প্ৰথম প্ৰেম
| খণ্ড ১২ |
ধুমুহাৰ দৰে আহিছিল তাই মোৰ জীৱনত। কিন্তু ধুমুহাৰ দৰে সকলো আজি তাই উৰুৱাই গুচি গ'ল। বাকী থাকিল মাথোঁ মোৰ ভগ্ন হৃদয় আৰু তাইৰ মৰম সনা স্মৃতিবোৰ। যিবোৰে কোনো এটা ৰাতিও মোক শান্তিত ভালকৈ শুব নিদিলে।
জুৰীৰ কথাবোৰ মই গাড়ীত ভাবি ভাবিয়ে ঘৰ আহি পালো। অৱশ্যে মোৰ বাবে অতি কঠিন আছিল মা-দেউতাৰ আগত মই দুখত থাকিও সন্মুখত সুখৰ অভিনয় কৰাটো। কাৰন একমাত্ৰ জুৰীয়ে আছিল মোৰ প্রথম প্রেম। আৰু তাইয়েই মোৰ জীৱনত ভালপোৱাৰ প্ৰথম সুখৰ হাঁহি বিলাইছিল। তাই নহাৰ আগত মই প্রেম ভালপোৱা এইবোৰৰ বিষয়ে একো জনাই নাছিলো।
মোৰ মনটো ভাল লগা নাছিল। সেইবাবে মই ঘৰ আহিয়ে অলপ ফ্রেছ হৈ শুই গলো। তেনেতে মায়ে আহি মাত লগালে
: আহা কিবা অলপ খাই লোৱা...
মই টোপনিৰ ভাও জুৰি নুশুনা যেন কৰিলো যিহেতু যোৱা ৰাতি শুৱাই নাছিলো। ১ ঘণ্টা মান সময় এনেই বিচনাত চটফটাই থাকোতে কেতিয়া টোপনি আহিল মোৰ নেজানিলো; এইফালে আকৌ ভাগৰো লাগি আছিল। তেনেতে মই সন্ধিয়া সাৰ পালো। সাৰ পাই উঠি মই মুখ-হাত ধুই আকৌ ওলাই গলো অলপ আমাৰ গাঁৱৰে নিচামৰা পথাৰ খনলৈ। কাৰন মোৰ মুখত তাই এৰি যোৱা দুখ আৰু চকুত কান্দো কান্দো অৱস্থাটো দুচকুত স্পষ্টভাৱে ভাহি আছিল আৰু মই সেই দুখ মা-দেউতাক দেখুৱাব নিবিচাৰিলোঁ। তিনিআলিৰ দাঁতিতে মই বহিলো। তাইৰ কথাবোৰে আমনি কৰিব নেৰিলে মোক।
প্ৰেম - কি আচৰিত..!!
পলকতে সুখ দিয়ে, পলকতে দুখ দিয়ে। চাল্লা কি কৰা নাছিলোঁ তাইৰ বাবে। তাই যি কয় সেইটোৱে শুনিছিলো। কিন্তু আজি...??
