ৰাংঢালী - প্ৰেম ভালপোৱাৰ কথাৰে | চুটি কাহিনী | অন্তিম খণ্ড | Rangdhali Part 7 | New Assamese Love Story By Ankur Das | Emotional Assamese Short Love Story | Bilkis Parbin Sarkar - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

ৰাংঢালী - প্ৰেম ভালপোৱাৰ কথাৰে | চুটি কাহিনী | অন্তিম খণ্ড | Rangdhali Part 7 | New Assamese Love Story By Ankur Das | Emotional Assamese Short Love Story | Bilkis Parbin Sarkar


ৰাংঢালী

প্ৰেম - ভালপোৱাৰ কথাৰে | চুটি কাহিনী
সপ্তম তথা অন্তিম খণ্ড

কাৰোবাক ভাল পালে মৰমবোৰ সঁচা হব লাগে,
দুয়ো দুয়োকে বুজি পোৱা হব লাগে,
মিলাপ্ৰীতি থাকিব লাগে,,,

আগৰ খণ্ডৰ পৰা... (Read More)


আকাশ - ৰাংঢালী কথা এটা আছিল |


ৰাংঢালী - কোৱা আকাশ কি কথা ??


আকাশ - মানে ৰাংঢালী চাকৰিৰ নামত জীৱনৰ বহুসময় এনেয়ে নষ্ট কৰিলো | পাছ কৰি পোৱা ছাৰ্টিপেকেটৰ মূল্য নাই | মূল্য কেৱল টকা-পইচা আৰু কাষ্টৰ | নাজানো যোগ্যতা অনুসৰি চাকৰি কেতিয়া পাম; সেইবাবেই তাৰ আশা বাদ দিলো | নিজেই কিবা এটা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো |


ৰাংঢালী - মানে???


আকাশ - নিজৰ ভৰিত নিজেই থিয় দিম সৰুকৈ কিবা এটা কৰি হলেও !! মই জানো মই যিটো কাম কৰিম বুলি ভাবিছো সেই কামটো কৰিলে মোক সকলোৱে হাহিব কিন্তু মই সেইবোৰ ভবা নাই | জীৱনে পৰাজিত কৰিবলৈ মোক বহুত চেষ্টা কৰিলে আৰু নহব | সেইবাবে সৰুকৈ এখন হোটেল খোলাৰ কথা ভাবিছো ৰাংঢালী | তুমি কি কোৱা?


ৰাংঢালী - চোৱা আকাশ | তুমি যি ভাবিছা ভালেই ভাবিছা | মানুহে ভবাৰ কথা তুমি চিন্তা নকৰিবা | মাথো আগবাঢ়ি যোৱা | পিছে তুমি অকলে নে কোনোবা আছে?


আকাশ - এজন লগ আছে | সি ভালদৰে খাদ্যবোৰ ৰান্ধিব জানে আৰু এখন ডাঙৰ হোটেলত ইতিমধ্যে সি ৩ বছৰ কাম কৰি আহিছে |


ৰাংঢালী - ঠিক আছে, দুয়োটাই কামত লাগি যোৱা সোনকালে | অভিনন্দন মোৰ ফালৰ পৰা |


আকাশ - ধন্যবাদ ৰাংঢালী |


     আকাশ নিজৰ কামত লাগিল | হয় বহুতো মানুহে তাক হাহিলে কিন্তু সি সেইবোৰত মন নিদিলে | সি মাথো নিজৰ কামত লাগিল আৰু কামবোৰ কৰি গল |


কোনো খবৰ নিদিয়াকৈয়ে এদিন হঠাৎ ৰাংঢালী গৈ ওলাল |


আকাশ - ৰাংঢালী তুমি ইয়াত |


ৰাংঢালী - কিয়??? আহিব নোৱাৰো নেকি মোৰ বন্ধুৰ হোটেলত??


আকাশ - পাৰা কিয় নোৱাৰিবানো |


ৰাংঢালী - আজি অফিচৰ পৰা সোনকালে ওলালো | ভাবিলো তোমাৰ হোটেলতে কিছু সময় অতিবাহিত কৰো আৰু লগতে তোমাৰ হাতৰ চাহকাপো খাই যাও |


     এনেকৈ কোৱাত আকাশে লগালগ তাইৰ বাবে চাহ দুকাপ বনাই আনিলে |


ৰাংঢালী - কেনে চলিছে আকাশ এই হোটেলখন?


