তুমি | অসমীয়া কবিতা | মৃদুল নাথ | Tumi - Assamese Poem By Mridul Nath | Assamese Love Poem - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

তুমি | অসমীয়া কবিতা | মৃদুল নাথ | Tumi - Assamese Poem By Mridul Nath | Assamese Love Poem


তুমি

অসমীয়া কবিতা | অসমীয়া প্ৰেমৰ কবিতা

তুমি তুমি লগা হেঙুলীয়া আবেলিটো আজি
বিৱৰ্ণময় হৈ পৰিছে...

সৰিয়হৰ হালধীয়া খিনি যদি আতৰাই দিওঁ
সৌন্দৰ্য্যৰ জানো কিবা উমান পোৱা যাব ?
তুমি মোৰ পৰা আতৰি থাকিলে ওঠৰ হাঁহি টুকুৰাৰ
জানো কিবা অৰ্থ থাকিব ?

কজলা দুচকুৰ নীলিম ভাৱনাত স্বপ্ন বিভোৰ মন
আজলী হিয়াৰ উৰণীয়া পক্ষী মৰমত আতুৰ হয় ।

তুমি নাই বাবেই সপোন হৈ পৰিছে উকা...
ধৰাশায়ী প্ৰাণে বিচনাত চট্‌ফটাই 
বুকুত সাৱটি গাৰু,
হিয়াখন কাঢ়ি মন ভাঙিলি
তুমি চলনাময়ী গাভৰু ।

- মৃদুল নাথ
- মৃদুল নাথ

No comments:

Post a Comment