নাৰী দিৱসৰ শুভেচ্ছা বাণী | অসমীয়া ষ্টেটাছ | Womens Day Best Assamese Status For Girls | Assamese Quotes For WhatsApp And Facebook | New Axomiya Romantic Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

নাৰী দিৱসৰ শুভেচ্ছা বাণী | অসমীয়া ষ্টেটাছ | Womens Day Best Assamese Status For Girls | Assamese Quotes For WhatsApp And Facebook | New Axomiya Romantic Status

নাৰী সৃষ্টিৰ শলিতা
নকৰিবা নাৰীক কলংকিতা


নাৰী স্বাধীন হোৱাৰ এক বিশেষ সপোন! সপোনবোৰ জানো বাস্তৱ হ’ব পাৰে! কিন্তু বাস্তৱ মুখী কৰাৰ প্ৰয়াস নিশ্চয় সকলো নাৰীয়ে কৰে।


নাৰী হ’ল শক্তি। সেয়ে নাৰীক মা দূৰ্গা আৰু কেতিয়াবা মা কালিৰ ৰূপত অংকন কৰা হয়। নাৰী মানেই দেৱী!


সেয়ে নাৰীক সন্মান কৰি বহুত ঠাইত নাৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা গৈছে! নাৰী শিক্ষিত হ’লেহে দেশৰ উন্নতি হ’ব।


নাৰী দিৱসৰ যদি মূল্য আছে তেনেহ’লে উন্নয়ন শীল দেশবোৰত ডাইনী হত্যা, নাৰী বলৎকাৰ, দেহ ব্যৱসায়, যৌতুক প্ৰথা, কন্যা ভ্ৰূণ হত্যা আদিৰ দৰেই নানান কুসংস্কাৰেৰে নাৰীৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ নিৰ্যাতন কিয় দিনে বাঢ়ি আছে?


আজিৰ যুগত ভাৰতীয় নাৰীয়ে সময়ৰ লগত খোজ মিলাই পুৰুষৰ সমানেই আগবাঢ়ি আহিছে। নাৰী আৰু পুৰুষৰ পৰিপুকতাত হে এখন সমাজ বৰ্তি আছে। নাৰীক বাদ দিলে পুৰুষ জাতি অকলে বিকলাংগ হৈ পৰিব। এজনক বাদ দি অইন এজন অচল, অসম্পূৰ্ণ।


এইয়া পুৰুষ তান্ত্ৰিক সমাজ সেয়ে নাৰী সদায় অৱহেলিত নিৰ্যাতিত পুৰুষৰ হাতত। আমাৰ দেশ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ তিনি কুৰি দহ বছৰৰ পিছতো নাৰীয়ে স্বাধীনতা নাপালে।


ৰাতিপুৱা উঠি বাতৰি কাকত বোৰত চকু ফুৰালেই মাথোঁ দেখা পাওঁ নাৰী নিৰ্যাতিত বাতৰি। এজনী নাৰীৰ শৰীৰ বলৎকাৰৰ এই বাতৰি বোৰ বহুতৰ বাবে মাথোঁ খবৰ!


বিশ্ব নাৰী দিৱস পালন কৰিলেই জানো নাৰীৰ যন্ত্ৰণা ময় ছবিখন নাইকিয়া হৈ যাব? ভাৰতৰ দৰে গনতান্ত্রিক দেশ এখনত নাৰীৰ অস্তিত্ব নো কোন! তাৰ বাবে জগৰীয়া কোন? আমাৰ শিক্ষা ব্যৱস্থা, আমাৰ সমাজ ব্যৱস্থা, নে মাক বাপেকৰ সংস্কাৰ??