আকাশ - বৰ্তমান ঠিকেই আছে বাৰু |


ৰাংঢালী - টেনচন নলবা | লাহে লাহে সকলো ঠিক হৈ যাব, মাথো হাৰি নাযাবা | মনত ৰাখিবা যিটো কাম মন দি কৰিবা সেইটো কামত এদিন হলেও সফলতা পাবা |


আকাশ - ধন্যবাদ ৰাংঢালী |


◆◆◆◆◆◆◆◆

     দিনবোৰ বাগৰি গ'ল | এনেদৰেই আকাশ আৰু ৰাংঢালীৰ বন্ধুত্বও ৩ বছৰ পাৰ কৰিলে | 


     দুয়োটাৰে বন্ধুত্ব দিনে দিনে বাঢ়ি গৈ থাকিল আৰু লগতে আকাশেও দুখনকৈ ডাঙৰ হোটেল খুলিবলৈ সক্ষম হল | যিহেতু সি মন দি কাম কৰিছিল, সেইবাবে আজি সফলতা পাবলৈও সক্ষম হল | মা-দেউতাকেও তাৰ সফলতাৰ আৰত থকা কষ্ট দেখি গৌৰৱ অনুভৱ কৰিলে |


     জীৱনত সি যি বিচাৰিছিল আজি পালে | মা-দেউতাকৰ মুখত তাৰ সফলতাখিনি দেখি দুয়োৰে ওঠত ফুটি উঠা হাঁহিটি চাই আকাশৰ আৰু বেছি ভাল লাগিল |


     ইয়াতকৈ আৰু ডাঙৰ কথা কি হব পাৰে !! আজি হয়তো ৩ বছৰ আগত সিও ভবা নাছিল যে ইমানখিনি সফলতা পাব বুলি | কিন্তু আজি সি কৰি দেখুৱালে একমাত্ৰ নিজৰ ওপৰত থকা বিশ্বাস আৰু সাহসৰ বাবে |


     চাকৰি কৰাৰ আশাৰ পিছত দৌৰি ভাগৰি পৰা লৰাজনে আজি নিজেই নিজৰ ভৰিত থিয় দিলে | এখন সামান্য হোটেলৰে আৰম্ভ কৰি আজি ডাঙৰকৈ দুখন হোটেল খুলিলে আকাশে |


     আকাশে তাৰ সফলতাৰ কথা ৰাংঢালীক কোৱা নাছিল | সি ভাবিছিল যে ৰাংঢালীক মনৰ কথাবোৰ কব আৰু তাৰ সফলতাৰ কথাও কব | যিহেতু সি অন্তত এতিয়া বেকাৰ আকাশ নহয় | এতিয়া সি ৰাংঢালীক মনৰ কথা কৈ দিলে আৰু যদি তাই সন্মতি দিয়ে একো অভাৱ নোহোৱাকৈয়ে নিশ্চয় ভালদৰে তাইক ৰাখিব পাৰিব |


     সি সন্ধিয়া ৰাংঢালীক ফোন কৰিলে |


আকাশ - ৰাংঢালী, তোমাৰ অফিচ ছুটী হলে আজি অলপ সময় লৈ আমি যত প্রথম দেখা হৈছিলো মানে বাছষ্টেনডলৈ আহিবা | অলপ কথা আছে, আৰু অলপ সময় লৈ আহিবা |


ৰাংঢালী - ঠিক আছে আকাশ | লগ পাম বাৰু |


     সন্ধিয়া সময়ত দুয়োটাই বাছষ্টেনডত লগ হল |


ৰাংঢালী - কোৱা আকাশ | কি কথা আছিল |


আকাশ - চোৱা ৰাংঢালী | আজি যিটো কথা মই তোমাক কবলৈ গৈ আছো মই নাজানো ভাল কৰিব গৈ আছোনে বেয়া কৰিব | কথাষাৰ কলে হয়তো তুমি মোক হয়তো বেয়াও পাব পাৰা | কিন্তু মোৰ উপায় নাই কিয়নো,,, মনৰ ভিতৰতে সেই কথাষাৰ ৰাখি থৈ দিব নোৱাৰো!! আজি ৪ বছৰ হল | কথাষাৰ মনৰ ভিতৰতে ৰাখি ৰাখি নিজক কষ্ট দি আছো | আজি তোমাক কম বুলি ভাবিছো…


