সেইটো এটা পাগল | Assamese Story | Assamese Love and Sad Story | Assamese Heart Touching Family Story | Chinmoy Das - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

সেইটো এটা পাগল | Assamese Story | Assamese Love and Sad Story | Assamese Heart Touching Family Story | Chinmoy Das


 সেইটো এটা পাগল (১)
মই উভতি আহিছিলো সেই এন্ধাৰ নিশা।

  সেই কেঁচা আলিবাটতো যেন পথাৰৰ বকিয়াহে,
ডাৱৰৰ আঁৰেৰে সেই পূৰ্ণ চন্দ্ৰমাই
মোক চাই হাঁহি আছিল,
লগত থকা তৰা কেইটাইও যেন হাঁহো-নাহাঁহোকৈ
মোক চাই আছিল।
প্ৰবল বতাহ জাকে মোক পিছুৱাই নিছিল।
সেই জনশূন্য বকিয়াত মোৰ পৰা প্ৰায়
ডেৰ-দুই মিটাৰ দূৰৈত ষ্ট্ৰীট লাইটটো,
যিটো ধিমিক-ধামাক কৰি জ্বলি আছিল।

  হঠাৎ কুকুৰ এটাই ভুকি দিয়াত ময়ো ভমকি উঠিছিলো,
 “ঐ, চুপ, চুপ থাক, একদম মনে মনে থাক।
তই কি জান মোৰ কথা,
মোক মদ খোৱা যেন লাগিছে নেকি?
মই মদ নাই খোৱা, ৱাইন খাইছো ৱাইন।
কিয় জান? কাৰণ মোৰ বহুত টকা আছে।
দিনটোত তিনিশ টকা কমাই এই ৱাইন খাইছো মই।
আচ্ছা বন্ধু, মোৰ ভাগৰ লাগিছে,
মই ইয়াতে অলপ জিৰাই লওঁ।
মোৰ পত্নী আহিলে কবি মোক ঘৰলৈ
লৈ যাবলৈ।”

  মই সেই ষ্ট্ৰীট লাইটৰ তলতে বাগৰি দিছিলো।
পিন্ধি থকা পেন্টটোৰ ফটা কোচনিয়েদি
বতাহজাকে জোৰেৰে প্ৰৱেশ কৰাত
হাতৰ পৰা বটলটোও বাগৰিল।
কুকুৰটোয়ে আহি মুখৰ আগতে বহিছিলহি,
নেগুৰডাল জোকাৰি জোকাৰি জিভাখন উলিয়াই
ফেঁফাই আছিল।

  এনেতে ষ্ট্ৰীট লাইটতো নুমাই পৰিছিল।
মোৰ বন্ধুটোৱে শেষ বাৰলৈ ভুকি মোক এৰি গুচি গৈছিল।
পুৱতি নিশা ডাৱৰে আৱৰা জিলমিল আকাশৰ তলত
বিবেকহীন হৈ পৰি আছিলো মই।
মুক্ত আছিল কেৱল মোৰ মনটো,
জীয়াই ৰাখিছিল পেটটোৱে আৰু
মৰি আছিলো মই মদ্য-সোৱাদৰ
সপোনবোৰৰ সতে।

  পাতলীয়া নীলা আকাশত কপাহী ডাৱৰ
আৰু সাতৰঙী বৰ্ণালীৰ মাথোঁ তিনিটা ৰং
চকুত পৰিছিলহি।
আমোল-মোল দুৰ্গন্ধ মোৰ নাকত ওপঙিছে।
থিয় হৈ আছিলো এডাল লিংলিঙীয়া কটা খুঁটাত,
তলত লাভা ৰঙা।
উত্তপ্ত আৰু ভাপত উতলি আছিলো মই।

  ৰে'লখন পাৰ হৈ যাওঁতে মই সৰি পৰিছিলো
পঁচা খটীয়াখনৰ পৰা; হেলি থকা খুঁটিকেইটা আছিল
এটুকুৰা এটুকুৰা মাটিয়ে ধৰা ইটাৰ ওপৰত।
ভাত ৰান্ধি থকা ভঙা-চৌকাটোৰ পৰা খৰধৰ কৰি
আহিছিল মহিলাগৰাকী, যি আছিল মোৰ অৰ্ধাঙ্গিনী

  কান্ধত ফটা ব্লাউজ টো কোনোমতে চম্ভালি লৈ
লেতেৰা মটীয়া চাদৰ খনেৰে নিজৰ
লাজ ঢাকি ৰাখিছিল তাই।
শিৰত মোৰ নামৰ সেন্দুৰ আৰু উজ্জ্বল মুখখনিত
অনবৰতে ভাঁহি আছিল দুখ-বেদনাৰ ছাই।
 “দুখ পালে নেকি?” -তাই ভয়ে ভয়ে সুধিছিল।
তাই হয়তো ভয় কৰিছিল মোলৈ---
মই তেতিয়াও নিচাত আছিলো বুলি।

  নিচাত নাছিলো, মূৰটোহে বিষাই
আছিল---
 “পানী এগিলাচ দে।” -তাই খৰধৰ কৰি উঠি
মূৰৰ ওপৰতে থকা শেলাই ধৰা কলহটোৰ পৰা
পানী এগিলাচ আনি মোক উঠাই খটীয়া খনতে
আওঁজাই থৈ পানীগিলাচ মুখৰ আগত দিছিল।
দুৰ্গন্ধময় গিলাচটোৰে নলাৰ পানী খাইছিলো মই।
তাই মোক চাওঁতে চাওঁতে ভাত উতলি পৰিছিল,
চৌকাৰ জুই নুমাই গৈছিল,
খৰিকেইডাল ভিজি গৈছিল;

  আগলৈ...
©চিন্ময় দাস, তিনিচুকীয়া।




"দীঘল চুলিৰ ছোৱালীজনী"ৰ সম্পূৰ্ণ উপন্যাস খন পঢ়িবলৈ ভিজিট কৰক-

"দীঘৰ চুলিৰ ছোৱালীজনী"ৰ সম্পূৰ্ণ উপন্যাস খন পঢ়িবলৈ ভিজিট কৰক-