বেশ্যা - অঞ্জনাৰ বিষাদ কাহিনী | ধাৰাবাহিক উপন্যাস | তৃতীয় খণ্ড | Besya And Anjana | Sad Assamese Story | Emotional Assamese Story | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বেশ্যা - অঞ্জনাৰ বিষাদ কাহিনী | ধাৰাবাহিক উপন্যাস | তৃতীয় খণ্ড | Besya And Anjana | Sad Assamese Story | Emotional Assamese Story | Daily Assamese Status

বেশ্যা

       হেঁপাহ পলোৱাই কান্দক আজি তাই। অতদিনে সযতনে বুকুত সামৰি ৰখা দুখবোৰ উজাৰি উলিয়াই দিয়ক।

       অজয়ে সাৱটি লৈ ভগাই ল'লে অঞ্জনাৰ চকুপানীবোৰ।


       সঁচাই বৰ আচহুৱা নাৰীৰ এই জীৱনটো। বুকুত এশ এবুৰি কষ্ট লৈয়ো আনৰ মুখত হাঁহি আনিব খোজে, আনক সুখ দিব বিচাৰে এগৰাকী নাৰীয়ে।


      নাৰীৰ হাঁহিৰ পাছফালে থকা মানুহজনীক যদি জুমি চোৱা যায় তেন্তে প্ৰত্যেকজনীৰ নাৰীৰে জীৱনত হয়তো হাজাৰ-বিজাৰ কষ্ট, বিষাদ আৰু অপুৰণীয় সপোনবোৰেই থাহ খাই থকা পোৱা যাব; ঠিক অঞ্জনাৰ দৰেই।


       এগৰাকী নাৰী। লাগিলে সেইয়া যিমানেই সুখী বুলি দাবী কৰা ধনীৰ দুলালীয়েই নহ‌ওঁক কিয়, দুখ থাকিবই। অজয়ো দেখিছে এটা উপায়বিহীন জীৱনৰ কঠোৰ গাঁথা, নিৰ্লজ ছবি। টকা থাকিলে সকলো পবিত্ৰ বুলি ধৰা হয় আজিৰ সমাজত কিন্তু সত্যত চলা মানেই দুখৰ সমাহাৰ।


"অঞ্জনা, চাওঁ নাকান্দিবা ইমানকৈ!"


      অজয়ে তাইৰ চকুপানী মোহাৰি দিলে। কপালত এটা মৰমৰ চুমা আঁকি দিলে, ঠিক সিদিনা তাই তাৰ কপালত আঁকি দিয়াৰ দৰেই।


"আপুনি বহুত ভাল মানুহ অজয়দা। মোৰ পাছত লাগি আপুনি কিয় বদনামি হ'ব খুজিছে?"


     অঞ্জনা আঁতৰি আহিল অজয়ৰ কাষৰ পৰা। নিজক সংযত কৰি আকৌ ক'লে-


"জীৱনত বহু ঘটনাৰ জীয়া সাক্ষী মই নিজেই কিন্তু প্ৰতিবাদ কৰিব নোৱাৰোঁ, কাৰণ মই শূণ্য।"


      দীঘল এটা হুমুনিয়াহ লৈ তাই আকৌ কৈ উঠিল-

"আপুনি কেনেকুৱা পৰিস্থিতিৰ সাক্ষী মই নাজানো, কিন্তু মোৰ লগত যিমানবোৰ ঘটি গৈছে সেইয়া মই ক'ব নোৱাৰিম। নিজকে ঘিণ লাগে। বৰ কুক্ষণত জন্মিলো হয়তো!"


"তোমাক মই আগতেই কৈছোঁ তুমি সৰু হৈ আছা। নিজকে ধ্বংস কৰাৰ কি প্ৰয়োজন কোৱাচোন! এইখন বেশ্যাগিৰী চাৰিবেৰৰ মাজৰ পৰা মাত্ৰ এবাৰ ওলাই চোৱা, দেখিবা ভাল মানুহো আছে।"


"মই জানো! কিন্তু ভাল মানুহৰ যে সন্মান নাই আজিকালি! মোৰ লগত ইয়ালৈ অহা আগতে ঘটা ঘটনা এটা ক‌ওঁ আপোনাক শুনিব পাৰিব?"


"কোৱাচোন!"


"কোম্পানীৰ এটাত সৰুকৈ কাম এটা পাইছিলো গাওঁৰ পৰা আহি।


"উম…" -অজয়ে মূৰ দুপিয়ালে।


"প্ৰথম এমাহ ভালেই গ'ল কিন্তু পাছৰ মাহত অফিচৰ মালিকজনে শ্বিলঙত কিবা কাম আছে বুলি কৈ আমাৰ তিনিজনী ছোৱালী আৰু দুজন ল'ৰা লগত নিছিল। কিন্তু পাছত গম পালো সেইয়া মোক বন্দী কৰাৰ প্লেন। সকলোৱে এটা এটা ৰুম লৈছিল। সেই সময়ত মই মালিকৰ লগত থকাৰ বাদে আন উপায় নাছিল। তেওঁ মোৰ সতে শাৰীৰিক সম্পৰ্ক গঢ়িলে। উপায়ো নাছিল নিজক সপি দিয়াৰ বাদে। সপি দিলো দেহটো তেওঁৰ হাতত। তাৰপৰা আহি প্ৰেগনেন্ট হ'লো।"


