আধৰুৱা কাহিনীৰ কান্দোন | তৃষ্ণা বৈশ্য | অসমীয়া কবিতা | Trishna Baishya | Heart Touching Assamese Love Poem - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

আধৰুৱা কাহিনীৰ কান্দোন | তৃষ্ণা বৈশ্য | অসমীয়া কবিতা | Trishna Baishya | Heart Touching Assamese Love Poem


আধৰুৱা কাহিনীৰ কান্দোন

কবিতাৰ ভাষাবোৰো যে 
বুজিবলৈ টান হৈ পৰিল 
মোৰ বাবে 
আপোনাৰ হৃদয়ৰ স্পন্দনত 
থমকি ৰব খোজা 
মোৰ মৰমবোৰ যে 
অভিমানী হৈ পৰিল 
কেনেকৈ বুজাও 
আধৰুৱা কাহিনীবোৰে বৰকৈ 
কন্দুৱাই 
আবেগৰ স্পৰ্শকাতৰতাত যে 
হৃদয়খনো মৰহি যায় 
ইমানেই যন্ত্ৰণাৰ তাড়না 
কান্দিবলৈ যে 
চকুপানীবোৰো শুকাই যায় ।।

তৃষ্ণা বৈশ্য

No comments:

Post a Comment