শেষত নাৰী দিৱসৰ দিনা সকলো নাৰীকে আমাৰ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্বাপন কৰিলোঁ! আঁশা কৰো কোনো পুৰুষৰ কামনাৰ বলি নাৰী আৰু নহয় যেন। নাৰীক দিয়ক সৎ সাহস অন্যায়ৰ বিৰুদ্ধে কথা কোৱাৰ।


নাৰী তুমিয়েই সৃষ্টি তুমিয়েই ধ্বংসৰ কাৰণ! সমাজত যাতে নাৰীয়ে সকলো সুখ সুবিধা সন্মান পাই তাৰ কামনা সদায় কৰোঁ।


আহকচোন একেলগে পঢ়োঁ নাৰীৰ কিছুমান বিশেষ অসমীয়া ষ্টেটাছ, Assamese Quotes, সুখ দুখ আৰু কিছু হাঁহি ধেমালিৰে। আশা কৰোঁ নিশ্চয় পঢ়ি ভাল পাব।


আমাক ইনষ্টাগ্ৰামত ফলো কৰিবলৈ


 
নাৰী সকলোৰে পছন্দৰ
কেৱল নাৰীৰ স্বাধীনতা খিনিহে
কাৰো পছন্দৰ নহয়।
লিখা- হেৰেম্ব বৰ্মন।


আজি আন্তৰ্জাতিক নাৰী দিৱস
নাৰীক ভোগৰ সামগ্ৰী হিচাপে নহয়
তেজ-মঙহৰ মানুহ হিচাপে আঁকোৱালি লওক।
লিখা- হেৰেম্ব বৰ্মন।


আপুনি লাগিলে ৰাজ-অট্টালিকাতে থাকক
কিন্তু নাৰী অবিহনে এখন ঘৰ চলোৱা অসম্ভৱ।
লিখা- পুনাম নাথ।


নিজৰ বাহিৰে আনৰ ছোৱালী বোৱাৰীক
কু-লক্ষণী বুলি ভবা নাৰী সকলকো
নাৰী দিৱসৰ শুভেচ্ছা জনালোঁ।
ভগৱানে তেওঁলোককো মঙ্গল কৰক।
লিখা- ৰশ্মি পাঠক।


যি পুত্ৰই নিজ মাতৃক সন্মান দিব নাজানে
তেওঁ এগৰাকী নাৰীক ভাল পাই
সন্মান কি দিব!
লিখা- পংখী বৰ শইকীয়া।


Happy Women's Day
মাতৃ, পত্নী আৰু ভগ্নী ৰূপত
এগৰাকী নাৰীৰ অৱদান সদায় অতুলনীয়।


৯ ঘণ্টা পেটত শিল এটা ৰাখি চাবা
তেতিয়া বুজিবা মায়ে কিমান কষ্টত
তোমাক জন্ম দিছিল।
লিখা- ৰশ্মি পাঠক।

আমাক ইনষ্টাগ্ৰামত ফলো কৰিবলৈ



অপ্ৰিয় সত্য
ছোৱালী জন্ম দিয়াটো
বহুতেই পাপৰ ভাগি হোৱা বুলি ভাবে
কিন্তু শোৱাৰ সময়ত সেই ছোৱালীকেই
বিচাৰে সকলোৱে।
লিখা- ৰশ্মি পাঠক। 


এজনী ছোৱালীয়ে মনত একুৰা জুই
লৈ ফুৰিলেও সৰু সৰু কথাবোৰতো সুখী হৈ
হাঁহি হাঁহি আজীৱন পাৰ কৰিব পাৰে।
লিখা- অনিন্দিতা শইকীয়া।


কবিয়ে কৈছে-
নাৰীৰ চৰিত্ৰহীন বুলি কোৱাৰ কোনো পুৰুষৰ
অধিকাৰ নাই
কাৰণ পুৰুষৰ স্পৰ্শ অবিহনে
কোনো নাৰীয়েই চৰিত্ৰহীন নহয়।


নাৰীয়ে যি কাপোৰেই নিপিন্ধক
পুৰুষৰ দৃষ্টি লুভীয়া হলে উলংগ দেখিবই
স্বামীয়ে যিমান উপাৰ্জন নকৰক কিয়
পত্নীৰ স্বভাৱ ভাল নহলে অভাৱ হবই।
লিখা- পুনাম নাথ।


