মনৰ নিজানত জোনাক নামিলে | বৰ্ণালী পাঠক | Monor Nijanot Jonak Namile | Barnali Pathak | Assamese New Love Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

মনৰ নিজানত জোনাক নামিলে | বৰ্ণালী পাঠক | Monor Nijanot Jonak Namile | Barnali Pathak | Assamese New Love Story

মনৰ নিজানত জোনাক নামিলে


: আৰে, তই দেখোন মানুহ, মই ফুল বুলিহে ভাবিছিলো।


     ৰূমটোত সোমাইয়ে চিঞৰি উঠিল লুইত।

খঙতে চকু ঘোপাকৈ চাইছোঁ তালৈ। আমৈয়ে গালি দিছে তাক,


: ছোৱালীজনী আহিছে মাথোন, আৰম্ভ হ'লেইনে তোৰ?


: নহয় কি  মা? সোধাচোন তাইক… ফেচবুক, ৱাটচএপ সবতে প্ৰফাইলৰ ঠাইত ফুলৰ পুলি নাইবা বাগিছা। মই সেয়ে ইমানদিনে গছ বুলি ভাবিছিলো আকৌ, মোৰনো কি দোষ? ন কাবু?


     খঙটো উঠি আহিল আকৌ,


: অই… মোৰ নাম কাব্যশ্রী আৰু কুকি, তই কি কাবু কাবু কৰি থাক?


: ভাল লাগে যে...


: মাৰিম তোক...


: আগতে ধৰি দেখাচোন কেটেঙী...


     উপায় নাপাই আমৈক চিঞৰিছোঁ,


: আমৈ চাৱক না ইয়াক...


     আমৈৰ গালি খাই যেনিবা শান্ত হ'ল লুইত। আমৈৰ চকুৰ মণি মই, তাৱৈৰো। ছোৱালী নথকা ঘৰখনত মোৰ বৰ আদৰ। যিদৰে লুইত মোৰ মাহঁতৰ মৰমৰ।


     গা ধুবলৈ নিজৰ ৰূমত সোমালগৈ সি। অফিচৰ পৰা আহি পাইছেহে।


     গা ধুই ফ্ৰেচ হৈ আহি বহিল আকৌ ডাইনিং টেবুলত। মই আৰু আমৈয়ে জলপান ৰেডী কৰালৈ তাৱৈও আহি বহিলহি আমাৰ লগত।


     হাঁহি-মাতেৰে ভৰি পৰিল সন্ধিয়াটো।



     ৰাতিপুৱাই আহিছিলো আজি মই তাৱৈৰ ঘৰলৈ।

পৰহিলৈ এ.পি. এছ. চি বোৰ্ডৰ আগত ইন্টাৰভিউ আছে মোৰ। কলেজৰ প্ৰবক্তাৰ পোষ্ট। লিখিত পৰীক্ষা ভাল হৈছে যদিও ইন্টাৰভিউৰ বাবে বহুত নাৰ্ভাছ হৈ আছোঁ মই। জটিল প্ৰশ্নৰ  ভয় নাই মোৰ, কিন্তু আত্মবিশ্বাস কম পৰিছে মোৰ।


      নপৰিবই বা কিয়? আইনাত নিজকে দেখিলেই হীনমন্যতাত ভুগো মই। দেখাত অকণো ভাল নহয় মই। এককথাত আগঢ়ী বুলি কয় যে, মোৰ ক্ষেত্ৰত প্ৰযোজ্য।


       ইন্টাৰভিউ যদি মোৰ চেহেৰা দেখিয়েই নাকচ কৰি দিয়ে?


       আগতেও বহু ইন্টাৰভিউ বেয়া কৰিছোঁ মনৰ শংকাতে। কিন্তু এইবাৰ চৰকাৰী চাকৰি, সেয়ে বেছি চিন্তা হৈছে। মনত বহুতো শংকা লৈ চাহ-জলপান খাই আছোঁ। মাজে মাজে তাৱৈহঁতৰ কথাত হাঁহিলেও মনৰ চিন্তাবোৰ দূৰ হোৱা নাই।


      লুইতে চাগে ধৰিব পাৰিছে মোৰ মনস্থিতি। সেয়ে মোক কিবাকিবি কৈ জোকাই ব্যস্ত ৰাখিবলৈ চেষ্টা কৰি আছে।


