অদৃষ্ট এক প্ৰেমৰ পৃষ্ঠা | শাৰীৰিক বিসংগতিয়ে অৱসান ঘটাওক আন নাৰী পুৰুষৰ অবৈধ প্ৰেম নিবেদনত | Assamese Sad Story By Minakshi | Axomiya Sad Love Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

অদৃষ্ট এক প্ৰেমৰ পৃষ্ঠা | শাৰীৰিক বিসংগতিয়ে অৱসান ঘটাওক আন নাৰী পুৰুষৰ অবৈধ প্ৰেম নিবেদনত | Assamese Sad Story By Minakshi | Axomiya Sad Love Story


অদৃষ্ট এক প্ৰেমৰ পৃষ্ঠা


"ভাল পাবলৈ আৰু বেলেগ ল'ৰা নাপালি?"


     কথাটো কৈ কৈয়ে মৌচুমীৰ গালত এটা প্ৰচণ্ড চৰ বহুৱাইছিল দেউতাকে। মাকেও তাইক নানা কটু কথাৰে গালি শপনি পাৰিছিল। কাৰণ এটাই তাই পল্লৱক ভাল পাইছিল। 


     শিক্ষা-দীক্ষা, চাকৰি, ঘৰ এইবোৰ সকলো ফালৰ পৰা পল্লৱ মৌচুমীৰ বাবে সম্পূৰ্ণৰূপে উপযুক্ত হোৱাৰ পিছতো মাক দেউতাকে মৌচুমী আৰু পল্লৱৰ মিলামিছাক কোনো কাৰণতে সহজ ভাৱে লৱ পৰা নাছিল। ইয়াৰ কাৰণ এটাই আছিল,


"পল্লৱ যে জন্মগৰ পৰাই ভৰি এখনত সামান্য বিসংগতি লৈ জন্ম লৈছিল।"


     মৌচুমীৰ সেই কথাটোক লৈ তাইৰ কোনো অসুবিধা নাছিল। সি ভালদৰে খোজ কাঢ়িব বা চলা ফুৰা কৰিব পাৰিছিল। কেৱল মাত্ৰ ভৰি এখন সামান্য বেকা হোৱা বাবে খোজবোৰো যেন বেকাকৈ দিব লগা হৈছিল। 


     খোজ কঢ়া বা চলা ফুৰা কৰাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নকৰা পল্লৱৰ ভৰিখনে কিন্তু পল্লৱ আৰু মৌচুমীৰ প্ৰেমৰ ক্ষেত্ৰত সদায় বাধা হৈ থিয় দিছিল মাক দেউতাকৰ সম্মুখত। 


"ভৰি এখনত খুঁত থকা ল'ৰা এজনলৈ কেনেকৈ বিয়া দিয়ে নিজৰ একমাত্ৰ জীয়েকক?"


     কোনোপধ্যেই বিয়া দিবলৈ মান্তি নহলে মৌচুমীৰ মাক আৰু দেউতাকে। 


     হয়, কিয় বিয়া দিব তেওঁলোকে কোনো খুঁত নথকা একমাত্ৰ ছোৱালীজনীক এজন শাৰীৰিক বিসংগতি থকা ল'ৰালৈ? মৌচুমীৰ নিচিনা এজনী ছোৱালীক বিয়া কৰাবলৈ কিবা ল'ৰাৰ অভাৱনে! ইতিমধ্যে কিমান আত্মীয়ই আনিছে তাইৰ কাৰনে কিমান যোগ্য পাত্ৰৰ প্ৰাৰ্থী, তাৰ হিচাপ নাই। 


      বাকীবোৰৰ দেহৰ বিসংগতিটো দুৰৰে কথা টকা-পইচা, ধন-সম্পত্তি সকলো ফালৰ পৰা যে পল্লৱৰ নিচিনা দহজন ল'ৰাক কিনি নিব পৰা ল'ৰাইও যে ইতিমধ্যে তেওঁলোকক দিছিল মৌচুমীক বিবাহ কৰোৱাৰ প্ৰস্তাৱ। 


     মৌচুমীয়ে সঁচা অন্তৰেৰে ভাল পাইছিল পল্লৱক। সেয়েহে পল্লৱৰ দেহত থকা শাৰীৰিক বিসংগতি যে সিহঁতৰ প্ৰেমৰ ক্ষেত্ৰত হব পৰা কিবা অন্তৰায় থাকিব সেয়া তাই কাহানিও কল্পনা কৰা নাছিল। 


      তাই ভাল পাইছিল পল্লৱক!

