পাৰ চৰাই পালন আৰু কিছুমান বিশেষ কথা | পাৰ চৰাই পৃথিৱীৰ ভিতৰত বিখ্যাত চৰাই | Pigeon Farming Tips By Ambika Deka | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

পাৰ চৰাই পালন আৰু কিছুমান বিশেষ কথা | পাৰ চৰাই পৃথিৱীৰ ভিতৰত বিখ্যাত চৰাই | Pigeon Farming Tips By Ambika Deka | Daily Assamese Status

পাৰ চৰাই পালন

আৰু কিছুমান বিশেষ কথা


পাৰ চৰাই, হাজাৰ-হাজাৰ বছৰ ধৰি মানুহৰ সঙ্গী হিচাবে আছে। খৃষ্টপূৰ্বৰ প্ৰায় ৩০০০ বছৰ আগৰ মছেপটেমীয়াৰ (বৰ্তমান ইৰাক) সুমেৰীয় সভ্যতাৰ পাৰ চৰাইৰ চিত্ৰ প্ৰত্নতাত্বিক সকলে আবিষ্কাৰ কৰিছিল। দেখা যায় যে পাৰ চৰাই মানুহে অতীতৰ পৰাই পালন কৰি আহিছে। বাইবেলৰ অল্ড টেষ্টামেন্টৰ কাহিনী 'নোৱাৰ নাওত' পাৰ চৰাই থকাৰ কথা উল্লেখ আছে। নিউ টেষ্টামেন্টত পাৰ চৰাইক পবিত্ৰ আত্মা বুলি অভিহিত কৰিছিল।


পাৰ চৰাই শান্তি আৰু পবিত্ৰতাৰ চিহ্ন হিচাপে আজিও পৰিগণিত হৈ আহিছে। অতীতৰ পৰাই পাৰ চৰাই মানুহৰ সঙ্গী হিচাপে, ডাকোৱাল হিচাপে, খাদ্য হিচাপে, ঈশ্বৰৰ দান হিচাপে আৰু যুদ্ধৰ বীৰ হিচাপে বিখ্যাত।



৭ টা কাৰণত পাৰ চৰাই পৃথিৱী বিখ্যাত


১। প্ৰথম বিশ্বযুদ্ধৰ সময়ত পাৰ চৰাই যুদ্ধৰ বাৰ্তা বাহক হিচাপে আৰু গুপ্তচৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। 


২। খৃষ্টপূৰ্ব পঞ্চম শতিকা আৰু দ্বাদশ খৃষ্টাব্দত ইজিপ্ট, ছিৰিয়া, লেবানন, বাগদাদ আদিত পাৰ চৰাই বাৰ্তাবাহক হিচাপে ব্যৱহাৰ কৰা হৈছিল। ভাৰতটো স্বাধীনোত্তৰ কালত ৰজা মহাৰজা সকলে পাৰ চৰাই চিঠি পত্ৰ আদান প্ৰদানৰ বাবে ব্যৱহাৰ কৰিছিল। 


৩। ৰোমানসকলে অলিম্পিকৰ পদক জিনাৰ বাতৰি দিবলৈ পাৰ চৰাই ব্যৱহাৰ কৰিছিল। বৰ্তমানেও অলিম্পিক খেলত পাৰ চৰাই উৰুৱাই বিশ্ববাসীলৈ শান্তিৰ বাৰ্তা প্ৰেৰণ কৰে। 


৪। টেলিগ্ৰাফৰ আবিষ্কাৰৰ আগলৈকে বৃটেইনত পাৰ চৰাই, বাৰ্তা প্ৰেৰণৰ প্ৰধান উপায় আছিল। 


৫। সম্ৰাট আকবৰৰ শাসনকালত প্ৰায় ২০০০ পাৰ চৰাই পালন কৰিছিল আৰু ইহঁতক গোপন বাৰ্তা প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰিছিল।


৬। আজিও পৃথিৱীৰ বিভিন্ন দেশত পাৰ চৰাই ভগৱানলৈ আগবঢ়ায়। বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানৰ আৰম্ভণিতে পাৰ চৰাই উৰুৱাই শান্তিৰ কামনা কৰে।


৭। পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন জাতি জনজাতিৰ লোকে পাৰ চৰাইৰ মাংস বৰ্তমানেও উত্তম খাদ্য হিচাপে গ্ৰহণ কৰে। কব গ'লে পৃথিৱীত এনে এটা জাতি জনজাতিৰ মানুহ নাই যিয়ে পাৰ চৰাইৰ মাংস ভক্ষণ নকৰে। 