"তাৰ পাছত"


"কথাটো তেওঁক জনালোঁ। এবৰচন কৰাৰ কথা ক'লে, সেইয়াও কৰিলো। আৰু বহুত কথা আছে লাজ লগা।"


     - কান্দি উঠিল তাই। অজয়ে থৰ লাগিল তাইৰ কথাবোৰ শুনি। আচৰিত হ'ল সিও।


◆◆◆◆◆◆◆◆◆◆

 


       অঞ্জনাৰ কথা খিনি শুনিয়ে অজয় লাহেকৈ উঠি গৈ খিৰিকীৰে বাহিৰলৈ চালে। এই সৰু ছোৱালীজনীয়ে যে কিমানবোৰ কষ্ট বুকুত সামৰি লৈ ফুৰিছে!


     অ'তবোৰ লাঞ্ছনা, চকুপানী, ক্ষোভ, অভিমানৰ সংমিশ্ৰণতে যেন তাইৰ আজি এই "বেশ্যা" ৰূপটো! ভগৱানে কিয় এনে কৰে বাৰু?


      হাজাৰটা পূণ্যৰ ফলত হেনো নাৰীৰ জনম পায়। কিন্তু য'ত এগৰাকী নাৰী এনেদৰে দুৰ্বিসহ জীৱন কটাবলগীয়া হয়, তেন্তে তেনে হাজাৰটা পূণ্য কৰাতকৈ নকৰাই শ্ৰেষ্ঠ।


      "কি আছেনো এই বেশ্যাবোৰৰ?"


     মানুহ আহিব বিচৰা ধৰনে উপভোগ কৰিব প‌ইচা দিব আৰু যাব। কিন্তু তাৰ মাজতে বিচাৰিলে হয়তো বহুকেইজনী অঞ্জনাই ওলাব, যি পৰিস্থিতিৰ দাস আনকি কৰাৰো ইচ্ছা নাই আৰু নকৰিলেও উপায় নাই!!


"কি ভাবিব ল'লে ইমান থৰ হৈ!"


"তোমাৰ কথাকে ভাবিছো।"


"মোৰ কথা! কি বুলি?"


"এই যে মীৰাক তুমি কেনেকৈ লগ পালা?"


"তেওঁক নে! তেওঁ বেশ্যালয় চলাব পাৰে বা তেওঁক চৰিত্ৰহীন বুলি ভাবিব পাৰে কিন্তু তেওঁ মোৰ বাবে ভগৱান।"


      হুমনিয়াহ এটা ওলাই আহিল অঞ্জনাৰ। আকৌ ক'লে -

"এবৰচন কৰাৰ পাছত খু‌উব দুখ লাগিছিল মোৰ। কোনো মাতৃয়ে নিজৰ প্ৰথম সন্তানক মাৰিব নোখোজে কিন্তু মই মাৰিছিলো।"


"উমম, কাৰণ??"


"কাৰণ জন্ম হোৱাৰ পাছত তাক এটা ভাল জীৱন দিব লাগিব। বুজা হোৱাৰ পাছত যদি মোক পিতৃৰ পৰিচয় বিচাৰে, কাৰ নাম কম? অফিচৰ মালিকৰ কথাটো ক'ব নোৱাৰোঁ। বহু হীন মান্যতাৰ মুখামুখি হোৱাৰ পাছত তাক হত্যা কৰাই শ্ৰেষ্ঠ বুলি বিবেচনা কৰিলোঁ। হাতত চাকৰি এটা থকা হ'লে কথা নাছিল, সন্তানটোক মিছা মাতিলো হয়। ক'লোহেতেন তুমি সৰু থাকোঁতেই দেউতা ঢুকাল। গাঁৱৰ পৰা খেদি দিলে তোমাক লৈ যেনে-তেনে ইয়াত খুপনি পুতিলো। কিন্তু ভগৱানে উপায় নিদিলে মোক। আৰু তাতো হাৰি গ'লো মই।" -অঞ্জনা উচুপি উঠিল।


"তাৰপাছত!"


"তাৰপাছতো মোক অফিচত কামৰ বাবে মাতিছিল কিন্তু নগলো মই। সহ্য কৰিব নোৱাৰা হ'লো সেই মানুহজন। ঘিণ লগা হ'ল তেওঁলৈ। শ্বিলঙৰ সেই বীভৎস নিশা দুটাৰ কথা ভাবিলে নিজলৈও ঘিণ লাগে। দ্বিতীয়বাৰৰ বাবে শাৰিৰীক কামনাত উন্মুক্ত পুৰুষ দেখিছিলো। কিমান কামুক হ'ব পাৰে বুজি পাইছিলো।"


"তুমি এতিয়া আজীৱন ইয়াতে থাকিম বুলি ভাবিছা নেকি?"


"নাই ভবা। পঢ়াখিনি সামৰি চাওঁ ভাল কিবা পাওঁ নেকি? যদি যোগ্যতাৰ জোখাৰে পাওঁ তেন্তে মীৰা দিদিকো লগত লৈ যায়।"


"তেওঁক আকৌ কিয়?"