ধুনীয়া কাপোৰ লৈয়ো দেহা উদঙালে
নাৰীক পণ্য বুজায়, নিজৰ স্বাভিমান হেৰুৱায়
কিন্তু সাধাৰণ চাদৰ খনেৰে হলেও
টানি টুনি দেহাটি ঢাকিলে নাৰীক
পূজাৰনির্মালি বুজায়।
লিখা- ৰশ্মি পাঠক। 


এজনী ছোৱালীয়ে নিজৰ ভৰিৰ ওপৰত
থিয় হোৱাটো খুৱেই প্ৰয়োজন
সেয়া টকা আৰু পৰিয়ালৰ বাবে নহয়,
নিজৰ আত্মসন্মানৰ বাবেহে।
লিখা- হেৰেম্ব বৰ্মন।


এজনী ছোৱালীক Girlfriend তেতিয়াই বনাওক
যেতিয়া তাইক নিজৰ পত্নীৰ মৰ্য্যদা
দিয়াৰ সাহস থাকে।
লিখা- ৰশ্মি পাঠক। 


এজনী ছোৱালীক প্ৰেমত প্ৰতাৰণা কৰি
শাৰীৰিক সুখ লোৱাজন
কোনো ধৰ্ষণকাৰীতকৈ কম নহয়।
লিখা- হেৰেম্ব বৰ্মন।


দেখাত ধুনীয়া ছোৱালী বোৰৰ মনৰ আশা
পূৰণ নহব পাৰে
কিন্তু ভাল ছোৱালীবোৰ সদায়
ধুনীয়া হৈয়ে থাকে।


যিজনী ছোৱালীয়ে ঘৰৰ অভাৱ আৰু
দেউতাকৰ কষ্ট ভালকৈ বুজি পায়
সেইজনী ছোৱালীয়ে কেতিয়াও লৰাৰ জীৱনৰ
লগত একো খেল নেখেলে।
ফটো- অল্পিতা কাশ্যপ।


এগৰাকী নাৰীক সন্মান দিব নজনা পুৰুষে
কেতিয়াও ভাল নাৰীৰ সন্তান হব নোৱাৰে।
লিখা- হেৰেম্ব বৰ্মন।


তাই শাৰীয়েই পিন্ধক বা গাত গামোচাই পিন্ধক
পুৰুষৰ দৃষ্টিভংগী ঠিকে থাকিলে
সকলো নাৰীয়েই সুৰক্ষিত থাকিব পাৰে।
লিখা- ৰশ্মি পাঠক। 


Happy International Women's Day
Today And Everyday.

Mas Is God.
No Words For Maa,
যাক ভাষাৰে বুজাব নোৱাৰা।

Maa Means Mother.
The Underworld On My Heart,
মা তুমি যতে আছা সুখত থাকা।

তুমিয়ে মাতৃ তুমিয়ে শক্তি তুমি মাঁ ভৱানী।
আন্তৰ্জাতিক নাৰী দিৱসৰ সকলোকে
শুভেচ্ছা জনালোঁ।

লিখা- হেৰেম্ব বৰ্মন।
জুবিন গাৰ্গ ( Executive)
Zubeen Garg Fun Pages Of The Assam
Assamese Singer


কবিয়ে কৈছে-
সকলো নাৰীয়েই যৌন নিৰ্যাতনত বলি হয়
কোনোবাই আনন্দৰ বাবে
আৰু কোনোবাই অভাৱৰ বাবে।
লিখা- পুনাম নাথ।


লখিমী বোৱাৰী হিচাপে নহয়
ছোৱালী হৈ জন্ম লৈছা যেতিয়া দায়িত্ব
পালন কৰিবলৈ শিকক
আজি নহলেও ১০ বছৰ পাছত
জীৱনটো সুখৰ হব।
লিখা- হেৰেম্ব বৰ্মন।


কবিয়ে কৈছে-
ছোৱালীৰ সকলো Status তে তেওঁলোকৰ
বহুতো জীৱন কাহিনীও জড়িত হৈ থাকে।


পত্নী যেতিয়া প্ৰেমিকা হয়
সেইখন সংসাৰ সুখৰ হয়
বোৱাৰীক যেতিয়া জী বুলি ভবা হয়
সেইখন ঘৰ শান্তিৰ হয়।
লিখা- ৰশ্মি পাঠক। 


