ৰাংঢালী - তুমি মোৰ | চুটি প্ৰেম কাহিনী | দ্বিতীয় খণ্ড | অংকুৰ দাস | Rangdhali Tumi Mur | Assamese Short Love Story By Riyan Ankur Das - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

ৰাংঢালী - তুমি মোৰ | চুটি প্ৰেম কাহিনী | দ্বিতীয় খণ্ড | অংকুৰ দাস | Rangdhali Tumi Mur | Assamese Short Love Story By Riyan Ankur Das

ৰাংঢালী - তুমি মোৰ

চুটি প্ৰেম কাহিনী | দ্বিতীয় খণ্ড


আকাশ- হাই | মই আপোনাৰ নাম নাজানো So এনেকৈ মাতিলো বেয়া নাপাব !


তাই- Ohh, একো নাই... মোক তুমি বুলিয়ে কবা |

আমি দুয়ো চাগে সমনীয়াই হম !


আকাশ- ঠিক আছে | কিন্তু তোমাৰ মুখ খন চাই এনেকুৱা লাগিছে তোমাৰ যেন কৰবাত কিবা কামৰ বাবে দেৰি হৈ আছে ! নাম কি তোমাৰ ?


তাই - ৰাংঢালী | মোৰ আজি এটা ইন্টাৰভিউ আছে ৯ বজাত | কিন্তু বাছ এখনো নাই দেখোন | দেৰিয়ে হব চাগে এতিয়া ৮.৩০ হলেই | তুমি কত যাব ওলাইছা ?


আকাশ- মোৰো এটা ইন্টাৰভিউ আছে ৯ বজাত | মোৰো দেৰি হল দেখোন |


ৰাংঢালী- তোমাৰ ইন্টাৰভিউ কত আছিল?


আকাশ- মোৰ মালিগাওত |


ৰাংঢালী- মোৰো তাতেই আছে | মেনেজাৰ পষ্টত |


আকাশ- অ' অ' মোৰো তাতেই, মেনেজাৰ পষ্টত |


ৰাংঢালী- বলা তেন্তে উবেৰ এখনকে বুক কৰো |


আকাশ- সেইটোকে কৰো দিয়া | উপায় নাই এতিয়া আৰু |


ৰাংঢালী- ৰবা মই বুক কৰো তেন্তে |


     এনেতে ৰাংঢালীয়ে উবেৰ বুক কৰি লয় আৰু দুয়ো ঠিক সময়ত ইন্টাৰভিউলৈ গৈ ওলালে | এটা সময়ত দুয়োৰে ইন্টাৰভিউ শেষ হল আৰু শেষত আকৌ দুয়ো লগ হল |


ৰাংঢালী- ইন্টাৰভিউ কেনে হল আকাশ |


আকাশ- মোৰ ভালেই হব লাগে ! পিছত জানো কি হয়... ভাগ্য থাকিলে পাম ! নহলে আকৌ এপ্লাইৰ বাবে দৌৰা দৌৰি কৰিব লাগিব | তোমাৰ পিছে কেনেকুৱা হল ?


ৰাংঢালী- মোৰো ভালেই হব লাগে | চাও পিছত বা কি ৰিজাল্ট ওলায় ! বলা, কিবা অলপ খাই লওঁ...


     দুয়ো গৈ এখন ৰাস্তাৰ কাষৰে দোকানত সোমাল |


আকাশ- তোমাৰ নাম্বাৰটো দিয়া | ফোনত কথা হব পাৰিম |


ৰাংঢালী- উম ডাইল কৰা, ৯৭০৬৭...০২ | তোমাৰ লগত কথা পাতি ভাল লাগিল |


আকাশ- ধন্যবাদ দেই |


ৰাংঢালী- আকৌ লগ পাম ইন্টাৰভিউৰ ৰিজাল্টৰ দিনাখন | অ' তুমি পাছ কৰিলে কিন্তু মোক ডাঙৰ হোটেলত খুৱাব লাগিব আৰু মই যদি পাছ কৰো তোমাক খুৱাম ! হব নে আকাশ…


আকাশ- হব | আৰু যদি দুয়ো পাছ হওঁ ??


ৰাংঢালী- ভালেই হব, খোৱাৰ আইটেম টো বেছি থাকিব | 


আকাশ- আৰু যদি দুয়ো বিফল হওঁ কোনে খুৱাব ??


ৰাংঢালী- একো নাই দিয়া আকাশ | Don't worry ! অ' এটা কথা, আমি দুয়োটাই বিফল হলেও আমি ইটো-সিটোৰ মন ভাঙিব দিব নালাগিব | চেষ্টা অব্যাহত ৰাখিলে হল | এতিয়া আমি ভাল বন্ধু দুয়ো |


আকাশ- নিশ্চয় |


     এনেকৈয়ে কথাবোৰ এটা সময়ত সামৰণি মাৰি দোকানটোৰ পৰা ওলাই দুয়ো ঘৰাঘৰি হল |


     আকাশে সন্ধিয়া ৬ বজাত ঘৰ আহি পালে | তাৰ মনটো আজি খুব ভাল লাগিল | কাৰন সি ৰাংঢালীৰ লগত চিনাকিও হল, ফোন নম্বৰো ললে আৰু এদিনতে ভাল বন্ধুত্বও হৈ পৰিল | 


     ইন্টাৰভিউৰ ৰিজাল্টৰ কথাই সিমানখিনি তেওঁ ভবা নাছিল যিমান কথা সি ৰাংঢালীৰ বিষয়ে ভাবিব লৈছিল | 


    প্ৰেম ভালপোৱাৰ মতামত হয়তো সকলোৰে একে নহয় কিন্তু প্ৰত্যেকটো প্ৰেমৰ আৰম্ভণি বা চিনাকি বন্ধুত্বৰ পৰাই হয় |  - আকাশে কথাবোৰ ভাবি ভাবি ভালদৰে হাত-মুখখিনি ধুই লৈ নিজৰ ৰূমটোত আহি সোমাল |


আগলৈ...



[ বিদ্ৰো: "ৰাংঢালী - প্ৰেম আৰু ভালপোৱাৰ কথাৰে" নামৰ এই চুটি কাহিনীৰ উপন্যাসখন দুই-তিনি দিনৰ মূৰে মূৰে আমাৰ ৱেবচাইট DailyAssameseStatus -টোত নিশা ৯ বজাত আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ডবোৰ একাদিক্ৰমে পঢ়িবলৈ তলত দি থোৱা লিংকটোত ক্লিক কৰি চাব পাৰিব। অথবা Google -ত ৰাংঢালী প্ৰেম ভালপোৱাৰ কথাৰে বা ৰাংঢালী চুটি কাহিনী ইত্যাদি লিখিও সকলোবোৰ খণ্ড অতি সহজে চাব পাৰিব। নাইবা Google -ত চার্জ কৰক DailyAssameseStatus or DailyAssameseStatus.Blogspot.Com . Special thanks to all 3M+ Views on the Story. ]

তৃতীয় খণ্ড লিংক -
            Read Now:

প্ৰথম খণ্ড লিংক -
           Read Now:

ৰাংঢালী - তুমি মোৰ

Assamese Emotional
Short Story
New Assamese Love Story,
Sad Story In Assamese, Alpita Kashyap Photo,
Alpita Bania Love Story,
Puchki Assamese Girls Storyline
"Rangdhali - YOU ARE MINE"
Written By
Ankur Das
The Lession Of Story
AKASH & RANGDHALI
Daily Assamese Status

[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

No comments:

Post a Comment