হৃদয়ৰ স্বতাধিকাৰী মাথোঁ তুমি মোৰ লগৰী | অংকুৰ দাস | Matho Tumi Mur Hridoyor Logori By Ankur Das | Best Assamese Love Poem - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

হৃদয়ৰ স্বতাধিকাৰী মাথোঁ তুমি মোৰ লগৰী | অংকুৰ দাস | Matho Tumi Mur Hridoyor Logori By Ankur Das | Best Assamese Love Poem

হৃদয়ৰ স্বতাধিকাৰী মাথোঁ তুমি
মোৰ লগৰী


সৌ সিদিনাখনৰ ৰঙীন

এটি ভাল লগা ৰোমান্টিক আবেলি...


শব্দৰেও হয়তো প্রকাশ কৰা জটিল হৈ পৰিব

সেই মাঘ মাহৰ ভাল লগা আবেলিটিৰ কথা

ক'বলৈ গ'লে...


চাৰিওফালে ধোঁৱা কুৱলীৰে আৱৰি ধৰা

সেই দিনটোৱেই মোৰ জীৱনলৈ এক

আশাৰ পোহৰ নমাই আনিছিল

য'ত মাথোঁ তুমি, কেৱল তুমি...


আনদিনাখনৰ দৰে আমাৰ টাউনৰ

সকলোৰে পৰিচিত পথৰ দাঁতিত

বাদল দাৰ চাহ দোকানত মই

ডেকা ল'ৰাৰ আড্ডাত…


মানুহে কয়,

বয়স যিমান বাঢ়ে সিমানে জীৱন

গভীৰতালৈ গতি কৰে

য'ত সুখতকৈ দুখৰ গভীৰতা বেছি হয়...


জীৱনে বহুতো কথাই শিকাই

বহুতো কথাই বুজাই

জেপত থকা পকেট কেইটা যেতিয়া

খালী হৈ থাকে...


কেতিয়াবা আপোন বন্ধুবোৰৰ লগত

মনৰ ভাৱবোৰ ব্যক্ত কৰিও নিজ মনটো

পাতল অনুভৱ হয়…


সৌ সিদিনাখনৰ আবেলিটোত

একে মনৰ ভাৱবোৰ প্রকাশ কৰিবলৈ

কিন্তু মই জনা নাছিলো যে

মোৰো জীৱনলৈ তোমাৰ আগমন ঘটিব...


মুখত ভাললগা হাঁহিটি লৈ

ৰসাল কথাত লিপ্ত হৈ লগৰীয়াৰ সতে

তুমি খোজ কাঢ়ি আহি আছিলা,

আৰু মই প্রথম চাৱনিতে বিলীন হৈ গৈছিলো

তোমাৰ কাজল সনা দুচকুত...


হৃদয়ত ভালপোৱাৰ অনুভৱবোৰ

ক্ৰমশঃ জাগি উঠিছিল,

নীৰৱে থকা বুকুখনত

উখল মাখল জোৱাৰ উঠিছিল...


বিচাৰি পাইছিল তোমাৰ নামত

এক আনন্দৰ পৰিৱেশ

মনত হেজাৰ প্ৰশ্নৰ সংঘাত

কোন তুমি লখিমী?...


জানিবলৈ বহু উৎসাহ ক'ত ঘৰ?

ঠিকনা বিচাৰি হাবাথুৰি মই

ক'ৰে আলহী অচিনা তইজনী...


আদৰিব বিচাৰে হৃদয়ে তোমাক

হৃদয়ত নানান ধৰণৰ প্ৰস্তুতি

তোমাক আদৰিবলৈ…


সকলোৰে হয়তো একেই মন

জীৱনটো ভিন্ন ৰঙেৰে সজাই তোলাৰ

সুখবোৰ ভালপোৱাৰ সাতোৰঙী

ৰামধেনুৰ দৰে বনোৱাৰ...


মোৰো প্রতিটো সপোন তোমাক লৈ

সপোনবোৰ দিঠক কৰিবৰ মন

চিৰ জীৱনলৈ...


তোমাৰ দুটি ওঁঠত জিলিকি থকা হাঁহিটি

যেন সদায় থাকে

তাৰ বাবে তোমাৰ অভিমানবোৰ

মৰম হিচাপে লৈ তোমাক হহুৱাবৰ মন...


ভালপোৱাবোৰ ছায়া হিচাপে নহয়

প্ৰতিটো খোজত হাতত হাত থৈ

সাৰথি হ'বৰ মন…


অপেক্ষা কেৱল তোমাৰ উত্তৰৰ

হৃদয়ৰ স্বতাধিকাৰী মাথোঁ তুমি মোৰ...

মাথোঁ তুমি মোৰ.....


- Ankur Das (Riyan)


হৃদয়ৰ স্বতাধিকাৰী মাথোঁ তুমি
মোৰ লগৰী

Assamese Poem Picture By Ankur Das
Assamese Culture™
Mrinal Goswami & Debolina Devi
Daily Assamese Status






জীৱনে বহুতো কথাই শিকাই

বহুতো কথাই বুজাই

জেপত থকা পকেট কেইটা যেতিয়া

খালী হৈ থাকে...


কেতিয়াবা আপোন বন্ধুবোৰৰ লগত

মনৰ ভাৱবোৰ ব্যক্ত কৰিও নিজ মনটো

পাতল অনুভৱ হয়…







তোমাৰ দুটি ওঁঠত জিলিকি থকা হাঁহিটি

যেন সদায় থাকে

তাৰ বাবে তোমাৰ অভিমানবোৰ

মৰম হিচাপে লৈ তোমাক হহুৱাবৰ মন...


ভালপোৱাবোৰ ছায়া হিচাপে নহয়

প্ৰতিটো খোজত হাতত হাত থৈ

সাৰথি হ'বৰ মন…


অপেক্ষা কেৱল তোমাৰ উত্তৰৰ

হৃদয়ৰ স্বতাধিকাৰী মাথোঁ তুমি মোৰ...

মাথোঁ তুমি মোৰ.....


- Ankur Das (Riyan)


No comments:

Post a Comment