মই কলা ৰঙৰ ছোৱালী জনীয়ে কৈছোঁ…
জন্মৰ পৰাই মোৰ ছালৰ ৰং কলা হল। সৰু সৰু চকুজুৰি মেলি চাওঁতে মানুহে দিয়া সেই দৃষ্টিৰ অৰ্থ মই বুজাও নাছিলোঁ আৰু বুজো কেনেকৈ ?
ডাঙৰ হৈ আহিলো, ফুটো নুফুটো কৈ মাত মাতি মানুহবোৰৰ মৰম পাবলৈ যাওঁতে মোৰ প্ৰতি কাৰোৰে আকৰ্ষণ নাছিল। কোনো চাবলগীয়া গুণ মোৰ কলা মুখ খনত বিচাৰি পোৱা নাছিলো। কেৱল মা জনীয়ে মমতাৰ আচলেৰে কোলাত তুলি লৈছিল। মোৰ কলা মুখ খনত মাৰ ওঁঠৰ পৰশ, ৰদে পোৰা দৰে হৈ ৰোৱা মুখ খন…!!
ডাঙৰ হৈ আহিলো, ড্ৰেছিং আইনা খনৰ সন্মুখত বাৰে বাৰে মুখ খনি চাওঁ,, মাক সুধো কেতিয়াবা,
"মা মোৰ ৰংটো কিয় এনেকুৱা ? কিয় হল মোৰ এনেকুৱা ? লগৰ বোৰে মোৰ লগত থাকিবও নিবিচাৰে…"
মাৰ মুখ খনত কলিয়া ডাৱৰৰ আগমনে খন্তেকলে একোঁৱে কোৱা নাছিল। আৰু মই, মই ৰৈ আছিলোঁ বাহিৰলৈ চাই মোৰ বিচাৰি নোপোৱা বহুত প্ৰশ্নৰ সমিধান বিচাৰি...!
সম্মুখলৈ আহি মাই কৈছিল,
"মইনা জনী, এইবোৰত তই অকনো মন নিদিবি, ৰং চাই জানো মানুহৰ স্বভাৱ চৰিত্ৰ চিনিব পাৰি, মুঠতে ভালকৈ পঢ় তই…!!"
মোক কিন্তু মানুহ বোৰে নানা কথা গাত লগাই কবলৈ এৰা নাছিল। বহুত কষ্ট পাওঁ মনত, নেদেখা জনক বাৰে বাৰে সুধো,
"মোক কিয় এনেকৈ স্ৰজিলা, কিয় ??"
--- ছোৱালীজনী মৰম লগা কিন্তু ৰং টো কলা।
--- ছোৱালীজনী পঢ়াই শুনাই সকলো ফালে ভাল
কেৱল ৰংটো কলা।
--- আমুকৰ ঘৰৰ ছোৱালীজনী গান গোৱা বৰ ভাল
পিছে গাঢ় ৰং কলা।
--- নাই তাইৰ গান ভাল হব পাৰে
চেহেৰাটো ভাল নহয়, কলা...!!
আনকি কাৰোবাৰ ঘৰৰ বিয়া সবাহত গলেও মোৰ লগ লোৱা কোনো নাছিল। ঘৰৰ পৰা ওলাব দিয়া হোৱা নাছিল মোক, কাৰণ লাজ পাম বুলি...!!
কোনো এটা কাপোৰে মোক শুৱাই তোলা নাছিল মোক! মানুহৰ কথাবিলাক শুনি শুনি সাংঘাটিক মনত কষ্টত ভোগো! নিজকে প্ৰশ্ন কৰো,
"কিয় মোৰ ৰং এনে বুলি ইমান তুচ্ছ কৰে মানুহে?"
মইও মানুহ, মোৰো আছে বহুত আশা। ঘৰৰ বাকী কেইটা লৰা ছোৱালীৰ দৰে মোৰো জীৱন জিয়াবলৈ মন মুক্ত আকাশৰ তলত!
মোক আপুনি একো কামতে হৰুৱাব নোৱাৰিব, মইও জানো প্ৰত্যেকটো কাম। যদি মোৰ এই কামবোৰত মোৰ গাৰ ৰঙে একো অসুবিধা দিয়া নাই তেনেস্থলত আপোনাৰ অসুবিধা কিয় ?
No comments:
Post a Comment