তোমাৰ হাঁহিৰ কাৰণ | প্ৰশ্ন হয় কেতিয়াবা | মোলৈ আপোনাৰ কিমান মৰম | ভালপোৱা | অসমীয়া কবিতা | Trishna Baisya Romantic Assamese Love Poem | Heart Touching Axomiya Poem - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

তোমাৰ হাঁহিৰ কাৰণ | প্ৰশ্ন হয় কেতিয়াবা | মোলৈ আপোনাৰ কিমান মৰম | ভালপোৱা | অসমীয়া কবিতা | Trishna Baisya Romantic Assamese Love Poem | Heart Touching Axomiya Poem


তোমাৰ হাঁহিৰ কাৰণ


তোমাৰ হাঁহিৰ কাৰণ যদি মই হওঁ 

এদিন এৰি গুছি গলে 

তুমি জানো কান্দিব পাৰিবা ? 


এয়া আপোনাৰ কেনে প্ৰশ্ন ? 


না হাহিবলৈ কিবা কাৰণ লাগে, 

না কান্দিবলৈ ? 

না আপোনাক ভালপাবলৈ কিবা কাৰণ লাগে, 

না আপোনাক হেৰুৱাবলৈ ?

সেয়া নাজানো…


কেৱল এটাই কথা জানোঁ, 

আপোনাকে হিয়া উজাৰি ভাল পাব, 

নিজতকৈয়ো বেছি হয়তো ! 


************

ভালপোৱা


তুমি অহাৰ বাটত যে 

সোণাৰু ফুলিল 

কাঞ্চন ফুলৰ সুবাসত যে 

নিয়ৰৰ কণিকা সৰিল 

ভাললগা আলিবাটত 

ফুলি উঠা অভিমানবোৰ যে 

ভালপোৱা হৈয়ে সৰকি পৰিল 

মোৰ হৃদয়ৰ গোপন কোণত…


************

বিষাদৰ কবিতা কেনেকৈ ৰচিম


কবিতাৰ বুকুত আজি 

শব্দৰে বিষাদ ঢালিম, 

লুকুৱাই ৰাখি থোৱা যন্ত্ৰণাবোৰৰ পৰা 

মুক্তি বিচাৰিম । 

কিন্তু কেনেকৈ ৰচিম নতুন কবিতা ? 

বুকুৰ মাজত শিল এটুকুৰা ঘূৰাই ফুৰাটো 

জানো সহজ কথা ?


************

ৰ'দ


এচেৰেঙা ৰ'দ আহি যে চুই যায় 

আন্ধাৰৰ আৰে আৰে পোহৰ বিলায় 

কেতিয়াবা জানো ভাবি চাইছোঁ প্ৰকৃতিৰ ? 

নাচোনত লাগি অহা প্ৰহেলিকাবোৰৰ কাহিনী 

বিচাৰি ফুৰিছোনে ! 


ইয়াৰ সান্নিধ্যৰ পৰিধি কি? 

নিজক জানোঁ সুধি চাইছোঁ কেতিয়াবা 

ভালে আছোঁ নে বুলি? 


পাইছোনে বিচাৰি ফুৰা ৰ'দ জাকৰ ঠিকনা ! 

প্ৰশ্ন কৰিবলৈ মন যায় কেতিয়াবা নিজকে ?? 


************

মোলৈ আপোনাৰ কিমান মৰম


কথা দিছোঁ,

হৃদয়ৰ সভ্ৰান্ত বাসনাৰে লালন কৰিম 

আপোনাৰ প্ৰতিটো চৰ্ত 

মূল্য মইয়ো দিম আপোনাৰ প্ৰেৰণাক 

কিন্তু কব লাগিব আপুনি 

মোলৈ আপোনাৰ কিমান মৰম ? 


************

প্ৰশ্ন হয় কেতিয়াবা


মাজনিশা আকাশলৈ চাইছানে কেতিয়াবা ? 


চাবাচোন, 

মোক নহলেও কাৰোবালৈ খুব মনত পৰিব । 


শীতৰ ৰাতিপুৱা নিয়ৰ তিতা দুৱৰিত খোজ 

দিছানে কেতিয়াবা ? 


দিবাচোন, 

মোক নহলেও কাৰোবাক হিয়া উজাৰি 

মৰম কৰিবলৈ মন যাব । 


ফুলি থকা গোলাপৰ পাহি এটি স্পৰ্শ 

কৰিছানে কেতিয়াবা ? 


কৰিবাচোন, 

মোলৈ নহলেও আপোনাৰ প্ৰেয়সীক 

নিশ্চয় কাষত পাবৰ মন যাব । 


তৃষ্ণা বৈশ্য

No comments:

Post a Comment