বেশ্যা | ধাৰাবাহিক উপন্যাস | চতুৰ্থ খণ্ড | Besya | Sad Assamese Story | Emotional Assamese Novel | Papori Phukan | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বেশ্যা | ধাৰাবাহিক উপন্যাস | চতুৰ্থ খণ্ড | Besya | Sad Assamese Story | Emotional Assamese Novel | Papori Phukan | Daily Assamese Status


বেশ্যা

ৰুমত পুলিচ আহি আহে।
মীৰাই গম পালে যদিও ভিতৰলৈ গল।


টক্ টক্ টক্!!

     দুৱাৰত টোকৰ শুনি মীৰা আহি দুৱাৰখন খুলি দিলেহি। অ.চি জনে মীৰাৰ পাৰমিছ্ন নোলোৱাকৈয়ে এনেয়ে ভিতৰৰ আটাইবোৰ চালেগৈ মীৰাৰ। বিচনাৰ তলত, গড্ৰেছৰ পাছফালে, চ'কেছৰ পাছফালে, সকলোবোৰ। মীৰা বাহিৰতে ৰৈ থাকিল।


     অ.চি জন বাহিৰলৈ আহি বহি ল'লে। কিবা মনত পৰা যেন লাগি মীৰাৰ বেডৰুমৰ ফালে গ'ল। মীৰাৰ বক্স বিচনাখনৰ কাপোৰবোৰ আতঁৰাই তলৰ ড্ৰয়াৰৰ দৰে থকা বাকীকেইটা টানিলে। একো নাই তাত। গুচি আহিল ৰুমৰ পৰা; মীৰাৰ কাষতে থকা চোফাখনতে বহিল।


"তুমিয়ে ফোন কৰিছিলা?"


"হয়!"


"ক'ত আছে ছোৱালী জনী?"


"আহকচোন এইফালে।"


     মীৰা ওলাই গ'ল বাহিৰলৈ। বাহিৰত ৰৈ থকা কনিষ্টবল কেইজনে এখন্তেক মীৰালৈ চালে। ভীষণ ধুনীয়া মানুহজনী? সাইলাখ যেন দেৱী। খোজ দিয়াৰ ধৰণ আৰু চকুৰ চাৱনিয়ে মানুহক সহজে আকৰ্ষণ কৰিব।


     অ.চি জনো গ'ল তাইৰ পাছে পাছে। মীৰাহতঁৰ পাছত কনিষ্টবল তিনিজন। গোটেই কেইজনে মীৰালৈ চাই কিবা কোৱা যেন পালে। মীৰাই নিজকে চাই ল'লে কিবা দেখিছে নেকি সিহঁতে! নাই ঠিকেইটো আছে, কি পাতিছে তেন্তে!  মীৰাক অ.চি জনে মাত লগোৱাত ভিতৰলৈ গ'ল


"ক'ত ছোৱালী?"


"এইটো ৰুমতে আছিল ছাৰ। ম‌ই আপোনালৈ ফোন লগাই বাহিৰৰ ফালৰ পৰা মনে মনে তলা মাৰিছিলো।"


"কত আছে ইয়াত??"


"খিৰীকিৰে পলাল চাগে। এই ৰচীডালেৰে।" -মীৰা তলমুৱা হ'ল।


"কিবা প্ৰুফ আছে নেকি তোমাৰ ওচৰত?"


"নাই নহয় ছাৰ?"


"নামটো কি আছিল তাইৰ, কিবা ফটো-চটো আছে নেকি?"


"নামটো নীলু আছিল? ঘৰ ক'ত নাজানো!"


"মালিক কেতিয়া আহিব?"


