বিশ্বকৰ্মা পূজাৰ কিছু নজনা কথা | Biswakarma Puja Assamese Line | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বিশ্বকৰ্মা পূজাৰ কিছু নজনা কথা | Biswakarma Puja Assamese Line | Daily Assamese Status



বি
শ্বকৰ্মাৰ কিছু নজনা কথা জানোঁ আহক-

বিশ্বকৰ্মা হিন্দুৰ স্থাপত্য দেৱতা।

মহাভাৰতৰ মতে বিশ্বকৰ্মা হ'ল শিল্পকলাৰ দেৱতা।

বিৱৰণ অনুযায়ী বিশ্বকৰ্মাৰ চাৰিটা বাহু,

মূৰত ৰাজমুকুট।

তেওঁৰ শৰীৰৰ বসনৰ ৰং কমলা।

চাৰিখন হাতৰ এখন হাতত পানীৰ কলহ,

এখন হাতত বহী, এখন হাতত ৰছী

আৰু এখন হাতত এটি যন্ত্ৰ আছে।

আক্ষৰিক অৰ্থত বিশ্বকৰ্মা হ'ল সৰ্বস্ৰষ্টা।

ঋগবেদ অনুসৰি সৰ্বদৰ্শী আৰু সৰ্বজ্ঞ।

বিশ্বকৰ্মাৰ বাহন হাতী।


বিষ্ণু পুৰাণ মতে বিশ্বকৰ্মা এজন দেৱশিল্পী।

তেওঁৰ পিতৃৰ নাম প্ৰভাস আৰু মাতৃৰ নাম 

যোগসিদ্ধা।

প্ৰভাস অষ্টম বসুৰ সপ্তম বসু।

অষ্টবসু মানে আঠজন গণদেৱতা।

এই আঠজন গণদেৱতা হ'ল -

ধৰ, ধ্ৰুৱ, সোম, অনিল, অনল, প্ৰত্যুষ,

প্ৰভাস আৰু দ্যু।


বিশ্বকৰ্মা'ৰ সৃষ্টিৰাজি-

হিন্দু পুৰাণত বিশ্বকৰ্মাৰ অমৰ সৃষ্টিৰাজিৰ

বৰ্ণনা পোৱা যায়।

বিশ্বকৰ্মাই সত্য, ক্রেতা, দ্বাপৰ আৰু কলি

এই চাৰি যুগত অসংখ্য ৰাজধানী, নগৰ,

প্ৰাসাদ, মন্দিৰ আৰু অনান্য স্থাপত্য নিৰ্মাণ

গঢ়ি তুলিছিল।


সত্য যুগত বিশ্বকৰ্মাই দেৱতাৰ বাসস্থান

স্বৰ্গপুৰী নিৰ্মাণ কৰিছিল।

ইয়াৰ উপৰিও যমপুৰী, কুবেৰপুৰী,

শিৱমণ্ডলপুৰী নিৰ্মাণ কৰিছিল।

দ্বাপৰ যুগত শ্ৰী কৃষ্ণৰ দ্বাৰকা নগৰী,

ক্রেতা যুগত স্বৰ্ণলঙ্কা আৰু কলি যুগত হস্তিনাপুৰ,

ইন্দ্ৰপ্ৰস্থ বিশ্বকৰ্মাই নিমাৰ্ণ কৰিছিল।

পুৰঘ বা শ্ৰীক্ষেত্ৰৰ জগন্নাথ মন্দিৰৰ

বিগ্ৰহ কৃষ্ণ, বলোৰাম, সুভদ্ৰা আৰু

সুদৰ্শন চক্ৰ তেওঁৱেই সৃষ্টি কৰিছিল।

ইয়াৰ বাহিৰেও দেৱ-দেৱীৰ আ-অলংকাৰ,

অস্ত্ৰ-শস্ত্ৰ, শিৱৰ ত্ৰিশূল, যমৰ কালদণ্ড,

দধীচি মুনিৰ অস্থিৰে মহাশক্তিশালী বজ্ৰ

নিৰ্মাণ কৰিছিল।‌

মহিষাসুৰ বধৰ বাবে দেৱী দুৰ্গাক কুঠাৰ,

অন্যান্য অস্ত্ৰ-শস্ত্ৰ, অভেদ্য কবচ নিৰ্মাণ কৰি দিছিল।

ৰামায়ণ'ত বৰ্ণিত ব্ৰহ্মাৰ পুষ্পক ৰথ

তেওঁৱেই নিৰ্মাণ কৰিছিল।


প্ৰতি বছৰ ভাদ সংক্ৰান্তিৰ দিনা বিশ্বকৰ্মা পূজা

অনুষ্ঠিত হয়। ভাৰতৰ বাহিৰেও নেপালতো

বিশ্বকৰ্মা পূজা পালন কৰা হয়।

অন্ধ্ৰ প্ৰদেশৰ মছ্ লিপট্টনম চহৰত

বিশ্বকৰ্মাৰ প্ৰাচীন মন্দিৰ আছে।

বিশ্বকৰ্মাই গোটেই পৃথিৱীৰ নক্সা

তৈয়াৰ কৰিছিল।

বিশ্বকৰ্মাৰ ভক্তসকলৰ মতে তেওঁৱেই

সকলো শিল্পৰ প্ৰকাশক।

শিল্পবিদ্যাৰ একচ্ছত্ৰী অধিকাৰ

তেওঁৰ হাততেই আছে।

বিশ্বকৰ্মা চৌষষ্ঠী কলা, স্থাপত্যবেদ

আৰু উপবেদৰ প্ৰকাশক।


বিশ্বকৰ্মা পূজাত বিশ্বকৰ্মাক কমলা ৰঙৰ কাপোৰে

শৰীৰ আবৃত কৰা হয়,

যিহেতু কমলা ৰং সৃষ্টি আৰু ধৈৰ্য্যৰ প্ৰতীক।

তেওঁক পৃথিৱীৰ সৃষ্টিকৰ্ত্তাৰূপে বিবেচনা কৰা হয়

সেইবাবেই হয়তো কমলা ৰঙৰ বসন

তেওঁক পিন্ধোৱা হয়।

বিশ্বকৰ্মা পূজাই দুৰ্গা পূজাৰ আগলি বতৰা দিয়ে।

©চিত্ৰলেখা

Instagram Post