দেখা যায় বৰ্তমান সময়তো অসম তথা আন ঠাইত পাৰ চৰাই পালন এক পৰম্পৰাগত প্ৰথা। বৰ্তমান সময়ত পাৰ চৰাইৰ বজাৰ দৰো বৰ ভাল। বৰ্তমান সময়ত এজোৰ পাৰ পোৱালিৰ বজাৰ দৰ ২৫০-৩০০ টকা। পাৰৰ মাংস অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বৰ জনপ্ৰিয় খাদ্য। গাৱৰ দুখীয়া পৰিয়ালৰ বাবে পাৰ চৰাই ক্ষুদ্ৰ সঞ্চয়ৰ দৰেই বিপদ কালৰ বন্ধু। পাৰ চৰাই পালন অসমৰ মানুহৰ অৰ্থনৈতিক পৰিস্থিতি পৰিবৰ্তনৰ এক আহিলা হ'ব পাৰে। ব্যৱসায়িকভাবে পাৰ চৰাইৰ পাম স্হাপন কৰি লাভবান হ'ব পাৰি। 


২১ টা ভাগত
পাৰ চৰাই পালনৰ উপযোগিতা

১। পাৰ চৰাই পালন কম খৰচী। ইয়াৰ বাবে বহু ধনৰ প্ৰয়োজন নহয়।


২। পাৰ চৰাই কম ঠাইতেই পালন কৰিব পাৰি।


৩। ইয়াৰ বাবে কোনো ঘৰৰ প্ৰয়োজন নহয়। বাহ, কাঠ বা প্লাষ্টিকৰ সৰু সজাতেই ইয়াক পালন কৰিব পাৰি।


৪। পাৰ চৰায়ে নিজৰ আহাৰ নিজেই বিচাৰি খায়। সেয়েহে কমকৈ পালন কৰিলে দানাৰ খৰচ নহয়। পাম হিচাপে পালন কৰিলেও ইহঁতে বেচি খাদ্য নাখায়। প্ৰতি দিনে মাত্ৰ ৩৫-৫০ গ্ৰাম দানাৰ প্ৰয়োজন হয়।


৫। ৪-৬ মাহ বয়সতেই ইহঁতে পূৰ্ণবয়স্ক হয়। 


৬। পূৰ্ণ বয়সৰ পাৰ চৰায়ে প্ৰায় প্ৰতি মাহে এযোৰকৈ পোৱালি জগাবলৈ সক্ষম।


৭। পাৰ চৰাইৰ কোনো প্ৰতিপালনৰ দৰকাৰ নাই। ইহঁতক হাঁহ-কুকুৰা পালন কৰাৰ দৰে যত্ন ল'ব নালাগে। মাক দেউতাকেই পোৱালিৰ যত্ন লয়।


৮। ইহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক হোৱা বাবে হাঁহ - কুকুৰাৰ দৰে প্ৰতিষেধক ছিটা দিয়া জৰুৰী নহয়।


৯। পাৰ চৰাইৰ কণীৰ পৰা পোৱালি জগাৰ সময় মাত্ৰ ১৮ দিন।


১০। ৩-৪ সপ্তাহ বয়সতেই পাৰ চৰাইৰ মাংস খোৱাৰ উপযোগী হয়।


১১। পাৰ চৰাইৰ মাংস সোৱাদযুক্ত আৰু শক্তি দায়ক। 


১২। ৰক্তহীনতা, দুৰ্বলতা, শ্বাসজনিত ৰোগ আৰু নিম্ন ৰক্তচাপৰ বাবে পাৰৰ মাংস উপযুক্ত খাদ্য।


১৩। বিজ্ঞান সন্মত পদ্ধতিত পাৰ চৰাই পালন কৰিলে কম দিনৰ ভিতৰতে বিনিয়োগ কৰা ধন উভতি আহে।


