ৰাংঢালী - প্ৰেম ভালপোৱাৰ কথাৰে | চুটি কাহিনী | প্ৰথম খণ্ড | অংকুৰ দাস | Rangdhali | Assamese Love Story By Ankur Das - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

ৰাংঢালী - প্ৰেম ভালপোৱাৰ কথাৰে | চুটি কাহিনী | প্ৰথম খণ্ড | অংকুৰ দাস | Rangdhali | Assamese Love Story By Ankur Das

ৰাংঢালী - প্ৰেম ভালপোৱাৰ কথাৰে
প্ৰথম খণ্ড

Real লাইফত বিশ্বাস কৰাজন
এদিন আঁতৰি যায়,
কিন্তু তেওঁ মিছা Acting দেখুৱালেও
আজীৱন হৃদয়ত সজীৱ হয়।

ভালপোৱা হয়তো শব্দৰেও প্রকাশ কৰিবলৈ জটিল হৈ পৰে যদিহে আমি ভালপোৱা জন সঁচা মনৰ হয় আৰু ভালপোৱা সঁচা হলে পৃথিৱীৰ ভিতৰত কোনো শক্তিয়েই পৰাজিত কৰিব নোৱাৰে | কাৰন আপোনজনে দিয়া সঁচা সাহস, মৰম আৰু উৎসাহে আমাক সুখী কৰি তুলিব পাৰে |


     ভালপোৱা কি বুলি কলে সকলোৰে দৃষ্টি ভংগী হয়তো একে নহয় | সকলোৰে ভিন্ন ভিন্ন মত | কিছুমানৰ মতে ভালপোৱা মানে দুদিনীয়া আকৰ্ষণ | কিছুমানত মতে ঘুৰা ফুৰা, ফটো উঠা আৰু চোচিয়েল মিডিয়াত ষ্টেটাছ দিয়া | কিছুমানৰ মতে আকৌ ভালপোৱা মানে অন্ধ কোঠাৰ চাৰি দেৱালৰ মাজত আৱদ্ধ এক জীৱন |


আকাশ এজন M. A. পাছ কৰা ল'ৰা | পঢ়া-শুনাত খুব ভাল | মা-দেউতাকৰ আলাসৰ লাডু |


     আকাশৰ মতে ভালপোৱা হল - গোটেই জীৱন একেলগে থাকি সুখ-দুখৰ সংগী হৈ কঁকাল ভাঙি কুজা নোহোৱালৈ মৃত্যুৰ আগমুহুৰ্তলৈকে ইটো-সিটোৰ লগ দিয়া |


     অৱশ্যে আকাশে আজিলৈ তেনেকুৱা ছোৱালী বিচাৰি পোৱা নাছিল বাবে ভালপোৱাৰ পৰাও দূৰত আছিল | কলেজৰ পৰাই আকাশৰ পিছত ছোৱালীৰ লাইন লাগি আছিল যদিও ভালপোৱাক ধেমালি হিচাপে লৈ খেলা কৰাৰ সাহসকণ তাৰ নাছিল |


      আকাশে জানিছিল যে কাৰোবাক লৈ মিছা আশা, মিছা সপোন, মিছা মৰম দি পিছত নিজৰ স্বাৰ্থ পূৰণ কৰি এৰি দিয়াৰ পিছত সেই ল'ৰা বা ছোৱালীজনীয়ে কেনেকৈ ভাঙি পৰে আৰু দিনবোৰ কেনেকৈ পাৰ কৰিব লগা হয় | প্ৰত্যেকটো দোভাগ ৰাতি সেইবোৰ ল'ৰা ছোৱালীৰ উজাগৰী কেনেকৈ পাৰ হয়, সেয়া কেৱল নিশাৰ লগৰী গাৰুটোয়েহে ভালকৈ জানে | 


     কিমানে আপোনজনক হেৰুৱাৰ বেদনাত ৰাতিটো উজাগৰে কটাই চকুৰ পানী টুকে সেয়া হেৰুৱাই পেলোৱা জনে বুজে | শেষত হৃদয়খন শিলৰ দৰে কঠোৰ হৈ পৰে তেওঁলোকৰ | মনটোৰে আৰু দ্বিতীয় বাৰৰ কাৰনে আন কাৰোবাক বিশ্বাসত লব নোৱাৰা হয় |


      সচাঁ প্ৰেমৰ অভিনয় কৰাজনতো আতৰি যায় কিন্তু ধবংস হয় সেই মিছা প্রেমক সঁচা বুলি ভাবি সপোন আৰু বহুতো আশা কৰা ল'ৰা ছোৱালীবোৰ ! - এই কথা আকাশে ভালদৰে জানিছিল | মা-দেউতাকে যিহেতু তাক ভাল শিক্ষাই প্ৰদান কৰিছিল সেয়ে সিও বেয়া পথ কোনোদিনে বাছি লোৱা নাছিল |


     কিন্তু এদিন নহয় এদিন ভালপোৱা সকলোৰে জীৱনলৈ আহে | ইয়াৰ পৰা দূৰত থাকিব খুজিলেও ই এটা সময়ত সিমানেই ওচৰ চাপি আহে | হৃদয়খনৰ মহিমা বুজাই টান | কাক কেতিয়া কোন সময়ত পছন্দ কৰি লয় কব নোৱাৰি | হয়তো ঠিক এনেকুৱাই আকাশৰ লগতো হল |