কিছুমান পুৰুষে নাৰীৰ শৰীৰ দেখি ভাল পায়
আৰু কিছুমান নাৰীয়ে শৰীৰ দেখাই
পুৰুষৰ পৰা ভালপোৱাৰ আশা কৰে।


মাতৃ দিৱস লাগে যদিহে পুত্ৰ জ্ঞানী হয়
ভেলেণ্টাইন ডে লাগে যদিহে প্ৰেম সঁচা হয়
ৰাখী বন্ধন লাগে যদিহে ভন্টি সুৰক্ষিত হয়।
লিখা- হেৰেম্ব বৰ্মন।


কবিয়ে কৈছে-
ব্যক্তিগত সমস্যা প্ৰত্যেকৰে থাকে
কিন্তু ধুনীয়া ছোৱালীৰ
জীৱন কাহিনী বেছি থাকে।


দুখীয়া হলো বুলিয়েই পথভ্ৰষ্ট পথিক হোৱা নাই
যে ককৰ্থনাৰ অভিমানী টোপোলাবোৰ
বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰিম।
লিখা- মৃদু ময়ুৰী শৰ্মা।


আজিকালিৰ মানুহবোৰো কি আচৰিত
ভালপোৱাক কি বনাই দিছে
চাৰিওখন দেৱালৰ ভিতৰত নগ্ন দেহা
পালেহে বোলে ভালপোৱাৰ পৰিচয় পাই
আকৌ সেই বন্ধ কোঠাৰ দুৱাৰ খুলি কাপোৰ
পৰিধান কৰিলেই ভালপোৱাৰ অন্ত হয়।
লিখা- অংকুৰ দাস।


দেউতাক নথকা ছোৱালী এজনীক
আৰু স্বামী নথকা মহিলা এগৰাকীক
বহুতো মানুহেই ভালে বেয়াই
কথা কবলৈ সুবিধা লয়।
লিখা- বৰষা মেচ।


যৌনতা কৰিলেই যদি ভালপোৱাৰ সম্পৰ্ক
ঠিকে থাকে তেন্তে প্ৰতিগৰাকী বেশ্যাৰো
একোটা সংসাৰ হলেহৈ।


এগৰাকী নাৰীৰ বাবে জীৱনৰ আটাইতকৈ
মূল্যবান সম্পদ তাইৰ মনৰ আৰু
নিজৰ মানুহজন।


জীয়েক জনীৰ প্ৰশংসা সকলো মায়েই কৰে
কিন্তু শাহু মাকৰ সন্মুখত প্ৰশংসাৰ যোগ্য
হব পৰাটোহে মেইন।
লিখা- হেৰেম্ব বৰ্মন।


পাপক ঘিণ কৰা পাপীক নহয়
পঢ়া শুনাক ভালপোৱা
English বাইদেউ জনীক নহয়।


কবিয়ে কৈছে-
ছোৱালীজনী দেখাত কলি হলেও
প্ৰত্যেকজনী ছোৱালীৰ দেউতাকৰ মনত
সদায় মৰমৰ মাজনী হয়।
লিখা- প্ৰসেনজিত কাশ্যপ।

আমাক ইনষ্টাগ্ৰামত ফলো কৰিবলৈ



এজনী ছোৱালীয়ে দুটা কথা সদায়
লুকাই ৰাখিব পাৰে
১. নিজৰ প্ৰয়োজন,
২. নিজৰ কষ্ট।
শ্বেয়াৰ কৰিব | এই দুটা গুণ লৰা বোৰৰ নাথাকে
লিখা- পুনাম নাথ।


এজন লৰাতকৈ এজনী ছোৱালীয়ে জীৱনত
বেছি উপহাৰ পায়
কিন্তু এজন লৰাই দিয়া উপহাৰে শ্ৰেষ্ঠ
এগৰাকী নাৰীৰ বাবে।


কবিয়ে কৈছে-
কাপোৰৰ দাগ ছোৱালীয়ে ভালকৈ গুচাব জানে
কিন্তু তেওঁলোকৰ গাত যদি কলংক থাকে
তাক আনে সহজে গুচাব নোৱাৰে