১৪। খৰচৰ তুলনাত অধিক উৎপাদনশীল আৰু লাভজনক।


১৫। পাৰ চৰাইৰ বজাৰ আৰু চাহিদা সকলো ঠাইতেই আছে।


১৬। পাৰ চৰাইৰ পালন আৰু খাদ্য হিচাপে গ্ৰহণ কৰাত কোনো ধৰ্মীয় বাধা নাই।


১৭। পাৰ চৰাই মৰমতে আৰু দেখাৰ বাবেও পালন কৰে।


১৮। পাৰ চৰাই শান্ত, আনন্দদায়ক আৰু মানুহৰ উত্তম সঙ্গী।


১৯। পাৰ চৰাইৰ বিষ্ঠা উত্তম সাৰ। 


২০। পাৰ চৰাইয়ে পোক পৰুৱা ভক্ষণ কৰি আমাৰ উপকাৰ কৰে।


২১। পাৰ চৰাই ১২-১৫ বছৰলৈ জীয়াই থাকে।



৩ টা পাৰ চৰাইৰ মাংসৰ গুণাগুণ


১। মাংস সাৰ ( Protein) - ২৩.৩

২। চৰ্বি (Fat) - ৪.৯

৩। খনিজ পদাৰ্থ (Mineral) - ১.৪



পৃথিৱীৰ বিভিন্ন জাতৰ পাৰ চৰাই


মাংসৰ উপযুক্ত জাত (Meat breed)-


১। হোৱাইট কিং (White king)

২। টেক্সোনা (Texona)

৩। চিলভাৰ কিং (Silver king)

৪। গোলা (Gola)

৫। লোখা (Lokha)


আনন্দ দায়ক জাত (Entertaining)-


১। ময়ুৰপঙ্ক্ষী (Mayurpankhi)

২। ছিৰাজী (Shirazi)

৩। লাহোৰী (Lahore)

৪। ফানটেইল (Fantail)

৫। জেকোবিন (Jacobin)

৬। ফ্ৰিলবেক (Frillback)

৭। মোডেনা (Modena)

৮। ট্ৰাম্পেটাৰ (Trumpeter)

৯। ট্ৰুবিত (Trubit)

১০। মূখি (Mukhi)

১১। গিৰিবাজ (Giribaz)

১২। টেম্পলাৰ (Templar)

১৩। লোটাল (Lotal)




সমগ্ৰ পৃথিৱীতে শ শ বিভিন্ন প্ৰকাৰৰ পাৰ চৰাই আছে। আটাইবিলাক ইয়াত সন্বিবিষ্ট কৰা সহজ নহয় । ব্যৱসায়িকভাবে গুৰুত্বপূৰ্ণ জাত কেইটামানৰ বিষয়েহে ইয়াত আলোচনা কৰা হৈছে।


পাৰ চৰাই সাধাৰণতে মাংসৰ বাবেই পালন কৰে। প্ৰাপ্তবয়স্ক পাৰ চৰাইৰ মাংস বেছি টান হোৱা বাবে পোৱালি অবস্থাতেই পাৰৰ মাংস খোৱা হয়।


কোমল আৰু মঙহাল মাংসৰ বাবে উপযোগী

পাৰ চৰাইৰ জাত কেইটামান হ'ল -


১। হোৱাইট কিং (White king) - ৫০০-৭৫০ গ্ৰাম

২। কাৰৰ্ণিউ (Carneau) - ৪৫০-৭০০ গ্ৰাম

৩। হোমাৰ (Homer) - ৪০০-৭৩০ গ্ৰাম

৪। ফ্ৰেঞ্চ মন্ডিয়ান (French mondian) - ৫৫০-৭৫০ গ্ৰাম

৫। ছুইচ মন্ডিয়ান (Swiss mondian) -  ৬০০-৮০০ গ্ৰাম

৬। অসমৰ থলুৱা জাতৰ পাৰ (Assam local pigeon) - ২৫০-৩০০ গ্ৰাম ।



পাৰ চৰাইৰ প্ৰকৃতি


পাৰ চৰাই যোৰ পাতি থাকে। সাধাৰণতে এটা মতা আৰু এজনী মাইকী সৰুৰে পৰাই একেলগে যোৰ পাতি থাকে। কিন্তু কেতিয়াবা ইয়াৰ ব্যতিক্ৰমো হয়। পাৰই সাধাৰণতে এবাৰত দুটা কণী পাৰে আৰু তাৰ পৰাই হোৱা পোৱালি বোৰৰ এটা মতা আৰু এজনী মাইকী হয়। দুয়োটা মতা মাইকী পোৱালিয়ে যোৰ হৈ পিছলৈ সিহঁতৰ বংশ বৃদ্ধি কৰে। 


