নাৰী তুমি অনন্যা
পৃথিৱীলৈ আহিলোঁ মা তোমাৰ জৰিয়তে,
পৃথিৱীত প্ৰথম খোজ দিলোঁ তোমাৰ জৰিয়তে।
এনেদৰে শৈশৱৰ পৰা কৈশোৰ পাৰ কৰিলোঁ,
কৈশোৰত ভনীৰ বাবে কোনো অসুবিধা নাপালোঁ।
মোৰ পিন্ধা কাপোৰ কানি পৰিষ্কাৰ কৰি দি,
মা-দেউতাক মই কব নোৱাৰা কিছুমান কথা কৈ দি
তাই যি সহায় কৰিছিলে সেইবোৰ মনত পৰিলে,
আজিও মন ভৰি আহে চকু যুৰি সেমেকি উঠে।
কৈশোৰক বিদায় দি যৌৱনত ভৰি দিলোঁ,
যৌৱন জোঁৱাৰত প্ৰেয়সীৰ সতে উটি-ভাহি ফুৰিলোঁ।
চকুত চকু থৈ হাতে হাত ধৰি খেলা হিয়া-দিয়া-নিয়া
নিজান পৰত নিৰ্জন ঠাইত গুপুতে মিলন হলোঁ।
কেতিয়াওঁ এৰা এৰি নহওঁ বুলি প্ৰতিশ্ৰুতি দিয়া,
দুয়ো দুয়োৰে জীৱন সাৰথি হৈ ৰ'ম বুলি কথা দিয়া
জীৱনৰ আটাইতকৈ মোহনীয়া সময় বোৰ
মৰমৰ চলেৰে প্ৰেমৰ কথা পাতোঁতে পাৰ হৈ গ'ল।
বহু বছৰ ধৰি দুয়ো দুয়োকে বুজি উঠিলোঁ,
ঘৰৰ অনুমতি সাপেক্ষে দুয়ো এক হৈ পৰিলোঁ।
মোৰ ঘৰৰ বাকচৰ চাবি শ্ৰীমতীক দিয়াৰ লগতে,
মোৰ জীৱনৰ চাবিও গোটালোঁ শ্ৰীমতীৰ হাততে।
কি কৰিম কলৈ যাম কি কৰিলে ঘৰখনৰ ভাল হ'ব
এইবোৰ সিদ্ধান্ত লবলৈ নিতৌ গৃহিনীক লাগিব।
শ্ৰীমতীৰ অবিহনে মই যেন এপলক চলিব নোৱাৰোঁ,
কিহৰ মায়াই নিতে আৱৰি ৰাখে ক'ব নোৱাৰোঁ।
সময়ত ৰাতিপুৱাৰ ফিকা চাহ টুপি হাতত তুলি দিয়া,
নিতৌ ঔষধৰ টেবলেট পানী গিলাচৰ সৈতে দিয়া।
কেতিয়া কি খাম কিমান খাম সকলো তেওঁৰ মতে,
সকলোবোৰ মই মানি চলিব লাগে তেওঁৰ মতে।
যেন অবৈতনিক পৰিচাৰিকাহে নিয়োগ কৰিছে !
নেদেখা জনে মোৰ স্বাস্হ্যৰ যতন লোৱাৰ বাবে !
কেতিয়াওঁ আপত্তি কৰিব নাজানে মাথোঁ সহি যায়,
নিজৰ দুখবোৰ লুকুৱাই অইনক হাঁহিৰে বিলায়।
এয়াই এগৰাকী গৃহিণীৰ গৃহস্হৰ বাবে অনুদান !
সেয়াই প্ৰকৃত গৃহিণী যিয়ে নিবিছাৰে প্ৰতিদান !
তেওঁ বিছাৰে মাথোঁ মৰম ভালপোৱা মান সন্মান !
তেওঁ নিবিছাৰে আপোনজনক আনে দিয়া মিছা বদনাম !
তেওঁ বিছাৰে উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা !
নাৰী জীৱনৰ অন্য এক নাম সচাঁই চাগে উছৰ্গা !
সৰুৰে পৰাই আনক সুখ বিলাই দিওঁতেই
শেষ হৈ যায় নাৰীৰ জীৱন !
কি যে নাৰীৰ জীৱন !
বাহঃ বাহঃ জীৱন !
হায় হায় জীৱন !
বিচিত্ৰ জীৱন !
নাৰী জীৱন !
অ জীৱন !
No comments:
Post a Comment