এদিন এখন নতুন দেশত | তুমি আৰু মই | Dimali Rajbongshi Assamese Love Poem | Romantic Assamese Poem | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

এদিন এখন নতুন দেশত | তুমি আৰু মই | Dimali Rajbongshi Assamese Love Poem | Romantic Assamese Poem | Daily Assamese Status


এদিন এখন নতুন দেশত


এদিন এখন নতুন দেশত তোমাৰে মোৰে 

এখন ধুনীয়া সংসাৰ হ'ব 


তাত অভাৱৰ ডাৱৰে আৱৰা 

জোনবাই নাথাকিব 

তাত ধুমুহা নাথাকিব 

নাথাকিবও অনাবৃষ্টি অথবা খৰাং 


তাত শস্যবোৰ লহপহকৈ বাঢ়িব 

নদীয়েও গুনগুনকৈ গান গাব 


নৈৰ পাৰত আমাৰ এটা সৰু পজা হ'ব 

আৰু পজাৰ ভিতৰত সৰু দুটা 

এমা ডিমা ল'ছালী থাকিব 

তাৰে এটা তুমি মই তুলিম 

এটা পালিম দুয়ো 


দহ মাহ দহ দিন গৰ্ভত লোৱাটোৰ নাম হ'ব 

আঁখি অপৰাজিতা 

আৰু তেজৰ সম্পৰ্ক নথকা অথচ 

বুকুৰ আঁচল খহাই 

লালন কৰাটোৰ নাম হ'ব বৰ্ণিল--- কৰ্ণ 

সাহসৰ এক অন্য নাম 

প্ৰগতিৰ এক অনন্য দৃঢ় খুটি 


তুমি মই এদিন 

এখন নতুন দেশত 

এখন ধুনীয়া সংসাৰ পাতিম 


তাত জোনাক থাকিব 

তাত সপোন থাকিব 

তাত সপোনৰ আকাশ থাকিব 

থাকিব তাত ফুল 

আৰু পখিলা 


তুমি মই এদিন 

এখন নতুন দেশত 

এখন ধুনীয়া সংসাৰ পাতিম 


তুমি মই এদিন 

এখন নতুন দেশত 

এখন ধুনীয়া সংসাৰ পাতিম 


তাকে লৈ আয়ে পিতাইক নোদোষিব 

অথবা পিতায়ে আইক 

তোমাৰো চকু পানী নোলাব 


তুমি ভুই ৰুবা 

মই আলি দিম 

ধুনীয়া কৈ গজি আহিব আমাৰ সেউজীয়া 


এখন নতুন দেশত 

এখন ধুনীয়া সংসাৰ পাতিম 


আই পিতাইহঁতৰ মনবোৰ আমি জয় কৰিম 

উলহ মালহৰ ৰভা তলীত 

আমি দুয়ো দুয়োকে 

ৰাইজক সাক্ষী কৰি ভজিম 

দেউৱে পতা হোমৰ গুৰিত 

তোমাক হাতত ধৰি 

মই তোমাক লৈ আহিম 


ফুলশয্যাৰ নিশা 

মই তোমাক তোমাতে সমৰ্পন কৰিম 

তুমি মোক চাই

লাজৰ ওৰণি গুচাই 

মই তোমাক বিশ্বাসৰ পবিত্র চুমা খাম 


খামেই খাম 

তোমাৰ নাভি চুই 

মই শপত খাম 

এটা পবিত্র শিশুৰ স্বাৰ্থত 

আমি কেতিয়াও অপবিত্ৰ নহও দুয়ো 


তুমি মই এদিন 

এখন নতুন দেশত 

এখন ধুনীয়া সংসাৰ পাতিম 

তাত মা পিতাৰ আশীৰ্বাদ থাকিব 


গাৱৰ আইতাহঁতে 

সদায়ে তোমাৰ হাঁহি ভৰা মুখৰ চাহ খাব 

মলা ধপাতেৰে তামোল খুন্দিব 


শ্ৰীকৃষ্ণৰ নাম এষাৰি জুৰিব 

ঢাৰি পাৰি বহি লৈ 

তোমাক মৰমৰ জালত বান্ধি ৰাখিব 


ক্ৰমশ বাঢ়ি অহা পেটটো চাই 

তোমাক জোকাব 

পৰামৰ্শ দিব 

ধমক দিব 


তুমি ভয় খায়ো ভয় নাখাবা 

আইতাহঁতক যে কাষতে পাবা 


তুমি মই এদিন 

এখন নতুন দেশত 

এখন ধুনীয়া সংসাৰ পাতিম 


তাত বাটৰ কাষত এজোপা নাহৰ থাকিব 

এজোপা বকুল থাকিব 

আৰু এখন ফুল ভৰা ফুলনি থাকিব 


তুমি অতি যতনেৰে তাত পানী দিবা 

ফুলৰ গুৰি খুচৰিবা 

মই তোমাক জোকাম 

তুমি মুখ ওন্দোলাবা 

মই তোমাক নিচুকাম 

তুমি খিলখিলাই হাঁহিবা ।...


দিমালী ৰাজবংশী

No comments:

Post a Comment