     আগৰে পৰাই মোক জোকাই মাৰে সি। কিন্তু মোৰ ভাল বন্ধুও সি। ঠিক দেউতা আৰু তাৱৈৰ দৰে।


      স্কুলৰ দিনতে বন্ধু আছিল দেউতাহঁত। দেউতাই নলবাৰীতে স্কুলৰ চাকৰি পোৱাৰ বিপৰীতে তাৱৈৰ চাকৰি গুৱাহাটীত হ'ল। ইয়াতেই ঘৰমাটি কৰিলে যদিও গাঁৱলৈ অহাযোৱা কৰি থাকে।


     চাকৰিত সুমুৱাৰ আগলৈ লুইতো নিয়মিত আহিছিল গাঁৱলৈ। আজিকালিহে তাৰ সময় নোহোৱা হ'ল। আজিকালি অকল ফোনতে বা চচিয়েল মিডিয়াতহে লগ পোৱা হয় তাক। বহুত ব্যস্ত হৈ পৰিল সি চাকৰিত সুমুৱাৰ পৰা।


     হয়ো অৱশ্যে… আই. পি. এছ. অফিচাৰ লুইত বৰুৱা। গুৱাহাটীত চিটীতে পোষ্টিং যোৱা ছমাহৰ পৰা, তাৰ আগতে যোৰহাটত আছিল।


     সৰুৰে পৰা পঢ়াত মধ্যমীয়া লুইত আই. পি. এছ. অফিচাৰ হোৱাৰ আঁৰৰ কাহিনী জানো মই।


     বি. বৰুৱা কলেজত থাকোতে এজনী ছোৱালী আহিছিল তাৰ জীৱনলৈ। পূবালী শইকীয়া.. বিৰাট ধুনীয়া আছিল দেখাত। ভাল মিলিছিল লুইতৰ লগত। দেখাত যথেষ্ট দেখনিয়াৰ লুইত। ছফুট ওখ উচ্চতা, মিঠা বৰণ আৰু তাৰ বেৰীয়া দাঁতটোৰে ছোৱালীবোৰ মাজত বহুত জনপ্ৰিয় আছিল লুইত। পুলিচত সুমুৱাৰ পিছত আৰু ভাল লগা হৈছে লুইতৰ ব্যক্তিত্বটো।



     ইমান সুঠাম চেহেৰাৰ অধিকাৰী হোৱাৰ পিছতো পূবালী আঁতৰি গ'ল তাৰ জীৱনৰ পৰা। ডিগ্ৰী পৰীক্ষাৰ পিছতেই ঘৰৰ পৰা ঠিক কৰা চৰকাৰী চাকৰিয়াল এজনৰ লগত বিনা প্ৰতিবাদে বিয়াত বহিল পূবালী।


      ভাঙি পৰিব লাগিছিল লুইত, কিন্তু সি নিজকে চম্ভালি ল'লে। এক জেদত দিনৰাতি একাকাৰ কৰি পঢ়াত ডুবাই দিলে নিজকে।


     সহজ নাছিল পিছে তাৰ যাত্ৰা। প্ৰথমবাৰ অসফল হোৱাৰ পিছত দ্বিতীয়বাৰহে বাচনিত উঠিছিল সি।


      আজি তাৰ সফলতাত বৰ সুখী মই। তাৰ কঠোৰ পৰিশ্রমৰ ফল পাইছে সি। চাহ-জলপান খাই গেষ্টৰুমত বহি কিতাপ মেলিছোঁ। লুইত ফোনত ব্যস্ত, তাৱৈ-আমৈ টিভিৰ সন্মুখত।


     পঢ়িবলৈ ওলাইও কিতাপখন নেমেলাকৈ নিজৰ চিন্তাতে মগ্ন হৈ পৰিলো। কিবাকৈ চাকৰিটো পালে জীৱন সুস্থিৰ হৈ পৰিব মোৰ।


      কমতো চিন্তাত পেলোৱা নাই মই মা-দেউতাহঁতক। মোৰ আগত একো নেদেখুৱালেও বুজি পাওঁ তেওঁলোকৰ অৱস্থা।


      মোৰ লগৰ ছোৱালীবোৰৰ বিয়াৰ খবৰ পালে মুখ দুখন শুকাই যায় দুয়োৰে। এম. এ. কৰাৰ পিছত দুটামান খবৰ মোলৈও নহা নহয়। কিন্তু মোক দেখাৰ পিছত কথা আগনাবাঢ়ে। মোৰ নিজৰ বিয়াক লৈ কোনো উৎসাহ নাই, কিন্তু মা-দেউতাহঁতৰ আৱেগ বুজি পাওঁ। দিনে দিনে বাঢ়ি আহিছে তেওঁলোকৰ দুখবোৰ।


: অই ফুলপাহ… কি ভাবি আছ?