পাৰ চৰায়ে ওখ ঠাইত সিহঁতৰ বাহ সাজে। কুকুৰ, মেকুৰী আদিয়ে যাতে সিহঁতৰ বাহ ঢুকি নাপায় আৰু অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ বাবে সুৰক্ষিত ঠাইত সিহঁতে বাহ সাজে।


কাউৰী পাৰ চৰাইৰ প্ৰধান শত্ৰু। কাউৰীয়ে পাৰৰ কণী আৰু পোৱালি সুবিধা পালেই ভক্ষণ কৰে। যি ঠাইত বান্দৰ আছে সেই ঠাইত বান্দৰে পাৰৰ কণী খায় আৰু পোৱালিৰ ক্ষতি কৰে। গতিকে পাৰই এনেকুৱা ঠাইত বাহ সাজে যাতে কোনো পৰভক্ষীয়ে সিহঁতৰ ক্ষতি কৰিব নোৱাৰে।


পাৰ চৰায়ে কণী পৰাৰ আগতে মতা মাইকী দুয়োটাই খেৰ বন আদি গোটাই সিহঁতৰ বাহ সাজে। এইটো সিহঁতৰ প্ৰকৃতি । মাইকী জনীয়ে এবাৰত দুটা কণী পাৰে আৰু মতা মাইকী দুয়োটাই কণীৰ উমনি দিয়ে। মতা মাইকী দুয়োটাই পোৱালিৰ যত্ন লয় আৰু সুৰক্ষা দিয়ে।


জন্মৰ পিছত প্ৰথম ৪ দিনলৈ পাৰৰ পোৱালি বোৰে সিহঁতৰ টোতোলাত (Crop) উৎপাদন হোৱা টোতোলাৰ গাখীৰ (Crop milk) খাই জীয়াই থাকে। পিছৰ ১০ দিন মাকে ঠোটেৰে পোৱালি বিলাকক আহাৰ খুৱায়। ইয়াৰ পিছত পোৱালি বিলাকে নিজে আহাৰ খাব পৰা হয়। প্ৰায় ২৬-৩০ দিন বয়সত পোৱালি বিলাক ডাঙৰ হয় আৰু উৰিব পৰা হয়।


পাৰ চৰাই সুন্দৰ, সুখী পৰিয়ালৰ এটি উদাহৰণ। সাধাৰণতে ইহঁত পৰগামী নহয়। 



পাৰ চৰাইৰ পাম


মানহে যুগ যুগ ধৰি পাৰ চৰাই পালন কৰি আহিছে। কাঠ, বাহ আদিৰে সাধাৰণতে পাৰ চৰাইৰ বাহ সজা হয়। কিন্তু দেখা যায় যে ঘৰৰ চিলিং ইহঁতৰ পচন্দৰ বাসস্হান।


পাৰ চৰাইৰ বাহটো ১ ফুট বহল, ২ ফুট দীঘল আৰু ১ ফুট উচ্চতাৰ হ'ব লাগে। বাহটো ওখ ঠাইত স্হাপন কৰিব লাগে। এটা বাহত এযোৰ পাৰ চৰাই পালন কৰিব লাগে। আজি কালি প্লাষ্টিকৰ বাকচো পাৰ চৰাইৰ বাহ হিচাপে ব্যৱহাৰ কৰা হয়।


সাধাৰণতে পাৰ চৰাই মুকলি পদ্ধতিত পালন কৰা হয়। ৰাত্ৰি যাপন আৰু বংশ বৃদ্ধিৰ বাবেহে ইহঁতক বাহ দিয়া যায়। ৰাতিপুৱাই বাহৰ দুৱাৰ খুলি দিয়া হয় আৰু সিহঁতে বাহিৰলৈ গৈ নিজৰ আহাৰ নিজেই সংগ্ৰহ কৰি লয়। সন্ধিয়া সিহঁতে নিজৰ বাহলৈ ঘূৰি আহে। কেতিয়াবা আংশিক ভাবে খাদ্য, পানী যোগান ধৰা নহয়। 


আজিকালি ব্যৱসায়িক ভিত্তিত পাৰ চৰাই পালন কৰা হয়। গতিকে আংশিক আবদ্ধ পদ্ধতি আৰু আবদ্ধ পদ্ধতি দুয়োটাতেই পাৰ চৰাই পালন কৰা হয়। সিহঁতৰ বাবে সুকীয়া বাহ দিয়াৰ উপৰিও ডাঙৰ ঘৰ একোটাত নেট দি আবদ্ধ কৰি ৰখা হয়। দানা পানী ঠাইতেই যোগান ধৰা হয়। 