"এইমাহত নাহে। ডুবাইত আছেগৈ। তেওঁৰ প্লাইউড কোম্পানীৰ কিবা প্ৰব্লেম হৈছে বুলি শুনিছোঁ।"


      অ.চি জনে তলমূৰ কৰি কিবা ভাবি এনেইয়ে মূৰটো ল'ৰালে।


"তোমালোকক এই বেশ্যালয় চলাবলৈ লাইচেন্স দিয়া হৈছে ঠিকেই, কিন্তু সৰু সৰু ছোৱালী আহিব নিদিবা। 25 এভব্ হ'ব‌ই লাগিব বুলি কোৱা আছে। আগলৈ মনত ৰাখিবা। মালিক আহিলে খবৰ দিবা।"


"হ'ব ছাৰ।"


      পুলিচ কেইজন ওলাই গ'ল। আজি এই খেল নেখেলা হ'লে অঞ্জনা কেতিয়াও এই নৰকৰ পৰা ওলাই নগ'লহেতেন।


"কেনেবাকৈ যদি অজয়ৰ নাম্বাৰ থকা হ'লে! ক'লৈ বা গৈছে তাই!"


     উচপিচাই উঠিল মীৰাই। ৰুমলৈ আহি বিচনাতে পৰি ৰল।


◆◆◆◆◆◆◆◆◆◆

      মীৰাৰ চিলমিলকৈ টোপনি আহিছিল। দুৱাৰত টোকৰ পৰা যেন শুনি উঠি আহিল। বাহিৰত অজয়।


"অ, তুমি আহাচোন!"


"অঞ্জনা ৰুমত নাই যে!"


"আহাচোন তুমি। কথা কেইটামান আছে তোমাৰ লগত।"


      মীৰাৰ পাছে পাছে আহি অজয় চোফাখনতে বহিল। মীৰা পাকঘৰলৈ গ'ল। হাতত দুকাপ কফি লৈ মীৰাও অজয়ৰ কাষতে বহিল


"অঞ্জনা ক'লৈ গৈছে?"


"অঞ্জনাক আৰু লগ নাপাবা ইয়াত!"


"কলৈ গৈছে?"


"মই পঠিয়াই দিলোঁ!!"


"কলৈ পঠিয়ালা?"


"ইভাগেতো তাই নাযায়। অলপ চাল কৰি উলিয়াই পঠালো।"


"মানে!!" -অজয়ে একো ধৰিব নোৱাৰিলে।


"তুমি সেইদিনা আহোতে মই যিখিনি কথা কৈছিলো, মোক তাইয়ে ক'বলৈ কৈছিল। তুমি যোৱাৰ পাছত খুউব বুজালো কিন্তু নুবুজিলে। কোনোপধ্যেই তাই যাবলৈ সন্মত নহ'ল।"


"কিয়? বহুত ইগ' আছে তাইৰ!"


"ওম। বেয়া পাই লাভ নাই। কাৰণ বহুত আপোন মানুহৰ পৰা তাই বহুত বাৰ উপেক্ষিত হৈছে।"


"তথাপি। মইতো ইমান বেয়া মানুহ নহয় যে তাইক প্ৰলোভন দিম!!"


"ভয় কৰিছিল তাই। তাই ইয়ালৈ কেনেকৈ আহিল জানেনে?"


"তাই নিজেই আহিল। ইচ্ছা নাথাকিলে আনেতো জোৰ নকৰে!"


"নহয়; তাইক মানুহ এজনৰ হাতত বিক্ৰী কৰি দিয়া হৈছিল!"


"কি?? কোনে? তাইতো এই বিষয়ে মোক একোৱেই কোৱা নাই!!" -আচৰিত হৈ পৰিল অজয়।


"নকয় তাই সেইয়া!"


"কোনে বিকিছিল?"


"গাঁৱৰ মানুহ এজনে। খুৰাক সম্বন্ধীয়। নিজৰ যদিও নাজানো। মন বেয়া কৰিব বুলি বহলাই মই তাইক একোৱেই নুসোধো।"


"তাৰপাছত!"


"হাইদৰাবাদলৈ লৈ যোৱাৰ পথত পুলিচে পালে। থানাত ১৫ দিন মান থাকিল। সকলোৰে ঘৰৰ মানুহ ওলাল, কিন্তু তাইৰ নোলাল। ১৫ দিনমান থকাৰ পাছত বোলে পুলিচ এজনেই তাইক ৰাতি মনে মনে পলোৱাই পঠাইছিল।"


"ক'ত থাকিল আহি?"