      লুইতে মোৰ বেনীডালত ধৰি টনাত তন্দ্ৰা ভাঙিছে মোৰ। কেতিয়া সি ৰুমত আহি সোমালহি ক'বই নোৱাৰিলো।


: মাৰ খাবি লুইত, অনবৰতে ফাল্টুমী।


: আৰু তই অনবৰতে গহীন...


: তই কি বুজিবি মোৰ টেনশ্যন!


: বুজাই দে...


: বাদ দে যা… মোক পঢ়িব দে।


: বহুত পঢ়িলি… ব'ল অলপ ওলাই যাওঁ।


: এই ৰাতিখন?


: ৰাতি? আঠ বাজিছেহে… ব'ল আইচক্ৰীম খাই আহোগৈ।


: আইচক্ৰীম?


      ঠিক জানে সি মোক ভুলাবলৈ। আইচক্ৰীম মোৰ ডাঙৰ দুৰ্বলতা।


      কাপোৰ সলাই ওলাই আহিলো দুয়ো। তাৱৈ-আমৈকো লগ ধৰিছিলো, কিন্তু গধূলি তেওঁলোকে অসমীয়া চিৰিয়েল কেইখন নেৰে।


      লুইতৰ নতুন গাড়ীখনতে ওলাই আইচক্ৰীম পাৰ্লাৰ পালোগৈ।


      মোৰ পছন্দৰ ফ্ৰেভাৰৰ আইচক্ৰীমটো হাতত তুলি দি কৈছে লুইতে,


: নাৰ্ভাছ হৈছ ইন্টাৰভিউৰ কাৰণে?


: ওঁ… অলপ অলপ!!


: কিয়? পঢ়াততো তই আগৰে পৰা ভাল। মোৰ বোধৰে তই নিজক লৈ হীনমন্যতাত ভুগিছ, ঠিক কৈছোনে?


     একো নামাতিলো মই। আকৌ কৈছে সি,


: সঁচা ক কাবু, নিজৰ চেহেৰা লৈ আত্মবিশ্বাস কমিব ধৰিছে ন তোৰ?


      বুকুখন গধুৰ যেন লাগিছে মোৰ, ইমান যে বুজি পায় লুইতে মোক,


: ভয় লাগিছে লুইত, মোক যদি নাকচ কৰে ইন্টাৰভিউত?


: কিয় মানুহৰ চেহেৰা চাই চাকৰি দিয়ে নেকি? তোৰ মেধা নাচাব? তোৰ একাডেমিক কেৰিয়াৰ ইমান ব্ৰাইট, তাৰ পিছতো তই কিয় ইমান টেনশ্যন লৈছ। কুল ডাউন… ঠাণ্ডা মগজুৰে ভালদৰে দিবি। মোৰ মনে কয়, তই চিলেক্ট হ'বি। চেহেৰা জৰুৰী নহয় অ...


: তোৰ কাৰণে ক'বলৈ ভাল। হেণ্ডচাম আই. পি. এচ. অফিচাৰ… এবাৰ নিজকে মোৰ ঠাইত ৰাখি চা। এই চেহেৰা, গাৰ ৰঙেই চাবি নে মুখৰ ভাজ? মোৰ চেহেৰাই মোৰ ডাঙৰ শত্ৰু… মানুহে দেখিয়েই পলাই। তোক দেখিলে ছোৱালী পাগল হৈ পৰে, তই কি বুজিবি? আই. এম. চিউৰ… এই পাৰ্লাৰত বহি থকা সকলোৱে আচৰিত হৈছে মোৰ নিচিনা আপচু এজনীৰ লগত তোৰ নিচিনা ল'ৰা এটা সোমাই অহাই..