খঙত গাল মুখ ফুলুৱাটো এটা স্বভাৱ
যিটো অকল ছোৱালী বোৰৰহে আছে।


মানুহে কাপোৰ কানি
লজ্জা নিবাৰণৰ বাবেহে পিন্ধে
নহলেতো সকলোৱে উলংগ হৈ ঘূৰি ফুৰিলেহৈ।


নিজৰ স্বামীৰ পৰা পত্নীৰ মৰ্যাদা নোপোৱা
এগৰাকী তিৰোতাই সেন্দুৰ লোৱাৰ
কোনো অর্থই নাথাকে।
অৰ্থ কেৱল সেইসকল মহিলাৰ থাকে
যিয়ে মিছা সেন্দুৰ শিৰত জিলিকাই
মাথোঁ এটা কৃত্ৰিম হাঁহিৰে নিজকে নিজে
ফাঁকি দি আছে।
লিখা- ৰশ্মি পাঠক। 


সেই নাৰী সদায় ধ্বংস হোৱাৰ মূল কাৰণ-
১. যি নাৰীয়ে স্বামীৰ লগত খুব
জেদ কৰি চলে।
২. যি নাৰীয়ে স্বামীৰ লগত
কথাই প্ৰতি তৰ্ক কৰে।
৩. যি নাৰীয়ে ৰূপৰ অহংকাৰ বেছি কৰে।
লিখা- হেৰেম্ব বৰ্মন।

নাৰী দিৱসৰ শুভেচ্ছা বাণী
নাৰী দিৱসৰ উদ্দেশ্য আৰু তাৎপৰ্য
নাৰীৰ ষ্টেটাছ

নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা ৰচনা
নাৰী শিক্ষাৰ গুৰুত্ব ৰচনা


কবিয়ে কৈছে-
নাৰীয়ে সকলো দুখ কষ্ট সহ্য কৰিব পাৰে
কিন্তু প্ৰিয়জনৰ মুখত অইন নাৰীৰ প্ৰশংসা
কেতিয়াও সহিব নোৱাৰে।


নাৰীৰ ৰূপ দৰ্শনৰ বাবে দুটি নয়নেই যথেষ্ট
কাৰণ অনুভৱী মন সদায় নাৰীৰ ধন।


ভাল সংস্কাৰেৰে গোটেই পৃথিৱী
জয় কৰিব পাৰি
কিন্তু অহংকাৰ কৰিলে সকলো হেৰাই যায়।


ভগৱানে ভাগ্য নিলিখে
নিজৰ কৰ্ম আৰু ব্যৱহাৰত হে ভাগ্যৰ
ফল পোৱা যায়।
লিখা- হেৰেম্ব বৰ্মন।
ফটো- আইমি বৰুৱা।


নাৰী হৈ জন্ম লোৱাটোও মুখৰ কথা নহয়
নিজৰ জীৱন আন্ধাৰত ৰাখিও
সদায় আপোন সংসাৰ খন
ৰঙীন কৰি তুলিবলৈ।
লিখা- ৰশ্মি পাঠক। 


ছোৱালী হেনো ভগৱানৰ শ্ৰেষ্ঠ উপহাৰ
কাৰণ ছোৱালীয়ে এখন নহয়,
দুখনকৈ ঘৰ আপোন কৰি লোৱাৰ
সুযোগ পায়।
ফটো- সতৃষ্ণা বৰুৱা।
লিখা- ৰশ্মি পাঠক। 


শিৰত সেন্দুৰ লৈ কেৱল ঘৰৰ দায়িত্বই নহয়,
সীমান্তত থাকি দেশৰ সুৰক্ষাও কৰিব পাৰি।
লিখা- নিধি ওৰাং।


মানি ললোঁ আন্ধাৰৰ সুযোগ লৈ
পুৰুষে নাৰীক ধৰ্ষণ কৰিলে নাৰীৰে ভুল
সমাজে দেখে
কিন্তু ঘৰৰ বোৰ মা আৰু ভনী,
বাহিৰৰ বোৰ বেশ্যা আৰু নটি বুলি
ভবাজনো কম জ্ঞানী নহয়।