আবদ্ধ পদ্ধতিত পালন কৰিলেও ইহঁতক যথেষ্ট পৰিমাণে পানী যোগান ধৰিব লাগে । পানী খোৱাৰ উপৰিও ইহঁতে মাজে মাজে গান ধোৱে। ঘৰটোৰ ভিতৰত খেৰ বন আদি পেলাই থব লাগে। যাতে কণী পৰাৰ আগতে ইহঁতে বাহ সাজিব পাৰে।



পাৰ চৰাইৰ আহাৰ


পাৰ চৰায়ে শস্য জাতীয় আহাৰ গ্ৰহণ কৰে। সৰু সৰু পোক পতঙ্গ আদিও ভক্ষণ কৰে। মাটিত পৰি থকা গছৰ গুটি আদিও গ্ৰহণ কৰে। ব্যবসায়িকভাবে পালন কৰিলে সমতুল আহাৰ যোগান ধৰা হয়। কিন্তু ধান, মাহ, সৰিয়হ আদি গোটে গোটে দিব লাগে । 


গোটা খহটা খাদ্যই খাদ্য হজম হোৱাত সহায় কৰে। পাৰ চৰাইৰ খাদ্যত ১৫-১৬% মাংস সাৰ (Protein) থাকিব লাগে। 


পাৰ চৰাইৰ সমতুল আহাৰ -


১। মাকৈৰ গুড়ি - ২.২ কেজি

২। ঘেহু - ২.৮ কেজি

৩। সৰিয়হ - ১ কেজি

৪। ভঙা বুট - ১ কেজি

৫। ছয়াবিনৰ গুড়ি - ০.৮ কেজি

৬। চাউলৰ মল - ১.৮ কেজি

৭। নিমখ - ০.৪ কেজি

মুঠ - ১০ কেজি ।


আজিকালি বহুতে কুকুৰাৰ খাদ্যও পাৰক যোগান ধৰে। কুকুৰাৰ খাদ্যত মাংস সাৰ (Protein) আৰু চৰ্বি (Fat) বেছি থাকে। সেই কাৰণে গোটা ধান বা ঘেহু আংশিক ভাবে দিব লাগে। 



পাৰ চৰাইৰ ৰোগ


তুলনামূলকভাৱে পাৰ চৰাইৰ ৰোগ কম। ইহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক। তথাপিও ইহঁত সঘনাই পুষ্টিহীনতা ৰোগত ভোগা দেখা যায়। সেয়েহে পাৰ চৰাইৰ খাদ্যত খাদ্য প্ৰাণ (Vitamin) আৰু খনিজ লৱণ (Mineral mixture) দিব লাগে। 


ৰাণীখেত, বসন্ত, ইনফ্লুৱেঞ্জা, এনকেফেলাইটিছ, কলেৰা, যক্ষ্মা, ককচিডিয়া আদি ৰোগত পাৰ চৰাই আক্ৰান্ত হোৱা দেখা যায়। চিকৰা আৰু চাহি (Lice and mites) আদিৰ দ্বাৰা পাৰ চৰাই আক্ৰান্ত হয় আৰু ইহঁতৰ শ্ৰীবৃদ্ধিত বাধা দিয়ে। সেয়েহে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা এই ৰোগ সমূহৰ চিকিৎসা তথা প্ৰতিশেধক দিয়াৰ ব্যৱস্থা কৰিব লাগে।


ডাঃ অম্বিকা ডেকা

নলবাৰী, অসম ।

পাৰ চৰাই পালন

আৰু কিছুমান বিশেষ কথা

Pigeon Farming Tips

Daily Assamese Farming Tips
Daily Assamese Status
পাৰ চৰাই পালন
পাৰ চৰাইৰ বিষয়ে ৰচনা
৭ টা কাৰণত পাৰ চৰাই পৃথিৱী বিখ্যাত। ২১ টা ভাগত পাৰ চৰাই পালনৰ উপযোগিতা। পাৰ চৰাইৰ মাংসৰ গুণাগুণ। পৃথিৱীৰ বিভিন্ন জাতৰ পাৰ চৰাই। পাৰ চৰাইৰ প্ৰকৃতি, পাম, আহাৰ আৰু
ৰোগ নিয়ন্ত্ৰণ।

No comments:

Post a Comment