     একে উশাহতে মনৰ গোটেই বিতৃষ্ণা জাৰি দিলো লুইতৰ আগত।


     গহীন হৈ পৰিল লুইত, শান্ত সুৰেৰে কৈছে,


: ভুল ক'লি কাবু… তোৰ চেহেৰা যদি তোৰ শত্ৰু, মোৰ কি বেলেগ? মোৰ চেহেৰা দেখিয়েই পূবালী আহিল মোৰ জীৱনলৈ, কিন্তু মই ভালপোৱা নাছিলো তাইৰ বাবে। কলেজৰ দিনবোৰত মোৰ হৃদয়ৰ লগত খেলি ঘৰৰ পছন্দ মতে বিয়াত বহিল। আজিও মোৰ চেহেৰা দেখি ছোৱালীবোৰে একপলকতে মোৰ প্ৰেমত পৰে, মোৰ লগত বিয়াত বহিবলৈ ইচ্ছা কৰে...


: তাতে? সেইটো কি বেয়া কথা?


: নুবুজিলি তই.... অকল সুন্দৰ চেহেৰা দেখিয়েই জগা অনুভূতি প্ৰেম হ'ব পাৰে জানো? মোক ভালদৰে নজনাকৈ কেৱল মোৰ চেহেৰা দেখি প্ৰেম কেনেকৈ হ'ব পাৰে কাৰোবাৰ? যদি মই মানুহজন বেয়া হওঁ?


: কিন্তু তই কিমান ভাল আমি জানোতো।


: তহঁতহে জান মোক, কিন্তু এদিনৰ চিনাকি ছোৱালী এজনীয়ে মোক দেখিয়েই প্ৰেম নিবেদন কৰিলে কি বুজিম ক? তাৰমানে মোৰ চেহেৰা চাইহে প্ৰেমত পৰিছে, মোৰ অন্তৰখনৰ কোনো গুৰুত্ব নাই। তোৰ আৰু মোৰ কাহিনী প্ৰায় একেই। তোৰ চেহেৰা দেখি যদি মানুহে প্ৰেম কৰিব নোখোজে তেনেহ'লে মোৰ চেহেৰা দেখিয়েই আন একো নভবাকৈ প্ৰেমত পৰে। আমাৰ মনটোক কোনেও বুজিবই চেষ্টা নকৰে। মন বা চৰিত্ৰতকৈও কি চেহেৰা বেছি জৰুৰী বস্তু কাবু, তই কচোন?


: ওঁহো… কেতিয়াও নহয় লুইত।


: তেনেহ'লে তোৰ আৰু মোৰ অৱস্থা একে নহয় জানো? এতিয়াতো আৰু ডাঙৰ প্ৰব্লেম… চেহেৰা আৰু চাকৰি চাই ছোৱালী প্ৰেমত পৰে। মোৰ অন্তৰখনৰ কি কোনো গুৰুত্ব নাই?


     থতমত খাই গ'লো, সঁচাইতো কৈছে লুইতে।

সপোনতো ভবা নাছিলো যে সুন্দৰ চেহেৰাৰ গৰাকীৰো জীৱনত কিবা আক্ষেপ থাকিব পাৰে।


: তই সেয়ে নিজক লৈ হীনমন্যতাত ভুগা বাদ দে। প্ৰফাইলত গৰ্বৰে সৈতে নিজৰ ফটো দে। তাতকৈও ডাঙৰ কথা, আত্মপ্ৰত্যয়ৰে ইন্টাৰভিউ দে। তোৰ যোগ্যতা আছে এই চাকৰিটো পাবলৈ। নিজৰ মেধাৰ ওপৰত বিশ্বাস ৰাখ কাবু। তই ধুনীয়া  কাৰণ তোৰ অন্তৰখন ধুনীয়া। তোৰ স্বভাৱ-চৰিত্ৰ ভাল, সেয়ে তই সুন্দৰ। তই পৰিশ্রমী  সেয়ে তই সুন্দৰ। এই কথাটো নাপাহৰিবি কেতিয়াও।


: থেংকছ… লুইত, জীৱনটোক অন্যধৰণেৰে চাবলৈ শিকালি তই মোক।


: হ'ব… থেংকছ নালাগে, চাকৰি পালে কিবা দিবি মোক।


: সঁচাকৈ দিম… তোক যি লাগে তাকেই দিম। বহুত সাহস দিলি তই মোক লুইত। বহুত কনফিডেন্ট ফীল কৰিছোঁ অ। তই বহুত জ্ঞানী হ'লি অ… বেচেৰী পূবালী, বৰ মিছ কৰিলে তাই।


     হাঁহিছে লুইতে, আগতকৈও আকৰ্ষনীয় লাগিছে তাক।


: তই কিন্তু পূবালীক থেংকছ ক'ব লাগে জান নে? তাই তোক ডাম্প নকৰা হ'লে ক'ত তই আজিৰ পজিশ্যন পাবলৈ কষ্ট কৰিলি হয়।


: ওঁ… ঠিকেই কৈছ তই।


: তাইক বিচাৰি থেংকছ কৈ আহিবি।


: বিচাৰিব কিয় লাগে? জানোৱেই ক'ত থাকে। লগো পাওঁ মাজে মাজে..