আমাক ইনষ্টাগ্ৰামত ফলো কৰিবলৈ



এজনী বিশ্বাসী কলা ছোৱালী
হাজাৰ জনী ধুনীয়া ছোৱালীতকৈ
বহুগুণে বেছি ভাল।
লিখা- কস্তুৰী দেৱী।


সকলো ছোৱালীয়ে Make-up ৰ
জোৰত ধুনীয়া নহয়,
কিছুমান ছোৱালী জন্মগতৰ পৰাও
ধুনীয়া থাকে।
লিখা- ৰশ্মি পাঠক। 


কবিয়ে কৈছে-
সেইজনী ছোৱালী বেছি স্পষ্টবাদী
যাৰ খং বেছি
কিন্তু তাৰ অন্তৰখনো কোমল বেছি হয়।
লিখা- হেৰেম্ব বৰ্মন।
ফটো- সোণালী মণ্ডল।


কবিয়ে কৈছে-
সকলো ছোৱালীয়েই দেখাত বেয়া নহয়
কেৱল তেওঁলোকৰ খং উঠিলে
Control নহয়।


কাপোৰ লজ্জা নিবাৰণৰ বাবেহে মানুহে পিন্ধে
যি কাপোৰে লজ্জা নিবাৰণ কৰিবই নোৱাৰে
তেনে কাপোৰ পিন্ধি জানো কিবা লাভ!


নিজৰ জীৱন সদায় নিজেই উপভোগ কৰক
আনক উপভোগ কৰিব দিলে কেতিয়াও
তাৰ মূল্য আনে দিব নোৱাৰে।


এটা বেয়া পৰিস্থিতিত মানুহে নিজক বচাবলৈ
সদায় আনলৈ আঙুলি টোৱায়
কিন্তু আনলৈ টোৱা সেই আঙুলিটো যদি
এবাৰ নিজৰ গালৈ টোৱাই চায়
সঠিক ভুল শুদ্ধ নিজেই বিচাৰ কৰিব পাৰে।
লিখা- তৃষ্ণা সোনোৱাল।
ফটো- নেহা দাস। 


কবিয়ে কৈছে-
ধুনীয়া ছোৱালীৰ অতীত খুচৰি চাবা
একো একোটা আধৰুৱা কাহিনী
তেওঁলোকৰো জীৱনত পাবা।
লিখা- ৰশ্মি পাঠক। Photo- Abhilekha Das


কবিয়ে কৈছে-
ধুনীয়া ছোৱালীৰ অতীত কাল আৰু পিছফাল
কেতিয়াও চাব নাপায়।


কবিয়ে কৈছে-
শান্ত শিষ্ট লৰা বোৰেই বেছি ধুনীয়া ছোৱালীৰ
জীৱন বৰবাদ কৰে।


কবিয়ে কৈছে-
যাৰ মুখত হাঁহি বেছি তাৰ চলনাও বেছি।
উক্ত কথাফাকিত কবিয়ে ইয়াকে বুজাইছে যে-
মুখত অনবৰতে হাঁহি জিলিকি থকা ছোৱালীবোৰ
আচলতে চলনাময়ী হয়।


সকলো ছোৱালীয়ে ধুনীয়া লৰা নিবিচাৰে
কিছুমান ছোৱালীয়ে জীৱনটো কিমান
সুখত ৰাখিব পাৰে সেইটোও বিচাৰে।
ফটো- ৰিংকি তৃষ্ণা।
লিখা- হেৰেম্ব বৰ্মন।

নাৰী দিৱসৰ শুভেচ্ছা বাণী
নাৰী দিৱসৰ উদ্দেশ্য আৰু তাৎপৰ্য
নাৰীৰ ষ্টেটাছ

নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা ৰচনা
নাৰী শিক্ষাৰ গুৰুত্ব ৰচনা
নাৰী দিৱসৰ কবিতা

নাৰীৰ চৰিত্ৰ নিৰ্যাতন
শাৰীৰিক সুখ কিয় লয় নাৰীয়ে?