"তেওঁ মোৰ বাবে জীৱন্ত ভগৱান। তেওঁ মোক ডাঙৰ বিপদৰ পৰা উদ্ধাৰ কৰি থৈছে। এবৰচন কৰাৰ পাছত অফিচৰ মালিকজনে দিয়া ৰুমটোৰ পৰাও মই ৰাতি মনে মনে ওলাই আহিছিলো। কিন্তু দুৰ্ভাগ্য চুপাৰ নাপালো।"


◆◆◆◆◆◆◆◆◆◆

        অজয়ে অঞ্জনাৰ ফালে চালে। ইমানবোৰ জীয়া ঘাঁ লৈ জীয়াই থকাৰ বাবেই হয়তো সহায় কৰিলেও পুতৌ কৰা যেন লাগে তাইৰ। অঞ্জনাই হুমনিয়াহ এৰি পুনৰ কলে


"ৰুমৰ পৰা আহি চুপাৰ নোপোৱাত এই বিল্ডিংটোৰ তলতে বহি কান্দিলো আনে নুশুনাকৈ। এসময়ত মই অচেতন হৈ পৰিছিলো। আৰু এই যে মীৰা দিদি তেওঁৱে মোক নিজৰ ৰুমলৈ আনি শুশ্ৰূষা কৰিলে।


"আৰু....??"


"মই আগদিনাৰ পৰাই একো খোৱা নাছিলো, সেয়ে হয়তো অচেতন হৈছিলো। হাতত প‌ইচা আছিল কিন্তু কিবা এটা আনি খাব পৰাকৈ নাছিল। হাতত থকা প‌ইচাকেইটাৰ দহ টকা খৰচ কৰিলেও গাওঁ নাপামগৈ। সেয়ে ভোকত আছিলো।"


     অঞ্জনাৰ কথাবোৰত অজয়ৰ বুকুখনত কিহবাই বিন্ধা যেন লাগিল।


     কিমান যে কষ্টৰ ভাৰ বান্ধি লৈ ফুৰিছে তাই। একো দুখ নথকা এই সৰলমানি ছোৱালীজনীয়ে, আহ!!


     মাক বা দেউতাকৰ যিকোনো এজন থকা হ'লেও আজি তাইৰ এই অৱস্থা নহ'লহেতেন।

- অজয়ে তাইৰ কথাবোৰ মনতে ভাবিলে।


"তোমাৰ আন কোনো ঘৰৰ মানুহ নাই নেকি?"


"আছে। কিন্তু নামতহে! মোক কোনেও ৰাখিব নিবিচাৰে। নিজৰ পৰিয়াল চলোৱাই টান আকৌ মোৰ বোজা ল'ব নুখুজিলে।" -তলমূৰ কৰিলে তাই।


"দেউতা ঢুকুৱাৰ পাছত খুৰা-খুৰীহতঁৰ লগত থাকিলো কিন্তু তেওঁলোকৰ ব্যৱহাৰ বৰ অসহ্যকৰ। তথাপি আছিলো কিন্তু এদিন খুৰীয়ে ওচৰৰ ল'ৰা এটাৰ লগত মিছা বদনাম দি মোক ওলাই দিব ক'লে। আৰু মই বিনা প্ৰতিবাদেই ওলাই আহিলোঁ। ভাবিছিলো সৰুজনৰ ওচৰলৈ যাম কিন্তু নগলো। ইমান অপমান আৰু সহ্য নহয়।"


"ইয়াত এগ্ৰিমেন কৰিলা কেনেকৈ?"


"এই যে মীৰা দিদি তেওঁ খুউব ভাল। সিদিনা ভোকতে ৩ মান বজাত মই সাৰ পাইছিলো। দেখিলোঁ মীৰা দিয়ে মোৰ ওচৰতে পকাত বহি মূৰটো মোৰ কাষতে থৈ টোপনিত লাল-কাল দি আছে। তেওঁক নুঠালো। মইও আকৌ শুই থাকিলো।"


"তেওঁৰ কোনো ঘৰ-বাৰী নাই নেকি? বেশ্যালয় যে চলাই?? ধান্দাবাজিৰ হাতত পৰিয়ে আজি তোমাৰ এই অৱস্থা।"


"হুহ!!(তাচ্ছিল্য কৰি হাঁহিলে তাই) ভাল মানুহৰ লগত চোন মিলিবলৈ যত্ন কৰোঁতে নিজৰ সুবিধাৰ বাবেহে মোক ব্যৱহাৰ কৰিলে। তেওঁ বৰ অৱেহেলিত অজয় দা। তেওঁ কিন্নৰ?"