: কি কৱ? ক'ত?


: তাইৰ হাজবেণ্ড মোৰেই তলত কাম কৰে। অফিচিয়েল পাৰ্টি এটাত লগ পোৱাৰ দিনা বেচেৰীৰ কি অৱস্থা… আজিকালি সেয়েই গিৰিয়েকৰ লগত নাহে পাৰ্টিবোৰলৈ চাগে।


: ইস… কি ফিল্মী চিটুৱেশ্যন দেখোন! তোৰ কেনে লাগিল পিছে তাইক ইমান বছৰৰ পিছত দেখি?


: একো ফীল নহ'ল অ… তাই আচলতে মোক কেতিয়াও ভালেই পোৱা নাছিল অ। কলেজৰ ধুনীয়া ল'ৰাটোৰ লগত অলপ খেলিলে বচ্...


: তোৰ আৰু কেতিয়াও প্ৰেম নহ'ল ?


: ওঁহো… পূবালীৰ বাৰতে ভাল শিক্ষা হ'ল। এতিয়া মনেই নোযোৱা  হ'ল, তাতে পুলিচৰ চাকৰিত প্ৰেম কৰিবলৈ সময় ক'ত!


: সদায় কি এনেকৈয়ে থাকিবি?


: কিয় থাকিম? মাহঁতে ছোৱালী চাব, বিয়া পাতিম।


: তোৰ জীৱনসংগী বহুত লাকী হ'ব লুইত। তোৰ অন্তৰখন বহুত ভাল।


: আচ্ছা? চাওঁচোন।


◆◆◆◆◆◆◆◆◆◆◆◆


     মুখত হাঁহি এটা লৈ ওলাই আহিলো ইন্টাৰভিউ ৰুমৰ পৰা।


      লুইত ৰৈ আছিল বাহিৰত গাড়ীলৈ। মনটো ভাল লাগি গ'ল তাক দেখিয়েই। উঠি বহিলোগৈ  তাৰ কাষত। আজি অফিচ নগ'ল সি মোৰ বাবে। যোৱাকালিও অফিচৰ পৰা আহি মোক ইন্টাৰভিউৰ কাৰণে সহায় কৰিছে। কেনেধৰণৰ প্ৰশ্ন সুধিব পাৰে, কেনেকৈ উত্তৰ দিম… বহুত শিকাইছে মোক। মোৰ সাহস হৈ থিয় দিয়া ল'ৰাটো আগতকৈও প্ৰিয় হৈ পৰিছে মোৰ। হয়তো মই...


      মোৰ ভাৱনাত যতি পেলাই মোলৈ চাই কৈছে সি,


: ভাল হ'ল নিশ্চয়?


: ওঁহো...


: তেনেহ'লে হাঁহি আছ যে?


: ভাল নহয়, বহুত ভাল হ'ল… পাম যেন মনত বিশ্বাস জাগিছে। আৰু যদি নাপাওঁ, তথাপি দুখ নকৰো। অহা মাহত আৰু দুটামান আছে… কৰবাত নিশ্চয় পাম।


: ভাল লাগিছে তোৰ কনফিডেন্স দেখি কাবু। চাকৰি পালে মোৰ গিফ্ট নাপাহৰিবি কিন্তু।


: কেতিয়াও নাপাহৰো… কি লাগে ক'বি।


: যি খোজো দিবি? পাৰিবি জানো?


: কি লাগে কৈ চা, সামৰ্থ্য থাকিলে নিশ্চয় দিম।


: মোৰ অন্তৰখনৰ দায়িত্ব ল'বি?


: কি? ধেমালি নকৰিবি।


: নাই কৰা… তই মোৰ ভাল বান্ধৱী কাবু, মনে কয় তোতকৈ ভাল জীৱনসংগী আন কোনো নহ'ব মোৰ বাবে।


: কিন্তু লুইত?