Politics ৰাজনীতিতহে চলে,
কিন্তু কাৰোবাৰ হৃদয়ত লৈ কোনোদিন নকৰিবা।


লীলা খেলিবলৈতো জীৱনত বহুতেই বিচাৰে,
কিন্তু ঘৰত আহি সন্মুখত কোৱাৰ সাহস
যাৰ তাৰ নাথাকে।


সুখৰ দিনত সকলোকে পোৱা যায়,
কিন্তু দুখৰ দিনত তেওঁলোকৰ গাৰ নোম
এডালো পোৱা নাযায়।
লিখা- হেৰেম্ব বৰ্মন।
ফটো- অভিলেখা দাস।


যৌৱনত সংগী হব বিচৰা ব্যক্তি
বহুত পোৱা যায়,
কিন্তু উচিত সময়ত তাৰ এজনো পোৱা নাযায়।


কাপোৰ খুলি শৰীৰ চাব বিচৰাটোক
ভালপোৱা নুবুজায়,
কাৰোবাৰ হৃদয় ভৰি অন্তৰ জয়
কৰিব পৰাটোহে ভালপোৱা।
ফটো- অনন্যা কাশ্যপ।


ইনষ্টাগ্ৰামত Reels ভিডিও বনাই
নিজকে হিৰোয়িন বুলি ভবা
আৰু দামী চাবনেৰে গা ধুলে
কলি ছোৱালী বগী হোৱা একে বুজায় মইনা।
লিখা- হেৰেম্ব বৰ্মন।


কবিয়ে কৈছে-
ইনষ্টাগ্ৰামত দেহা উদঙাই নিজক
বিখ্যাত বুলি ভবা
আৰু কাপোৰ উদঙাই হিৰোয়িন বুলি ভবা
একে কথা মাইনা।
লিখা- মতলীয়া ফাগুন।


শৰীৰৰ অৰ্ধ অংগ দেখুৱাই ফটো দিলে
হাজাৰ লাইক কমেণ্টত পাৰফেক্ট, Sexy বুলি
দুদিন ভাইৰেল হে হব পাৰি
কিন্তু বাস্তৱ লাইফত সেইজনী ছোৱালীৰ
সন্মান কমি যায়।


কবিয়ে কৈছে,
এজনী ছোৱালীৰ আগত তাইৰ বান্ধৱীৰ
প্ৰশংসা কৰা
আৰু পেট্ৰল পাম্পত ধূমপান কৰা
একেই বুজায়।


নিজৰ ছোৱালীয়েই বেকাৰ
ইফালে জোঁৱাই বিচৰা সদায় ইঞ্জিনীয়াৰ
এনেকৈ হলে কেনেকৈ হব খুড়ী?


পুৰুষ জাতিটো হেনো মাত্ৰ নাৰীৰ
সৌন্দৰ্য্যৰ পাছফালে দৌৰে
সঁচা নে?


অকালতে বিধৱা হোৱা এগৰাকী নাৰীৰ
অন্তৰৰ বেদনা বুজা মানুহ খুব কম
কিন্তু তেওঁলোকক সমালোচনা
আৰু তিৰস্কাৰ কৰা মানুহৰ
অভাৱ নাই।


কবিয়ে কৈছে-
সুখত থাকিবলৈ বিউটি পাৰ্লাৰ নহয়,
নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব লাগে।
ফটো- চুমী দাস।


কোনো বিউটি পাৰ্লাৰে জীৱনটো ধুনীয়া
কৰি দিব নোৱাৰে
কিন্তু নিজৰ কেৰেক্টৰ আৰু ব্যৱহাৰে
এজন মানুহৰ গোটেই জীৱনটো
ধুনীয়া কৰি তুলিব পাৰে।
লিখা- হেৰেম্ব বৰ্মন।
ফটো- জানৱী ৰাজখোৱা।