ৰাংঢালী - কোৱা আকাশ কি কথা কোৱা | মই বেয়া নাপাও |


আকাশ - অজানিতে তোমাক লগ পালো | সেই প্রথম দিনটো যিদিনাখন তোমাক দেখিছিলো ইয়াতেই বাছষ্টেনডত | ভগৱানক ধন্যবাদ মোক আগতেই কোনো ইন্টাৰভিউত পাছ কৰাই নিদিলে | নহলে চাগে তোমাক লগ নাপালো হেঁতেন | না তোমাক ভাল বন্ধু হিচাপে পালো হৈ…! সেইদিনা খন কবলৈ গলে প্রথম চাৱনিতে তোমাৰ প্রেমত পৰিছিলো | লাহে লাহে একপক্ষীয় ভাৱে তোমাৰ বিনা অনুমতিত তোমাক ভাল পাবলৈ ললো আৰু সপোনো দেখিব ললো | মোৰ মনৰ মাজত ভালপোৱা দিনক দিনে বাঢ়ি গ'ল কিন্তু কবলৈ সাহস কৰা নাছিলো কাৰন তেতিয়া মই বেকাৰ আছিলো | জীৱনত উজুটি বহুত খালো কিন্তু তুমি আকৌ উঠাই দিলা | তোমাৰ বন্ধু হিচাপে মোলৈ থকা মৰম আৰু বিশ্বাসে আৰু মা-দেউতাই দিয়া মৰম-সাহসত সমাজৰ কথা চিন্তা নকৰি এখন হোটেল খুলিলো সৰুকৈ হলেও | আৰু লাহে লাহে এতিয়া কিছু সফলতাও পালো | মই নিজক প্রতিশ্রুতি দিছিলো যে যেতিয়ালৈকে একো এটা নকৰো তেতিয়ালৈ তোমাক ভালপোৱাৰ প্ৰতিশ্ৰুতি নিদিও | আজি নিজেই নিজৰ ভৰিত থিয় দিছো | সেইবাবে মনৰ কথাষাৰ কলো | যদি পাৰা মোৰ জীৱনৰ লগৰী হবানে তুমি!!


ৰাংঢালী - বা,,, ভাল পাও বুলিতো চিধাই কব পাৰা | ইমানবোৰ কলা যে | আৰু শুনা, মোৰ মা-দেউতাৰ আগত কিন্তু বিয়াৰ কথা চিধা-চিধি কবা ইমান মেৰ পকাই নকবা | কৰ্মত ডাঙৰ সৰু নাই নো, কেৱল কষ্ট আৰু টকাৰ হে কম বেছি | পিছে মই দামী বস্তু নিবিচাৰো, মাথো গোটেই জীৱন একেলগে থাকি সচা মৰম দিলে তাতেই মই সুখী |


     ৰাংঢালীয়ে তাইৰ হাত এখন আকাশলৈ আগবঢ়ালে | আকাশেও…!!


ৰাংঢালী - আৰু এটা সুখবৰ শুনাচোন, মোৰ চাকৰিত প্রমোচন হল |


আকাশ - বা, বা,,, অভিনন্দন মিছ ৰাংঢালী | লগতে মই আজি তোমাৰ আৰু মা-দেউতাৰ মৰম-সাহস আৰু বিশ্বাসত দুখন ডাঙৰ হোটেল খুলিবলৈ সক্ষম হলো | ধন্যবাদ ৰাংঢালী |


ৰাংঢালী - সেয়া তোমাৰ নিজৰ কষ্ট হয় আৰু কষ্টৰ ফল তুমি পাইছা | আগবাঢ়ি যোৱা | আমি দুয়ো সদায় আছো |


     আকাশে নিজৰ মনৰ কথাবোৰ কৈ বহুত শান্তি পালে আৰু ৰাংঢালীয়ে যে সন্মতিও দিলে সি বহুত নিজকে ভাগ্যৱান আৰু সুখী অনুভৱ কৰিলে |


     সঁচাকৈ ভালপোৱা সচাই আচৰিত | অন্তৰত কাৰোবাৰ কাৰনে মৰম থাকিলে আৰু আপোনজনৰ পৰা পোৱা মৰম, সাহস আৰু বিশ্বাস থাকিলে যিকোনো ভাল কামতে সফালতা লাভ কৰিব পাৰি | মাথো সেই মৰমবোৰ সঁচা হব লাগে |


◆◆◆ সমাপ্ত ◆◆◆


[ বিদ্ৰো: ৰাংঢালীৰ এই চুটি কাহিনীৰ উপন্যাসখনৰ আজি সমাপ্তি ঘটিল। এই কাহিনীটোৰ যিকোনো

খণ্ডবোৰ পঢ়িব বিচাৰিলে তলত ক্লিক কৰি চাব পাৰিব অথবা Google -ত ৰাংঢালী প্ৰেম ভালপোৱাৰ কথাৰে বা ৰাংঢালী চুটি কাহিনী ইত্যাদি লিখিও সকলোবোৰ খণ্ড অতি সহজে চাব পাৰিব।


নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ সময়মতে পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব। ]




ৰাংঢালী - প্ৰেম ভালপোৱাৰ চুটি কাহিনী

বিলকিচ পাৰবিন চৰকাৰ

RANGDHALI
An Assamese Emotional Short Love Story,
Romantic Axomiya Love Stroy,
New Assamese Short Story,
Sad Story In Assamese | Ankur Das |
Bilkis Parbin Sarkar |
Assamese Short Love Story |
Emotional Assamese Love Story |
Daily Assamese Status

[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

No comments:

Post a Comment