শেষ চিঠি | তোমালৈ এইখনেই মোৰ শেষ চিঠি পাৰিলে তুমি আকোঁৱালি লবা | Sekh Sithi By Raj Pal | Heart Touching Assamese Sad Love Poem - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

শেষ চিঠি | তোমালৈ এইখনেই মোৰ শেষ চিঠি পাৰিলে তুমি আকোঁৱালি লবা | Sekh Sithi By Raj Pal | Heart Touching Assamese Sad Love Poem

শেষ  চিঠি 

লিখা:- ৰাজ পাল। 

আৰুনো কিমান লিখিম 
নীলা কলমেৰে 
বগাকৈ উকা কাগজত 
মনৰ কথা বোৰ 
শাৰী শাৰী কৈ
গোট গোট আখৰৰ ভাঁজত....

অলেখ চিঠি দিলোঁ তোমালৈ
আজিৰ পযন্ত 
এখনৰো উত্তৰ নাহিল মোৰলৈ?
পল অনুপল কৰি
ঘড়ীৰ কাটা কেইডালেও
চেকেণ্ড মিনিট ঘণ্টা কৰি
দিন মাহ বছৰ পাৰ হল
তথাপিও মোলৈ চিঠি এখন লিখা ন'হল ৷ 

এতিয়াও অবুজ মই
তোমাৰ হৃদয়ৰ গোপন গতি ,
কিয় মিছা মৰম দি তুমি 
মোক কৰিছিলাহি আমনি ৷ 
বুজিব বিচাৰো মই
তোমাৰ নিভাঁজ হৃদয়ৰ গোপনতা 
তোমাৰ হৃদয়ৰ ভাঁজে ভাঁজে 
কোন লুকাই আছে
তোমাৰ হৃদয়ৰ কোঠাত কনকলতা।

আৰুনো কিমান লিখিম
তোমালৈ বুলি চিঠি?
মস্তিকও দেখোন হাৰ মনা হল
কৰিব নিবিচাৰে তোমাক আমনি,
আকৌ চিঠিৰ ভাষাৰে 
তোমালৈ এইখনেই মোৰ শেষ চিঠি 
পাৰিলে তুমি ল’বা আকোঁৱালি।

No comments:

Post a Comment