পল্লৱৰ সহজ সৰল তথা মানৱ দৰদী মনটোক!


     সেয়েহে তাই বাৰে বাৰে চেষ্টা কৰিছিল মাক দেউতাকক বুজাবলৈ। কিন্তু মাক-দেউতাকে জানো বুজিছিল তাইৰ মনটোক??


"শাৰীৰিক বিসংগতি থকা ল'ৰা এটাৰ লগত বিয়া হব নোৱাৰি, সেয়া মই মানি ললো। কিন্তু যদি তোৰ সন্তানেও শাৰীৰিক বিসংগতি হৈ জন্ম ললেহৈ? তেতিয়া মোক কি কৰিলা হৈ?"


      তাই হেজাৰ কথাৰ বুজনিৰেও মাক-দেউতাকৰ অন্তৰ গোলাব পৰা নাছিল। ওলোটাই তেওঁলোকে তাইকহে শুনাইছিল নানা কটু কথা। 


     মাক-দেউতাকৰ যুক্তিৰ ওচৰত অৱশেষত হাৰ মানিবলৈ বাধ্য হৈছিল মৌচুমীয়ে। 


    সৰুৰ পৰা মাক দেউতাকৰ কোনো কথাৰ অবাধ্য হৈ নোপোৱা ছোৱালী জনীয়ে এইবাৰ প্ৰাণে পণে মাক দেউতাকক বুজাবলৈ যত্ন কৰিছিল। কিন্তু কোনো কাৰণতে মাক দেউতাকে তাইৰ কথাত মানি লবলৈ মান্তি হোৱা নাছিল। উপায়হীন হৈ তাইয়ে শেষত মানি লবলৈ বাধ্য হৈছিল মাক দেউতাকৰ কথা।


"আমাৰ বাহিৰে তোমাক সৰুৰে পৰা ডাঙৰ দীঘল কৰা কোনোবা আছিল নেকি? ইমান দিনতো তোমাক দুখত ৰখা নাছিলো, কিন্তু কিয় দিছা আজি আমাক ইমান দুখ?"


      হয়, মৌচুমীয়ে ভাবি কান্দিছে। তাইৰ একমাত্ৰ মাক দেউতাকৰ বাহিৰে আৰু আপোন বুলিবলৈ কোনো নাছিল। আৰু এই কথাটো কৈয়ে সৰুৰে পৰা তেওঁলোকৰ প্ৰতিটো কথাতে মানি লবলৈ তাইক বাধ্য কৰোৱাৰ নিচিনাকৈ বিয়াৰ ক্ষেত্ৰতো সেইপাত অস্ত্ৰ ব্যৱহাৰ কৰি সফল হৈছিল তাইৰ মাক দেউতাকে। 


     কোনোদিনে মাক দেউতাকৰ অবাধ্য হৈ নোপোৱা মৌচুমীয়ে নোৱাৰিলে মাক দেউতাকক অমান্য কৰি নিজৰ প্রেমাস্পদৰ ওচৰলৈ গুছি যাবলৈ। তাৰ বিপৰীতে তাই নিজৰ প্রেমাস্পদক হৃদয়ৰ একোণত গোপনে ৰাখি মাক দেউতাকক সন্তুষ্ট কৰি বিয়াত মত দিছিল মাক দেউতাকে ঠিক কৰা ল'ৰাজনৰ সৈতে। 


     খুব কম দিনৰ ভিতৰতে বৰ ধুম-ধামেৰে হৈ গৈছিল মৌচুমীৰ বিয়া চহৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী দীপক চলিহাৰ একমাত্ৰ পুত্ৰ দৰ্পণ চলিহাৰ লগত। 


     দেখা শুনাই সুদৰ্শন হোৱাৰ উপৰি চহৰখনৰ ভিতৰত এজন নামজ্বলা ব্যৱসায়ীৰ পুত্ৰক জোৱাই হিচাপে পাই মৌচুমীৰ মাক দেউতাকৰ যেন সুখ থৱলৈ ঠাই নোহোৱা হৈছিল। কিন্তু মৌচুমীয়ে সুখী হৈছিল জানো!


     পাৰেনে কোনোবা নাৰীয়ে হৃদয়খন এজনে অধিকাৰ কৰি থকাৰ পিছত আন কাৰোবাৰ সৈতে সুখী হবলৈ?


তথাপি তাই যত্ন কৰিছিল নিজক

সুখী কৰিবলৈ....

দৰ্পণৰ ঘৰখনক নিজৰ বুলি

আকোৱালি লবলৈ....

