চিংগল লাইফ ইচ এ বিনদাচ লাইফ
হয়তো সকলোৰে মুখত এইটো শ্লোগান,
যদি কোনোবাই সুধে
কেনে আছা ?
আছো দিয়া ভালেই
চিংগল লাইফ ইচ এ বিনদাচ লাইফ ।
হয়তো কোনেও নাজানে
সিহঁতৰ হাঁহিৰ আঁৰত লুকাই থকা
দুখবোৰৰ কথা ।
কোনোবাই যদি আপোনজনক পাই হেৰুৱাৰ
দুখত কান্দিছে,
কোনোবাই আকৌ ভালপোৱাজনক নোপোৱাৰ
দুখত কান্দিছে ।
কোনোবাই আকৌ আপোনজনৰ বাবে,
বহুত আশা লৈ দেখা সপোনবোৰ
নিমিষতে ভঙাৰ বাবে কান্দিছে ।
এই নিসংগতাৰ ৰাতিবোৰ
আমাৰ দৰে চিংগলবোৰৰ বাবে আপোন হৈ পৰে,
মাথো শিতানৰ গাৰুটিয়ে ।
যিয়ে নিস্বাৰ্থভাৱে গ্ৰহন কৰে
আমাৰ প্ৰত্যেকটি নিশা চকুপানীৰ
টোপালৰ ভাৰ ।
কিন্তু চিংগল লাইফ ইচ নট এ বিনদাচ লাইফ,
তথাপি কবলৈ আমি বাধ্য এই বাবে যে
এসময়ত কাৰোবাক বহুত ভাল পাইছিলো ;
তেওঁৰ বাবে যি হয় নিজৰ সামৰ্থৰে
সকলো কৰিছিলো ।
হয়তো নজনাকৈ বহুত ভাল পাইছিলো,
লাহে লাহে সপোনো দেখিবলৈ লৈছিলো,
কিন্তু বিনিময়ত পাওঁ
মাথো দুখ, প্রতাৰনা, কান্দোন, অসন্মান আৰু
আপোন মানুহৰ পৰা লাজ ।
কাৰনো ইচ্ছা নাযায়
কাৰোবাক ভাল পাব,
কাৰনো ইচ্ছা নাযায়
কাৰোবাক লৈ সপোন দেখিব !
তেওঁৰ লগত সময়বোৰ অতিবাহিত কৰিবলৈ,
তেওঁৰ লগত সপোনবোৰ দিঠক কৰিবলৈ,
সকলোৱেতো সপোন দেখে ।
কিন্তু ভয় লাগে
আকৌ এবাৰ সকলো হেৰুৱাবলৈ ।
দুখবোৰ খুলি কাক কম, কাক বুজাম,
কোনে বুজিব এই স্বাৰ্থপৰ দুনীয়াত
সকলোৱে যে নিজৰ স্বাৰ্থতাৰে আনক ব্যৱহাৰ
কৰে ।
সেই বাবেইতো আনৰ আগত কওঁ
হৃদয়খনক ইমানো বেছি দুখ, কষ্ট দিব নোৱাৰাৰ
বাবেইতো কওঁ
এটা মিঠা হাঁহিৰ প্ৰলেপেৰে,
চিংগল লাইফ ইচ এ বিনদাচ লাইফ ।
জীৱনৰ দুখবোৰ বুকুতে লুকাই থওঁ,
চিংগল লাইফ ইচ এ বিনদাচ লাইফ ।
অংকুৰ দাস
No comments:
Post a Comment