"তাইৰ বেগটোত ড'কোমেন্টবোৰ দেখি পুলিচজনে হয়তো গম পাইছিল তাইক প্ৰলোভন দিছে বুলি। সেয়ে হেনো চিনাকি মানুহৰ হতোৱাই প্ৰাইভেট কোম্পানী এটাৰ জ‌ইনিং লেটাৰ এখনো তাইৰ হাতত দিছিল। অহাৰ সময়ত মূৰত হাত বুলাই পুলিচৰ পৰা আঁৰত থাকিবলৈ কৈ পঠাইছিল। প‌ইচাও ১০০০ টকা দিছিল। সেই প‌ইচাৰেই পাছদিনা কোম্পানীটোলৈ গৈ কেন্টিনত কাম কৰিছিল।"


"ৰাতি ক'ত থাকিল?"


"তাত বোলে বজাৰৰ ঘৰ কিছুমান আছিল। আন আন অঘৰী মানুহৰ লগতে ৰাতিটো তাতেই কটাইছিল।"


     অঞ্জনাৰ কথা কৈ কৈ মীৰাই কান্দি উঠিল। তাই আকৌ ক'লে,


"অজয় মই ভৰিত ধৰিছো তোমাৰ, তাইক বচোৱা প্লিজ। ন' বাজি পাৰ হ'বৰেই হ'ল। ক'তবা আছে তাই কি অৱস্থাত!"


     মীৰা পুনৰ কান্দি উঠিল অজয়ৰ ভৰিত ধৰি।


     অজয়ৰ বৰ আচহুৱা লাগিল। এই কিন্নৰ গৰাকীও এখন বহল অন্তৰ আছে, মানুহক বুজিব পৰা এখন নিকা হৃদয় আছে।


     এৰা! আমাৰ নৰমেল মানুহৰ মাজতহে এনে  হেঁপাহবোৰ নাই। সকলো স্বাৰ্থপৰ, অঞ্জনাই কোৱাৰ দৰে। অজয়ে অলপ ভৰিটো আঁতৰাই দিলে।


"কোনফালে বা গ'ল এতিয়া। মই বিচাৰি যাওঁ তেন্তে।" -অজয় উঠিল।


"ৰ'ব ম‌ইও যাওঁ।"


     মীৰা উঠি গ'ল। ভিতৰলৈ গৈ সাইলাখ পুৰুষৰ দৰে ওলাই আহিল তাই। অজয়ক দেখি মিচিকিয়া হাঁহি এটা মাৰিলে। তললৈ নামি আহিল দুয়ো। গাড়ীখনৰ ওচৰ পাই অজয় গাড়ীত উঠিবলৈ ইংগিত দিলে,


"নাই অজয় মই নাযাওঁ। দুয়ো একেফালে গ'লে ক'ত লগ পাম। তুমি এফালে যোৱা মই এফালে যাওঁ।"


     অজয়ে এখন্তেক মীৰালৈ চাই থাকিল।


     সঁচাই মহান এই মানুহ গৰাকী!! মীৰা গলগৈ; অজয়ো গাড়ী ষ্টাৰ্ট দিলে। দুয়ো দুফালে ওলাই গ'ল।


◆◆◆◆◆◆◆◆◆◆


 "বাইদেউ, ক'ৰপৰা আহিছে আপুনি? তাকো এই ৰাতিখন! আপোনাকতো আমাৰ দৰে  অঘৰী যেন লগা নাই?"


