নাৰীত্ব লুণ্ঠন
মই নন্দিতা শইকীয়াই কৈছোঁ !
হেলেমৰ এলান্ধুত মুষলী মৰিলে...
কছাইখানাৰ কোটোনাত পেলাই মোক
মাৰি পেলালে অ'
মোৰ কেঁচা তেজৰ কেচেঁমা-কেচেঁম গোন্ধই
পিয়াপি দি ফুৰিছিল পকী ৰাস্তাৰ চৌপাশে !
তেজৰ বিজবোৰে শিপাইছিল নগ্মতাত !
ৰিণ্টু শৰ্মাৰ দানৱী বিমৰ্দ্দনৰ ভয়ংকৰ ৰূপ দেখি
ৰাস্তাৰ কাষৰ শুকান পাত বোৰৰো
হৃদয় কঁপি উঠিছিল !
এই দুৰ্ভগীয়া তনয়াৰ আছুতীয়া হৃদ কুঠৰিত
গজি উঠা ৰঙীন সপোনবোৰক
তই মাৰি পেলালি ৰিণ্টু শৰ্মা !
তামিস্ৰাৰ তাৰতম্যৰ সিপাৰৰ
সেই কাৰাগাৰত আৱদ্ধ গলগণ্ড
নৰ্তকীৰ নুপূৰৰ ৰিণিঝিনিৰ অধ্যুষিত অশ্ৰুভেদি
শেলপাটৰ বিষ তই বুজি নাপাবি অ'
উশাহত উতলা হৃদয়...
দুনয়নত অযুত হেঁপাহ...
মোৰ অসম্ভ্ৰম মনটোৱে স্বপ্নদ্ৰস্হাক খেদি খেদি
কোনোবা তন্দ্ৰাশূণ্য এলেকাৰ অলিয়ে-গলিয়ে
চটফটাই ফুৰিছিল এমুঠি উশাহ বিছাৰি !
ৰঙা পৰি উতলি আছিল দুটি অশ্ৰুসিক্ত নয়ন !
যেন নয়নভেদি ফুটি-ফাটি উতলা তেজৰ
নৈ হে ব'ব !
ৰক্তপিপাসু বোৰেও চিৎকাৰ জুৰি বৈ গৈছিল
কলিজাৰ ফাঁকে ফাঁকে !
সিহঁতক হেনো মুক্তি লাগে...
লঠঙা বিটপীৰ আঁৰে আঁৰে মলিন হাঁহিৰে
সুধাং-শুৰাজেও চকুলো টুকিছিল তেতিয়া !
কেঁচা পিৰালীৰ চেপচেপীয়া কোণত
লহপহকৈ বাঢ়ি অহা খৰিকাজাঁই ফুলৰ উচুপনিত
নিলাজী বনেও কবিতা লিখে !
এই দুহিতাক প্ৰত্যুত্তৰ নালাগে !
এই দুহিতাক ন্যায় লাগে....
তই মামৰে খোৱা পোতাশালত পঁচি পঁচি
গেলি যা ৰিণ্টু শৰ্মা !
✍️অলিম্পিয়া গগৈ।
নৱম শ্ৰেণী, গোলাঘাট।
____________________________
নাৰীতকৈ গৰু সুৰক্ষাই প্ৰাধান্য পোৱা দেশত,
চৰকাৰে নাৰীক কি স্বাধীনতা দিব!!