কোনে কয় পুৰুষবোৰ ধৰ্ষিত নহয় | কোনে কয় পুৰুষবোৰ গৰ্ভস্থ নহয় | সঁচা কথা | Tapan Gogoi Assamese Poem | Sad Axomiya Kabita - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

কোনে কয় পুৰুষবোৰ ধৰ্ষিত নহয় | কোনে কয় পুৰুষবোৰ গৰ্ভস্থ নহয় | সঁচা কথা | Tapan Gogoi Assamese Poem | Sad Axomiya Kabita

কোনে কয় পুৰুষবোৰ ধৰ্ষিত
নহয় ?
কোনে কয় পুৰুষবোৰ গৰ্ভস্থ
নহয়?


জৰাসন্ধ ছেদনৰ দৰে 

আজি মই নাৰীবাদ ছেদিম । 

বহুত হ'ল নাৰীবাদ 

বহুত হ'ল নাৰী বন্দন 

আজি মই পুৰুষৰ বন্দনা গাম 

শিপা উঘালি উচন কৰিম 

নাৰীৰ এক নায়কত্ববাদ । 


পুৰুষৰো সতীত্ব হেৰাই 

নাৰীৰ কাম ৰসত পুৰুষবোৰ বৈ যায় । 

নাৰীৰ বীৰ্য্যই পুৰুষৰ গৰ্ভত 

ভ্ৰুণৰ ৰূপ পায় । 

চকুৰ চাৱনিত ধৰ্ষিত হয় পুৰুষৰ হৃদয় । 

হৰিণী চকু বিজুলী হাঁহি 

গোলাপপহীয়া ওঁঠে নগ্নকৰি 

উপৰ্যুপৰি ধৰ্ষণ কৰে প্ৰতিজন পুৰুষৰ হৃদয় । 


শুনিবলে অশ্লীল হ'লেও 

আজি ব্যাখ্যা কৰিম নাৰীৰ এক নায়কত্ববাদ । 

কিদৰে নাৰীয়ে পুৰুষক নগ্ন কৰে… 

চলনাময়ী ৰূপৱতীৰ প্ৰহাৰত 

পুৰুষ কিদৰে বিছনাত চটফতাই থাকে । 


চলনাময়ীৰ কামবানত 

পুৰুষ বোৰো গৰ্ভস্হ হয় । 

কাৰোবাৰ অগোচৰে 

কঢ়িয়াই ফুৰে অবৈধ সঙ্গমৰ ভ্ৰুণ । 

পুৰুষবোৰ গলি যায়… 

চকুলো বোৱাই চিঞৰিব নেজানে বহু পুৰুষে 

সেয়ে ঢেকৰী বাইৰ ঘাটিৰ আদ্দা 

নাইবা ৰতন কাইৰ ঘুম্তি খনৰ আঁৰত 

নিজে নিজে জ্বলি যায় । 


পুৰুষ বোৰে দুটা জীৱন কঢ়িয়াই ঘূৰি ফুৰে 

এটাত ফেচীবাদ আৰু আনটোত সাম্যবাদীৰ 

শাসন চলে । 


ইপিনে বহু নাৰীৰ নিৰৱতাও 

পুৰুষৰ হৃদয়ত ভাৰচুৱেলি এটেক কৰে । 

মন মগজুত বোমাৰ গোন্ধই মলমলাই থাকে 

হৃদয়খন ফাটি-ছিটি তেজ ব'ব ধৰে 

না শান্তিৰে থাকিব পাৰে 

না মৃত্যুক সাৱতিব পাৰে । 


সেয়ে সুধিছো ! 

কোনে কয় পৰুষবোৰ ধৰ্ষণ নহয় ? 

কোনে কয় পুৰুষবোৰ গৰ্ভস্থ নহয় ? 


তপন গগৈ


No comments:

Post a Comment