তাইক কেতিয়াও গালি পৰা নাছিলো বৰং তাই খং আৰু অভিমান কৰিলে মই বেছি মৰম হে কৰিছিলো। কেতিয়াবা তাই সৰু কিবা ভুল কৰিলেও মৰমেৰে ভুলখিনি শুধৰনি কৰি দিছিলো। তথাপিও তাই আজি কলে "তুমি মোৰ জীৱনৰ কলংক।"
এইবোৰ ভাবি থাকোতে ৰাতি ন বাজিলে আৰু তেনেতে মোবাইলটো চালো। মোৰ মোবাইলটো চাইলেণ্ট আছিল, দেখিলো 15 টা মান মিচকল। নয়ন, বিপুল, ভাস্কৰহতে মোক ঘৰত অহা গম পাই ফোনৰ উপৰত ফোন লগাই আছে। সিহঁত মোৰ ভাল বন্ধু। এতিয়া সিহঁতে মোক লগ কৰিব খুজিছিল। কিন্তু মোৰ কতো মন বহা নাছিল আৰু সেয়ে মই সিহতক ভাগৰ লগা বুলি কৈ ঘৰ লৰালৰিকৈ ঘৰ গলো।
ঘৰ আহি পাইয়ে এইবাৰ মায়ে মোক খং দেখুৱালে। মাৰ খং উঠাটো স্বাভাৱিক। কাৰন মই দুদিন ধৰি মা-দেউতাক ভালদৰে ফোনটো পতা নাছিলো আৰু আজি ঘৰ আহিও মই মাক ভালকৈ মাত এষাৰ দিয়া নাছিলো।
পৃথিৱীৰ ভিতৰত বিনিময় নোহোৱাকৈ ভাল পাব পৰা মানুহেই হল মা আৰু দেউতা। যিয়ে সকলোবোৰ দুখ বুজি পায়।
মা- তোৰ কি ঘৰ নাই হা? কিবা খাব লাগে বুলি নাজান? ওলাই গৈছ যা কিন্তু কিবা এটাতো খাই যা। মোক টেনচন দি কি ভাল পাওঁ তই ক। তোৰ কাৰনে ময়ো একো খোৱা নাই বুজিলি।
আগলৈ...
©ৰিয়ান অংকুৰ।
খণ্ড ১৩ তলত পাব
প্ৰথম প্ৰেম
| খণ্ড ১৩|
মই মাক নিজৰ দুখবোৰ লুকাই ৰাখি কলো
- নয়নহঁতক লগ পালো, সিহঁতৰ লগতে আছিলো, সেয়ে অলপ দেৰি হল। ভাত,, খাওঁ এতিয়া মা...
চিন্তাত মোৰ ভোগ লগা নাছিল যদিও মাৰ কথাত কেইটামান ভাত খালো। তাৰপিছত মা হতে শুলে আৰু মইও মোৰ কোঠাটোলৈ গলো। উচপিচাই থাকিলোঁ কিন্তু টোপনি নাহিল। টেবুলৰ পৰা ডায়েৰীখন বিচনাতে আনি লৈ ৰঙা চিয়াঁহীৰ কলমটোৰে লিখি গলো
তাই মোৰ প্ৰিয়তোমা
লিখা- ৰিয়ান অংকুৰ দাস।
তাৰিখ- ১০/আহিন/১৪২৮
"উজাগৰী নিশা
কোঠাত অকলে মই
বহি আছো খিৰিকী মুখত
জান জুৰী অংকুৰণৰ কথা ভাবি।
মনলৈ আকৌ আহি
আমনি কৰিব ধৰিছে
তাইৰ নিভাঁজ ৰিয়ানৰ স্মৃতিবোৰে।
আৱৰি ধৰিছে ডাৱৰে মেঘখন
যেন নামিব চকুপানী হৈ চিনাকী
এজাক বৰষুণ..."
বতৰটো সন্ধিয়াৰে পৰা গমা হৈ আছিল। বাহিৰৰ বৰষুন জাকৰ শব্দ মোৰ কাণত আহিল। বৰষুনৰ টোপাল বোৰে মোক তাইৰ কথা আৰু তাইৰ বাবে দিয়া ভালপোৱাৰ প্রতিদানবোৰৰ কথা মনত পেলাই গল।
এনেকৈ সেইদিনাও ৰাতিটো মোৰ বাবে উজাগৰে পাৰ হল। শুই উঠিয়ে মুখ-হাত ধুলো আৰু ভাবিলো এবাৰ তাইৰ মানে জুৰীৰ বান্ধৱী তন্ময়ীক সকলো কথা কও। তন্ময়ীলৈ ফোন লগালো
তন্ময়ী- অ জুৰী, মানে ৰিয়ান... ইমান দিন পিছত ফোন। আজিকালি তহঁত দুয়োটাই খবৰ এটাও নোলোৱা দেখোন। পাহৰিয়ে গলি ??
আগলৈ
©ৰিয়ান অংকুৰ।
আগৰ খণ্ডৰ লিংক -
আগৰ খণ্ডৰ লিংক -