চৰিত্ৰহীনা তাই | হাজাৰ ভুলৰ পাছতো এগৰাকী নাৰীয়ে নিজ স্বামীক হাঁহিমুখে ক্ষমা কৰিব পাৰে | Manjusree Baruah Assamese Sad Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

চৰিত্ৰহীনা তাই | হাজাৰ ভুলৰ পাছতো এগৰাকী নাৰীয়ে নিজ স্বামীক হাঁহিমুখে ক্ষমা কৰিব পাৰে | Manjusree Baruah Assamese Sad Story


চৰিত্ৰহীনা তাই


      তাই চৰিত্ৰহীনা। হয়, নহ'লেনো মানুহটো বিচনাত পৰি থাকোতে এনেকৈ বন-বনাই ফুৰিব পাৰেনে। সুন্দৰ সাজ-সজ্জাৰে মেল মিটিং মাৰি হাঁহি-মাতি ফুৰিব পাৰেনে? বাইকৰ পিছত তাইক চহৰত প্ৰায়েই দেখিবা। আজি যদি এটাৰ লগত কালিলৈ আন এটাৰ লগত…


     হয়, আপোনালোকৰ অনুমান ঠিকেই। এয়া মোৰ নিজস্ব সত্য কাহিনী। তাই মানে সেই চৰিত্ৰহীনা মানুহজনী মোৰ মৰমৰ পত্নী লীনা। মই যে আজি জিয়াই আছো আৰু আপোনালোকে মোক যি সন্মান যাচিছে প্ৰকৃততে ইয়াৰ গৰাকী মোৰ মানুহজনীহে। মই মানুহটো কেতিয়াবাই মৰি গলো।


     কলেজীয়া দিনৰ পৰাই ভাল পোৱা মানুহজনীৰ লগতেই সংসাৰ পাতিলো। তিনিবছৰমান ভালেই গল, আমাৰ মাজলৈ এটি মৰম লগা ল'ৰা সন্তান ও আহিল কিন্তু ৰংচঙীয়া পৃথিৱীৰ মায়াত সংগীৰ লগত ৰঙীন পানীয়ৰ পাকচক্ৰত কেনেকৈ সোমাই পৰিলো ততকেই ধৰিব নোৱাৰিলো।


      ঘৰুৱা অশান্তি আৰম্ভ হৈ গ'ল।

ঘৰলৈ আহোতে ঠেং পাক খাই যোৱা অৱস্থা হৈ গ'ল। ঘৰুৱা বিষয়বোৰলৈ পিঠি দিলো, আগতে সন্ধ্যা প্ৰয়োজন হোৱা অভ্যাসটো দিনলৈও ৰূপান্তৰ হ'ল। অফিচলৈ যাওঁতেও খাবলৈ ললো, লাহে লাহে এটা সম্পূৰ্ণ মদাহীলৈ গতি কৰিলো। 


      অৱশেষত সেই দিনটো আহিল। কোম্পানীটোৱে মোক চাকৰিৰ পৰা খেদি দিলে। জেপত থকা টকাকেইটাৰে টেটুলৈকে গিলি  ঘৰমোৱা হলো।


     চকুকেইটা মেলি দেখো মই হস্পিতালৰ বিচনাত… কাষত লীনা। চকুকেইটা দেখিয়েই গম পাইছো তাই কান্দি আছিল। মই হেনো ৰাষ্টাত পৰি আছিলো, ড্ৰেইন কভাৰটোৰ ধাৰত পৰি ককাঁলটোৰ হাড় ভাঙিছে।


     হস্পিতালৰ পৰা আহি মোৰ এটা নতুন জীৱন আৰম্ভ হৈ গ'ল। হুইলচেয়াৰ আৰু আনৰ মানে লীনাৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰিব লগাত পৰিলো। সংসাৰৰ ভাৰখন লীনাৰ কান্ধত বৰ গধুৰ হৈ পৰিল, লাহে লাহে জমা টকাও শেষ হৈ আহিল আৰু দায়িত্ব পৰাৰ ভয়ত আত্মীয়ৰ আহ-যাহ, খা-খবৰ কমি কমি নোহোৱাৰ দৰেই হ'লগৈ।