"কি?" -অজয় আচৰিত চকুৰে তাইলৈ চালে।


"হয়, অজয় দা। মই যেনেকৈ অৱহেলিত তেওঁ আন এক প্ৰকাৰে অৱহেলিত।" -অজয়ৰ মুখৰ মাত-কথা নোহোৱা হ'ল।


"তেওঁ কিন্নৰ বুলি জানি ভনিয়েক দুজনীৰ বিয়া ভাগিল, ভায়েকৰো ভাগিল। মাক-দেউতাকে মুখেৰে একো নকলেও তেওঁলোকৰ মৌনতাই মীৰা দিদিক কষ্ট দিছিল। সেয়ে এদিন বোলে ৰাতি মনে মনে ওলাই আহিছিল ঘৰৰ পৰা। প্ৰথম অৱস্থাত তেওঁ ট্ৰেইনত ভিক্ষা খুজিছিল। পাছত আন আন কিন্নৰ লগ পাই তেওঁলোকৰ লগত থাকিবলৈ লয়।"


     অজয়ৰ মূৰটো ঘূৰোৱা যেন লাগিল। ইমান মৃদুভাষী, ইমান সুন্দৰ কণ্ঠৰ এই মানুহজনী কিন্নৰ?? কেনেকৈ হ'ব পাৰে। অজয় বিচনাতে আহি আকৌ বাগৰি দিলে।


"জানে অজয় দা, তেওঁ বহুত ভাল। কিন্নৰ সকল বেয়া নহয় আমি বোৰহে বেয়া। তেওঁলোকে প্ৰাপ্যৰ বাদে এক প‌ইচাও বেছিকৈ নলয়। আমাৰ দৰে নৰমেল নহ'ব পাৰে, কিন্তু আমাতকৈ বহুগুণে শ্ৰেষ্ঠ তেওঁলোকৰ বিচাৰ। তেওঁ নিজৰ পৰিয়াল হেৰুৱাই বৰ অকলশৰীয়া হৈ আছিল কিন্তু মোক পাই তেওঁ ভনীয়েকৰ মৰম পোৱা যেন পায় বোলে।"


      অজয়ে একো নকলে এইবাৰ।


"যিহেতু মোৰো কোনো নাই তেওঁৰো কোনো নাই, সেয়ে আমি ইজনে-সিজনৰ সহায়ক। খুউব কান্দে তেওঁ ঘৰলৈ মনত পৰিলে। তেওঁক আনকি দেউতাকৰ শ্ৰাদ্ধত গেটৰ ভিতৰলৈ সোমাবলৈও দিয়া নহ'ল। গেটৰ ভিতৰলৈ চাই চাই বোলে গাওঁৰ জেষ্ঠসকলক খুউব কবৌ কৰিছিল কিন্তু কি নিকৃষ্ট আমাৰ নৰমেল মানুহৰ বিচাৰবোৰ!!"


"তাৰপাছত…??"


"তেওঁক খেদি পঠোৱা হ'ল। তেতিয়াৰ পৰা তেওঁ ঘৰলৈ যোৱা নাই। এতিয়া হেনো ১৫ বছৰেই হ'ল। ভনীয়েক-ভায়েকৰ সংসাৰ হ'ল। দিদি তাতেই সুখী।"


"তুমি প্ৰথমতে জানিছিলা নে তেওঁ যে কিন্নৰ?"


"জনা নাছিলোঁ। কিন্তু এদিন তেওঁ সকলো কথা খুলি কৈছিল, হেঁপাহ পলুৱাই কান্দিছিল। মই একো ভাবি পোৱা নাছিলোঁ, তেওঁ কান্দি কান্দি মোক তেওঁৰ লগত থাকিবলৈ কৈছিল কিন্তু বেশ্যাৰ ৰূপেৰে নহয় ভনীয়েক ৰূপে।"


"তেন্তে তুমি কিয় বেশ্যাৰ লগত আছা?"


"ময়েই এই পথ বাছি ললো। তেওঁ বাধা দিছিল মোক। কিন্তু পাছত এগ্ৰিমেন কৰিছিলো যে ৰাতি দহ বজাৰ পাছতহে মোৰ ৰুমত মানুহ আহিব পাৰিব, নিজৰ শৰীৰৰ কামনা পূৰণৰ বাবে। সেইমতেই হ'ল সকলো আৰু আজি এইয়া দেখিছেই নহয়।"


"তেওঁ কি কৰে ৰুমত দিনৰ দিনটো?"


"মালিকৰ লগত কি চুক্তি কৰি থৈছে মোক কোৱা নাই। অৱশ্যে মইও সুধা নাই আজিলৈকে।"


"আৰু…??"


"মানুহবোৰে নুবুজে কিন্নৰ হ'লেও তেওঁলোক যে মানুহেই। তেওঁলোকৰো এখন হৃদয় আছে। তেওঁলোকেও সমাজৰ মাজত, পৰিয়ালৰ মাজত, বন্ধু-বান্ধৱৰ মাজত থাকিব বিচাৰে। শাৰীৰিক গঠনৰ অলপ ইফাল-সিফাল হ'ব পাৰে কিন্তু হেঁপাহ, ভালপোৱা, আৱেগ-অনুভূতি সকলো একেই। তেওঁৰ কথা ভাবিলে মোৰো খুউব কষ্ট হয়। কিন্তু…"


"কিন্তু?? কথাবোৰ তেনে নহয় অঞ্জনা। তুমি বা মই ভালকৈ ল'লেও সমাজৰ এশৰ ভিতৰত প্ৰায় এশ নহ'লেও তাৰ মাজতে সৰহ সংখ্যকেই মানি নলয়।"


"মোৰ বাবে তেওঁ কম্পিউটাৰ ক্লাছৰো ব্যৱস্থা কৰি দিছে। এটা ভাল চাকৰি কৰিব কৈছে যাতে আমি ভালদৰে থাকিব পাৰোঁ। তেওঁৰো ইয়াত থকাৰ ইচ্ছা নাই কিন্তু আমাৰ দৰে যে নৰমেল নহয়। সেই ভয়তে যাব পৰা নাই।"


     অঞ্জনাৰ কথাবোৰত অজয়ে ৰহস্যৰ মাজলৈ সোমাই গৈ থাকিল। কি কৰিব খুজিছে বাৰু এই চৰিত্ৰ দুটাই?


