হেৰুৱাব নোখোজো আপোনাক | তৃষ্ণা বৈশ্য | প্ৰেমৰ কবিতা | Trishna Baishya Love Poem - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

হেৰুৱাব নোখোজো আপোনাক | তৃষ্ণা বৈশ্য | প্ৰেমৰ কবিতা | Trishna Baishya Love Poem

হেৰুৱাব নোখোজো আপোনাক

হেৰুৱাব নোখোজো আপোনাক 

যন্ত্ৰণাৰ এটা পাৰত আপুনি ৰ'ব , 

আৰু আনটো পাৰত মই ৰৈ থাকিম 

মৃত্যুক জয় কৰিবলৈ । 


আগতে আপুনি জয়ী হয়নে 

মই হওঁ নেজানো ! 

হলেও 

হঠাতে হেৰাই যাম বুলি নকব 

ভালপোৱাবোৰক তুচ্ছ কৰি । 


মই জানোঁ, 

মৃত্যুয়ে যে নিজৰ সময় মতে আহে ;

হলেও নকব চোন 

মোক এৰি যোৱাৰ কথা ।

 

আপোনজনক 

ইমানেই ভাল পোৱা যায় নে ; 

যে মৃত্যু আহিব নালাগে বুলি 

বাধা দিব লগীয়া হয় । 


কিন্তু শুনে জানো ইশ্বৰে , 

হৃদয় খন যে খালী কৰি লৈ যায় ! 

সেয়েহে মই ইশ্বৰৰ সন্ধানত থাকোঁ 

কিজানিবা সেই বাটত আপোনাক লগ পাওঁ । 


ঈশ্বৰকো সেই নিভাঁজ হৃদয় খনতে 

স্থান দিয়া যায় , 

ঠিক আপোনাক দিয়াৰ দৰেই সুকীয়াকৈ 

আপোনাক হেৰুৱাব নোখোজোৰ ভয়ত ।। 


তৃষ্ণা বৈশ্য

No comments:

Post a Comment