কিয় তাই আজি বেশ্যা উপাধি পালে | কিয় সমাজৰ আগত তাই বেশ্যা হল | দুখৰ কথা | Ankur Das Assamese Sadline | Axomiya Sad Poem - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

কিয় তাই আজি বেশ্যা উপাধি পালে | কিয় সমাজৰ আগত তাই বেশ্যা হল | দুখৰ কথা | Ankur Das Assamese Sadline | Axomiya Sad Poem


কিয় তাই আজি বেশ্যা উপাধি পালে?
কিয় সমাজৰ আগত তাই বেশ্যা হ'ল ?


কিয় তাই আজি বেশ্যা উপাধি পালে, 

কিয় তাই আজি সমাজৰ আগত 

বেশ্যা বুলি দোষী হ'ল ?


যিবোৰ বন্ধুয়ে এসময়ত তাইৰ 

আপোন আছিল, 

তাইৰ সকলো কথাই আনক দুখতো হহোৱাইছিল 

আজি কিয় তাই সিহঁতৰ চকুত 

এলাগী হৈ পৰিল ? 


ৰাস্তাৰে পাৰ হৈ গলে তাইৰ বন্ধুয়ে 

আজি কিয় চিঞৰি জোকায় 

অই বেশ্যা ? 

এই সকলোবোৰ প্ৰশ্নৰ আজি উওৰবিহীন তাই,  

উত্তৰ বিচাৰি হাবাথুৰি খাইছে 

কি ভুল আছিল তাইৰ ? 


কাৰোবাক সঁচা ভালপোৱাতো তাইৰ 

ভুল আছিল নেকি ? 

নে কাৰোবাক সহজতে বিশ্বাস কৰি লোৱাতো 

তাইৰ ভুল আছিল ? 


ভালপোৱাতো কোনো পাপ নহয় 

ভালপোৱা মানেতো দুটি হৃদয়ৰ মিলন, 

তেন্তে তাইৰ ভুল ক'ত হ'ল ? 

ক'ত ভুল দেখিলে তাইৰ বন্ধুবৰ্গই ? 


তাই জানি বুজি বহু আশাৰে 

এদিন তাৰ প্রেমত পৰিছিল, 

ভাবিছিল সুখে-দুখে একেলগে থাকিম বুলি । 

অৱশ্যে প্রেমৰ প্রস্তাৱ তাই দিয়া নাছিল 

আপোনজনৰ পৰা তাইহে প্রস্তাৱ গ্রহন কৰিছিল । 


সময়বোৰে নিজৰ গতিত আগবঢ়াৰ দৰে 

সম্পৰ্কটোও আগ বাঢ়িছিল দুয়োৰে । 

এফালে মিছা ভালপোৱাৰ অভিনয়, 

আনফালে তাৰ প্ৰতি তাইৰ ভালপোৱাবোৰে 

বিশ্বাসত গঢ় লৈ উঠিছিল । 


নিমিষতে সি তাইৰ আপোন হৈ পৰিল । 

তাৰ মিঠা মাত, মিঠা কথা আৰু 

তাৰ স্বাৰ্থপৰ ভালপোৱাই 

মুগ্ধ কৰি পেলালে 

তাইক । 


তাই ধৰিব পৰা নাছিল তাৰ অভিনয় 

আৰু তাৰ স্বাৰ্থপৰ মনটিক, 

সকলো দিশৰ পৰা তাই অবুজন আছিল । 

গমকে নাপালে যে তাইৰ জীৱনত সি এদিন 

কাল চপাই আনিব । 


সি সুযোগ পাই সুবিধা ললে 

অন্তত তাই নিজৰ ৰূপ দেখুৱাই দিলে, 

তাৰ মুখৰ মিছা কথা আৰু 

তাৰ ঠগ প্ৰবচনাত তাই কোনোদিনে আওকাণ 

কৰিব নোৱাৰিলে । 


জান তোমাক তো মই ভাল পাওঁৱেই 

তুমিয়েইতো মোৰ, তুমিয়েইতো মোৰ সকলো, 

প্লিজ এবাৰ দেখুৱাই দিয়া 

তোমাৰ নগ্ন দেহাৰ ফটো, আৰু এটা ভিডিঅ' । 


তোমাৰ শপত, মা'ৰ শপত 

অকলেই চাম কাকো নেদেখুৱাও, 

মোৰ ওপৰত তোমাৰ এইখিনিও বিশ্বাস নাই নে 

মইনো বেলেগক এইবোৰ কিয় দেখুৱাম ? 