"আপুনি যাওঁগৈ অজয় দা!"


"ওম, যাওঁৱেই দিয়া।"


   এইবাৰ অজয়ে অঞ্জনাৰ ওচৰলৈ উঠি গ'ল। অঞ্জনাৰ আউল-বাউল হৈ থকা চুলিখিনি হাতেৰে কাণৰ দুয়োকাষে গুজি দিলে।


"তুমি সঁচাই বৰ ধুনীয়া অঞ্জনা। তোমাৰ মানুহ জনীতকৈও বিচাৰ-বুদ্ধি আৰু ধুনীয়া। কিন্তু...

চুলি মেলি নাৰাখিবা যাজ্ঞসেনী,

তুমি এটি ৰোমাঞ্চকৰ সৰগৰে পৰি,

তোমাক ভীষণ ধুনীয়া দেখি।"


      অজয় গ'লগৈ। কিন্তু কবিতাৰ শাৰীটোৱে অঞ্জনাৰ মনত প্ৰলয় আনিলে হেঁপাহৰ।


     বাহ: ইমান ধুনীয়াকৈ কথাখিনি আবৃত্তি কৰিলে অজয় দাই!! -তাই মনতে ভাবিলে।


◆◆◆◆◆◆◆◆◆◆


      অজয় ওলাই যোৱাৰ পাছত অঞ্জনাৰ বুকুখন অলপ পাতল লাগিল। কিন্তু যিবোৰ জীৱনৰ আটাইতকৈ দৰ্বিসহ সময় সেইয়াটো বুকুত এতিয়াও জীয়া ঘাঁ হৈ আছে। যাৰ দুৰ্গন্ধ‌ই সাহস দিয়ে তাইক।


     নাই নাই, সেইবোৰ কথা তাই কাকোৱেই নকয়। কাৰণ সেই ঘটনা কেইটাই তাইৰ মনোবল বঢ়াই। শ্বিলঙত হোৱা সেইয়া তেনেই নগণ্য।


     হ‌ওক দিয়া অলপ হ'লেও যে ভৰ কমিল। জীৱনলৈ বাৰু তাইৰ সুখ নাহিব‌ই নেকি? -তাই উচপিচায় উঠিল।


     অজয়েও তাইৰ কথাবোৰ ভাবি ভাবিয়ে ঘৰলৈ গলগৈ। অফিচত সোমাবলৈ অলপো মন নগল। আজি অনুভৱ কৰিছে সি তাকো প্ৰয়োজন হয় অলপ জিৰণীৰ। ঘৰলৈ গৈয়ে সি চিধাই ৰুমলৈ গ'ল। অজয়ক দেখি নিজৰা একপ্ৰকাৰ আচৰিত হ'ল।


     এদিনো সোনকালে নহা অজয়ে আজি কিয় আহিল?


     প্ৰশ্নবোধক চাৱনিৰে অজয় যোৱাৰ ফালে চালে। ৰুমৰ পৰা আহি অজয় হাঁহি মাৰি নিজৰাক কয়


"আচৰিত হৈছ'! নহ'বি।"


"আগতে যে কোনোদিন সোনকাল অহা দেখা নাই। সেয়ে আচৰিত হ'লো।"


"হ'ব দে। চাহ একাপ হে খাবৰ মন গৈছিল!"


"ৰ'বা তেনেহ'লে!'


     কথাখিনি কৈয়ে নিজৰা পাকঘৰলৈ গ'ল। খন্তেক সময়ৰ পাছত চাহ লৈ অজয়ৰ সন্মুখত দিয়েহি। অজয় চাহকাপ লৈ নিজৰ ৰুমৰ চোফাখনতে বহিল। 


     মাকলৈ মনত পৰিল তাৰ। কিমান যে কষ্ট কৰিছিল তাৰ বাবে। নাযাবলৈ কলেও সি স্কুল যোৱাৰ পাছত আনৰ ঘৰত কাম কৰিছিলগৈ। দেউতাক আছিল কিন্তু নামতহে। আন মাইকী মানুহৰ সতে অবৈধ সম্পৰ্ক আছিল। সি আৰু মাক বাৰীৰ চুকৰ ঘৰ এটাত থাকিবলৈ লৈছিল পাছলৈ। কাৰণ দেউতাকে বেলেগ এজনী বিয়া কৰাইছিল।


     একো সম্পৰ্ক নৰখা হৈছিল অজয় আৰু মাকে। কলেজলৈ পোৱাৰ পাছত অজয়ে এবেলা টিউচন কৰিছিল আৰু গধূলি হ'লে ওচৰৰে চাৰিআলিটোত শাক-পাচলি বিক্ৰী কৰিছিল। কেতিয়াবা প‌ইচা সৰহ হ'লে মাছ-মাংস‌ও কাটিছিল।


