Sorry মই আৰু তোক ভালপাব নোৱাৰো | Assamese Heart Touching Status | Assamese Sad And Emotional Love Status | Sad Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

Sorry মই আৰু তোক ভালপাব নোৱাৰো | Assamese Heart Touching Status | Assamese Sad And Emotional Love Status | Sad Assamese Status


Sorry
"মই আৰু তোক ভালপাব নোৱাৰো 💔"
কথাষাৰ অতি সহজেই কৈ সি মোৰ উত্তৰলৈ
অপেক্ষা কৰিলে।

আৰু মই কথাবোৰ হেৰুৱাই চুপ হৈ ৰৈ গৈছিলো।

ফোনটো কাটি যোৱাৰ অনুমান হ'ল।
হাজাৰ প্ৰশ্নই মনটোক অশান্তি কৰি আছিল।

এবাৰ ফোন কৰি সুধিব মন গ'ল-
"এনে কৰাৰ কাৰণ???"
আৰু মোৰ অজ্ঞাতে হোৱা ভুলৰ কথা।

তালৈ ফোন লগালো।
এবাৰ দুবাৰ নহয় প্ৰায় বিছ বাৰ মান।
একেৰাহে ব্যস্ত কাৰোবাৰ সৈতে।

এবাৰ ৰিচিভ কৰিল।
মই কিবা ক'ব লওতেই সিমূৰৰ পৰা মহিলাৰ
কন্ঠত কোনোবা "হেই.. মই ইয়াৰ গাৰ্লফ্রেণ্ড
তুমি,,,?????

পিছৰ কথাখিনি মোৰ শুনিবৰ ধৈৰ্য নহ'ল।
সৰ্বশৰীৰ জিকাৰ খাই উঠিল।
তাক কিবা কোৱাৰ অধিকাৰ খিনি হেৰুৱাই পেলাইছো।

দুচকুৰে টুপ টুপকৈ চকুপানীবোৰ নামি আহিল।

খং আৰু অভিমান খিনি যেনিবা আতৰালো।
সেইবুলি জানো আপোনজনৰ ছবি হৃদয়ৰ পৰা
পলকতে গুচাই দিব পাৰি !!

মোৰ অনুভৱ-
অভিনয়ৰ চলেৰে হৃদয়ত আঘাত দিয়া মানুহ
য'তে ত'তে পোৱা যায়।
কিন্তু সঁচা আৰু নিঃস্বাৰ্থ ভাবে ভালপোৱা
মানুহ, সময়ত বিচাৰিলেও পোৱা নাযায়।