ছোৱালীৰ জীৱন | অসমীয়া কথা | Assamese Girl Life Status | Axomiya Suwali Status | Axomiya Buwari Status | Abhilasha Dutta | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

ছোৱালীৰ জীৱন | অসমীয়া কথা | Assamese Girl Life Status | Axomiya Suwali Status | Axomiya Buwari Status | Abhilasha Dutta | Daily Assamese Status


জীৱন-

     Girls Life Status |
Girls Assamese Status |

জীৱনটোত যে কিমান মানুহৰ লগত আমি মিলি-জুলি থাকিব লাগে । ভাবিলে আচৰিত লাগে । 

      আমাৰ সমাজত আজিলৈকে ছোৱালীক বেলেগ বুলিয়ে নিৰ্ধাৰিত কৰি অহা হৈছে । এখন ঘৰত বা পৰিয়ালত ছোৱালীৰ জম্ম হ'লে কিছুমান লোকে কয়

"ছোৱালীহে হ'ল নে ? ওও ল'ৰা হোৱা হ'লে বেছি ভাল আছিল  নহয় জানো"

     কিন্তু যি গৰাকী মানুহে কৈছে তেওঁ এগৰাকী মাতৃ অথবা কাৰোবাৰ জীয়ৰী । আগতকৈ মানুহবোৰ শিক্ষিত তথাপিও ল'ৰা-ছোৱালীৰ মাজত ভেদ ভাৱ উলিয়াই থাকে !! 

      পৃথিৱীত নোৱাৰা কাম কি আছে
মহাকাশত গৈ ছোৱালীয়ে অধ্যয়ন কৰি আহিছে ! 

     অতীতত বাল্য বিবাহ প্ৰথা আছিল

"ছোৱালীহে,,,,,
তাই পঢ়ি শুনি কি কৰিব বিয়া দি দিয়াই ভাল"

     কিন্তু এইটো কেতিয়াও চিন্তা কৰা নাছিল যে তাইক পঢ়াই-শুনাই ডাঙৰ কৰি এজনী শিক্ষিত ছোৱালী গঢ়ি তোলাৰ । এতিয়া বাৰু এইবোৰ নাই কিন্তু ল'ৰা-ছোৱালীৰ মাজত ভেদ ভাৱ থাকি গ'ল ।

✍🏻 অভিলাষা দত্ত ।