      ধুনীয়াকৈ চলিছিল মাক আৰু সি। তাৰ নামত দেউতাকে দিয়া মাটি এবিঘাতকৈ কম হ'ব, সেইকণতে বন্ধ বাৰত মাকৰ সতে ইটো-সিটো শাক-পাতৰ খেতি কৰিছিল। ইক'নমিক্সত অনাৰ্ছ লৈ পাছ কৰিছিল অজয়। সিদিনা যিমান ভাল লাগিছিল সিমান তাৰ বেয়াও লাগিছিল। কাৰণ আৰু আগলৈ যোৱাৰ হেঁপাহ থাকিলেও সি যাব নোৱাৰে, টকা-প‌ইচাৰ অভাৱ। তাতে আকৌ আজলী মাকজনী।


      কথাবোৰ ভাবি থাকোতে অজয়ৰ বুকুখন বিষালে।


     মাকৰ বয়স দেউতাকতকৈ চাৰি বছৰমান ডাঙৰ আছিল। মাক আৰু দেউতাকৰ সংসাৰ ভঙাৰ এইয়াই একমাত্ৰ কাৰণ আছিল। নহ'লনো কিয় ভাঙিব??


    মাকেই ঘৰৰ মাইকী মানুহ, মতা মানুহৰ সকলো কাম কৰিছিল। খৰি ফালি মাকৰ হাতত ঢৌ উঠা দেখিছে। দেখিছে মাকে ঢৌ উঠা হাতৰে কাঁহি-বাতি ধুব নোৱাৰিছিল কাৰণ ছাঁই লাগি পুৰিছিল।


     অজয়ে মাকক মনে মনে কন্দাও দেখিছে।


      দেউতাকৰ ভৰিত ধৰি অজয়ক আলৈ-আথানি নকৰিবলৈ কাকূতি কৰা দেখিছে। কিন্তু পাষাণ দেউতাকে তেতিয়া এইবোৰত একোহতে কাণসাৰ নিদিছিল।


     ৰাতি আহি অজয়ৰ কাষৰ পৰা মাকক টানি নি নিজৰ চৰিতাৰ্থ পূৰণ কৰা দেখিছে সি।


     দিনটো কাম কৰি কৰি ভাগৰুৱা মানুহজনীৰ ওপৰত অসুৰৰ দৰে জপিয়াই পৰা দেখিছে।


     এইবোৰ সৰু কালৰ কথা কিন্তু এতিয়াহে ইয়াৰ অৰ্থ বুজিছে অজয়ে। অৱশ্যে অজয় ডাঙৰ হোৱাৰ পৰা মাকৰ ওপৰত অত্যাচাৰ কৰা কমিছিল। কাৰণ অজয়ে মাকৰ হৈ সদায় মূখ পাতি থিয় হৈছিল।


     দেউতাকে বেলেগ এজনী অনাৰ আগতেই অজয় আৰু মাকে বাৰীৰ চুকত দুকোঠাকৈ ঘৰ এটা সাজি লৈছিল। তাতেই মাকৰ সতে সপোন ৰচিছিল সি।


     অজয়ে ভাবিছিল-

এদিন চাকৰি কৰিব, মাকৰ লগত ভাল ঘৰ এটাত থাকিব, মাকক গাড়ীত উঠাই লৈ ফুৰিব, এখন সৰু পৃথিৱী দেখুৱাব! কিন্তু সেয়াও নহ'লগৈ।


"অজয়! অথনিৰে পৰা মাতি আছো ইমানকৈনো কি ভাবি আছা?" -নিজৰা বাই হেঁচুকি দিলেহি।


"অ, নহয় এনেয়ে!"


"ভাত খাই লোৱাহি। তুমি আজি সোনকালেই আহিছা যেতিয়া ম‌ইও আজি সোনকালেই যাওঁ বুলি ভাবিছো।"


"অ' যাবি তেনেহ'লে। কি আছে খাবলৈ?"


"কালি তুমি অনা মাছ আছিল নহয়, তাকেই বগা সৰিয়হ দি ৰান্ধি থৈছোঁ।"


"অ' অ' হ'ব মোক অলপ দি বাকী থকাখিনি লৈ যাবি, মুনুহতে খাব।"


"ওম!" -তাই তলমূৰ কৰিলে। অজয়ে নিজৰালৈ চালে।


"কিবা ক'বি নেকি বাই?"


"মুনুৰ ফ্ৰম ফিলাপ হৈছে!"


     ...এইবুলি পূৰাকৈ ক'ব নাপালে তাই। এনেতে অজয় কৈ উঠিল


"অ হ'ব, লৈ যাবি প‌ইচা। তাইক ভাল ৰিজাল্ট কৰিব ক'বি। পৰীক্ষাৰ আগত এদিন যাম বাৰু।"


"হ'ব।"


"ত‌ই নাখাৱ'।"


"নাখাওঁ। লৈ যাম মুনুহত আজি দুইজনী ঘৰত আছে, একেলগে গৈ খামগৈ।"


    এৰা মাকৰ হেঁপাহ!! অজয়ৰো মনত পৰিল মাকলৈ। মাকেও আগতে তালৈ এনেকৈয়ে ৰৈ থাকে, সোণটো আহিলে লগতে খাম বুলি। সি কলেজৰ পৰা ন'হালৈকে নঙলা মুখতে ৰৈ থাকে। 


     কিমান যে ভাল আছিল দিনবোৰ। কিন্তু?

