বিষ
তৃষ্ণা বৈশ্য
সপোনৰ চাকনৈয়াত
লিখিলোঁ প্ৰেমৰ কবিতা
বিষাক্ত হোৱা হৃদয়ৰ
নিভাঁজ ভালপোৱা বোৰো যে
বাকৰুদ্ধ হ'ল
ৰোমাণ্টিকৰ তাড়নাত ...
আচলতে এয়া কি ৰোমাঞ্চকত
উঠলিব খোজা নিভাঁজ মৰম নে
ছলনাৰে বুকুত বিষ ধালিব খোজা
এখন সৰু নাটক
নে আন কিবা
কব নোৱাৰোঁ
অপৃশ্য ভাৱনাৰ ঢৌ তোলা ইও যে
এক কলা ...
অনুভৱ ১
তৰাফুলা আকাশৰ বুকুত
চেচা বতাহজাকৰ নাচোনত সৰি পৰা
নিয়ৰৰ টোপালে দি যায়
শীতৰ সেমেকা ৰাতিৰ বতৰা ...
শেৱালি সন্ধিয়াৰ
বতৰা যে আপুনি আহোতে লৈ
আহিছিল
শীতৰ ৰাতিৰ জোনাকৰ বতৰা ...
অনুভৱ ২
সিটো পাৰৰ বালিচৰাত সপোনৰ কাৰেংঘৰ
সজাৰ কথা আছিল
কিন্তু
এইটো পাৰত জীৱনৰ ৰংবোৰৰ
কি হব তাৰ যন্ত্ৰণা …
বাস্তৱৰ পৰিপক্কতাত
সকলোবোৰ যে আজি অচল হল
সচাই আছিল নে আমাৰ ভালপোৱাৰ ৰংবোৰ
ইমান কঠোৰ …
সচাই আছিল নে সপোনৰ জটিলতাৰে মেৰখাই
আমাৰ বাস্তৱ কৰিব খোজা মৰম,
আশা আৰু ভৰখাবোৰ
ইমান স্বাৰ্থপৰ …
অনুভৱ ৩
তুমি ঘূৰি অহাৰ কথা নাছিল বাবেইটো
মোৰ কপালত উজলি থকা
ৰঙা জোনটো লগত লৈ গৈছিলা একেবাৰে
যোৱাৰ পথেৰে …
আৰু মই জ্বলি মৰি ছাই হৈছিলো
বিষাক্ত হোৱা হৃদয়ত
অকণ নিভাঁজ, নিস্বাৰ্থ ভালপোৱা বিচাৰি
সপোনৰ চাকনৈয়াত …
অনুভৱ ৪
তুমি কৃতমোটৰ অজান প্ৰতীক
কত বুজি পাবা মোৰ বুটা-বচা প্ৰেমৰ বাখ্যা
হলেও
দুখ লাগে আজিও কিয়বা
সেয়া নাজানো ...
তুমিতো মোৰ জীৱন যৌৱনৰ
এখন সৰু নাটক
লহপহকৈ বাঢ়ি উঠা প্ৰেমৰ উন্মেষণত
ছলনাৰ বিষ সিঁচি বাকৰুদ্ধ কৰিছিলা
মোৰ হৃদয়ৰ অন্তেষপুৰত ....
তৃষ্ণা বৈশ্য
No comments:
Post a Comment