সকলো দিশৰ পৰা তাই অবুজন 

খুলি দিলে তাইৰ দেহৰ সৰ্বোচ্চ কাপোৰ, 

দি দিলে তাক সি বিচৰা মতেই 

তাৰ হেঁপাহ পুৰোৱাৰ স্বাৰ্থত 

তাক সুখী কৰাৰ স্বাৰ্থত । 


ভালপোৱাৰ অন্য এটা নাম যে 

ত্যাগ, কলংক 

এইবোৰ তাই একো নাজানে নুবুজে, 

মাথোঁ তাই তাক মনে প্ৰাণে ভাল পাই গৈছে । 


সিদিনা তাইৰ লগত সি শাৰীৰিক সম্পৰ্ক 

কৰিব বিচাৰিল 

তাই বাধা প্ৰদান কৰিলে । 

এইবোৰ এতিয়াই মই নোৱাৰিম প্লিজ, 

লাগিলে তুমি যি কৰা কৰিবা । 


হয়, ল'ৰাজন সঁচাই আঁতৰি গ'ল সেইদিনা 

তাইৰ জীৱনৰ পৰা ।

আৰু কিমান সহিব, কিমান কান্দিব তাই 

আহিব জানোঁ পুনৰ ঘূৰি সি তাইৰ জীৱনত ? 

যাক তাই ইমান ভাল পাইছিল 

পাহৰি যায় বুলিনো কেনেকৈ পাহৰিব পাৰে ? 


কিছুদিন পাছত চাৰিওদিশে 

তাইৰ নাম জিলিকিলে, 

ডেকাৰ উপৰি ভকত গাঁওৰ বুঢ়াও 

তাইৰ নগ্ন ভিডিঅ' নোচোৱালৈ নাথাকিলে । 


আজি ৰাজপথত সকলোৱে চিঞৰি চিঞৰি 

তাইক জোকাইছে, 

অই বেশ্যা ? অই বেশ্যা ?? 

তাই কোনোমতে নাক টিপি ঘৰ আহি 

দুৱাৰত খিলি লগাইছে । 


বেশ্যা বনালে কোনে ? 

তাইতো মাথোঁ তাক বিশ্বাসত সকলো দেখুৱাইছে 

কিন্তু সি তাইৰ মূল্য নুবুজিলে, 

তাৰ প্ৰতি থকা অপ্রতীম নিস্বাৰ্থপৰ ভালপোৱাক 

সি জুৰুলা কৰি পেলালে । 


বুকুৰ গেলেৰীত মৰমবোৰ সাঁচি থবলৈ 

তাই তাক বিচাৰিছিল জীৱনৰ বাবে, 

কিন্তু সি তাইক বেশ্যা সজাবলৈ 

তাই দিয়া ফটো, ভিডিঅ' আনক শ্বেয়াৰ কৰিলে । 


কথাখিনি তাই চিঠিখনতে লিখি থলে, 

তাই তাৰ প্ৰেমৰ বাবেই বেশ্যা উপাধি পালে । 

সমাজৰ দৃষ্টিত মৰমলগা ছোৱালীজনী বেশ্যা হ'ল, 

সেয়ে আৰু তাইৰ আজি বাছি থকাৰ ইচ্ছা নহ'ল । 


ক্ষমা নকৰিলেও তাইক ভুল নুবুজিব 

প্লিজ… প্লিজ তাইক আৰু ভুল নুবুজিব, 

তাই আজি তাৰ প্ৰেমত পৰিয়েই বেশ্যা হ'ল ; 

সেয়ে তাইৰ আৰু জীয়াই থকাৰ হেঁপাহ নহ'ল ।।


অংকুৰ দাস

No comments:

Post a Comment