। - কোনো কথাৰ অৱতাৰনা নকৰাকৈ স্বভাৱ সুলভ গম্ভীৰতাৰে কৈ গ'ল ৰীতৃষ্ণাই।
: ঠিক আছে বাৰু। - অথৰ্বৰ পোনপটীয়া উত্তৰ।
ৰীতৃষ্ণাই আচলতে ভবাই নাছিল যে তাই মতা মাত্ৰকে সি আহিব, সিদিনা ঘটি যোৱা ঘটনা বোৰৰ পিছত সি যে তাইৰ ফোন উঠাব, তাই আচলতে কল্পনাই কৰা নাছিল।
আনদিনাৰ দৰে আজিও অথৰ্ব দহ মিনিটৰ আগতে আহি ৰৈ আছে। ৰীতৃষ্ণা পিছৰ চিটত নবহি অথৰ্বৰ কাষতে বহিছে,
: ক'ত যাব? - তাইলৈ নোচোৱাকৈয়ে সোধে সি।
: বেলি ভিউ… - ৰীতৃষ্ণাই তাৰ চকুলৈ চাবলৈ যত্ন কৰে। নাই সি চাব বিচৰা নাই তাইলৈ।
যথাসময়ত গাড়ীখন গৈ নিৰ্দিষ্ট স্থানত ৰয়।
: আই এম চ'ৰি অথৰ্ব!! - কিমান দিনৰ মূৰত যে চকু কেইটা সেমেকি উঠিছে ৰীতৃষ্ণাৰ মনতে নাই তাইৰ।
এইবাৰ অথৰ্বইও তাইলৈ ঘূৰি চাই তাৰো চকু কেইটা জীপাল হৈ পৰিছে।
: প্লিজ অথৰ্ব, সিদিনাৰ কথাবোৰ পাৰিলে পাহৰি যোৱা প্লিজ। মোৰ মানসিক অৱস্থাটো তোমাতকৈ ভালকে চাগে কোনেও বুজিব নোৱাৰে। মোক বেয়া পাই নাথাকিবা প্লিজ।
ৰীতৃষ্ণাৰ বৈ অহা চকুপানীবোৰ মোহাৰি দিবলৈ লৈও ৰৈ যায় অথৰ্ব।
অথৰ্বৰ বুকুত মুখ গুজি হুকহুকাই কান্দি দিয়ে ৰীতৃষ্ণাই। অথৰ্বই নিজকে সংযত কৰিব নোৱাৰে এইবাৰ। লাহে লাহে মচি দিয়ে ৰীতৃষ্ণাৰ বৈ অহা চকুপানী বোৰ। ব্ৰহ্মপুত্ৰৰ পাৰৰ বতাহ চাটিয়ে জুৰ পেলায় যায় দুয়োখন কলিজা।।
বোৱতী নদীৰ সিপাৰে
বৰ্ণালী ডেকা
[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]
No comments:
Post a Comment