নাৰীৰ জীৱন | প্ৰথম সন্তান ছোৱালী হলে পুৰুষে অন্তৰত দুখ পায় | প্ৰহ্লাদ জ্যোতি | Narir Jibon | Assamese Emotional Poem - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

নাৰীৰ জীৱন | প্ৰথম সন্তান ছোৱালী হলে পুৰুষে অন্তৰত দুখ পায় | প্ৰহ্লাদ জ্যোতি | Narir Jibon | Assamese Emotional Poem

নাৰীৰ জীৱন


প্ৰথম সন্তান যদি হয় ছোৱালী 

কিছুমান পুৰুষে অন্তৰত দুখ পায় 

কেতিয়াবা গৰ্ভতেই কন্যা ভ্ৰুনক 

হত্যা কৰিব বিচাৰে৷


চিন্তা নকৰে সেই পুৰুষবোৰে 

ৰাতি বিছনাত কোনে সুখ দিয়ে 

পুৱাতে বিছনাত কোনে চাহকাপ আনি দিয়ে৷


নাৰীবিহীন সমাজত পুৰুষৰ নাই কাম 

নাৰী নহলে পুৰুষৰ জীৱনকো নকৰে 

কোনোৱেই দৰ দাম৷


মা তোমাৰ নাৰী 

পত্নী তোমাৰ নাৰী 

তথাপিওঁ সেই কাপুৰুষবোৰক 

কন্যা সন্তান নালাগে 

ছোৱালীৰ জন্ম হলে 

কাপুৰুষবোৰে ঘৃনাতে মুখ কোচায়।


নাৰী অবিহনে সৃষ্টি অসম্ভৱ 

জানি লবা ভাল কৰি 

নাৰী অবিহনে তোমাৰ জীৱনটোও 

একোখন ডাঙৰ মৰিশালী৷


নাৰীক কৰিবা সন্মান 

তেতিয়াহে পাবা স্বৰ্গত স্থান 

নাৰীক কৰিবা মান 

বছাব নাৰীয়েই সদায় তোমাৰ প্ৰাণ৷


প্ৰহ্লাদ জ্যোতি বৰা।


No comments:

Post a Comment