: কিন্তু কি?


: আমাৰ যোৰাটো দেখাত...


: আকৌ দেখাৰ কথা ভাবিছ কাবু?


: দেখাৰ কথা নাভাবিলেও, আমি জানো ভাল পাওঁ ইজনে আনজনক? আমাৰ বন্ধুত্বক প্ৰেমৰ নাম দিব খুজিছ কিয়?


: কাৰণ মই যে লাহে লাহে পৰিলোৱে তোৰ প্ৰেমত। যোৱা দুদিন এক বিশেষ অনুভূতিয়ে ঘৰ কৰিছে মোৰ হৃদয়ত। যেন আমাৰ সম্পৰ্কই নাম সলাব ধৰিছে। অনবৰতে তোৰ কাষত থাকিবলৈ মন যোৱা হৈছে মোৰ। আজিও দৰকাৰী কাম বাদ দি ছুটী লৈছোঁ কেৱল তোৰ লগত সময় কটাবলৈ। তোৰ একো অনুভৱ হোৱা নাই?


চুপ হৈ পৰিলো মই।


মুখেৰে স্বীকাৰ নকৰিলও ময়ো যোৱা দুদিনত এক মিঠা আৱেশত ডুবি আছোঁ চোন। লুইতৰ মোৰ প্ৰতি বিশেষ ধ্যানে মনত জগাইছে এক অনন্য অনুৰাগ। কিন্তু অলীক কল্পনা বুলি গুৰুত্ব দিব খোজা নাছিলো। ক'ত সি ক'ত মই। কিন্তু আজি তাৰ কথাত বুকুখন কঁপি উঠিব ধৰিছে মোৰ।


      গালখন গৰম হৈ আহিছে। বগা ছোৱালী হোৱা হ'লে ৰঙাছিঙা পৰিলো হয়।


      কিন্তু ৰঙা নপৰিলেই কি আৱেগবোৰ বেলেগ হৈ যায়?


      ওঁহো নাযায়… ময়ো চাগে প্ৰেমত পৰিব ধৰিছোঁ লাহে লাহে।


      আহ… কি এক সুন্দৰ অনুভৱ!


      লাজতে তলমূৰ কৰিছোঁ মই। আকৌ সুধিছে লুইতে,


: একো নকৱ? নিদিয় উত্তৰ মোৰ প্ৰশ্নৰ?


: মুখেৰে উত্তৰ দিয়াতো জৰুৰী নেকি?


: তাৰ মানে, তয়ো… অস, কাবু.... আই লাভ ইউ।


: আই লাভ ইউ টু… কিন্তু...


: য়েচ… য়েচ… য়েচ… আৰু কোনো কিন্তু নাই… এতিয়াই মাহঁতক কওঁগৈ।


: কি কৱগৈ?


: মোৰ কাৰণে ছোৱালী বিচাৰি কষ্ট কৰিব নালাগে আৰু।


: ইস… লুইত, আমৈহঁতৰ আগত লাজ লাগিব মোৰ।


: লাজবোৰ বচাই থ… পিছত নালাগিব জানো?


      চকু টিপ মাৰি কোৱা তাৰ কথাটোত গাল দুখন আৰু গৰম হৈ উঠিল মোৰ। ৰঙা নপৰিলেও ভাল লাগিল এই অনুভূতিটো।


       বুকুৰ সমস্ত আৱেগ সানি লুইতলৈ চাইছোঁ,

সি চাইছে মোলৈ। হেৰাই গ'লো দুয়ো দুয়োৰে চকুৰ মাজত।


~~~~সমাপ্ত~~~~


✍️             

পূজাৰী মই তোমাৰ প্ৰেম মন্দিৰৰ
              Read Now:

এপাহী ৰঙা গোলাপ আৰু সন্ত্ৰাস
           Read Now:
      
নিয়তিৰ বাট আৰু আৰ্তনাদ 

           Read Now:

মনৰ নিজানত জোনাক নামিলে
An Assamese Love Story
Emotional Axomiya Short Story
Heart Touching Assamese Sad Story
"Monor Nijanot Jonak Namile"
Written By
Barnali Pathak

Daily Assamese Status

Ruli Rani
Jonak Axom ৰ ছোৱালীজনী

[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

No comments:

Post a Comment