সৰু কালৰ স্মৃতি | অসমীয়া কবিতা | মধুস্মিতা শইকীয়া | Assamese Poem | Axomiya Kobita | Memories of Life by Madhusmita Saikia - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

সৰু কালৰ স্মৃতি | অসমীয়া কবিতা | মধুস্মিতা শইকীয়া | Assamese Poem | Axomiya Kobita | Memories of Life by Madhusmita Saikia

সৰু কালৰ স্মৃতি
মধুস্মিতা শইকীয়া

অতীতৰ বহুতো তিতা মিঠা কথাই
শিকাই থৈ যায়,
সেই তিতা আঁৰত কিছুমান মিঠা
কথাও লুকাই থাকে।

বিশেষকৈ সৰু কালৰ স্মৃতিবোৰে
বৰকৈ মনত পেলায়,
কি কি যে কৰিছিলোঁ আমি
ভাবিলেই বৰ ভাল লাগে।

লগৰ বোৰৰ লগত M.E-ৰ পৰা
High School লৈকে পঢ়া;
সেই দিনকেইটা কিমান যে
আনন্দ ময় আছিলে!

বৰ বেজাৰ লাগে এতিয়া
সেইবোৰ কথা মনলৈ আহিলে,
এতিয়া এই সকলো বোৰ 
স্মৃতি হৈ পৰিছে।

High School-ৰ পৰা ওলোৱাৰ পাছত
সকলোৱে এটি মধুৰ স্মৃতি
লগত লৈ যায়।

আকৌ ভাৱিবলৈ চেষ্টা কৰোঁ,
যদি আমাৰ সৰু কালৰ স্মৃতিবোৰ
ঘূৰাই পোৱা হলে সকলো দুখ
শেষ হৈ গলহেঁতেন।

কিন্তু সেইবোৰ যে এতিয়া অতীত
আৰু বৰ্তমান সৰু কালৰ কথাবোৰ
মাথোঁ আমাৰ বাবে এক স্মৃতি,
আমাৰ জীৱন নামৰ পৃষ্ঠাত...।।