প্ৰথম প্ৰেম | প্ৰেম ভালপোৱাৰ দুখৰ কাহিনী | আধৰুৱা প্ৰেম কাহিনী | Assamese Sad Love Story | Prothom Prem | Riyan and Juri | Heart Touching Assamese Love Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

প্ৰথম প্ৰেম | প্ৰেম ভালপোৱাৰ দুখৰ কাহিনী | আধৰুৱা প্ৰেম কাহিনী | Assamese Sad Love Story | Prothom Prem | Riyan and Juri | Heart Touching Assamese Love Story

প্ৰথম প্ৰেম

- খণ্ড ১১ -


   আজি সম্পূৰ্ণ 1 বছৰ 6 মাহৰ প্রথমটো ৰাতিপুৱা তাইৰ অবিহনে। ৰাতি টোপনি নাহিল ইমানদিনে ভালকৈ। প্ৰতিটো ৰাতিয়ে বিচনাত বাগৰ সলাই সলাই দুখেৰে পাৰ হ'ল। মাথোঁ মনটোত প্ৰশ্নৰ ভাণ্ডাৰ

"কিয় গুচি গ'ল তাই ?"

"কি ভুল আছিল মোৰ ?"

"কি কাৰনত জুৰীয়ে এনেকুৱা কৰিলে মোক ?"

   এইবোৰ প্ৰশ্নই মোক ৰাতিটো আমনি কৰাৰ লগতে ৰাতিপুৱাও শান্তি নিদিলে। গুৱাহাটীতে পঢ়ি আছিলোঁ মই। এনেতে সেইদিনা ৰাতিপুৱা পাঁচ মান বজাতে মায়ে মোলৈ ফোন কৰিলে।

মা- বিছনাৰ পৰা উঠিলি নে?
মই- অ অ মা উঠিলো মাত্ৰ।
মা- কি হৈছে তোৰ? মাতটো বেলেগ বেলেগ পাইছো কিয়?
মই- কতনো বেলেগ মাত মা। আচলতে মোৰ অলপ গাটো বেয়া।
মা- সচাতো, একো হোৱা নাইতো। কিবা হৈছে যদি ক। তোৰ কিবা হৈছে যেন পাইছো আজি। তোৰ মাৰে হয়। ধৰিব পাৰো সকলোবোৰ।
মই- নাই মা একো হোৱা নাই মা। গাটো বেয়া লাগি আছে ৰবা এনেই অলপ।
মা- মোৰ শপত ক' চোন একো হোৱা নাই।
মই- নাই নাই মা। তুমি এনে ভাবি আছা উলোটা পুলোটা।
মা- গা বেয়া যদি ঘৰত আহ। নাইবা মই কালি আনিব গৈ আছো।
মই-  নাই অ মা, তুমি আহিব নালাগে দিয়া। মই নিজেই যামগৈ।

   তেনেকৈয়ে সেইদিনা মাক বুজালো ফাকি দি হলেও। মা তো মায়ে হয় ন। হাজাৰ হলেও মাৰ পৰা কথা লুকুৱাই ৰখা ইমানো সহজ নহয়। তথাপিও মই মোৰ দুখ খিনিক ইমান দিনে ঢাকি ৰাখি সদায় ফোনত এনেকৈয়ে মাৰ ওপৰত হাহি মুখৰ মুখখন আকি কথা পাতিলো।

   কিন্তু সেইদিনা ভাবিলোঁ যিহেতু বতৰ্মান মোৰ 4th Semester পৰীক্ষা হ'বলৈ আৰু ভালেদিনেই আছে লগতে ক্লাছবৰো প্ৰায় শেষেই হৈছে সেয়ে ঘৰলৈ গুচি গুচি যোৱাটো ঠিৰাং কৰিলোঁ।

   সঁচাকৈ কি আচৰিত প্ৰেম ভালপোৱা বোৰ। মাথোঁ বিষাদ আৰু যন্ত্ৰণা --- এয়াই নেকি সঁচা আৰু নিঃস্বাৰ্থ ভালপোৱা। এক বছৰ ছয় মাহত যিমানখিনি হাহি-ধেমালিৰে পাৰ কৰিলো তাতোকৈ তাই কোৱা এটি শব্দই "কলংক" এদিনতে সকলো ধবংস কৰি পেলালে মোক।

   প্রেমে হাঁহিব শিকায় আৰু কান্দিবও শিকায় কেতিয়াবা অকলে নিজনত। কিন্তু এইবোৰ কথা মই ঘৰৰ মানুহৰ আগত প্ৰকাশ কৰিবও নোৱাৰিলো। মাথো ভালপোৱাৰ স্মৃতিবোৰ বুকুৰ ভিতৰতে সাঁচি ৰাখি জ্বলি জ্বলি জীয়াই থাকিব লগা হ'ল। কেৱল মুখত এটা মিছা হাঁহিৰে অভিনয় কৰি।

প্ৰেম মানে কি?

   প্রেম কি আচৰিত...!! কালিলৈ যাৰ বাবে মই সকলো আছিলো, বুকুৰ আপোন আছিলো, নিজৰ বুলি ভাবিছিলো কিন্তু আজি তেওঁৰ মনত মই পৰ হলো। যাৰ বাবে মই জীৱন আছিলো এতিয়া তেওঁৰ বাবে মই মৃত্যু হলো। কি ভুল হ'ল একো জানিবলৈ তাই সময় নিদিলে মোক। মাথো তাইৰ এটা মেছেজ "মই আৰু তোক ভাল পাব নোৱাৰো" আৰু তাৰ পাছত সকলো চুৰমাৰ।


আগলৈ...

©ৰিয়ান অংকুৰ


আগৰ খণ্ডবোৰৰ লিংক -


পিছৰ দুটা খণ্ডৰ লিংক -