     অঞ্জনাই মূৰ তুলি চালে। ওচৰত অঘৰী ল'ৰা দুটা। তাইতকৈ সৰু হ'ব কিন্তু কথা কোৱাৰ ধৰণ, ভদ্ৰতা আৰু নম্ৰ স্বভাৱ। সিহঁতৰ কথা কোৱাৰ ধৰণ অঘৰী জীৱনৰ লগত মিলা নাই। এখন্তেক সিহঁতলৈ চাই অঞ্জনাই ক'লে,


"মই! মই মানে ভাইটি ইয়াৰে ঠাই এডোখৰলৈ আহিছিলো। ঠাইডোখৰৰ নাম কাগজত লিখা আছিল, হেৰাল বাছত আহোতে। ইয়াত এতিয়া কাকোৱে চিনি নাপাওঁ বাবে ইয়াতে ৰ'লো। পুৱা হ'লেই যামগৈ!" -অঞ্জনাই মিছা মাতিলে।


"খোৱা-বোৱা ক'ত কৰিলে?"


"হোটেল এখনতে খালো।" -অঞ্জনাই আকৌ মিছা মাতিলে। পুৱাৰ পৰা একোৱেই খোৱা নাই তাই। অজয়ৰ লগত কথা পাতি থাকোতে এবেলা গ'ল। গা-পা ধুই আজৰি হয় মানে পুলিচেই আহিল।


"আপুনি জানো এতিয়া আমাৰ দৰে ইয়াত ৰাতিটো কটাব পাৰিব? অলপ পাছত অৱশ্যে আমাৰ মা হঁতো আহিব ইয়ালৈ?"


"থাকিম আৰু যেনে-তেনে। নহ'লেনো ক'লৈ যাম; কাকোৱেই চিনি নাপাওঁ চোন!"


"হ'ব থাকক। ইয়াত আমাৰ পৰিয়ালটো থাকো। মা, ভন্টি, মই আৰু ই, মোৰ ভাইটি।" -ভায়েকলৈ আঙুলিয়াই ক'লে ল'ৰাজনে।


"অ!" -অঞ্জনাই চমুকৈ শলাগিলে। দেউতাকৰ কথা সুধিম বুলিও নুসুধিলে তাই।


"এইখন ল‌ওঁক বাইদেউ। চফা বুলিবলে মাত্ৰ এইখনেই বস্তা আছে। আজি ৰাতিটো কটাওক যেনে-তেনে। কাইলৈ মনত পৰিলে ঠাইডোখৰৰ নাম ক'ব ম‌ই আৰু ভাইটিয়ে গৈ আপোনাক থৈ আহিমগৈ।"


    অঞ্জনাৰ চকুপানী ওলাল। এই অঘৰী ল'ৰাকেইটাৰো এখন ধুনীয়া হৃদয় আছে দুখ বুজিব পৰা, কিন্তু ঘৰ-বাৰী থকা এই মানুহবোৰৰ?


"কিন্তু তোমালোকে!! ক'ত শুব তোমালোকে?"


"হ'বচোন বাইদেউ এদিনহে। একো নোহোৱাকৈও শোৱাৰ অভ্যাস আছে। কিন্তু গাত ল'বলৈহে একো ভাল কাপোৰ নাই।"


     ল'ৰাজনে ভায়েকৰ মলিন বস্তাখনকে পাৰি ল'লে। অঞ্জনাই চালে সিহঁতলৈ, একো নোহোৱাকৈও সিহঁত সুখী। হাঁহি ধেমালি কৰিছে দুয়োটাই। বাগৰা-বাগৰি লাগিছে সিহঁতে।


"বাইদেউ, গাৰু যে নাই! আপোনালোকে লোৱাৰ দৰে কোমল কোমল গাৰু, লেপ-তুলি আজিলৈকে চুইয়ে পোৱা নাই; শুই পোৱাতো দূৰৰ কথা।" 


     ল'ৰাটোৱে কষ্টৰে হাঁহি এটা মাৰিলে। অঞ্জনাই বুজে এই হাঁহিৰ আঁৰৰ কষ্টবোৰ।


"হ'বচোন ভাইটি। বহা ইয়াতে!"


     ল'ৰাটো বহিল। ভায়েকো আহি তাৰ ওচৰতে বহি ল'লে।


"তোমালোকে কি কৰা দিনত?"