দৰ্পণকে তাই মনে প্রাণে স্বামীৰূপে গ্ৰহণ

কৰিবলৈ.... 


     কিন্তু দৰ্পণ!

আছিল নে বাৰু মৌচুমীৰ মাক দেউতাকে ভবাৰ দৰে এজন নিখুঁত ব্যক্তি?


     শাৰীৰিক ভাৱে কোনো বিসংগতি নথকা দৰ্পণে যেতিয়া বিয়াৰ প্রথম তথা ফুলসৰ্য্যাৰ নিশাই টেটুলৈকে এসোপামান মদ গিলি আহি মৌচুমীক ওচৰত বিচাৰিছিল, দৰ্পনৰ সতীত্বৰ প্ৰমাণ তাই সিদিনাই ভালকৈ গম পাইছিল।


"আহিলা!" - মৌচুমীয়ে মাত্ৰ কৈ উঠিছিল।


"আহিলা মানে দেখা নাই নেকি?"


"দেখিছো, আহি পাইছা তাকেই কৈছো। কিবা বেয়া পালে নেকি আপোনাক কোৱাতে।"


"আহি পাইছো, কাপোৰ খোল।"


"মানে"


"মানে কি? কাপোৰ খোল?"


     মৌচুমীয়ে দৰ্পনৰ কথাত বিচনাৰ পৰা শুই উঠিয়ে এটা এটাকৈ তাইৰ দেহৰ সমস্ত কাপোৰ খুলি দিছিল। দৰ্পনেও তাইৰ দেহত সিদিনা লগালগ বিচনাত জঁপিয়াই পৰিছিল।


    তাই উন্মুক্ত হৈছিল পতি দৰ্পনৰ সুবাস বুটলিবলৈ। এনেতেই তাই পাইছিল তাৰ মুখত মদৰ গোন্ধ।


"আপুনি মদ খাই আহিছে?"


"তাতে তোৰ কি হল?"


"মানে? বুজা নাই মই…"


"উম, শুই থাক এতিয়া।"


     বিয়াৰ প্ৰথম নিশাই কোনোবা স্বামীয়ে ৰাতি দুটালৈ বাহিৰত সুৰাৰ ৰাগীত মাতাল হৈ থাকেনে? মৌচুমীয়ে সিদিনাই দৰ্পনৰ সতীত্বৰ প্ৰমাণ ভালদৰে বুজি উঠিছিল।


     শাৰীৰিক খুঁত নথকা দৰ্পণৰ আছিল মনৰ খুঁত,

স্বভাৱৰ খুঁত... 


     অকল স্বভাৱৰে নহয় দৰ্পণৰ যে আছিল চৰিত্রতো খুঁত সেই কথাও বিয়াৰ কিছুদিনৰ পিছৰ পৰাই দৃষ্টিগোচৰ হৈছিল মৌচুমীৰ।


ব্যৱসায়ৰ কামৰ অজুহাত দেখুৱাই দৰ্পণে প্ৰায়ে নিশা কটাইছিল বাহিৰত। আৰু বাহিৰত নৈশ যাপন কৰি উভতি অহা দৰ্পণৰ গাত কোনোবাদিনা যদি মৌচুমীয়ে পাইছিল লেডিজ পাৰফিউমৰ গোন্ধ, কোনোবাদিনা আকৌ তাৰ কাপোৰত দেখিছিল লিপষ্টিক নাইবা সেন্দুৰৰ ৰং। 


     ইমানৰ পিছতো মৌচুমীয়ে সকলো নীৰৱে সহ্য কৰি গৈছিল। তাৰ বাহিৰে জানো তাইৰ কিবা উপায় আছিল! 


      কোনোদিনে তাইক কিবা কথা কোৱা বা তাইৰ কিবা কথা শুনাৰ প্রয়োজন অনুভৱ কৰা নাছিল দৰ্পণে। তাই কিবা কলে ওলোটাই তাইকহে টান কথা শুনাইছিল দৰ্পণে। 


     কথাবোৰ মা দেউতাকক কোৱাৰো প্রয়োজনবোধ কৰা নাছিল মৌচুমীয়ে। কিয়নো তেওঁলোকেতো কেৱল দেহৰ বিসংগতিত হে গুৰুত্ব দিছিল। সিহঁতে এবাৰলৈও ভবা নাছিল শাৰিৰীক ভাৱে নিখুঁত ব্যক্তিজনো যে কেতিয়াবা তাইক ইমান খিনি কৰিব...


অৱশেষত আজি!


