মা অসমীয়া কবিতা | পৃথিৱী দেখিলো আজি মই তোৰ বাবে মা | অংকুৰ দাস | দুখৰ কবিতা | Maa Emotional Assamese Poem By Riyan Ankur Das - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

মা অসমীয়া কবিতা | পৃথিৱী দেখিলো আজি মই তোৰ বাবে মা | অংকুৰ দাস | দুখৰ কবিতা | Maa Emotional Assamese Poem By Riyan Ankur Das

মা

পৃথিৱী দেখিলো আজি মই তোৰ বাবে মা

জীৱন জীয়াব শিকিলো আজি মই তোৰ বাবে মা ❤️


যদিও খালো সকলো ঠাইতে উজুটি

দেখিলো বহুত ঘাট-প্রতিঘাটৰ পৃথিৱী

তথাপিও হাৰিব শিকা নাই মা

কাৰন জীৱন পথত তই হৈ আছাহি

মোৰ সাহসৰ মা ❤️


গানেৰে কি গাও তোৰ কথা মা

শব্দৰে কি বুজাও তোৰ মৰমবোৰৰ কথা মা ❤️


হেজাৰ শব্দবোৰৰ মাজত ছন্দ সজাই

কি লিখো মা

কবিতা আকাৰত সজাই লিখিলেও শেষ নহয়

তইযে মোৰ মৰমৰ মা ❤️


মনত পৰে লৰালিৰ সেই স্কুলীয়া কুঁহিপাতৰ

দিনবোৰৰ কথা মা

যেতিয়া স্কুলৰ পৰা গধুৰ বেগটো

ভাগৰে যোগৰে লৈ ঘৰ আহি

তোক মাটিছিলো মা ❤️


পেটৰ ভোকত তেতিয়া মই ম্লান হৈ

পৰিছিলো মা

আৰু ঘৰ আহিয়ে তোৰ হাতৰ এমুঠি ভাত

মোৰ মুখত নিদিলে পেটৰ ভোক নুগুচিছিল মা ❤️



খেলি থাকোতে বা কৰবাত ক্ষুদ্ৰ দুখ পালেও

মোতকৈ বেছি তইহে চকুপানী মচিছিলি মা ❤️


নেখাওঁ নেখাওঁ বুলি কলেও

মোৰ পিছে পিছে ভাতৰ কাহীখন লৈ দৌৰা দিনবোৰৰ কথা মোৰ আজিও মনত পৰে মা ❤️


যদিও হেৰাও টোপনিতে মোৰ নিদ্রা

তোৰ কোলাতে মোক আলফুলে শুৱাই

ৰাখিছিলি তই মা ❤️


কিমান যে কতো কি কৰা নাছিলা তই

মোৰ বাবে মা

দেউতাতকৈ তই মোৰ প্ৰত্যেকটো খবৰ

এফালৰ পৰা ৰাখিছিলি মা ❤️


কাহিনী আকাৰত কিনো লিখো

তোৰ কথা মা

লিখিলেও চোন শেষ নহয় সেই কাহিনী

তইযে মোৰ মৰমৰ মা ❤️


প্রতিদান কি দিও তোক মই মা

সকলো দুখ কষ্ট সহ্য কৰিও তই মোক

পেটৰ পৰাই সুখত ৰাখিছিলি মা ❤️


ভাল পাওঁ তোক তইযে মোৰ অতি মৰমৰ মা

পৃথিৱী দেখিলো আজি মই তোৰ বাবেই মা ❤️


Ankur Das (Riyan)

Visit on Instagram- @Assamese_Culture_

No comments:

Post a Comment