সকলো দেউতাকৰ বাবেই শেষ হ'ল। দেউতাক আছে যদিও সি কোনোদিনে বিচাৰি গাওঁলৈ যোৱা নাই। এল.পি স্কুলৰ চাৰজনৰ ঘৰলৈ যায়। যিজনে নেকি এম.এ কৰাৰো সকলো খৰচ বহন কৰিছিল অজয়ৰ। দেউতাতকৈও ওপৰত তেওঁ, সেই স্কুলৰ চাৰজন।


     তেজৰ সম্পৰ্ক নাথাকিলেও যে মানুহ আপোন হ'ব পাৰে সেই কথা চাৰ আৰু বাইদেউৱে দেখুৱাই গৈছে। তেওঁলোক নথকা হ'লে হয়তো অজয় আজি এই পদত থকাৰ যোগ্য নহ'লহেতেন। কথাবোৰ অজয়ে ভাবি ভাবিয়ে ভাতকেইটা খালে।


     অঞ্জনাৰ দৰে সিও দেখিছে অন্য এখন পৃথিৱী। কিন্তু অঞ্জনাই দেখা পৃথিৱীখন তাৰ পৃথিৱীখনৰ সতে মিল নাই।


      ইমানবোৰ কাম কৰাৰ পাছতো দেউতাকে মদ খাই আহি মাকক মাৰিছিল। এবাৰ মাকে দেউতাকৰ সতে অবৈধ সম্পৰ্ক থকা মানুহগৰাকীক দেউতা আৰু মাৰ সংসাৰখন ল'ৰাৰ মুখলৈ চাই নাভাঙিবলৈ ক‌ওঁতেই দেউতাকে মাকক ভলুকা বাঁহৰ চেকনিয়ে মাৰি হাত আৰু পিঠিৰ পৰা তেজ উলিয়াই দিছিল। মাকে কান্দি কান্দি গুচি আহিছিল।


     বাহিৰত কাৰোবাৰ কন্দাৰ মাত শুনি অজয় বাহিৰলৈ আহি মাকক দেখি থৰ লাগিছিল। মাকক তেজ ওলোৱা ঠাইবোৰত ডেটল সানি দিওঁতে মাকে কৈছিল-


"ত‌ই কৰবালৈ যাগৈ যা, কৰবাত থাকি পঢ়ি-শুনি ডাঙৰ মানুহ হ'গৈ। ম‌ইনো কি মাৰ খাই খাই মৰিম আৰু! তোৰ কাৰণেহে জীয়াই আছো নহ'লে কেতিয়াবাই মৰিলোহেতেন।"


     মাকে হিয়া ঢাকুৰি কান্দিছিল। কিমান যে ভয়াবহ আছিল দিনবোৰ। মাকে সদায়ে তাক দেউতাক অহাৰ আগতেই খোৱাই-বোৱাই আজৰি কৰি লৈছিল। কি ঠিক দেউতাকৰ হুলস্হূলত ক'লৈ পলাব লাগে।


     বৰকৈ মনত পৰিল মাকৰ মুখখনলৈ তাৰ। আলমাৰিটো খুলি মাকৰ ফটোকপি উলিয়াই ল'লে। বগা চাদৰেৰে উৰণী লোৱা, উকা মুগা মেখেলা। কপালত এজন চৰিত্ৰহীন মানুহৰ দীৰ্ঘায়ু কামনা কৰি লোৱা সেন্দুৰৰ ৰাস্তা, এটা ডাঙৰ ৰঙা ফোঁট।


     বুকুত সোমোৱাই ল'লে মাকৰ ফটোখন সি। দুগালেৰে চকুলো বাগৰি আহিল। জীয়াই থকাৰ দিনকেইটাত এদিনো সুখৰ ভাত এসাজ খাব নাপালে নিজৰ মানুহজনৰ লগত।


     বাৰীৰ চুকৰ ঘৰটোতে যি তাৰ লগত হাঁহিব শিকিছিল মাকে। সি জনা হোৱাৰে পৰা দেউতাকে মাকক ভাল মাত এষাৰো দিয়া শুনা নাই।


     নাই নাই,,, অঞ্জনাই নাহো বুলি কলেও সি তাইক আনিব‌ই। নাৰীৰ দুৰ্ভগীয়া জীৱনৰ জীয়া উদাহৰণ তাৰ মাক। পাছত বিয়া হ'লে বা এইবোৰৰ কাৰণে কিমান যে কথা শুনিব লগা হ'ব অঞ্জনাই!


      নাই নাই,,,,, মীৰাৰ লগত ভালকৈ কথা পাতিব লাগিবই। এই দুই এদিনতে খুব সোনকালে।


     সি হুমনিয়াহ এটা কাঢ়ি মাকৰ ফটোখন বুকত লৈ চোফাখনতে টোপনি যাবৰ যত্ন কৰিলে। আজলী মাকজনী আজি যদি থাকিল হৈ!!