     আজিও দৰ্পণে মৌচুমীক ব্যৱসায়ৰ কিবা কাম থকা বুলি কৈয়ে নিশা ওলাই গৈছিল তিনিদিনৰ বাবে ঘৰৰ পৰা। কিন্তু পুলিছৰ পৰা খবৰ এটা অহাত হে তাই গম পাইছিল যে দৰ্পণে ব্যৱসায়ৰ কামত কলৈকো যোৱা নাছিল। গৈছিল তেওঁৰ প্ৰেয়সীক লগত লৈ লং ড্ৰাইভত। আৰু গৈ থকাৰ আধাতে... 


"এক্সকিউজ মি, আপোনালোকৰ পেচেন্টৰ অপাৰেচন ভালে ভালে হৈ গ'ল। কিন্তু ভৰি খনহে…"


     অস্ত্ৰোপচাৰ কক্ষৰ পৰা ওলাই অহা ডাক্তৰজনে কথাখিনি কৈ যোৱা মাত্ৰকে তাইৰ ওচৰতে থকা মাক দেউতাকে আহি তাইক নিচেই ওচৰলৈ টানি আনি সাৱটি ধৰিলে। 


     প্ৰেয়সীৰ সৈতে লং ড্ৰাইভত যোৱা দৰ্পণে আধা বাটতে আজি ট্ৰাক এখনৰ সৈতে হোৱা তাৰ গাড়ীৰ মুখামুখি সংঘৰ্ষত নিজৰ সোঁভৰি খন একেবাৰে হেৰুৱাই পেলালে।  


"মাজনীও!! আমি কৰা ভুলৰ শাস্তি তই ভোগ কৰিব লগীয়া হ'ল। শৰীৰৰ বিসংগতি থকা বুলি আমি যদি পল্লৱক অপচন্দ নকৰিলো হেঁতেন তেতিয়াহলে আজি তই সুখত থাকিলি হৈ" 


     মাক দেউতাকে নিজে কৰা ভুলৰ কথা কৈ কৈ কান্দি কান্দি মৌচুমীক সাৱটি ধৰিলে। নিজৰ ভুলৰ বাবে বাৰে বাৰে তাইৰ ওচৰত ক্ষমা খুজিলে। মৌচুমীৰ কিন্তু মুখেৰে একো এটা শব্দ নোলাল। ওচৰতে থকা চকীখনতে নীৰৱে বহি পৰিল তাই।


     তাই নাজানে,

এয়া তাই প‍ল্লৱক কৰা প্রতাৰণাৰ শাস্তি নে অইন কিবা! মাথো তাই ভগবানকে প্রাৰ্থনা কৰিলে,


দৰ্পণৰ শাৰীৰিক বিসংগতিয়ে অৱসান ঘটাওক

আন নাৰী-পুৰুষৰ অবৈধ প্ৰেম নিবেদনত।

বুজি উঠক প্ৰেম-ভালপোৱা মানে কি

ইয়াৰ অৰ্থ প্ৰত্যেকজন মাক-দেউতাক তথা

অভিভাৱক।


     [ সৰু এটা লিখনি। ভবাই নাছিলোঁ, ইমান মৰম পাম বুলি।


     প্রত্যেকজন মাক-দেউতাক তথা আত্মীয় স্বজনৰ বাবে এই লিখনিটো। মোৰ ঠাইত যদি আপুনি হলেহেঁতেন? মোৰ ঠাইত যদি আপোনাৰ লৰা বা ছোৱালীয়ে এইখিনি ভোগ কৰিলেহৈ তেতিয়া আপোনাৰ কেনে লাগিল হৈ?


     মই দুখী! কাৰণ মই মনে প্ৰাণে ভাল পোৱাজনক মাক দেউতাকে বিয়া নিদিলে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে এতিয়া মাক দেউতাকে কলেও সিহঁতৰ কথাত মই দৰ্পনৰ পৰা Divorce কৰিম বা তেওঁৰ সৈতে সুখী নাথাকিম, এনে নহয়। নিজৰ ভাগ্যৰ লেখনকে ধীয়াইছো। হলেও,


"যৌৱন জীৱনত হোৱা সকলো ভুলতে কেৱল

সন্তানৰে হাত নাথাকে,

কিছুমান ভুলত মাক-দেউতাকৰো

হাত থাকে।"


     পুনৰ সকলোকে অশেষ ধন্যবাদ, লিখনিটোত ইমানখিনি মৰম দিয়াৰ বাবে। ]


◆◆◆◆◆ সমাপ্ত ◆◆◆◆◆


©মিনাক্ষী


No comments:

Post a Comment