"কি যে সুধে আপুনি! কি কৰিব পাৰোঁ আমি ভাবকচোন আপুনিয়ে।"


"ভিক্ষা কৰোঁ বাই। কেতিয়াবা বাচন-চাচন ধোৱা কাম পালেও কৰো হোটেল বিলাকত।" -এইবাৰ ভায়েকে মাত লগালে।


"আমাৰ দৰে মানুহবোৰ জীয়াই থকাই লাভ নাই বুলি ভাবো, কিন্তু মৰিব‌ও যে নোৱাৰোঁ বাইদেউ; ম‌ইয়ে এতিয়া ঘৰৰ মুৰব্বীৰ দৰে।"


"দেউতা?" -এইবাৰ সুধিয়ে পেলালে অঞ্জনাই।


"ভন্টি জন্ম নহোওঁতেই ঢুকাল।"


"কেনেকৈ?"


"আমি ভিক্ষাৰী মানুহ ধেৰ আছো নহয়, কেতিয়াবা প‌ইচা কোনোৱাই বেছিকৈ পালে টনা-আজোৰা হয়, কাজিয়া হয়। এনেকুৱা কাজিয়াতে ঢুকাল দেউতা।"


"তোমালোকৰ ঘৰ ক'ত?"


"ভালকৈ নাজানো বাইদেউ। গাওঁখনৰ নাম মনত নাই এতিয়া, সৰুতে কোৱা মা-এ। এতিয়া আৰু নুসোধো এইবোৰ। সুধিলেওঁ জানো ঘূৰাই আনিব পাৰিম!" -ল'ৰাটোৱে হুমনিয়াহ এৰিলে।


"ম‌ই জনা হোৱাৰে পৰা ভিক্ষা কৰিয়ে খোৱা মনত আছে।" -ল'ৰাজনে পুনৰ ক'লে।


"অ! ভাত খালা জানো তোমালোকে?"


"ওম খালো।"


"কিহেৰে খালা?"


     অঞ্জনাৰ প্ৰশ্নটো যেন এপাত শৰ আছিল সিহঁতৰ বাবে। মৃদ্যু হাঁহি এটা মাৰি ক'লে,


"মায়ে আলু ব‌ইল কৰিছিল, তাৰেই খালো।"


     ল'ৰাজনে তলমূৰ কৰিলে। লাজত নে দুখত অঞ্জনাই জানিবলৈ সেয়া চেষ্টাও নকৰিলে।


"মা আহিল।"


      সৰু ভায়েকে জাপ মাৰি মাকৰ ওচৰলৈ দৌৰিল। দহ-বাৰ বছৰীয়া ল'ৰা। ওচৰ পোৱাত অঞ্জনাক দেখি আচৰিত হোৱা যেন হ'ল। কাৰণ, এইখন কৰ্দয্যময় পৃথিৱী সিহঁতৰ, ইয়াত সুন্দৰতাৰ স্থান নাই।


"তুমি? কোন তুমি???"


"অ, মা বাইদেউ হেনো আজি ইয়াতে থাকিব। ভন্টিক শুৱা চফা বস্তাখনকে দিছো শুবলৈ। ম‌ই ভাইটিৰ লগতে শুম।"


     ডাঙৰটোৱে ক'লে। মাকে তাৰ মূৰত হাত বুলাই দি হাঁহিলে,


"ভালেই কৰিলি দে; বাইদেউ আজি আমাৰ অতিথি।"


"ঘৰ ক'ত তোমাৰ?"


     এইবাৰ এপাত শক্তিশালী অস্ত্ৰয়ে অঞ্জনাৰ বুকুত বিষ ঢালিলে। কি বুলি কয় সিহঁতৰ মাকক!!


"ঘৰ মানে বাইদেউ, আজি মোক আপোনালোকৰ নিচিনাকৈ অঘৰী বুলিয়ে ধৰক।"


"তথাপি! আমাৰ দৰেতো একেবাৰে অঘৰী নিশ্চয় নহয়!"


"ওম!"