◆◆◆◆◆◆◆◆◆◆


সপোনবোৰে মিছা কথা কয়,

সপোনবোৰে কষ্ট দিয়ে; কিয়??

সপোন দেখাৰ অধিকাৰ আমাৰ নাই নেকি?

আমি মানুহৰ শাৰীত নপৰোঁ নেকি?


অঞ্জনাই হাহাকাৰ কৰি উঠিল। মা থকা হ'লে!! অঞ্জনাৰ চকুপানী ওলাল।


কি কৰোঁ বাৰু অজয়দাই কাম দিয়াৰ কথা কৈছে, যাবগৈ নেকি বাৰু? কিন্তু মীৰা দিদি?? মানুহৰ আগত নিজকে উলিয়াই ৰাখিবলৈ লাজ কৰা দিদিক এৰি থৈ কেনেকৈ যাব তাই!!


"অঞ্জু, অই অঞ্জু দুৱাৰখন খোলচোন?"


"কি হ'ল দি?"


"পুলিচ আহিছে। চাওঁ তোৰ ড'কোমেন্ট, কিতাপবোৰ ক'ত, ভৰা ইয়াতে পলাব লাগিব!!"


অঞ্জনাৰ উত্তৰলৈ বাট নাচাই তাইৰ প্ৰয়োজনীয় সকলো বস্তু, কাপোৰ-কানি দুটামান ভৰাই দি তাইক লৈ পাছফালৰ জখলা ডালেৰে দুয়ো নামি গ'ল। অঞ্জনাই একো ধৰিব‌ই পৰা নাই। তললৈ পোৱাত সুধিলে


"পুলিচ কিয় আহিল দি?"


"এই যে নীলু বুলি কোৱা ছোৱালী জনী, তাইয়ো পঢ়ি আছে হায়াৰ ছেকেণ্ডাৰি। ইয়ালৈ আহে বুলি কোনোবা ৰিপৰ্ট দিলে সেয়ে আহিছে। বাকীবোৰ একো নাই তহঁত দুজনীহে। তাইকো এই ফালেদিয়ে পলুৱাই পঠালো।"


"কিন্তু, তুমি মীৰা দি? ম‌ইয়ে বা যাম ক'লৈ? কাকোচোন চিনিয়ে নাপাওঁ!!"


এৰা হয়তো। তাইৰনো মীৰাৰ বাহিৰে কোন আছে। তথাপি বুকুখন কঠোৱা কৰি ক'লে


"য'লৈ যাৱ' যা, কিন্তু ইয়ালৈ আৰু দুনাই নাহিবি!"


কথাষাৰ কৈয়েই মীৰা জখলা ডালেৰে ওপৰলৈ উঠি আহিল। তললৈ চাই দেখিলে অঞ্জনাই তাইলৈকে চাই আছে। খিৰিকীখন জপাই বুকুখন হেঁচি কান্দি উঠিল মীৰা। যাওঁক তাই সপোনবোৰ বাস্তৱ কৰক, এই আন্ধাৰ কোঠাত জীৱন আন্ধাৰেই হ'ব, পোহৰ নাহে।


অজয়ক যেন লগ পায় তাই, ওপৰলৈ হাতযোৰ কৰি চকুহাল মুদি কান্দি উঠিল মীৰা। তাইনো কি, এদিন মূল্যহীন হ'ব; তাইৰ ঠাইত আন কাৰোবাক এই বেশ্যালয় চলোৱাৰ দায়িত্ব দিব। তাই হয়তো মন্দিৰৰ গেটৰ মুখত নতুবা ট্ৰেইনত ভিক্ষা খুজিব লাগিব। নিজৰ কথা ভাবি পুনৰ কান্দি উঠিল মীৰা।


এজনী ভনীয়েক পাইছিল তাই, কিন্তু তাইক তাই শেষ হ'বলৈ দিব নোৱাৰে; এটা দুৰ্বিসহ জীৱন দিব নোখোজে। ভগৱানৰ অভিশাপ আৰু ল'ব নোখোজে। এই কিন্নৰ জীৱনেই জুৰিছেগৈ নিজৰ দুখৰ বাবে, অঞ্জনাৰ জীৱন ধ্বংসৰ আভিশাপ ল'বলৈ ঠাই নাই মীৰাৰ।


অঞ্জনাক পঠিয়াই স্বস্তিৰ নিশ্বাস এৰিলে তাই। দুৱাৰখন খুলি ছোৱালীবোৰৰ ৰুমবোৰ চাবলৈ বুলি ওলাই গ'ল তাই। এনেতে তলত পুলিচ পালেহি। কেইজনমান ওপৰলৈ আহিছে অ.চি জনৰ লগত। মীৰা নিজৰ ৰুমলৈ পুনৰ সোমাই গ'লগৈ।


আগলৈ…..…….


[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 9pm (ন বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]



Follow on- INSTAGRAM

দ্বিতীয় খণ্ডৰ লিংক -
             Read Now :

চতুৰ্থ খণ্ডৰ লিংক -
             Read Now :

বেশ্যা - এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Story
"Whore -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী

Special Thanks-
মেঘ মল্লিকা, ৰাগিনী
Jonak Axom ৰ ছোৱালীজনী
Daily Assam | Besya | Assamese

No comments:

Post a Comment