মা কেনে আছো বুলি প্লিজ নুসুধিবা মোক | দুখৰ কবিতা | Maa | Axomiya Dukhor Kobita - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

মা কেনে আছো বুলি প্লিজ নুসুধিবা মোক | দুখৰ কবিতা | Maa | Axomiya Dukhor Kobita


মা, কেনে আছো বুলি প্লিজ নুসুধিবা।

মিছাকৈ কব লাগিব তোমাক ভালে থকাৰ কথা। 


আজিকালি ইমান দীঘলকৈ উৰণি কিয় লও

সুধিবলৈ মিছাতে যত্ন নকৰিবিচোন,

মোৰ ক'লা পৰা মুখখন তোক চাব দিব

নোৱাৰিম অ' মা।


গাভৰু দেহৰ ভাজে ভাজে

যৌৱন নাই অ' এতিয়া মোৰ গাত,

এছাৰি নহ'লে চাবুকৰ কোবৰ স্পষ্ট দাগ পাবি।


মা, শিৰৰ সেন্দুৰকনো মোৰ শিৰত লবলৈ

ভাল নলগা হ'ল অ' আজিকালি।

কেতিয়াবা জুই হৈ দপদপকৈ জ্বলি উঠিব খোজে,

কেতিয়াবা দেহৰ কষ্ট সহ্য কৰিব নোৱাৰি;

বৈ গৈ কপালখন একদম উদং কৰি পেলাই অ'।


আৰু শুনাচোন মা,

তোমাৰ জোৱাইয়ে এতিয়া নতুনকৈ কাৰোবাৰ

প্ৰেমত পৰিছে।

কোনোৱা ধনী দালালৰ ঘৰৰ সুন্দৰী ছোৱালীৰ

প্ৰেমত একেবাৰে হাবুডুবু খাই পৰিছে।


আৰু মোৰ প্ৰেম??

মোৰ প্ৰেমিক এতিয়া দিনে প্ৰতি সলনী হয়।

শালীনতা হেৰুৱাৰ বাবে নহয়,

বিছনা এৰাৰ টকা দি যায়।


মোৰ পতি মোৰ পাপাৰ দৰে নহয় অ' মা,

টকাৰ লোভত হোমৰ আগত শপত খোৱা

সাত বচন ও পাহৰি যায় সেই মৰতীক পাই।

  

জানা মা,

এবাৰ মা হোৱাৰ সৌভাগ্যখিনি মোৰো হৈছিল।

স্ফূৰ্তিত পাগলীজনি হৈ পৰিছিলো মই;

তেখেতকো দিছিলো পাপা হোৱাৰ খবৰটো।


কিন্তু পিছৰদিনাই হস্পিতালত হেৰুৱাই পেলাইছো

মাতৃ হোৱাৰ ক্ষমতা খিনিও।

আৰু মই…., মই নিজেই

নিজৰ সন্তানৰ হত্যাকাৰী হৈ গলো।


আগৰ দিন নাই অ' মা,

এতিয়া বিয়াৰ নামত কিছুমান পুৰুষে পত্নী নহয়,

যেন তেওঁলোকে পুতলাহে কিনে।

যেতিয়াই যেনেকৈ বিচাৰে ব্যৱহাৰ কৰিব পাৰে।


অ' মা,,, মা অই…,

তোৰ জোৱাইয়ে এতিয়া নতুনকৈ কাৰোবাৰ প্ৰেমত

হাবুডুবু খাই পৰিছে।

কান্দিছ,,, কান্দিছো কিয় তই মা…,

খবৰটো শুনি তোমাৰ জানো ভাল লগা নাই??


জীৱনত এটা আশা আছিল,

এটাই সপোন আছিল মা'

আন আন ছোৱালীৰ দৰে এদিন মইয়ো বিয়া হম,

ঘৰৰ পছন্দৰ লগতেই হম।


এখন সুখৰ ঘৰ গঢ়িম, দুয়ো একেলকে থাকিম।

কিন্তু,,, কিন্তু প্লিজ আৰু নুসুধিবা অ' মা,

মই কেনে আছো বুলি প্লিজ

আৰু নুসুধিবা মা।


শেষত তোমাৰ আদৰৰ জীয়ৰী

✍️ 

✍️ 


Photo- ৰাজলক্ষ্মী বৰা

সুকন্যা নন্দিনী
Daily Assamese Status


No comments:

Post a Comment