     তলমূৱা হ'ল অঞ্জনা। মানুহগৰাকীয়ে শুবলৈ বুলি বিচনা পৰাত লাগিল। বিচনানো কি দুখনমান বস্তা, এডোখৰ ফটা শাড়ী, এখন গাত লোৱা কাপোৰ। বস্তাই সেইয়াও ওপৰত ফটা কাপোৰৰে এটা মিছা প্ৰলেপ দিছে, যাৰ মাজেৰে বস্তাখন দেখি থাকি।


"গাৰু নাই। তুমি বেগটোকে ল'বা। এতিয়া শোৱা। ঘৰত শোৱাৰ দৰে দেৰিলৈকে নাথাকিবা। কাইলৈ বজাৰ বহিব ইয়াত। দূৰৰ বেপাৰীবোৰ সোনকালেই আহে। সেয়ে পাৰাপক্ষত চাৰিটামানত উঠিবলৈ যত্ন কৰিবা। শোৱা দেই, কাইলৈ কথা পাতিম ভালকৈ।"


      অঞ্জনাক কথাখিনি কৈ ছোৱালীজনীৰ লগত ধেমালি কৰি কৰি মানুহগৰাকীও টোপনি গ'ল। ল'ৰাদুটা কেতিয়াবাই টোপনি গ'ল।


     এৰা, নাযাবনো কিয়! কাইলৈ যে ভিক্ষা কৰিব যাওঁতে কাৰ কিমান গালি, ৰঙা চকু দেখিব লগা আছে কি ঠিক। এইকণেই যি শান্তিৰ ক্ষণ সিহঁতৰ। তাইয়ো টোপনি যাবলৈ যত্ন কৰিলে।


◆◆◆◆◆◆◆◆◆◆


     ঘড়ীয়ে দুই বজাৰ সংকেত দিলে। অজয়ে অঞ্জনাক বিচাৰি বিচাৰি ঘৰ আহি দুৱাৰখন খুলিলে। মনতো বেয়া লাগিল।


"ক'ত বা আছে অঞ্জনা! ভালপোৱা বুলি নহয়, দায়িত্ব বুলি বিচাৰিব লাগিব অঞ্জনাক।"


     অজয়ে নিজৰ মাজতে কৈ উঠিল। মীৰালৈ ফোন লগালে,


"হেল্লো!"


"ম‌ই অজয়। অঞ্জনাৰ কিবা খবৰ পালানে?"


"নাইপোৱা এতিয়ালৈকে। ম‌ই ৰুমলৈ যোৱাই নাই। এইফালে বজাৰৰ ঘৰখিনিটো চালো। তাতো তাই নাই। অঘৰী দুটামান হে শুই আছে।"


"হ'ব আজিলৈ গুচি আহা; ৰাতিও বহুত হ'ল।"


"অ, ৰুমলৈ বুলিয়ে গৈ আছো।"


"কাইলৈ দেওবাৰ, ম‌ই বিচাৰি যাম। খবৰ পালেই তোমাক জনাম।"


"হ'ব বাৰু। কিন্তু চিন্তা এটাহে। এই ৰাতিটোতে যদি অঞ্জনাৰ বেলেগ মানুহৰ হাত লাগে, সেইয়াহে ডাঙৰ কথা!"


"নহ'য় দিয়া ভগৱানৰ ওপৰত আস্থা ৰাখা। তুমি আহি শোৱা; ম‌ইয়ো গাটো ধুইয়ে শোওঁৱে।"


     সংযোগ বিচ্ছিন্ন কৰি বাথৰুমলৈ সোমাল অজয়। অৱশ লাগিল তাৰ। পুনৰ ভাবিলে,


"কিবাকৈ এবাৰ অঞ্জনাক লগ পোৱা হলে!!"


আগলৈ…..…….


[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 9pm (ন বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]



Follow on- INSTAGRAM

তৃতীয় খণ্ডৰ লিংক -
             Read Now :

পঞ্চম খণ্ডৰ লিংক -
             Read Now :

বেশ্যা - এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Story
"Whore -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী
Outside Background- সোণালী দেৱী

Special Thanks-
মেঘ মল্লিকা, ৰাগিনী
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini

No comments:

Post a Comment