      মোৰ দৰব-পাতিৰ পৰা আৰম্ভ কৰি এখন ঘৰ চলাই নিবলৈ যথেষ্ট টকাৰ প্ৰয়োজন হৈ পৰিল... কাম বিচাৰি লীনা ঘৰৰ পৰা ওলাই যাব লগাত পৰিল।


     সকলো খিনি যোগাৰ এনেকৈ কৰি থৈ যায় যাতে তিনি চাৰিঘন্টা তাইৰ অবিহনে মোৰ কোনো অসুবিধা নহয়। সময়ে চাৰি বছৰীয়া কনমানিটোকো যথেষ্ট পৰিপক্ক কৰি তুলিলে, মাকে শিকাই থৈ যোৱাৰ দৰে সি মোৰ তদাৰক কৰে। শিক্ষিতা অমায়িক সহজতে মিলিব পৰা স্বাভিমানী মনৰ লীনাৰ আজিৰ চাকৰিটো পাওঁতে বৰ বিশেষ অসুবিধা নহ'ল।


     তাইক মই জানো মই চিনো। কোম্পানিৰ চাকৰিৰ কামৰ হেঁচা আৰু ঘৰৰ কামে মোৰ দায়িত্ব লোৱাত তাই কোনো দিনে বাধা আহিবলৈ দিয়া নাই। মাজে মাজে অনুসুচনাত দগ্ধ হৈ যেতিয়া মানসিক ভাবে মই ভাগৰি পৰো। তেতিয়া মৃতসঞ্জীৱনী হৈ লীনাই মোৰ কাষত থিয় হৈ ৰয়, হাতত কলম-কাগজ তুলি দি কয়-


"মনৰ কথাবোৰ লিখি যোৱা। মই যেতিয়া সমাজৰ কথাত পিচ হোহোকা নাই তুমি কিয় হাৰিবা নিজৰ মাজত! জানা মোক কিছু কিছুৱে তোমাক এনেকৈ এৰি যোৱাৰ বাবে বৰ বেয়াকৈ সমালোচনা কৰে। চৰিত্ৰটো লৈও প্ৰশ্ন কৰে কিন্তু মই কথাবোৰ মনত পেলাবলৈ চেষ্টা নকৰো। মই জানো তুমি আছা মোৰ লগত।"


      আৰু মই লীনাক বিশেষ একো নকওঁ।

কিতাপৰ মাজতে বিচাৰি উলিয়াও চৰিত্ৰ হীনা লীনাক। তাই মোৰ কাৰণে কৰা জীৱন সংগ্ৰাম আৰু সমাজৰ বাধা, আপোনালোকে নিজেই গম পাব প্ৰকৃততে তাই বেয়া নে চৰিত্ৰ হীনা??


     মনৰ কথাবোৰ এফালৰ পৰা লিখি গলো আৰু এদিন জীৱনীমূলক ভাবে কিতাপ এখন সাজি উলিয়ালো। নাম সেইটোৱে ৰাখিলো, "চৰিত্ৰহীনা তাই"।


     কিতাপখন উন্মোচন কৰাৰ দিনাই লীনা অৰ্থাৎ মোৰ নিজ পত্নীক তাই চৰিত্ৰহীনা সম্পৰ্কে কোৱা কথাখিনিয়ে সকলোৰে চকু সেমেকাই তুলিলে।


     জীৱনীমূলক কাহিনীটোৰ প্ৰথম লাইন আছিল,

"হাজাৰ ভুলৰ পাছতো এগৰাকী নাৰীয়ে নিজ স্বামীক হাঁহিমুখে ক্ষমা কৰিব পাৰে।"


সমাপ্ত...........


মঞ্জুশ্ৰী বৰুৱা


Follow on- INSTAGRAM

No comments:

Post a Comment