হাঁহিৰে জীৱন সুন্দৰ কৰা
চকু পানীৰে নহয়,
কামেৰে সদায় জয়ী হোৱা কিন্তু
প্ৰতিশ্ৰুতিৰে নহয়।
লিখা- মঞ্জুৰীকা দত্ত বৰা।


Someone: ছোৱালী মানুহে অলপ কমকৈ
কথা কব লাগে।
Me: হাঃ হাঃ হাঃ ...
লিখা- প্ৰিমলি ফুকন। 

নাৰী দিৱস নে Kiss দিৱস
কাক, কেনেকৈ বিশ্বাস কৰিম!
বিয়া হোৱা তিৰী বোৰেও চোন চেনী
খোৱাৰ ধান্দাত নিজকে চিংগল নাম দিয়ে।
লিখা- প্ৰাণকৃষ্ণ যাদৱ।


অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ
কেতিয়াও ভয় নকৰিবা
কাৰণ ইতিহাসত কেৱল বিপ্লৱী বোৰৰ নাম লিখা থাকে,
ভৰি চেলেকা বোৰৰ নহয়।
লিখা- ৰশ্মি পাঠক, অভয়াপুৰী।


লৰাই যেতিয়া কোনোবা ছোৱালীৰ বাবে
মৰি যায়, তেওঁক কি বুলি কব?
A. মাৰ্ডাৰ,
B. চুইচাইড,
C. কাপুৰুষ।


I think, এটা গভীৰ প্ৰশ্ন-
ছোৱালীক বুজাটো বেছি টান নে বুজোৱাটো
বেছি টান?

Daily Assamese Status
Best Axomiya Status
Assamese Quotes For WhatsApp

Top Assamese Girls Status
Best Assamese Caption For Status

New Assamese Status Line
Romantic Assamese Status
New Comedy Status For WhatsApp
Facebook Status For Girls

নাৰী দিৱসৰ বিশেষ ভূমিকা


প্রতি বছৰে ৮ মার্চ দিনটো আন্তর্জাতিক নাৰী দিৱস হিচাপে পালিত হয়। সামাজিক, অর্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্রত মহিলাসকলৰ কৃতিত্বক চিহ্নিত কৰিবলৈ মার্চ মাহৰ ৮ তাৰিখটোক আন্তর্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। পাৰিবাৰিক বা ব্যক্তিগত কিংবা পেশাদাৰী জীৱনত মহিলাসকলে নানান সমস্যাৰ মোকাবিলা কৰিব লগা হয়। এই দিন পালনৰ যোগেদি এই বিষয়টো সকলোৰে সন্মুখত তুলি ধৰি সচেতনতা প্রসাৰৰ চেষ্টা চলোৱা হয়।


আন্তর্জাতিক নাৰী দিৱসৰ জৰিয়তে নাৰীত্বৰ উৎসৱ পালিত হয়। জাতি, ধর্ম, ভাষা, সংস্কৃতি, অর্থনৈতিক বা ৰাজনৈতিক ভেদাভেদ পাহৰি মহিলাসকলৰ কৃতিত্বক স্বীকৃতি জনোৱাৰ উদ্দেশ্যৰে এই দিনটো পালিত হয়। এই দিনটোত প্রত্যেককে নাৰীৰ অধিকাৰ, লিঙ্গ সমতা সম্পর্কে সচেতন কৰি তোলা হয়। লগতে মহিলাসকলৰ সমান অধিকাৰৰ যুঁজখন শক্তিশালী কৰাটোৱে হল এই দিনটো পালন কৰাৰ অন্যতম উদ্দেশ্য।


সমাজত যাতে নাৰীয়ে সকলো সুখ সুবিধা সন্মান পাই তাৰ কামনা সদায় কৰোঁ। নাৰী দিৱসৰ উদ্দেশ্য যাতে এদিন ফলপ্ৰসূ হৈ উঠে তাৰেই আশা কৰিলোঁ!!


পুনৰ সকলোকে অশেষ ধন্যবাদ ইমান সময় আমাৰ ৱেবচাইট টোত আহি দিয়াৰ বাবে।


আমাক ইনষ্টাগ্ৰামত ফলো কৰিবলৈ

No comments:

Post a Comment