প্ৰেম বিবাহ আৰু বিচ্ছেদ
গিৰিয়েকৰ লগত তুমুল কাজিয়াৰ পিছত খঙতে পত্নীয়ে দেউতাকৰ ঘৰলৈ গ'ল গৈ, আৰু যোৱাৰ আগতে কৈ গ'ল…
"মই জীয়াই থকালৈকে তোমাক মোৰ মুখ কেতিয়াও নেদেখুৱাও।"
দুদিন পিছত খং কমি যোৱা পিছত গিৰিয়েকে পত্নীক ফোন কৰিলে আৰু ক'লে…
"মোৰেই ভুল, ক্ষমা কৰি দিয়া, এনেকুৱা আৰু কেতিয়াও নহব, মই তোমাক কথা দিছো, তুমি আহা…!"
পত্নী:- তোমাৰ ওচৰত কিবা গ্লাছ আছে নেকি ?
গিৰিয়েক:- হয় আছে।
পত্নী:- গ্লাছটো হাতত লোৱা।
গিৰিয়েক:- হুমমম গ্লাছটো হাতত ললো।
পত্নী:- গ্লাছটো জোৰেৰে মাটিত মাৰক।
গিৰিয়েক:- মাৰিলো। (পত্নীয়ে কোৱা মতে গিৰিয়েকে সেয়াও কৰিলে)
পত্নী:- তোমাৰ ইচ্ছা থাকিলেও এইবাৰ সেই হাজাৰটা ভাঙি যোৱা গ্লাছৰ টুকুৰা ঠিক কৰি আগৰ দৰে কৰিব পাৰিবা নে ?
গিৰিয়েক:- নাই কেতিয়াও মিলাব নোৱাৰে, কাৰণ গ্লাছটো ভঙাই নাই, প্লাষ্টিকৰ গ্লাছ আছিল যে…!
পত্নী:- জংঘলী, অসভ্য, সৰু মানু্হ…! মই তোমাক আৰু মানু্হ কৰিব নোৱাৰিলো, আজি ৰাতি অফিচৰ পৰা ইয়ালৈ আহিবা, ঘৰলৈ যাম।
প্রিয় বন্ধুসকল, এই কাহিনীটোৰ পৰা আমি কি বুজি পালো ?
আমি এইটোই বুজি পালো যে-
"হৃদয়খন কাঁচৰ গ্লাছৰ দৰে নহয়, প্লাষ্টিকৰ গ্লাছৰ দৰে কৰি ৰাখিব লাগে যাতে কোনোবাই আঘাত কৰিলেও ভাঙিব নোৱাৰে।
হৃদয়খন প্লাষ্টিকৰ দৰে থাকিলে কেতিয়াবা কেতিয়াবা ভঙা সংসাৰখনো মিলি এক হৈ যায়।"
No comments:
Post a Comment