আকাশ যিহেতু M. A. টো পাছ কৰিছিল চাকৰিৰ পিছত দৌৰি আছিল | যেতিয়াই যি চাকৰিৰ বাতৰি পায়, এপ্লাই কৰিবলৈ ইন্টাৰভিউৰ বাবে দৌৰি যায় | আৰে... দৌৰিবতো লাগিবই ! কিবা এটা কৰিব নোৱাৰিলে আৰু নিজৰ ভৰিত ঠিয় দিব নোৱাৰিলে সমাজে জানো নাহাহিব | আনফালে চাকৰি পোৱাতোও সহজ নহয় | হেজাৰ প্ৰচেষ্টাৰ পিছতো মানুহে বিফল হৈ পৰে চাকৰিৰ নামত |


     আকাশৰো ঠিক তেনেকুৱাই হল | ইন্টাৰভিউ সকলোতে দিছিল কিন্তু প্ৰতিবাৰে বিফল হয় |


এদিন এটা ইন্টাৰভিউৰ বাবে আকাশ ওলাল | ৰাতিপুৱা প্রায় ৬.০০  মান বজাতে ৰেডি হৈ আকাশ বাছষ্টেন টোলৈ ওলাই গল | যিহেতু ৯ বজাত সময় মতে পাব লগাটো জৰুৰী ইন্টাৰভিউ আছিল আছিল সেয়ে ৩ ঘন্টা মান আগতে আকাশ ওলাল |


     সময়ে কেতিয়া কাৰ সুখ-দুখৰ খবৰ লৈ আনে কোনেও নাজানে | হয়, মানুহক সময়ে হহুৱাই, সময়ে কন্দুৱাই !


     আকাশ বাছষ্টেন পালে | সি বাছ ৰখি ৰখি ৭. ১৫ মান হল | এনেতে সি ৰখি থকা ঠাইখিনিলৈ বেগা বেগিকৈ এজনী ছোৱালীয়ে আহি উপস্থিত হয় |


ছোৱালীজনীয়ে ৰেড কুৰটা আৰু ব্লেক জিন্স পেন্টৰে এনট্রী দিলে তাত | লগে লগে আকাশৰো চকু গল তাইলৈ |


     আকাশৰ যদিও প্রথম চাওনিতে তাইৰ কিবা এটা ভাল লাগিছিল, অচিনাকি বাবে সি মনে মনে থাকিল কিন্তু এপলক তাইলৈ চালে | আকাশৰ তাইক দেখি এনেকুৱা লাগিল তাইয়ো যেন কিবা কামৰ বাবে ধৰফৰাই ওলাই আহিল | কাৰন মুখমণ্ডলত ছোৱালীজনীৰ সেই প্ৰতিবিম্বটো দেখা গৈছিল | সময় ৮ বাজিবৰে হল, ইফালে বাছ এখনো আহি পোৱা নাই | দুয়ো বাছ ৰখা ঠাই ডোখৰত অতিগ্ৰস্ত হৈ হৈ থাকোতে এটা সময়ত আকাশৰ বিৰক্তি লাগি সি নিজেই আগবাঢ়িল সেই ওচৰতে ইফাল সিফাল কৰি থকা ছোৱালীজনীৰ ওচৰলৈ |


আকাশ- হাই | মই আপোনাৰ নাম নাজানো So এনেকৈ মাতিলো বেয়া নাপাব !


তাই- Ohh, একো নাই... মোক তুমি বুলিয়ে কবা |

আমি দুয়ো চাগে সমনীয়াই হম !


আকাশ- ঠিক আছে | কিন্তু তোমাৰ মুখ খন চাই এনেকুৱা লাগিছে তোমাৰ যেন কৰবাত কিবা কামৰ বাবে দেৰি হৈ আছে ! নাম কি তোমাৰ ?


তাই - ৰাংঢালী |


আগলৈ...



[ বিদ্ৰো: "ৰাংঢালী - প্ৰেম আৰু ভালপোৱাৰ কথাৰে" নামৰ এই চুটি কাহিনীৰ উপন্যাসখন দুই-তিনি দিনৰ মূৰে মূৰে আমাৰ ৱেবচাইট DailyAssameseStatus -টোত নিশা ৯ বজাত আপলোড কৰা হৈ থাকিব। পৰৱৰ্তী খণ্ডবোৰ পঢ়িবলৈ তলত দি থোৱা লিংকটোত ক্লিক কৰি চাব পাৰিব। অথবা Google -ত ৰাংঢালী প্ৰেম ভালপোৱাৰ কথাৰে বা ৰাংঢালী চুটি কাহিনী ইত্যাদি লিখিও পৰৱৰ্তী খণ্ডবোৰ অতি সহজে চাব পাৰিব। নাইবা Google -ত চার্জ কৰক DailyAssameseStatus or DailyAssameseStatus.Blogspot.Com . Special thanks to all 3M+ Views on the Story. ]

দ্বিতীয় খণ্ড লিংক -
      Read Now:

দ্বিতীয় খণ্ড লিংক -
           Read Now:


ৰাংঢালী - প্ৰেম ভালপোৱাৰ কথাৰে
An Assamese Emotional
Short Story
New Assamese Love Story,
Sad Story In Assamese, Sudaksina Gogoi Photo
"Rangdhali - With The Word Of Love Love"
Written By
Ankur Das
The Lession Of Story
AKASH & RANGDHALI
Daily Assamese Status

[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

No comments:

Post a Comment